মাণ্ডৱী | |
---|---|
ৰামায়ণৰ চৰিত্ৰ | |
মাণ্ডৱী আৰু তিনি ভগ্নীৰ বিবাহ | |
তথ্য | |
পৰিয়াল |
|
দাম্পত্যসঙ্গী | ভৰত |
সন্তান | তক্ষ পুষ্কল |
মাণ্ডৱী হিন্দু মহাকাব্য ৰামায়ণৰ এক চৰিত্ৰ। সেই অনুসৰি তেওঁ ৰজা কুশধ্বজ আৰু ৰাণী চন্দ্ৰভাগাৰ কন্যা তথা[1] ৰামৰ ভায়েক ভৰতৰ পত্নী আছিল। মাণ্ডৱী আছিল সংকস্য (বৰ্তমানৰ সপ্তৰী জিলাৰ ৰাজবিৰাজ অঞ্চল)ৰ ৰাজকুমাৰী আৰু ৰজা কুশধ্বজৰ জীয়েক। তেওঁ মহালক্ষ্মীৰ ফুলৰ অৱতাৰ আছিল। মাণ্ডৱীৰ শ্ৰুতকীৰ্তি নামৰ এগৰাকী সৰু ভগ্নী আছিল।[2]
তেওঁ দশৰথ নন্দন ভৰতৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তক্ষ আৰু পুষ্কল নামে দুটি পুত্ৰ সন্তান জন্ম হয়। সীতাৰ পিছতে মাণ্ডৱী ৰঘুবংশৰ আৰু ৰজা দশৰথৰ দ্বিতীয় গৰাকী ডাঙৰ বোৱাৰী।
|