ধৰণ | ব্যক্তিগত |
---|---|
উদ্যোগ | কনজিউমাৰ ইলেকট্ৰনিকচ |
স্থাপিত | ১৯৯১[1] |
প্ৰতিষ্ঠাতা | ৰাজেশ আগৰৱালা, সুমিত অৰোৰা, ৰাহুল শৰ্মা, বিকাশ জৈন |
মুখ্য কাৰ্যালয় | গুড়গাওঁ,ভাৰত[2] |
দেশ/অঞ্চল | ভাৰত |
নেতৃস্থানীয় ব্যক্তিত্ব | দীপক মেহৰ’ত্ৰা (চি.ই.অ’.) ৰাহুল শৰ্মা (সহঃ প্ৰতিষ্ঠাপক) |
পণ্য | ম’বাইল ফোন, স্মাৰ্ট ফোন, টেবলেট কম্পিউটাৰ, ডাটাকাৰ্ড, টেলিভিচন |
ৰাজহ | US$ ৩৬৮ নিযুত (২০১২)[3] |
কৰ্মচাৰীৰ সংখ্যা | ~১,৪০০ (২০১২) |
ৱেবছাইট | Micromaxinfo.com |
মাইক্ৰ’মেক্স গুড়গাও, হাৰিয়ানা, ভাৰতত অৱস্থিত এটা ইলেকট্ৰনিকচ সামগ্ৰী নিৰ্মাতা ব্যৱসায়িক প্ৰতিষ্ঠান। বৰ্তমান ই ম’বাইল ফোন, ডাটাকাৰ্ড, এল ই ডি টেলিভিচন নিৰ্মাণ কৰে। গোটেই দেশজুৰি ইয়াৰ মুঠ ২৩টা কাৰ্য্যালয় থকাৰ উপৰিও হংকং, যুক্তৰাষ্ট্ৰ আৰু ডুবাইত প্ৰতিষ্ঠানটোৰ তিনিটা আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যালয় আছে[4][5]। বৰ্তমান প্ৰতিষ্ঠানটোৰ প্ৰায় ১৪০০ কৰ্মচাৰী আছে। মাইক্ৰ’মেক্স ইনফৰমেটিক্সে ইতিমধ্যে চেন্চ ওড মালদ্বীপচ প্ৰাইভেট লি. ৰ সৈতে হোৱা চুক্তি মৰ্মে মালদ্বীপত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে।
মাইক্ৰ’মেক্স ভাৰতৰ তৃতীয় আৰু বিশ্বৰ ১২শ বৃহত্তম ম’বাইল নিৰ্মাতা প্ৰতিষ্ঠান[6]। বিশ্লেষক সকলৰ মতে ২০১২ চনত চেমচাং আৰু এপলক পিছ পেলাই মাইক্ৰ’মেক্সে ১৮.৪% বজাৰ দখলেৰে টেবলেটৰ বজাৰ খনত শীৰ্ষস্থানত থাকে। ২০০৮ চনত ভাৰতৰ বজাৰ খনত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ কম মূল্যৰ ম’বাইল সমূহ আৰু ঊন্নত বিতৰণ ব্যৱস্থাৰ বাবে সোণকালেই ই বজাৰ খনৰ বৃহত অংশ দখল কৰিবলৈ সক্ষম হয়[7][8]। হংকং, বাংলাদেশ, নেপাল, শ্ৰী লংকা, মালদ্বীপ, সংযুক্ত আৰৱ আমিৰেট্চ, চৌদি আৰৱ, কুৱেইট, কটৰ, ওমান, আফগানিস্তান আৰু ব্ৰাজিলক প্ৰতিষ্ঠানটোৱে পৰৱৰ্তী সময়ত সামৰি ল’ব।
১৯৯১ চনতে মাইক্ৰ’মেক্স প্ৰতিষ্ঠা হয় যদিও শেষৰ কেইটামান বছৰতহে ই জনপ্ৰিয় হৈ পৰিছে। ২০০৮ চনত ই ভাৰতৰ মোবাইলৰ জগত খনত প্ৰৱেশ কৰে। মাত্ৰ ছমাহৰ ভিতৰতে ই ভাৰতৰ বজাৰ খনৰ ০.৫৯% দখল কৰে।
মাইক্ৰ’মেক্সৰ এই অগ্ৰগতি বৰ্তমানো বৰ্তি আছে আৰু মুঠ বিক্ৰীৰ হিচাপত ২০১০চনৰ ১৩মাৰ্চৰ শেষত ই বৃহত্তম দেশীয় মোবাইল কোম্পানীত পৰিণত হয়, সামগ্ৰিক ভাবে ই ভাৰতৰ তৃতীয় মোবাইল বিক্ৰেতা[উদ্ধৃতিৰ প্ৰয়োজন]। ২০০৮ৰ ছেপ্টেম্বৰৰ তুলনাত ০.৫৯% বৃদ্ধিৰে ২০১০চনৰ ১০ মাৰ্চলৈকে ই ভাৰতীয় বজাৰৰ ৬.২৪% দখল কৰে।
মাইক্ৰ’মেক্স এ১১৬ কেন্ভাচ এইচ. ডি.
