পৃথিৱীক যি শুকান পৃষ্ঠভাগে আবৰি থাকে তাকে মাটি বোলা হয়। ইয়াক ভূঁই, ক্ষিতি, মৃত্তিকা, মৃদা, মৃৎ আদি নামেৰেও জনা যায়।[1] ই হ’ল পৃথিৱীৰ লগত বায়ুমণ্ডলৰ সংযোগস্থল। ই কঠিন, গেদীয় আৰু কোমল- এই তিনিটা ভাগত থাকে। পৃথিৱীৰ একেবাৰে উপৰিপৃষ্ঠত থকা মাটিৰ তৰপটোত অধিক পৰিমাণে জৈৱিক পদাৰ্থ থাকে। ক্ৰমে তললৈ অণুজীৱৰ ক্ৰিয়াসমূহ একেবাৰে কমি যায়। মাটি তিনিবিধ কণাৰে গঠিত- বালি, পলস আৰু বোকা।
মাটিৰ গঠন তলত দিয়া কাৰকসমূহৰ ওপৰত নিৰ্ভৰ কৰে:
জলবায়ু, অৰ্থাৎ উষ্ণতা, বৰষুণ, আৰ্দ্ৰতা, বতাহ আদিয়ে ভৌতিক, ৰাসায়নিক বা জৈৱৰাসায়নিক প্ৰক্ৰিয়াৰে মাটিৰ ওপৰত প্ৰভাৱ পেলাই।
কেঁচু, এন্দুৰ, উঁই, পোক-পৰুৱা, বিভিন্ন অনুজীৱ, মাটিৰ পৃষ্ঠভাগত বাস কৰা জীৱ-জন্তু আদিৰ দ্বাৰা সংঘটিত হোৱা মাটিৰ তল-ওপৰ, পদাৰ্থৰ ভাঙন আদি প্ৰক্ৰিয়াৰ বাবে মাটিৰ গঠন সলনি হয়।
মাটিত থকা বোকা আৰু মাণিকৰ ধৰ্ম মাটিৰ বুনিয়াদৰ ওপৰত নিৰ্ভৰ কৰে।[2]
পৃথিৱীৰ উপৰিভাগৰ ওখ অঞ্চলৰ পৰা খহি বা বাগৰি অহা উপাদানসমূহে ভৈয়ামৰ মাটিৰ গঠন প্ৰক্ৰিয়াত প্ৰভাৱ পেলাই আৰু ক্ষয়ৰ ফলত ওখ অঞ্চলৰ মাটিৰ গঠনো সলনি হয়।
বিভিন্ন ভৌতিক বা ৰাসায়নিক ক্ৰিয়া কিমান দিন ধৰি চলি থাকে তাৰ ওপৰত মাটিৰ গঠন নিৰ্ভৰ কৰে।
মাটিত প্ৰধানকৈ চাৰিটা উপাদান থাকে:
আয়তন হিচাপে উপাদানবোৰৰ পৰিমাণ:[3]
উপাদান | পৰিমাণ |
---|---|
মণিক | ৪৫ শতাংশ |
জৈৱিক পদাৰ্থ | ৫ শতাংশ |
পানী | ২৫ শতাংশ |
বায়ু | ২৫ শতাংশ |
বালি, পলস আৰু বোকাৰ কণিকাবোৰ লগ হৈ মাটিৰ বিভিন্ন গাঁথনি সৃষ্টি কৰে:
গছ-গছনীৰ আধাপচা ডাল-পাত, অণুজীৱসমূহ, ময়লা আদিবোৰ মাটিত থকা জৈৱিক পদাৰ্থ। অণুজীৱসমূহৰ প্ৰভাৱত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া ঘটি হিউমাছ আদি বিভিন্ন পদাৰ্থ সৃষ্টি হয়। এইসমূহে গছ-গছনীৰ বৃদ্ধিৰ বিভিন্ন কাৰ্যত ক্ৰিয়া কৰে।[4] মাটিত নিমাট’ড, প্ৰট’জ’ৱা, শেলুৱৈ, কাঠফুলা, এক্টিন’মাইছেট, বেক্টেৰিয়া আদি চকুৰে মনিব নোৱাৰা বহুতো অণুজীৱ আছে।
