মাদ্ৰাচ প্ৰেচিডেঞ্চি

ফোৰ্ট চেইণ্ট জৰ্জ প্ৰেচিডেঞ্চি
১৬৮৪-১৯৩৫
মাদ্ৰাচ প্ৰদেশ
১৯৩৫-১৯৫০
মাদ্ৰাচ প্ৰেচিডেঞ্চি-ৰ অৱস্থান
মাদ্ৰাচ প্ৰেচিডেঞ্চি-ৰ অৱস্থান
ৰাজধানীমাদ্ৰাচ
উটি (গ্ৰীস্মকালীন ৰাজধানী)
জনসংখ্যা
 -  ১৯৪১ আনুমানিক ৪,৯৩,৪১,৮১০ 

মাদ্ৰাচ প্ৰেচিডেঞ্চি বা মাদ্ৰাচ প্ৰদেশ (ইংৰাজী: Madras Presidency বা Madras Province) ব্ৰিটিছ ভাৰতৰ এক উপবিভাগ (প্ৰদেশ) আছিল, যাক আধিকাৰিকভাবে ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু পিছলৈ ভাৰতৰ ডমিনিয়ন হৈছিল। ইয়াৰ সৰ্বোচ্চ বিস্তাৰত অন্ধ্ৰপ্ৰদেশৰ সমগ্ৰ অঞ্চল, প্ৰায় সমগ্ৰ তামিলনাডু আৰু আধুনিক যুগৰ কেৰালা, কৰ্ণাটক, ওড়িশা আৰু তেলেংগানাৰ কিছু অংশকে ধৰি বৰ্তমানৰ দক্ষিণ ভাৰতৰ সকলো অংশ চামিল হৈ আছিল। মাদ্ৰাচ মহানগৰ প্ৰেচিডেঞ্চিৰ শীতকালীন ৰাজধানী আৰু উটি গ্ৰীস্মকালীন ৰাজধানী আছিল।

মাদ্ৰাজ প্ৰেচিডেঞ্চি ৰ উত্তৰ-পশ্চিমে মহীশূৰ ৰাজ্য, দক্ষিণ-পশ্চিমে কোচিন আৰু ট্ৰেভাংকুৰ ৰাজ্য, মধ্যভাগত পুডুক্কোট্টাই ৰাজ্য আৰু উত্তৰে নিজামৰ ডমিনিয়ন- হায়দৰাবাদ আৰু বেৰাৰ আছিল। প্ৰেচিডেঞ্চিৰ কিছু অংশ বম্বে প্ৰেচিডেঞ্চি (কোংকন) আৰু চেণ্ট্ৰেল প্ৰভিঞ্চ আৰু বেৰাৰে (বৰ্তমানৰ মধ্যপ্ৰদেশ) আগুৰি আছিল।

১৬৩৯ চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাচপট্টনম গাঁওখন ক্ৰয় কৰে আৰু এবছৰৰ পিছত এজেন্সী অৱ ফ’ৰ্ট চেণ্ট জৰ্জ প্ৰতিষ্ঠা কৰে, যি মাদ্ৰাজ প্ৰেচিডেঞ্চিৰ পূৰ্বসূৰী আছিল; যদিও ১৬০০ দশকৰ একেবাৰে আৰম্ভণিৰে পৰা মচলিপট্টনম আৰু আৰ্মাগনত কোম্পানীৰ কাৰখানা আছিল। ১৬৫৫ চনত পুনৰবাৰ প্ৰদেশৰ মৰ্যাদালৈ ঘূৰি অহাৰ আগেয়ে ১৬৫২ চনত এই এজেঞ্চিটোক প্ৰেচিডেঞ্চিলৈ উন্নীত কৰা হয়। ১৬৮৪ চনত ইয়াক পুনৰ প্ৰেচিডেঞ্চিলৈ উন্নীত কৰা হয় আৰু এলিহু ইয়েলক প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিয়া হয়। ১৭৮৫ চনত পিটৰ ভাৰত আইনৰ বিধান অনুসৰি মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰতিষ্ঠা কৰা তিনিখন প্ৰেচিডেঞ্চিৰ ভিতৰত অন্যতম হৈ পৰে। ইয়াৰ পিছত অঞ্চলটোৰ মুৰব্বীজনক "প্ৰেচিডেণ্ট"ৰ সলনি "গৱৰ্ণৰ" বুলি কবলৈ লোৱা হ’ল আৰু তেওঁ কলিকতাৰ গৱৰ্ণৰ জেনেৰেলৰ অধীনস্থ হৈ পৰিল। ন্যায়িক, বিধায়িনী আৰু কাৰ্যপালিকাৰ অধিকাৰ গৱৰ্ণৰৰ হাতত থাকিল। এই ক্ষেত্ৰত এখন পৰিষদে তেওঁক সহায় আগবঢ়াইছিল, যাক ১৮৬১, ১৯০৯, ১৯১৯ আৰু ১৯৩৫ত সংবিধান সংশোধনৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল। ১৯৩৮ চনত দ্বিতীয় বিশ্বযুদ্ধ বিস্তাৰ নোহোৱালৈ মাদ্ৰাচত নিয়মীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। ১৯০৮ চনত প্ৰদেশখনত একোজন জিলাধিপতিৰ অধীনত ২২খন জিলা আছিল। জিলাবোৰক আকৌ তালুক আৰু ফিৰাকত ভগোৱা হৈছিল। গাঁওসমূহ আছিল প্ৰশাসনৰ আটাইতকৈ সৰু একক।

