ভূ-পৃষ্ঠ বা ইয়াৰ যিকোনো অংশৰ উপাদানসমূহৰ বিতৰণ দেখুৱাবলৈ সমতল ক্ষেত্ৰত প্ৰয়োজনীয় জোখ-মাখ কৰি যি চিত্ৰ প্ৰস্তুত কৰা হয় তাকে মানচিত্ৰ বোলা হয়। মানচিত্ৰ এখন প্ৰকৃততে এখন ঠাইৰ নিৰ্বাচিত উপাদানসমূহৰ চিহ্নিত প্ৰকাশ।[1]
সাধাৰণতে মানচিত্ৰ এখনত ভূপৃষ্ঠৰ বিভিন্ন উপাদানসমূহ চিনাক্ত কৰি তাৰ সঠিক অৱস্থান আৰু গুণাগুণ দেখুওৱা হয়। এনে উপাদনসমূহক প্ৰকৃততে বিন্দু, ৰেখা আৰু ক্ষেত্ৰৰ জৰিয়তে উপস্থাপন কৰা হয়। কিন্তু ভূপৃষ্ঠৰ বহুতো উপাদানেই একো একোটা বিন্দু, ৰেখা আৰু ক্ষেত্ৰ সদৃশ বাবে সেইবোৰক সেইবোৰক মানচিত্ৰত উপস্থাপন কৰোঁতে বেলেগ বেলেগ বিশেষ চিন ব্যৱহাৰ কৰা হয়। ইয়াৰোৰি বাস্তৱক্ষেত্ৰ বিশাল পৃথিৱীৰ উপৰিভাগত থকা উপাদানসমূহৰ বিতৰণ অতি জটিল। সেয়েহে প্ৰয়োজন অনুসৰি সৰলীকৰণ পদ্ধতিৰ জৰিয়তে মানচিত্ৰ অংকন কৰা হয়।
অংকন পদ্ধতি, বিষয়বস্তু উদ্দেশ্য আৰু স্কেলৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰ কেইবা প্ৰকাৰৰ হ'ব পাৰে। অংকন পদ্ধতি হিচাবে পৃথিৱীৰ যিকোনো অংশৰ ভূ-অৱয়বৰ উচ্চতৰাৰ তাৰতম্য দেখুৱাই প্ৰস্তুত কৰা মানিত্ৰক উচ্চতা ভিত্তিক মানচিত্ৰ (Hypsometric map)[2] আৰু বিভিন্ন উপাদানসমূহৰ আনুভূমিক বিতৰণ দেখুৱাবলৈ অংকন কৰা মানচিত্ৰক সমতলভিত্তিক মানচিত্ৰ (Planimetric map) বোলা হয়।[3] আনহাতে উপস্থাপন কৰা বিষয়বস্তুৰ ভিত্তিত মানচিত্ৰসমূহক প্ৰাকৃতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰ ভূ-তাত্বিক মানচিত্ৰ হিচাবে বিভক্ত কৰিব পাৰি। মানচিত্ৰৰ উদ্দেশ্য আৰু উপস্থাপন ৰা তথ্যৰ ভিত্তিত তিনি প্ৰকাৰৰ মানচিত্ৰ মানচিত্ৰ তৈয়াৰ কৰা হয়- সাধাৰণ মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ আৰু বিশেষ মানচিত্ৰ। যি মানচিত্ৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োবিধ উপাদান দেখুওৱা হয় তাক সাধাৰণ মানচিত্ৰ (General purpose map) বোলে। কিছুমান মানচিত্ৰত প্ৰয়োজন অনুসৰি এটা বা দুটা উপাদান, যেনে-জনসংখ্যা বিতৰণ, যাতায়ত ব্যৱস্থা, জলবায়ু আদি দেখুওৱা হয়। এনে মানচিত্ৰক বিষয়ভিত্তিক মানচিত্ৰ (Thematic map) বোলা হয়। কিছুমান বিশেয বিষয়, যেনে-শিশু, অন্ধলোক বা ন-শিকাৰুৰ বাবে কিছুমান মানচিত্ৰ বিশেষ ধৰণেৰে প্ৰস্তুত কৰা হয়। এনেবোৰ মানচিত্ৰক বিশেষ শ্ৰেণীৰ মানচিত্ৰ (Special purpose map)ৰ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি স্কেলৰ ওপৰত ভিত্তি কৰি তিনি ভাগত ভগাব পাৰি -
মানচিত্ৰ অংকনত স্কেল অপৰিহাৰ্য। মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ স্কেল(Scale) বা মাপনী। মানচিত্ৰ অংকনত ব্যৱহাৰ কৰা স্কেল বা মাপনী তিনি ধৰণে প্ৰকাশ কৰা হয়- ভাষাৰে, নিৰূপক ভগ্নাংশৰে আৰু ৰেখাৰে।
মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাইদুখনৰ মাজৰ প্ৰকৃত দূৰত্বক যেতিয়া ভাষাৰে প্ৰকা শ কৰা হয় তাক ভাষা বা উক্তিৰ মাপনী (Scale in Statement) বোলা হয়। অৰ্থাৎ মানচিত্ৰ এখনৰ স্কেল ১ চেণ্টিমিটাৰ = ২ কিল'মিটাৰ হ'লে মানচিত্ৰৰ ১ চেণ্টিমিটাৰ দূৰত্বই ভূ-পৃষ্ঠৰ ২ কিল'মিটাৰ দূৰত্ব বুজাব।
মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূ-পৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ প্ৰকৃত দূৰত্বৰ অনুপাতক এক বিশেষ ভগ্নাংশৰ সহায়ত প্ৰকাশ কৰা মাপনীক নিৰূপক ভগ্নাংশৰ মাপনী (Scale in Representative Fraction) বোলা হয়। ইয়াক ১:১০০০ বা ১/১০০০ হিচাবে প্ৰকাশ কৰা হয়। ইয়াত ভগ্নাংশটোৰ লব ১ এ মানচিত্ৰৰ এক একক দূৰত্ব বুজাইছে আৰু হৰ ১০০০ এ ভূ-পৃষ্ঠৰ আচল দূৰত্ব অৰ্থাৎ ১০০০ একক বুজাইছে। এই মাপনীত লব আৰু হৰ উভয়তে কোনো দূৰত্বৰ একক (চেণ্টিমিটাৰ, কিল'মিটাৰ, মিটাৰ, ইঞ্চি আদি) ব্যৱহাৰ কৰা নহয়।
মানচিত্ৰ আৰু ভূ-পৃষ্ঠৰ দূৰত্বৰ অনুপাতক যেতিয়া এডাল ৰেখাৰ সহায়ত প্ৰকাশ কৰা হয় তাক ৰৈখিক মাপনী বা লেখ মাপনী (Linear scale or Graphical scale) বোলা হয়। যদি মানচিত্ৰ এখনৰ ভাষাৰ মাপনী ১ চেণ্টিমিটাৰ = ১০ কিল'মিটাৰ হয়, তেন্তে ৫ চেণ্টিমিটাৰ দৈঘ্যৰ এডাল সৰলৰেখাই ভূ-পৃষ্ঠৰ ৫০ কিল'মিটাৰ বুজাব।[4][5]
ৱিকিমিডিয়া কমন্সত Maps সম্পৰ্কীয় মিডিয়া ফাইল আছে। |