মাটিৰ ছিদ্ৰসমূহত পানী কৈশিক বলৰ প্ৰভাৱত আবদ্ধ হৈ থাকে।[2] মাটিয়ে পানী ধৰি ৰাখিব পৰাৰ ক্ষমতা ইয়াৰ গাঁথনি, জৈৱিক আৰু অজৈৱিক পদাৰ্থৰ পৰিমাণ আদিৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ যিবোৰ ছিদ্ৰত পানী সোমাই নাথাকে সেইবোৰত বায়ু সোমাই থাকে। মাটিত কাৰ্বন ডাইঅক্সাইড, অক্সিজেন আৰু নাইট্ৰজেন আদি থাকে। মাটিত বায়ুমণ্ডলতকৈ বহু বেছি পৰিমাণে কাৰ্বন ডাইঅক্সাইড আৰু কম পৰিমাণে অক্সিজেন থাকে। বায়ুমণ্ডল আৰু মাটিৰ মাজত গেছসমূহৰ আদান-প্ৰদান অহৰহ হৈ থাকে। জলপৃষ্ঠ স্পৰ্ষ কৰি থকা মাটিভাগত বায়ু কম পৰিমাণে থাকে।
এইসমূহ অজৈবিক প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হয়। শিল, শিলত নিহিত হৈ থকা বিভিন্ন খনিজ পদাৰ্থ, যেনে ছিলিকা, হিমাটাইট আদি মাটিত নিহিত থকা অজৈৱ উপাদানৰ অন্তৰ্গত।[5] পৃথিৱীৰ খোলাটোৰ শিলৰ স্তৰসমূহৰ মাজত ইয়াক ক'লা তেলসদৃশ জুলিয়া পদাৰ্থ হিচাপে পোৱা যায়। এই শিলৰ স্তৰসমূহৰ অৱস্থান হৰ্ঠাতে সলনি হ'লে পৃথিৱীৰ উপৰিভাগৰ কোনো বিশেষ বিশেষ অঞ্চলত প্ৰচণ্ড জোকাৰণি, অৰ্থাৎ ভূমিকম্প বা ছুনামি সৃষ্টি হয়।
মাটিৰ অম্লতা মাটিত থকা H+ আৰু OH- আয়নৰ ওপৰত নিৰ্ভৰ কৰে। pH ৰ মান ৭ ৰ পৰা শূন্যলৈ কমি গ’লে মাটিৰ অম্লতা ক্ৰমান্বৱে বাঢ়ি যায় আৰু ৭ৰ পৰা ১৪ লৈ বাঢ়ি গ’লে অম্লতা কমি যায়।
জীৱন নিৰ্বাহৰ উদ্দেশ্যে খেতি-বাতি কৰা, উদ্যোগ প্ৰতিষ্ঠা কৰা, ইত্যাদি কামবোৰত মাটিক অৱলম্বন হিচাপে ল’ব লাগে। জনসাধাৰণৰ বাবে মাটিৰ সাধাৰণ প্ৰয়োজনীয়তাখিনি হ'ল : গছ-গছনীৰ বৃদ্ধিৰ বাবে, সমাজ-সভ্যতাৰ বিকাশৰ অৰ্থে ৰাস্তা-ঘৰ-অট্টালিকা আদি বনোৱাৰ বাবে। গছ-গছনী বৃদ্ধিৰ বাবে সাধাৰণতে ষোল্লটা ৰাসায়নিক মৌলৰ প্ৰয়োজন হয় : কাৰ্বন, অক্সিজেন, হাইড্ৰজেন, নাইট্ৰজেন, ফচফৰাছ, পটেচিয়াম, কেলচিয়াম, মেগ্নেচিয়াম, ছালফাৰ, আইৰন, জিংক, মেংগানিজ, ক'পাৰ, ব'ৰণ, মলিবডেনাম আৰু ক্লৰিণ।[6] কাৰ্বন আৰু অক্সিজেন গছে বায়ুত থকা কাৰ্বন ডাইঅক্সাইডৰ পৰা পায়। বাকী মৌলসমূহ গছে সাধাৰণতে মাটিৰ পৰা লাভ কৰে।
পানী আৰু বায়ুৰ সোঁতত মাটি এঠাইৰ পৰা ঠাই পায়গৈ। এই প্ৰক্ৰিয়াক মাটিৰ ক্ষয়ীভৱন বোলে। পাহাৰত গছ-গছনী কটা, দ খাল খন্দা, খেতিমাটি চহোৱা আদি কাৰণতো মাটিৰ ক্ষয়ীভৱন ঘটে। এছিড বৰষুণৰ ফলতো মাটিৰ গুণাগুণৰ ক্ষতি হয়। প্ৰধানকৈ মানুহৰ কাৰু-কাৰ্যৰ দ্বাৰাই মাটিৰ গুণ বা উৎপাদন ক্ষমতা হানি হয়।[6] ==মাটিৰ প্ৰদূষণ মানে কি উদ্যোগীকৰণ, সাৰ-কীটনাশক দব্যৰ ব্যৱহাৰ, তেজস্ক্ৰিয় পদাৰ্থ মিহলি আদিৰ প্ৰভাৱত মাটি প্ৰদূষিত হয়। ইয়াৰ ফলত জীৱ-জন্তু আৰু উদ্ভিদৰ লগতে মানুহৰো ক্ষতি হয়। [7]