Standard Chinese | |
---|---|
普通話 / 普通话 Pǔtōnghuà 國語 / 国语 Guóyǔ 華語 / 华语 Huáyǔ | |
থলুৱা অঞ্চল | China, Taiwan, Singapore |
স্থানীয় ভাষিক |
(has begun acquiring native speakers, cited 1988)[1] L2 speakers: c. 10% in China (2014)[2][3] |
ভাষা পৰিয়াল |
Sino-Tibetan
|
পূৰ্বসূৰী |
|
লিখন প্ৰণালী | Traditional Chinese Simplified Chinese Mainland Chinese Braille Taiwanese Braille Two-Cell Chinese Braille |
সংকেতিক ৰূপ |
Wenfa Shouyu[4] |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
![]()
![]() |
নিয়মাধীন হয় |
![]() ![]() ![]() ![]() |
ভাষা সংকেত | |
ISO 639-3 | – |
ISO 639-6 | goyu (Guoyu) |
গ্লোটোলগ | নাই |
মান্য চীনা ভাষা | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
পৰম্পৰাগত চীনা লিপি | 普通話 | ||||||||||||
সৰলীকৃত চীনা লিপি | 普通话 | ||||||||||||
আক্ষৰিক অৰ্থ | Common speech | ||||||||||||
| |||||||||||||
Taiwan | |||||||||||||
পৰম্পৰাগত চীনা লিপি | 國語 | ||||||||||||
সৰলীকৃত চীনা লিপি | 国语 | ||||||||||||
আক্ষৰিক অৰ্থ | National language | ||||||||||||
| |||||||||||||
Malaysia, Singapore, and Philippines | |||||||||||||
পৰম্পৰাগত চীনা লিপি | 華語 | ||||||||||||
সৰলীকৃত চীনা লিপি | 华语 | ||||||||||||
আক্ষৰিক অৰ্থ | Chinese language | ||||||||||||
|
মান্য চীনা ভাষা বা মাণ্ডাৰিন বা পুটংঘুৱা বা গুৱয়ু চীন আৰু টাইৱানৰ একমাত্ৰ আনুষ্ঠানিক ভাষা আৰু চিংগাপুৰৰ চাৰিটা আনুষ্ঠানিক ভাষাৰ অন্যতম। এই ভাষাৰ উচ্চাৰণ চীনা ভাষাৰ বেইজিং উপভাষাৰ ওপৰত আধাৰিত, শব্দাৱলী উত্তৰ চীনৰ বিভিন্ন চীনা উপভাষাৰ পৰা গ্ৰহণ কৰা আৰু ব্যাকৰণ বিংশ শতিকাৰ আধুনিক চীনা সাহিত্যৰ পৰা গ্ৰহণ কৰা, যিয়ে পূৰ্বৰ শাস্ত্ৰীয় চীনা ভাষাৰ স্থান গ্ৰহণ কৰিলে।
অন্য চীনা ভাষীয় প্ৰকাৰসমূহৰ দৰেই মান্য চীনা ভাষাও এটা 'সুৰীয়া ভাষা'। দক্ষিণৰ প্ৰকাৰসমূহতকৈ মান্য চীনা ভাষাত কম স্বৰধ্বনি, আৰু অন্তিম ব্যঞ্জনধ্বনি আছে, পিচে অধিক আৰম্ভণিৰ স্বৰধ্বনি আছে। অন্য চীনা ভাষাৰ প্ৰকাৰসমূহৰ দৰেই এই ভাষাও এটি বিষয়-ভিত্তিক ভাষা, ইয়াৰ ক্ৰম বিষয়-ক্ৰিয়া-বস্তু।
এই ভাষা সৰল চীনা লিপি, পৰম্পৰাগত চীনা লিপি আৰু বিশেষ কাৰণত হান্যু পিন্যিন ৰোমানিকৃত লিপিত লিখা হয়।
চীনা ভাষাত মান্য প্ৰকাৰটোক তলত উল্লেখিত নামেৰে জনা যায়:
ইংৰাজীত এই ভাষাক সূচাবলৈ চীনা আৰু হংকং চৰকাৰে পুটংঘুৱা,[7][8] পুটংঘুৱা চাইনিজ,[9] আৰু মাণ্ডাৰিন[10][11][12] while those of Taiwan,[13][14] Singapore,[15][16] ব্যৱহাৰ কৰে। মালেইছিয়া চৰকাৰে এই ভাষাৰ বাবে মাণ্ডাৰিন ব্যৱহাৰ কৰে।[17]
আগতে অনা-হান চীনা শাসকসকলে এই ভাষা বুজাবলৈ গুৱয়ু ব্যৱহাৰ কৰিছিল। পিচে ১৯০৯ চনত চিং ৰাজকীয় শিক্ষা মন্ত্ৰণালয়ে এই ভাষাক বুজাবলৈ আনুষ্ঠানিকভাৱএ গুৱয়ু শব্দ ব্যৱহাৰ কৰিলে আৰু এই ভাষাক নতুন ৰাষ্ট্ৰীয় ভাষা ঘোষণা কৰিলে।[18] পুটংঘুৱা নামৰ ব্যৱহাৰো অনানুষ্ঠানিকভাৱে পুৰণি। ১৯০৬ চনতেই ঝু ৱেংঝিয়ঙে এই নামৰ ব্যহাৰ কৰিছিল, আধুনিক চীনা ভাষাক অন্য চীনা প্ৰকাৰৰ পৰা বেলেগ কৰিবলৈ।
বিংশ শতিকাৰ কোনো কোনো ভাষাবিদৰ বাবে পুটংঘুৱা বা 'সাধাৰণ ভাষা' আছিল গুৱয়ু বা 'ৰাষ্ট্ৰীয় ভাষা'ৰ পৰা পৃথক। আগৰটো ৰাষ্ট্ৰীয় সন্মানীয় প্ৰকাৰ, আৰু পিছৰটো আইনী মান। সেই সময়ৰ সাধাৰণ ধাৰণাৰ মতে দুয়োটা ভাষা আছিল 'বেলেগ'। গুৱয়ুক শাস্ত্ৰীয় চীনা ভাষাৰ ওচৰৰ এটি ভাষা বুলি গণ্য কৰা হৈছিল, আৰয় পুটংঘুৱাক "আধিনিক যুগৰ মানুহৰ সাধাৰণ ভাষা", যাক ৰাইজে ৰাষ্ট্ৰীয় কথিত ভাষাৰ ৰূপত স্বীকাৰ কৰিছিল। পুটংঘুৱা শব্দ বাওঁপন্থী নেতা যেনে চু চিউবাই আৰু লু চুনেও ব্যৱহাৰ কৰিছিল ,সেয়ে ১৯৫৬ নত গণপ্ৰজাতন্ত্ৰী চীনৰ চৰকাৰে এই শব্দক মাণ্ডাৰিন ভাষা বুজাবলৈ স্বীকাৰ কৰিলা। তাৰ পূৰ্বে চৰকাৰে দুয়োটা শব্দ সলনা-সলনি কৰি ব্যৱহাৰ কৰিছিলে।[19]