মাতঙ্গিনী হাজৰা | |
---|---|
স্থানীয় নাম | মাতঙ্গিনী হাজৰা |
জন্ম | ১৭ নবেম্বৰ ১৮৭০ তামলুক, বেংগল প্ৰেসিডেঞ্চি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৯ চেপ্তেম্বৰ ১৯৪২ তামলুক, বেংগল প্ৰেসিডেঞ্চি, ব্ৰিটিছ ভাৰত |
জনা যায় | ভাৰতৰ স্বাধীনতা সংগ্ৰামী |
মাতঙ্গিনী হাজৰা (ইংৰাজী: Matangini Hazra; ১৭ নবেম্বৰ ১৮৭০- ২৯ চেপ্তেম্বৰ ১৯৪২[1]) ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণকাৰী আৰু এগৰাকী মহান বিপ্লৱী নেত্ৰী। ১৯৪২ চনৰ ২৯ চেপ্তেম্বৰত সেই সময়ৰ মেদিনীপুৰ জিলাৰ তমলুক থানাৰ সন্মুখত ব্ৰিটিছ পুলিছৰ গুলিত তেওঁ নিহত হৈছিল। তেওঁ গান্ধী বুঢ়ী নামেৰে পৰিচিত আছিল।[2]
মাতঙ্গিনী হাজৰাৰ প্ৰাৰম্ভিক জীৱন সম্পৰ্কে বিশেষ জনা নাযায়। মাত্ৰ এইখিনিয়ে জনা গৈছে যে ১৮৬৯ চনত তমলুকৰ ওচৰৰ আলিনান নামে এখন সৰু গাঁৱত এটা দৰিদ্ৰ কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিল। দাৰিদ্ৰৰ বাবেই তেওঁ প্ৰথাগত শিক্ষাৰ পৰা বঞ্চিত হৈছিল।[3] অতি কম বয়সতে তেওঁৰ বিয়া হৈছিল। ওঠৰ বছৰ বয়সতে তেওঁ নিঃসন্তান ৰূপে বিধৱা হ'বলগীয়া হৈছিল।
নাৰীসকলৰো আন্দোলনত অংশগ্ৰহণ- মেদিনীপুৰ জিলাৰ স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল।[2]
১৯০৫ চনত প্ৰত্যক্ষভাবে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে তেওঁ জড়িত হৈ পৰে। মতাদৰ্শগত ভাবে তেওঁ এগৰাকী গান্ধীবাদী আছিল।[3] মিদনাপুৰত স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখনীয় দিশ আছিল মহিলাসকলৰ আন্দোলনৰ প্ৰতি অভূতপূৰ্ব সহাঁৰি আৰু আন্দোলনত যোগদান।[4] ১৯৩২ চনত তেওঁ আইন অমান্য আন্দোলনত যোগ দিয়ে। সেই সময়ত তেওঁ লোণ আইন অমান্য কৰি গ্ৰেপ্তাৰবৰণ কৰিছিল। কিছুদিন পিছত অৱশ্যে তেওঁক মুক্তি দিয়া হৈছিল। কিন্তু কৰ ৰেহাইৰ দাবীত প্ৰতিবাদ কৰাত তেওঁক আকৌ গ্ৰেপ্তাৰ কৰা হয়। এইবাৰ তেওঁ বৰহমপুৰ কাৰাগাৰত ছমাহ কাৰাৰুদ্ধ হৈ আছিল। তেওঁ হিজলি বন্দী নিবাসতো কিছুদিন বন্দী হৈ আছিল। মুক্তিলাভৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্যপদ লাভ কৰে আৰু নিজহাতে যতৰত সুতা কাটি কাপোৰ ববলৈ লয়। ১৯৩৩ চনত তেওঁ শ্ৰীৰামপুৰত মহকুমা কংগ্ৰেছ অধিবেশনত যোগদান কৰিবলৈ গৈ পুলিছৰ লাঠিচাৰ্জত আহত হয়।[2]
ভাৰত ত্যাগ আন্দোলনৰ সময়ত কংগ্ৰেছ সদস্যসকলে মেদিনীপুৰ জিলাৰ সকলো থানা আৰু অন্যান্য চৰকাৰী কাৰ্যালয় দখল কৰাৰ পৰিকল্পনা গ্ৰহণ কৰে। মূলতঃ মহিলা স্বেচ্ছাসেৱকসকলে তমলুক থানা দখল কৰাৰ উদ্দেশ্যে এটা সমদল উলিয়ায়। এই সমদলৰ নেতৃত্ব দিছিল ৭৩ বছৰ বয়সীয়া মাতঙ্গিনী হাজৰাই। চহৰৰ উপকণ্ঠ অঞ্চলত সমদল গৈ পোৱাত ব্ৰিটিছ পুলিছে ভাৰতীয় দণ্ড বিধিৰ ১৪৪ ধাৰা জাৰি কৰি সমাবেশ ভাঙি দিয়াৰ নিৰ্দেশ দিয়ে।[3][4] সেই আদেশ অমান্য কৰি মাতঙ্গিনী অগ্ৰসৰ হোৱাত তেওঁলৈ গুলি চলোৱা হয়। কিন্তু তথাপিও আগুৱাই যায় আৰু জনতাৰ ওপৰত গুলি বৰ্ষণ নকৰাৰ বাবে পুলিচৰ ওচৰত আবেদন জনায়।[2]
সমান্তৰাল তমলুক জাতীয় চৰকাৰৰ মুখপত্ৰ বিপ্লৱীত বৰ্ণনা কৰে, 'ফৌজদাৰী আদালত ভৱনৰ উত্তৰ দিশৰ পৰা মাতঙ্গিনী এটা সমদলৰ নেতৃত্ব দিছিল। পুলিছে গুলি চলোৱাত তেওঁ অন্যান্য স্বেচ্ছাসেৱকক পিছত ৰাখি নিজেই আগুৱাই যায়। পুলিছে তেওঁক তিনিবাৰ গুলী কৰে। গুলি লাগে কপালত আৰু দুই হাতত। তথাপিও তেওঁ আগুৱাই গৈ থাকে।'[4]