এগৰাকী মাতৃ (ইংৰাজী: Mother) হৈছে এগৰাকী মহিলা অভিভাৱক। মাতৃসকল হৈছে এনে একোগৰাকী মহিলা যি তেওঁলোকৰ সন্তানৰ সৈতে এক সম্পৰ্ক বহনৰ ভূমিকা পালন কৰে। এই সন্তান তেওঁলোকৰ জৈৱিক সন্তান হ'বও পাৰে বা নহ'বও পাৰে। সেয়েহে, প্ৰসংগৰ ওপৰত নিৰ্ভৰশীল, মহিলাসকলক সন্তান জন্ম দিয়াৰ দ্বাৰা, তেওঁলোকৰ সন্তানক ডাঙৰ-দীঘল কৰি, নিষিক্তকৰণৰ বাবে তেওঁলোকৰ ডিম্বাশয় যোগান ধৰি, বা এই সমূহ পদ্ধতিৰ কিছু মিশ্ৰণৰ দ্বাৰা মাতৃ বুলি গণ্য কৰা হয়। তৃতীয় আৰু প্ৰথম শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা মহিলাসকল সাধাৰণতে 'জন্মদাত্ৰী মাতৃ' বা 'জৈৱিক মাতৃ' অভিধাৰ অধীনত পৰে। সেই অনুসৰি, সন্তানৰ কেৱল লালন-পালন কৰা এগৰাকী মহিলাক এগৰাকী দত্তক মাতৃ বুলি গণ্য কৰা হ'ব পাৰে, আৰু যিসকলে ডিম্বাশয় যোগানৰ দ্বাৰা সন্তান জন্ম দিয়ে তেনে এগৰাকী মাতৃক ছাৰোগেচী মাতৃ বুলি গণ্য কৰা হয়।
মানুহৰ বাবে জৈৱিক মাতৃত্ব, আন স্তন্যপায়ী প্ৰাণীৰ দৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মাতৃয়ে গৰ্ভত নিষিক্ত ডিম্ব এটি ধাৰণ কৰে আৰু সম্পূৰ্ণ বিকাশৰ অন্তত জন্ম দিয়ে। এগৰাকী মহিলা ঋতুমতী হোৱাৰ পিছত যৌন সম্ভোগৰ জৰিয়তে গৰ্ভৱতী হ'ব পাৰে। ভালদৰে পুষ্ট ছোৱালীৰ ক্ষেত্ৰত প্ৰথম ঋতুস্ৰাৱ সাধাৰণতে ১২ বা ১৩ বছৰ বয়সৰ আশে পাশে আৰম্ভ হয়।[1] সাধাৰণতে, ফিতাচ এটা সক্ষম জাইগোটৰ পৰা বিকশিত হয়, যাৰ ফলত ভ্ৰূণৰ সৃষ্টি হয়। গৰ্ভধাৰণ প্ৰক্ৰিয়া মহিলাৰ জৰায়ুত আৰম্ভ হয়। মানুহৰ ক্ষেত্ৰত, গৰ্ভধাৰণৰ ম্যাদ প্ৰায় ৯ মাহৰ কাল। সাধাৰণতে এই সম্পূৰ্ণ সময়ৰ পিছতেই মহিলাগৰাকীয়ে প্ৰসৱ অনুভৱ কৰে আৰু সন্তান জন্ম দিয়ে। অৱশ্যে কিছুমান কেঁচুৱা অকালতে বা পলমকৈ জন্ম হয়। মৃত সন্তান জন্মৰ ক্ষেত্ৰটো সময়ৰ তাৰতম্য দেখা যায়। সাধাৰণতে, কেঁচুৱাটো জন্ম হোৱাৰ পিছত, মাতৃ গৰাকীয়ে স্তনত উৎপাদিত গাখীৰ স্তন্যপান প্ৰক্ৰিয়াৰ জৰিয়তে নৱজাতকক পান কৰায়। মাতৃদুগ্ধ হৈছে কেঁচুৱাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ বাবে এণ্টিবডীৰ উৎস, আৰু সাধাৰণতে নৱজাতকসকলে আন খাদ্য খোৱা আৰু হজম কৰিবলৈ সক্ষম হোৱাৰ আগতে পুষ্টিৰ একমাত্ৰ উৎস; ডাঙৰ কেঁচুৱা আৰু শিশুৰ ক্ষেত্ৰটো আনখাদ্যৰ সমান্তৰালকৈ স্তন্যপান অব্যাহত ৰাখিব পাৰে, এই প্ৰক্ৰিয়াটো সাধাৰণতে ছয় মাহ বয়সৰ পৰা প্ৰৱৰ্তন কৰিব লাগে।[2]
