মান ধনিয়া | |
---|---|
![]() | |
মান ধনিয়া পাত | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Apiales |
পৰিয়াল: | Apiaceae |
গণ: | Eryngium |
প্ৰজাতি: | E. foetidum |
বৈজ্ঞানিক নাম | |
Eryngium foetidum L. | |
সমাৰ্থক[1] | |
|
মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম (বৈজ্ঞানিক নাম: Eryngium foetidum) এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া, নগা ধনিয়া, কাটা মচলা, বঙালী মেমেধু আদি নামেৰেও জনা যায়।[2] ইংৰাজীত ইয়াৰ সাধাৰণ নামসমূহ হৈছে কালাণ্ট্ৰ (culantro), ৰিকাও (recao), স্বেডৌ ৱেনি (shadow beni), মেক্সিকান কৰিয়েণ্ডাৰ (Mexican coriander), ভানধনিয়া (bhandhania), সং কৰিয়েণ্ডাৰ (long coriander), ছাওটুথ কৰিয়েণ্ডাৰ (sawtooth coriander), আৰু ঙ গাই (ngò gai)।[3][4] ই মেক্সিকো, কেৰিবিয়ান, মধ্য আৰু দক্ষিণ আমেৰিকাৰ থলুৱা উদ্ভিদ, কিন্তু সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়। শীতোষ্ণ জলবায়ুত কেতিয়াবা ইয়াক এক-বৰ্ষজীৱী হিচাপে গজা দেখা যায়। ইয়াৰ গোন্ধ ধনিয়া শাকৰ দৰে। ইয়াৰ পাত দীঘল আৰু কাঁইট থকা।[2]
যুক্তৰাষ্ট্ৰত, সাধাৰণ নাম culantro-ক কেতিয়াবা cilantro বুলি ভুল কৰা হয়, cilantro নামটোৱে Coriandrum sativum-ক বুজায়।[5]
মান ধনিয়া পৃথিৱীৰ বহু অঞ্চলত বিশেষকৈ কেৰিবিয়ানৰ কিউবা, ডমিনিকান প্ৰজাতন্ত্ৰ, পুযাৰ্টো ৰিকো, ত্ৰিনিদাদ আৰু টোবাগো, পানামা, গিয়ানা, ছুৰিনাম আৰু ইকুয়েডৰ আৰু পেৰুৰ আমাজন অঞ্চলত খাদ্যৰ উপকৰণ ব্যৱহাৰ কৰা হয়। ই কম্বোডিয়া, থাইলেণ্ড, ভাৰত, ভিয়েটনাম, লাওচ, ম্যানমাৰ আৰু এছিয়াৰ অন্যান্য অঞ্চলত ই ন্ধন-প্ৰকৰণত পাত-শাক হিচাপে ব্যাপকভাবে ব্যবহাৰ কৰা হয়।[6] ই ভালদৰে শুকাই, শুকোৱাৰ পিছতো ইয়াৰ ৰঙ আৰু গন্ধ অটুত থাকে, সেয়ে শুকান ভেষজ উদ্যোগৰ বাবে ই অতি মূল্যবান। ই কেতিয়াবা কেতিয়াবা ধনিয়াৰ বিকল্প হিচাপে ব্যবহৃত হয় যদিও ইয়াৰ স্বাদ কিছু বেছি।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডা, জৰ্জিয়া, হাৱাই, পুয়েৰ্টো ৰিকো আৰু ভাৰ্জিন দ্বীপপুঞ্জত মান ধনিয়া প্ৰাকৃতিকভাবে গজে।[7]
গ্ৰীষ্মমণ্ডলীয় অঞ্চলসমূহত মান ধনিয়া পোৰা, কানৰ বিষ, জ্বৰ, উচ্চ-তেজচাপ, কোষ্ঠকাঠিন্য, হাঁপানি, পেটৰ কৃমি, বন্ধ্যাত্বৰ জটিলতা, সাপে খোঁটা, ডাযাৰিয়া আৰু মেলৰিয়াৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।[8] মান ধনিয়াত ইৰিঙ্গিয়েল (Eryngial) নামৰ এবিধ ৰাসায়নিক যৌগ পোৱা যায়।[9]