![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
মানৱ উপস্থ | |
---|---|
সবিশেষ | |
ধমনী | লিংগৰ পৃষ্ঠীয় ধমনী, লিংগৰ গভীৰ ধমনী, মূত্ৰনলীৰ বাল্বৰ ধমনী |
সিৰা | লিংগৰ পৃষ্ঠীয় শিৰা |
স্নায়ু | লিংগৰ পৃষ্ঠীয় স্নায়ু |
চিনাক্তকাৰক | |
MeSH | D010413 |
TA98 | A09.4.01.001 |
TA2 | 3662 |
FMA | 9707 |
দেহতাত্ত্বিক পৰিভাষা |
মানৱ উপস্থ (ইংৰাজী: Human penis) বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ (Intromittent organ), মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়। উপস্থৰ মূল অংশকেইটা হ'ল আন্তঃ ভাগ (radix), গা ভাগ (corpus) আৰু আৱৰণী কলা (epithelium) যিহেৰে উপস্থৰ দাণ্ডি (shaft) অংশৰ ছাল আৰু উপস্থৰ সন্মুখ অংশ ঢাক খাই থকা ছাল (foreskin)-ৰ গঠন হয়। উপস্থৰ গা ভাগ তিনি তৰপীয়া কলাৰে নিৰ্মিত, ওপৰৰ ফালে দুই তৰপ corpora cavernosa আৰু দুয়োৰ মাজত তলৰ ফালে corpus spongiosum কলা দেখা যায়। মানৱ উপস্থত লিংগাস্থি (Baculum) নাথাকে, কিন্তু অন্যান্য প্ৰায় সকলো স্তনপায়ী প্ৰাণী আৰু সকলো বন-মানুহৰ উপস্থত এডাল অস্থি বা হাড় থাকে যি ইয়াক স্থায়ী ভাবে কঠিন কৰি ৰাখে।[1] পুৰুষৰ ইউৰেথ্ৰা উপস্থৰ মাজেৰে গৈ প্ৰ'ষ্টেত গ্ৰন্থিত বীৰ্যনলীৰ লগতো সংযুক্ত হয় ফলত উপস্থৰ ভিতৰেদি থকা মূত্ৰনলীয়েদি প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা প্ৰবাহিত হয়। উপস্থৰ শেষাংশত মূত্ৰনলীৰ খোলা বিন্ধাটোক ম্যেতেচ (meatus) বুলি কোৱা হয় যিহেৰে প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা শৰীৰৰ পৰা বাহিৰ হয়।
উপস্থৰ আধাৰ অংশত মূত্ৰনলীৰ লগত কৌপাৰ গ্ৰন্থিদ্বয়ৰ (Bulbourethral gland) পৰা অহা নলীৰো সংযোজন হয় যি নলীৰে যৌন উত্তেজনাৰ সময়ত ক্ষাৰকীয় শ্লেষ্মাৰ প্ৰাক-ক্ষৰণ ঘটে। এই কাৰ্যই মূল মূত্ৰনলীদালৰ ভিতৰ অংশ মসৃণ কৰে আৰু লগতে তাত থাকিব পৰা অৱশিষ্ট আম্লিক প্ৰস্ৰাৱক[2] প্ৰশমিত কৰি নলীদাল পৰিষ্কাৰ কৰে যাতে তেনে প্ৰস্ৰাৱে মূল-স্খলনৰ সময়ত ওলাই অহা শুক্ৰাণু (Sperm) সমূহক নষ্ট কৰিব নোৱাৰে।[3]
উপস্থৰ গঠন বিভিন্ন সিৰা-উপশিৰা আদিৰে গঠিত।
লিংগ স্তম্ভন বা লিংগৰ উত্থান বা লিংগ স্ফীতি হৈছে এক শাৰীৰিক পৰিঘটনা য'ত লিংগ দৃঢ়, কঠিন আৰু আকাৰত ডাঙৰ হৈ পৰে। লিংগৰ উত্থন এক মানসিক আৰু শাৰীৰিক অন্তঃস্ৰাৱী কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ ফল, আৰু প্ৰায়ে যৌন প্ৰৰোচন বা যৌন আকৰ্ষণৰ সৈতে সম্পৰ্কিত হয়, যদিও লিংগৰ উত্থান স্বতঃস্ফূৰ্ত হ'ব পাৰে। যেনে ৰাতি শুই থকাৰ সময়ত কেইবাবাৰো আপোনা-আপুনিকৈ লিংগৰ উত্থান ঘটে। যৌন প্ৰৰোচনৰ ফলত লিংগলৈ প্ৰৱাহিত হোৱা ৰক্তৰ বাবে লিংগৰ আকাৰ দৈঘ্য বাঢ়ি যায়। টোপনিৰ সময়ত বা পুৱা শুই উঠাৰ সময়ত লিঙ্গটো কঠিন হৈ পৰিব পাৰে ইয়াক এনপিটি (Nocturnal penile tumescence) বুলি কোৱা হয়।[4]
প্ৰত্যেক মানুহৰ ক্ষেত্ৰত স্তম্ভিত লিংগৰ আকৃতি, কোণ আৰু দিশ ইত্যাদি ভিন্ন ভিন্ন হ'ব পাৰে। লিংগৰ আকাৰ উত্থানৰ সময়ত দুগুণ বা তিনি গুন বৃদ্ধি হ'ব পাৰে। শিথিল লিংগৰ দৈৰ্ঘ্যৰ পৰা এইটো অনুমান কৰিব পৰা নাযায় যে কঠিন অৱস্থাত ইয়াৰ প্ৰকৃত দৈঘ্য কিমান হ'ব পাৰে। কিছুমান সৰু শিথিল লিংগ কঠিন অৱস্থাত বহু দীঘল হয়, আনহাতে কিছুমান দীঘল শিথিল লিংগ তুলনামূলকভাৱে কম বিকশিত হয়। [5]
সংস্কৃতিত লিংগ সম্পৰ্কীয় ধাৰণা ভিন্ন। হাও-শপনিৰ পৰা লিংগ পূজালৈকে বিভিন্ন ক্ৰিয়াকাণ্ডত লিংগৰ উল্লখ পোৱা যায়।[6]