১৯১৭ চনৰ মণ্টাগ'-ছেমচফৰ্ড সংস্কাৰৰ পিছত মাদ্ৰাচ ভাৰতৰ প্ৰথম প্ৰদেশ যিয়ে দ্বিশাসন ব্যৱস্থা ৰূপায়ণ কৰিছিল আৰু তাৰ পিছত এজন গৱৰ্ণৰে এজন প্ৰধানমন্ত্ৰীৰ সৈতে মিলি প্ৰদেশখন শাসন কৰিছিল। কুৰি শতিকাৰ আৰম্ভণিৰ দশকবোৰত ভাৰতৰ স্বাধীনতা আন্দোলনত মাদ্ৰাচে বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। পিছলৈ ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰত গণৰাজ্যৰ উদ্বোধন হোৱাত মাদ্ৰাচক ভাৰতীয় ইউনিয়নৰ মাদ্ৰাচ নামেৰে এখন ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়।

১৯৩৭ চনত চক্ৰৱৰ্তী ৰাজগোপালাচাৰী হিচাপে লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথমবাৰৰ বাবে ক্ষমতালৈ আহে। এটা ৰেলীত ৰাজাগোপালাচাৰীক দেখা গৈছে।

প্ৰাৰম্ভিক ইংৰাজ বাণিজ্যিক চকী (১৬০০-১৬৩৯)

[সম্পাদনা কৰক]

১৬০০ চনৰ ৩১ ডিচেম্বৰত ইংলেণ্ডৰ প্ৰথম ৰাণী এলিজাবেথে (১৫৩৩–১৬০৩)-এ ইংৰাজ ব্যৱসায়ীৰ এটা দলক এটা যৌথ ষ্টক কোম্পানী স্থাপনৰ বাবে চনদ প্ৰদান কৰে, যিটো ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে পৰিচিত হয়।[1][2][3][4] পৰৱৰ্তী সময়ত ৰজা প্ৰথম জেমছৰ (১৫৬৭–১৬২৫) ৰাজত্বকালত ছাৰ উইলিয়াম হকিন্স আৰু ছাৰ থমাছ ৰোক কোম্পানীটোৰ হৈ ভাৰতত বাণিজ্যিক কাৰখানা স্থাপনৰ অনুমতি বিচাৰি মোগল সম্ৰাট জাহাংগীৰৰ (১৫৬৯–১৬২৭) সৈতে আলোচনা কৰিবলৈ পঠিওৱা হয়। ইয়াৰে প্ৰথমটো কাৰখানা পশ্চিম উপকূলৰ চুৰাটত[5] আৰু দেশৰ পূ্ব উপকুলৰ মচুলিপট্টনমত স্থাপন কৰা হৈছিল।[9] ১৬১১ চনৰে পৰা মচুলিপট্টনম ভাৰতৰ পূব উপকূলৰ আটাইতকৈ পুৰণি ইংৰাজ বাণিজ্যিক চকী। ১৬২৫ চনত দক্ষিণে কেইমাইলমান দূৰৈৰ আৰ্মাগনত আন এটা কাৰখানা স্থাপন কৰা হয়। তাৰ পিছত দুয়োটা কাৰখানা মচুলিপট্টনম ভিত্তিক এটা এজেঞ্চিৰ তত্বাৱধানলৈ আহে। [6]সেই সময়ত পূব উপকূলৰ মূল বাণিজ্যিক সামগ্ৰী কপাহী কাপোৰৰ নাটনিৰ বাবে ইংৰাজ কৰ্তৃপক্ষই এই কাৰখানাসমূহ আৰু দক্ষিণলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লয়। গোলকুণ্ডাৰ চুলতানে স্থানীয় বিষয়াসকলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সমস্যাটোৰ আৰু অধিক অৱনতি হয়। ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসক ফ্ৰান্সিছ ডেক (১৬০৫–৭৩) দক্ষিণলৈ পঠিওৱা হয় আৰু চন্দ্ৰগিৰিৰ ৰজাৰ সৈতে আলোচনাৰ অন্তত, ১৬৩৯ চনত তেওঁ ভূমি অনুদান লাভ কৰি মাদ্ৰাচপট্টিনম গাঁৱত [6] এটা কাৰখানা স্থাপন কৰে, য'ত নতুন ফ'ৰ্ট ছেইণ্ট জৰ্জ নিৰ্মাণ কৰা হৈছিল। নতুন বসতিস্থল পৰিচালনা কৰিবলৈ এটা এজেঞ্চি গঠন কৰা হয় আৰু মচুলিপট্টনমৰ এণ্ড্ৰিউ ক'গানক ইয়াৰ প্ৰথম এজেণ্ট হিচাপে নিযুক্তি দিয়া হয়।[7] ভাৰতৰ পূব উপকূলৰ সকলো এজেঞ্চি জাভাত থকা বেণ্টামৰ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰচিডেঞ্চিৰ অধীনত আছিল।[8] ১৬৪১ চনলৈ কৰমণ্ডল উপকূলত ফ'ৰ্ট চেণ্ট জৰ্জ কোম্পানীটোৰ মুখ্য কাৰ্যালয় হৈ পৰে।[9]

