সমষ্টিবাদী অৰ্থনীতিত মাণ্ডেল- ফ্লেমিং আৰ্হি (Mundell- Fleming Model), আই এছ- এল এম- বি অ' পি আৰ্হি (IS-LM-BoP Model) বা আই এছ- এল এম- বি পি (IS-LM-BP Model) আগৰ আই এছ- এল এম আৰ্হিৰ এক বিস্তৃত ৰূপ। এই আৰ্হি ৰবাৰ্ট মাণ্ডেল আৰু মাৰ্কাছ ফ্লেমিঙে তৈয়াৰ কৰিছিল।[1][2] আই এছ- এল এম আৰ্হি এনে অৰ্থনীতিৰ আৰ্হি যিয়ে আন কোনো অৰ্থনীতিৰ সৈতে বাণিজ্যিক সম্বন্ধ নাৰাখে। তাৰ বিপৰীতে, মাণ্ডেল- ফ্লেমিং আৰ্হি এখন সৰু মুক্ত অৰ্থনীতিৰ আৰ্হি। তদুপৰি, এই আৰ্হিয়ে কোনো অৰ্থনীতিৰ হ্ৰস্ব-ম্যাদী বিশ্লেষণহে আগবঢ়াই। এই আৰ্হিত নামমাত্ৰ বিনিময়ৰ দৰ, সুদৰ দৰ আৰু উৎপাদনৰ সম্বন্ধ বিশ্লেষণ কৰা হয়, আই এছ- এল এম আৰ্হিৰ বিপৰীতে, য'ত কেৱল সুদৰ দৰ আৰু উৎপাদনৰ বিশেষণ কৰা হয়।
মাণ্ডেল- ফ্লেমিং আৰ্হিৰ এটি সুখ্যাত ভৱিষ্যদ্বানী হ'ল "অসম্ভৱ ত্ৰিনিটি" (Impossible Trinity), যিয়ে কয় যে যিকোনো কেন্দ্ৰীয় বেংকৰ বাবে স্থায়ী বিনিময়ৰ দৰ, মূলধনৰ মুক্ত প্ৰৱাহ আৰু স্বাধীন মৌদ্ৰিক নীতি ৰখা অসম্ভৱ। তিনিওৰে যিকোনো দুটা নীতি ৰাখিব পৰা যায়, কিন্তু তিনিওটা ৰখা সম্ভৱ নহয়।
মাণ্ডেল-ফ্লেমিং আৰ্হি অৰ্থনীতিৰ হ্ৰস্ব-কালীন ব্যৱহাৰ বুজাবলৈহে ব্যৱহাৰ কৰা হয়। সেয়ে এই আৰ্হিত তাৰ বাবে খাপ খোৱা কিছু বিশেষ অভিধাৰণা আছে,[3] যি আন অৱস্থাত প্ৰযোজ্য নহ'বও পাৰে। হ্ৰস্ব-কালতো আৰ্হিটোৰ প্ৰত্যেক অভিধাৰণা বাস্তৱত সকলো সময়ত সত্য নহ'ব পাৰে। এই অভিধাৰণাকেইটা হ'ল:
ধৰি লওক যে আৰু ক্ৰমে আয় বা উৎপাদন (বাস্তৱ মুঠ ঘৰুৱা উৎপাদন), বাস্তৱ উপভোগ, বাস্তৱ বিনিয়োগ, বাস্তৱ চৰকাৰী খৰচ, নামমাত্ৰ মুদ্ৰাৰ যোগান, মূল্যৰ স্তৰ, নামমাত্ৰ সুদৰ দৰ, বাস্তৱ মুদ্ৰাৰ চাহিদা, বাস্তৱ কৰ আৰু বাস্তৱ শুদ্ধ ৰপ্তানি।
তেন্তে তলত দিয়া সমীকৰণসমূহে আই এছ- এল এম- বি অ' পি আৰ্হিক সংজ্ঞায়িত কৰে[4]:
আই এছ বক্ৰৰ নিৰ্ধাৰকসমূহৰ মান নিৰ্ণয় এনেদৰে হয়:
ওপৰত দিয়া আতাইকেইতা সমীকৰণ সত্য হ'লে অৰ্থনীতিখনে ভাৰসাম্য লাভ কৰে, যদি তলৰ দুটাৰ যিকোনো এটা সমিকৰণ সত্য হয়।
যদি স্থায়ী বিনিময় দৰৰ ব্যৱস্থা বলৱৎ কৰা হয়, তেন্তে য'ত ধ্ৰুৱক। এনে হ'লে ভাৰসাম্যত মুঠ ঘৰুৱা উৎপাদন, ঘৰুৱা সুদৰ দৰ আৰু balance of payment নিৰ্ণয় হয়। যদি স্থায়ী বিনিময় দৰৰ ব্যৱস্থা বলৱৎ নহয়, তেন্তে । এনে হ'লে ভাৰসাম্যত মুঠ ঘৰুৱা উৎপাদন, শৰুৱা সুদৰ দৰ আৰু বিনিময় দৰ নিৰ্ণয় হয়।