মাতা চাহাব দেৱান (ইংৰাজী: Mata Sahib Devan) জন্ম: ১ নৱেম্বৰ ১৬৮১ চন আৰু মৃত্যু: ১৭৪৭ চন৷ তেওঁ মাতা চাহিব কৌৰ নামেৰেও জনাজাত আৰু গুৰু গোবিন্দ সিংহৰ পত্নী আছিল।[1][2]
মাতা চাহিব দেৱান ঝেলুম জিলাৰ ৰোহতাছৰ বছি খাত্ৰী হৰ ভগৱান দেৱান (ওৰফে ৰামু)ৰ কন্যা।[3][4] মাতা চাহাব দেৱানৰ জন্ম হৈছিল ১৬৮১ চনৰ ১ নৱেম্বৰত ৰোহতাছত। তেওঁক গুৰু গোবিন্দ সিংহৰ কইনা হিচাপে তেওঁৰ পিতৃ ভাই ৰামক নাম লেভা শিখ নামৰ এজন নানকৰ ভক্তৰ দ্বাৰা প্ৰস্তাৱ দিয়া হয় আৰু ১৭০০ চনৰ ১৫ এপ্ৰিলত আনন্দপুৰত গোবিন্দ সিংহৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়।[2]
যেতিয়া আনন্দপুৰলৈ এই প্ৰস্তাৱ আলোচনাৰ বাবে অনা হ’ল, তেতিয়া গুৰুজনে প্ৰথমে নাকচ কৰিছিল, কিয়নো তেওঁৰ ইতিমধ্যে বিয়া হৈছিল আৰু তেওঁৰ চাৰিজন পুত্ৰ আছিল। সংগত আৰু গুৰুৰ পৰিয়ালে এই বিবাহৰ বাবে সন্মতি দিছিল যদিও দশম গুৰু গুৰু গোবিন্দ সিংএ স্পষ্টকৈ কৈছিল যে, মাতা চাহাব দেৱানৰ সৈতে তেওঁৰ সম্পৰ্ক শাৰীৰিক নহয় আধ্যাত্মিক প্ৰকৃতিৰ হে হ'ব।[2] গুৰুৱে তেওঁক খালছাৰ মাতৃ বুলি ঘোষণা কৰিছিল আৰু তেতিয়াৰ পৰাই নতুনকৈ শৰণ লোৱাসকলক গুৰু গোবিন্দ সিংহ আৰু মাতা চাহিব দেৱানৰ পুত্ৰ-কন্যা বুলি কোৱা হয়।[2]
আনন্দপুৰ যুদ্ধৰ সময়ত কেছগড় দূৰ্গ ঘেৰাও কৰাৰ সময়ত মাতা চাহিবক মাতা সুন্দৰীৰ সৈতে দেৱানক দশম গুৰুৰ পৱিত্ৰ পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি ৰখা হৈছিল আৰু সুৰক্ষিতভাৱে ভাই চাহিব ভাই মণি সিং শ্বাহিদে শ্ৰী দমদামা চাহাবলৈ নিৰাপদ লৈ গৈছিল৷
মাতা চাহিব দেৱানে গুৰু গোবিন্দ সিঙৰ লগত দিল্লীলৈ যায় আৰু তাৰ পিছত নন্দদলৈ যায় আৰু মাতা সুন্দৰী দিল্লীত থাকে।
নন্দদতেই গুৰু গোবিন্দ সিঙে মাতা চাহাব দেৱানক পৃথিৱী এৰি নিজৰ শ্বাশ্বত বাসস্থানলৈ যোৱাৰ সময়ৰ বিষয়ে অৱগত কৰিছিল; আৰু তেওঁক মাতা সুন্দৰী জীৰ লগত থাকিবলৈ দিল্লীলৈ যাবলৈ আদেশ দিছিল। গুৰুৱে মাতা চাহিব দেৱানক তেওঁৰ সোঁৱৰণী আৰু তেওঁৰ চিহ্ন হিচাপে গুৰু হৰগোবিন্দ চাহাবৰ ষষ্ঠ গুৰুৰ ৫টা অস্ত্ৰ দিছিল (যিবোৰৰ সহায়ত তেওঁ খালছাৰ বাবে ৯টা হুকমনাম বা আদেশ পত্ৰ জাৰি কৰিছিল)। মাতা চাহাব দেৱানে মাতা সুন্দৰী জীৰ সৈতে দিল্লীত বাস কৰিবলৈ লৈছিল আৰু খালছা পন্থৰ বাবে নাম ছিমৰন (ৱাহেগুৰু নাম ধ্যান) আৰু সেৱা (নিঃস্বাৰ্থ সেৱা)ৰ জীৱন যাপন কৰিছিল।
মাতা চাহাব দেৱানে ১৭৪৭ চনত ৬৬ বছৰ বয়সত পৃথিবী এৰি গুচি যায় আৰু নতুন দিল্লীৰ গুৰদ্বাৰা বালা চাহাবত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মাতা সুন্দৰী জীক সোঁৱৰণি স্মৃতিসৌধৰ ওচৰতে তেওঁৰ স্মৃতিসৌধ থিয় হৈ আছে।[2]
এই অনুষ্ঠানৰ সময়ত তেওঁৰ উপস্থিতি সন্দৰ্ভত শিখ ইতিহাসবিদসকলৰ মাজত ভিন্ন মতামত দেখা যায়। মহান কোশৰ “ভাই কাহ্ন সিং নভো’’ৰ মতে খালছা পন্থ সৃষ্টিৰ সময়ত মাতা চাহাব দেৱান উপস্থিত আছিল আৰু চেনিৰ ৱেফাৰ যোগ কৰি পাহুল নিৰ্মাণত অংশগ্ৰহণ কৰিছিল৷[5] কিন্তু তৱাৰীখ গুৰু খালছাই এই দাবীক খণ্ডন কৰে।[6] টোৱাৰিখত উল্লেখ আছে যে গুৰু গোবিন্দ সিঙৰ প্ৰথম পত্নী মাতা জিটোৱে পাহুলত চেনিৰ ৱেফাৰ দিছিল আৰু সেই সময়ত মাতা চাহাব দেৱানৰ গুৰু গোবিন্দ সিংহৰ লগত বিবাহ হোৱা নাছিল।[6]
তেওঁক গোটেই খালছা পন্থৰ মাতৃ বোলা হয়৷ যেতিয়া এজন শিখ অমৃতধাৰী (শৰণ লয়) হয়, গুৰু গোবিন্দ সিং তেওঁলোকৰ পিতৃ আৰু মাতা চাহাব দেৱান তেওঁলোকৰ মাতৃ হয়।[7][8]