ই মাইক্ৰ’মেক্সৰ প্ৰথম কোৱাড ক’ৰ সমৃদ্ধ মোবাইল, এণ্ড্ৰয়ড ৪.১.২ জেলি বিন, ১জি বি ৰেম আৰু ৭২০ x ১২৮০ ৰিজ’লিউচন যুক্ত ফোনটো ৮ মেগাপিক্সেল আৰু ২ মেগাপিক্সেলৰ দুটা কেমেৰা সংযুক্ত, ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা ভাৰতৰ বজাৰত ই ঊপলব্ধ হয়।
মাইক্ৰ’মেক্স এ১১০ কেন্ভাচ ২
মাইক্ৰ’মেক্সৰ কেনভাচ শৃংখলাৰ প্ৰথম ফোন, ই ক’ৰ্টেক্স এ৯ ডুৱেল ক’ৰ যুক্ত, ৮ মেগাপিক্সেল মূখ্য কেমেৰা আৰু ১.৩ মেগাপিক্সেল ভিডিঅ’ কলিং কেমেৰা থকা ফোনটোৰ ৰেম ৫১২ এম বি, ই এণ্ড্ৰয়ড ৪.০ আইচ ক্ৰীম চেণ্ডউইচ অপাৰেটিং চিষ্টেম যুক্ত।
আন কেইটামান ঊল্লেখ যোগ্য মাইক্ৰ’মেক্স এণ্ড্ৰয়ড ফোন হৈছে, মাইক্ৰ’মেক্স ম’ডু টি, মাইক্ৰ’মেক্স এক্স৬০০, এ৫৫ ব্লিংগ, এ৬০, এ৭০, এ৮৫, এ১০০, এ৯০ এচ, এ৭৩, এ৭৫, এ৭৮, এ৫০, এ৮০, এ৮৪, এ৮৭, এ৯০, এ৯০ এচ ইত্যাদি।
ব্লিংগ ২ ব্লিংগ ২ হৈছে মাইক্ৰ’মেক্সে ভাৰতীয় যুৱতী সকলৰ বাবে বিশেষ ভাবে নিৰ্মাণ কৰা ফোন।
এম.এম.এক্স. ৪০০ আৰ ৪ মে’ ২০১১ তাৰিখে মাইক্ৰ’মেক্সে ইয়াৰ প্ৰথম ৩ জি প’কেট ৰাউটাৰ মুকলি কৰে, সঁজুলিটোৰ মূল্য ₹ ৪৯৯৯, ই একেলগে ৫ জন ৱাই-ফাই ব্যৱহাৰ কাৰী আৰু এটা ইউ. এচ. বি. একেলগে সংযুক্ত কৰিব পাৰে। সঁজুলিটোৰ আকাৰ ৯৫.৫মিমি x ১৪.৮মিমি x ৫১মিমি আৰু ওজন ৬০ গ্ৰাম।
মাইক্ৰ’মেক্স ফানবুক প্ৰ’ মাইক্ৰ’মেক্স ফানবুক টেবলেট শৃংখলাৰ ১০ ইঞ্চি সংস্কৰণ। অপাৰেটিং চিষ্টেম এণ্ড্ৰয়ড ৪.০, ৰিজলিউচন ১০২৪ x ৬০০ পিক্সেল, ই ১.২ গিগাহাৰ্টজ কৰ্টেক্স এ৮ প্ৰচেচৰ আৰু ১ জিবি ৰেম যুক্ত।
মাইক্ৰ’মেক্স ফানবুক মাইক্ৰ’মেক্সৰ প্ৰথম টেবলেট, ৩ এপ্ৰিল ২০১২ চনত ইয়াক মুকলি কৰা হয়। ই ৭ ইঞ্চিৰ ধাৰকীয় (কেপাচিটিভ) টাচ স্ক্ৰীণ, এণ্ড্ৰয়ড ৪.০, ১.২ গিগাহাৰ্টজ কৰ্টেক্স এ৮ প্ৰচেচৰ আৰু ৫১২ এম.বি. ৰেম যুক্ত।
মাইক্ৰ’মেক্সে নিজৰ এণ্ড্ৰয়ড হেণ্ডচেট সমূহৰ উৎসৰ কথা ঊল্লেখ নকৰে, তাৰোপৰি মাইক্ৰ’মেক্সৰ বিপক্ষে কেইবাখনো আৰজী পূৰোৱা হৈছে, এইক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে কোনো মন্তব্য দিয়া নাই।