ব্ৰিটিছ শাসনৰ শেষদিনবোৰ

[সম্পাদনা কৰক]

১৯৩৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে মাদ্ৰাজৰ প্ৰচেডেঞ্চিৰ ক্ষমতালৈ নিৰ্বাচিত হয়। প্ৰেচিডেঞ্চিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী আছিল কংগ্ৰেছ গলৰ চক্ৰৱৰ্তী ৰাজগোপালাচাৰী। তেওঁ সফলতাৰে মন্দিৰ প্ৰৱেশ অনুমোদন আৰু ক্ষতিপূৰণ আইন[10] প্ৰণয়ন কৰে আৰু মাদ্ৰাজ প্ৰেচিডেঞ্চিত নিষেধাজ্ঞা[11] আৰু বিক্ৰী কৰ দুয়োটা প্ৰৱৰ্তন কৰে। শিক্ষানুষ্ঠানত হিন্দী ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ বাবে তেওঁৰ শাসন বহুলাংশে স্মৰণ কৰা হয়, যিটো ব্যৱস্থাই তেওঁক ৰাজনীতিবিদ হিচাপে অতি অজনপ্ৰিয় কৰি তুলিছিল[12][13] আৰু ব্যাপক হিন্দী বিৰোধী আন্দোলনৰ সূচনা কৰিছিল, যাৰ ফলত কিছুমান ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এনে হিন্দী বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে ১২০০ৰো অধিক পুৰুষ, মহিলা আৰু শিশুক কাৰাগাৰত ভৰোৱা হৈছিল[14] আনহাতে প্ৰতিবাদৰ সময়ত থালামুথু আৰু নটৰাছনৰ মৃত্যু হয়।ref name="anti-hindi_agitations" /> ১৯৪০ চনত ভাৰত চৰকাৰে তেওঁলোকৰ সন্মতি অবিহনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ প্ৰতিবাদত কংগ্ৰেছ দলৰ মন্ত্ৰীসকলে পদত্যাগ কৰে। মাদ্ৰাজৰ গৱৰ্ণৰ ছাৰ আৰ্থাৰ হোপে প্ৰশাসনৰ দায়িত্ব লয় আৰু অৱশেষত ১৯৪০ চনৰ ২১ ফেব্ৰুৱাৰীত তেওঁৰ দ্বাৰা এই অজনপ্ৰিয় আইনখন বাতিল কৰা হয়।[13]

ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণৰ ফলত ১৯৪২ চনত কংগ্ৰেছৰ অধিকাংশ নেতৃত্ব আৰু পূৰ্বৰ মন্ত্ৰীক গ্ৰেপ্তাৰ কৰা হয়।[15] ১৯৪৪ চনত পেৰিয়াৰে জাষ্টিচ পাৰ্টিৰ নাম সলনি কৰি দ্ৰাবিড় কাঝাগম কৰে আৰু ই নিৰ্বাচনী ৰাজনীতিৰ পৰা আঁতৰি আহে।[16] দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে পুনৰ ৰাজনীতিত প্ৰৱেশ কৰে আৰু বিশেষ কোনো বিৰোধ নথকাত ১৯৪৬ চনৰ নিৰ্বাচনত সহজেই জয়ী হয়।[17] ইয়াৰ পিছতে কামৰাজৰ সহযোগত টাংগুতুৰি প্ৰকাশম মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ এঘাৰ মাহ কাৰ্যনিৰ্বাহ কৰে।

স্বাধীনোত্তৰ কাল

[সম্পাদনা কৰক]

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত প্ৰেচিডেঞ্চিখনৰ মুখ্যমন্ত্ৰী আছিল অ' পি ৰামাস্বামী ৰেড্ডিয়াৰ।[18] ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান প্ৰণয়নৰ পিছত ই মাদ্ৰাচ ৰাজ্যত পৰিণত হয়।[19]

তথ্যউৎস

[সম্পাদনা কৰক]

উদ্ধৃতি

[সম্পাদনা কৰক]
Government publications
Other publications

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]