সন্তানহীনতা হৈছে সন্তান নোহোৱাৰ স্থিতি। সন্তানহীনতাৰ ব্যক্তিগত, সামাজিক বা ৰাজনৈতিক গুৰুত্ব থাকিব পাৰে। সন্তানহীনতা স্বেচ্ছামূলকো হ'ব পাৰে, যি ব্যক্তিৰ পছন্দৰ ওপৰত নিৰ্ভৰশীল। এই স্থিতি স্বাস্থ্যসমস্যা বা সামাজিক পৰিস্থিতিৰ বাবে অনিচ্ছাকৃত হ'ব পাৰে। মাতৃত্ব সাধাৰণতে স্বেচ্ছামূলক হ'লেও ই বলপূৰ্বক গৰ্ভধাৰণৰ ফলাফলো হ'ব পাৰে, যেনে ধৰ্ষণৰ ফলশ্ৰুতিত হোৱা গৰ্ভধাৰণ। অবাঞ্ছিত মাতৃত্ব বিশেষকৈ বলপূৰ্বক বিবাহ আৰু বাল্য বিবাহৰ অনুশীলনৰ ফলত হয়।
জৈৱিক পিতৃ-মাতৃৰ বাহিৰেও আন এগৰাকী মহিলাই মাতৃত্বৰ দাবী তুলিব পাৰে, বিশেষকৈ যদিহে তেওঁ সন্তানক ডাঙৰ-দীঘল কৰাত মুখ্য সামাজিক ভূমিকা পালন কৰে। এয়া সাধাৰণতে এগৰাকী দত্তক মাতৃ বা মাহীমাক (শিশুৰ দেউতাকৰ জৈৱিকভাৱে সম্পৰ্কিত আন সঙ্গী)। শিশুৰ প্ৰাথমিক মাতৃৰ উপৰিও জৈৱিকভাৱে নিজ সন্তান নথকা মহিলা এগৰাকীয়ে বা নিজ সন্তান থকাৰ পিছতো আন শিশুৰ বিকাশত যত্ন প্ৰদান কৰা বা লালন-পালন কৰা মহিলা এগৰাকীৰ ক্ষেত্ৰত "আন মাতৃ" শব্দটো কিছুমান প্ৰসংগত ব্যৱহাৰ কৰা হয়।
বিভিন্ন ৰূপত সন্তান তুলি লোৱা ব্যৱস্থাটোৰ প্ৰচলন সম্পৰ্কীয় ঐতিহাসিক প্ৰমাণ আছে। আনকি মানৱ সভ্যতাৰ পূৰ্বেও এই ব্যৱস্থাৰ প্ৰচলন থকাৰ অনুমান কৰা হয়।[3] বিংশ শতিকাত উদ্ভৱ হোৱা আধুনিক গ্ৰহণ প্ৰণালীবোৰ ব্যাপক আইন আৰু নিয়মৰ দ্বাৰা পৰিচালিত।
আইনী দৃষ্টিকোণৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত সন্তান তুলিলোৱা ব্যৱস্থাটো তুলনামূলকভাৱে সহজ (অন্যান্য পশ্চিমীয়া দেশৰ তুলনাত)।[4] ২০০১ চনত ১,২৭,০০০ তকৈও দত্তক গ্ৰহণেৰে আমেৰিকাৰ পৰিসংখ্যা বিশ্বব্যাপী মুঠ দত্তক গ্ৰহণৰ প্ৰায় আধা আছিল।[5]
হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে।[6] দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্বাণু সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ (In vitro fertilisation) প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়।[7]
