মাঞ্জাম্মা জগতী | |
---|---|
জন্ম | মঞ্জুনাথ ছেট্টি ১৮ এপ্ৰিল ১৯৬৪ কাল্লুকাম্বা, বল্লৰী, কৰ্ণাটক |
পেচা |
|
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাজোৎসৱ বঁটা (২০১০) পদ্মশ্ৰী (২০২১) |
মাঞ্জাম্মা জগতী (ইংৰাজী: Manjamma Jogathi, জন্ম: মঞ্জুনাথ ছেট্টি, ১৮ এপ্ৰিল ১৯৬৪) এগৰাকী ভাৰতীয় নৃত্যশিল্পী, কণ্ঠশিল্পী, থিয়েটাৰ অভিনেত্ৰী আৰু সক্ৰিয় কৰ্মী। তেওঁ পশ্চিম কৰ্ণাটকৰ 'জগতী নৃত্য' নামৰ লোকনৃত্যৰ পাৰদৰ্শী। ২০১৯ চনত তেওঁ লোককলা আৰু সংস্কৃতিৰ বাবে ৰাজ্যৰ শীৰ্ষ প্ৰতিষ্ঠান কৰ্ণাটক জনপদ একাডেমীৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হিচাপে পৰিগণিত হয়।[1][2][3] লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[4] পদ্মশ্ৰী সন্মান লাভ কৰা নৰ্তকী নটৰাজৰ পিছতে তেওঁ দেশৰ দ্বিতীয় আৰু কৰ্ণাটকৰ প্ৰথম তৃতীয় লিংগৰ ব্যক্তি।[5]
১৯৬৪ চনৰ ১৮ এপ্ৰিল তাৰিখে বল্লৰী জিলাৰ কাল্লুকাম্বা গাঁৱত মঞ্জুনাথ ছেট্টি হিচাপে তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ হনুমানতাইয়াহ আৰু মাতৃ জয়লক্ষ্মী।[6] তেওঁ দেৱনাগেৰীত উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰিছিল। ১৯৭৫ চনত ছেট্টিৰ মাক-দেউতাকে তেওঁক হোচপিটৰ ওচৰৰ হুলিগেম্মা মন্দিৰলৈ লৈ গৈছিল। এই মন্দিৰত প্ৰচলিত এটা ৰীতি অনুসৰি ভক্তসকলে নিজকে ঈশ্বৰৰ সৈতে বিয়া কৰা বুলি বিশ্বাস কৰে। ইয়াত মঞ্জুনাথ ছেট্টিয়ে পুৰুষ পৰিচয় এৰি মহিলা পৰিচয়ৰ সৈতে মাঞ্জাম্মা জগতী হিচাপে জনাজাত হয়।
ষোল্ল বছৰ বয়সত তেওঁৰ নাৰীসুলভ আচৰণৰ বাবে তেওঁক তেওঁৰ পৰিয়ালৰ পৰা বৰ্জন কৰা হৈছিল। মাঞ্জাম্মায়ে এটা ভাড়া কোঠালৈ স্থানান্তৰিত হৈছিল আৰু জীৱিকি নিৰ্বাহৰ বাবে শাৰী পিন্ধি ৰাস্তাত ভিক্ষা খুজিছিল। এহাল পিতৃ-পুত্ৰৰ দেৱনাগেৰী বাছ ষ্টেণ্ডত জগতী নৃত্যক দেখি মাঞ্জাম্মা এই কলা শিকিবলৈ গোটটোত যোগদান কৰিছিল। এবছৰ শিকা আৰু প্ৰদৰ্শন কৰাৰ পিছত গোটটোৰে এগৰাকী সদস্যয়ে হাগাৰিবোম্মানাহাল্লীৰ কালাভা জগতী সৈতে মাঞ্জম্মাৰ পৰিচয় কৰাই দিয়ে।
মাঞ্জাম্মায়ে কালাভাৰ জগতী নৃত্য গোটৰ এগৰাকী স্থায়ী নৃত্যশিল্পীত পৰিগণিত হয়। তেওঁলোকৰ গোটে গোটেই কৰ্ণাটক ৰাজ্যত জগতী নৃত্য প্ৰদৰ্শন কৰিছিল।[7] কালাভাৰ মৃত্যুৰ পিছত তেওঁ দলটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু এই পাৰম্পৰিক লোকনৃত্যটো মানুহৰ মাজত জনপ্ৰিয় কৰি তোলে।
তেওঁক প্ৰথমে কৰ্ণাটক জনপদ একাডেমীৰ সদস্য হিচাপে আৰু পিছত ৰাজ্য চৰকাৰে একেটা প্ৰতিষ্ঠানৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰিছিল। ইয়াৰ লগে লগে তেওঁ কৰ্ণাটক ৰাজ্যৰ পৰিৱেশ্য কলাৰ শীৰ্ষ প্ৰতিষ্ঠানৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হিচাপে পৰিগণিত হয়।[8]
লোকসংগীত, নৃত্য আৰু থিয়েটাৰৰ লগত জড়িত মাঞ্জাম্মা জগতীয়ে বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তেওঁৰ জীৱন কাহিনী কৰ্ণাটক লোকগাথা বিশ্ববিদ্যালয় আৰু কৰ্ণাটক ৰাজ্যিক মহিলা বিশ্ববিদ্যালয়ৰ কলা বিভাগৰ স্নাতক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।[9][10] ২০১০ চনত কৰ্ণাটক চৰকাৰে তেওঁক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজোৎসৱ বঁটা প্ৰদান কৰিছিল।[11] লোকনৃত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২১ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।