সমকামী সম্পৰ্কত সমকামী আৰু উভকামী মহিলাৰ (বা সঙ্গী বিহীন মহিলা) মাতৃ হোৱাৰ সম্ভাৱনা শেহতীয়াকৈ প্ৰযুক্তিগত বিকাশৰ ফলত বৃদ্ধি পাইছে। আধুনিক লেচবিয়ান অভিভাৱকত্বৰ বিষয়টো বিষমকামী সম্পৰ্কত থকা মহিলাসকলৰ দ্বাৰাই উদ্ভৱ হৈছিল যি পিছলৈ নিজকে সমকামী বা উভকামী বুলি আবিষ্কাৰ কৰিছিল। পৰিৱৰ্তনশীল সামাজিক মনোভাৱে অ-বিষমকামী সম্পৰ্কক অধিক গ্ৰহণযোগ্যতা প্ৰদান কৰিছে। এনে মহিলাসকলৰ মাতৃ হোৱাৰ আন এটা উপায় হ'ল সন্তান তুলি লৈ প্ৰতিপালনৰ দ্বায়িত্ব গ্ৰহণ কৰা বা পালন কৰা। লগতে স্ব-গৰ্ভধাৰণ আৰু নিদানিকভাৱে সহায়ক দাতাৰ জৰিয়তে গৰ্ভধাৰণৰ দৰে কৃত্ৰিম গৰ্ভধাৰণৰ বিকল্প সমূহো প্ৰচলিত। বৰ্তমানৰ মহিলাৰ উন্নত উৰ্বৰতা প্ৰযুক্তিৰ ফলত, বিষমকামী সম্পৰ্কত নথকা অধিক মহিলাই ইন ভিট্ৰো ফাৰ্টিলাইজেচনৰ জৰিয়তে মাতৃত্বৰ অধিকাৰ গ্ৰহণ কৰিব পাৰিছে।[8][9]
বিশ্বৰ প্ৰায় সকলো ধৰ্মই ধৰ্মীয় আইনৰ জৰিয়তে বা ধৰ্মীয় অনুষ্ঠানত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত মাতৃসকল মাহাত্ম্যৰ জৰিয়তে তেওঁলোকৰ কাম বা ভূমিকা নিৰ্ধাৰণ কৰে। মাতৃ আৰু মহিলাৰ সৈতে সম্পৰ্কিত ধৰ্মীয় আইনৰ বহুতো উদাহৰণ আছে।
মাতৃসম্পৰ্কে নিৰ্দিষ্ট ধৰ্মীয় আইন বা শাস্ত্ৰীয় নীতি থকা বিশ্বৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত আছে: খ্ৰীষ্টান ধৰ্ম,[10] ইহুদী ধৰ্ম,[11] আৰু ইছলাম ধৰ্ম।[12] মাতৃত্বক সন্মান জনোৱাৰ কিছুমান উদাহৰণৰ ভিতৰত আছে কেথলিকসকলৰ বাবে মেডোনা বা ব্লেচড ভাৰ্জিন মাদাৰ মেৰী, আৰু হিতোপদেশ কিতাপত মাতৃ হিচাপে সক্ৰিয় নাৰীত্বৰ একাধিক ইতিবাচক উল্লেখ।
হিন্দু সকলৰ ধৰ্মীয় ঐশ্বৰিক দেৱী সকল আৰু প্ৰাচীন গ্ৰীক প্ৰাক-খ্ৰীষ্টান বিশ্বাসৰ ডিমিটাৰকো মাতৃ বুলি কোৱা হয়।
সমগ্ৰ ইতিহাসত মাতৃ আৰু সন্তানৰ সম্পৰ্কক প্ৰায়ে শৈল্পিক কামৰ বিষয় হিচাপে চৰ্চা কৰি অহা হৈছে, সেই অনুসৰি চিত্ৰ, ভাস্কৰ্য বা লিখনি আদিত মাতৃ আৰু সন্তান এক চৰ্চিত আৰু জনপ্ৰিয় বিষয়।
চতুৰ্থ শতিকাৰ ৰ'ডছ দ্বীপত থকা কবৰ সমূহত শিশুৰ সৈতে তেওঁলোকৰ মাতৃসকলক চিত্ৰিত কৰা হৈছিল।[13]
ফ্ৰান্সৰ চিত্ৰকলাত মাতৃ আৰু সন্তানৰ সম্পৰ্ক সম্পৰ্কীয় চিত্ৰকলাৰ এক দীঘলীয়া পৰম্পৰা আছে।
অষ্টদশ শতিকাত, এই কাৰ্য্যবোৰে মাতৃ আৰু শিশুৰ মাজৰ সম্পৰ্কক মূৰ্ত কৰি তোলাৰ লগতে এক গভীৰ পাৰিবাৰিক সম্পৰ্কক প্ৰতিনিধিত্ব কৰিছিল।[14]