মামাং দাই | |
---|---|
জন্ম | ২৩ ফেব্ৰুৱাৰী, ১৯৫৭ (৬৭ বছৰ) পাছিঘাট, পূব ছিয়াং জিলা, অৰুণাচল প্ৰদেশ |
পেচা | কবি, ঔপন্যাসিক, সাংবাদিক |
ভাষা |
|
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা |
|
মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
১৯৫৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ পাছিঘাটত মামাং দাইৰ জন্ম হয়। তেওঁৰ পিতৃ মতিন দাই আৰু মাতৃ অদি দাই। মামাং দাইৰ পৰিয়ালটো অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ অন্তৰ্গত। তেওঁ মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পাইন মাউন্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰে। পাছলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[1][2] ১৯৭৯ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত হয়। পিছত তেওঁ এই বৃত্তি এৰি সাংবাদিকতাৰ কামত মনোনিবেশ কৰে। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে নিৰ্বাচিত অৰুণাচল প্ৰদেশৰ প্ৰথম গৰাকী মহিলা আছিল।[3] সাংবাদিক হিচাপে কাম কৰাৰ সময়ত তেওঁ দ্যা টেলিগ্ৰাফ, হিন্দুস্থান টাইমচ আৰু দ্যা ছেণ্টিনেলৰ বাবে অবদান আগবঢ়ায়।তেওঁ ৰেডিঅ'ৰ জগতখনৰ লগতে টিভি এয়াৰ আৰু ইটানগৰ দূৰদৰ্শন কেন্দ্ৰটো কাম কৰিছিল।[4][5] তেওঁ ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ চমুকৈ 'WWF'ত পূৰ্ব হিমালয় জৈৱ বৈচিত্ৰ্য হটস্পট প্ৰগ্ৰেমত কাম কৰিছিল। তেওঁ ইটানগৰ প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান অৰুণাচল সাংবাদিক সংগঠনৰ সভাপতি।[2] ২০১১ চনত তেওঁ অৰুণাচল প্ৰদেশৰ পাবলিক চাৰ্ভিছ কমিচনৰ সদস্য ৰূপে নিযুক্ত হয়।
২০০৬ চনত তেওঁ তেওঁৰ প্ৰথম উপন্যাস দ্যা লেজেণ্ডচ অফ পেনচাম প্ৰকাশ কৰে, ইয়াৰ পিছত প্ৰকাশ পায় ষ্টুপিড কিউপিড (২০০৪) আৰু দ্যা ব্লেক হিল (২০১৪)। ৰিভাৰ পয়েমচ (২০০৪), দ্যা বাল্ম অফ টাইম (২০০৪), হেম্ব্ৰেলাইচ লুম (২০১৪) আৰু মিডচামাৰ চাৰভাইভেল লিৰিক্স(২০১৪) তেওঁৰ কবিতা সংগ্ৰহ। দ্যা বাল্ম অফ টাইম কিতাপখন অসমীয়ালৈ অনুদিত হৈছে।[1] দ্যা স্কাই কুইন আৰু ৱাঞ্চ আপন এ মুনটাইম (২০০৩) তেওঁ দ্বাৰা ৰচিত লোককথাৰ চিত্ৰিত গ্ৰন্থ। তেওঁৰ অ-কাল্পনিক ৰচনাৱলীসমূহ হৈছে অৰুণাচল প্ৰদেশ: দ্যা হিডেন লেণ্ড (২০০৩) আৰু মাউণ্টেইন হাৰভেষ্ট: দ্যা ফুড অফ অৰুণাচল প্ৰদেশ (২০০৪)।
যেতিয়া তেওঁ লিখা আৰম্ভ কৰিছিল, প্ৰথমাৱস্থাত তেওঁ ৰোমান্টিক পদ আৰু গল্প লিখিছিল। পিছলৈ তেওঁ বাস্তৱ জীৱনক স্পষ্ট ৰূপত প্ৰকাশ কৰিবলৈ বাস্তৱ জগতখনৰ সৈতে ৰজিতা খুৱাই বিভিন্ন বিষয়ত লিখা আৰম্ভ কৰে। তেওঁ আওহতীয়া চহৰ আৰু গ্ৰামাঞ্চলত বসবাস কৰা তেওঁৰ ঘনিষ্ঠ সম্প্ৰদায়ৰ লোকসকলৰ ভাৱ অনুভূতিৰ প্ৰতিফলন কৰিব পৰাকৈ লিখিবলৈ লয়।[6] তেওঁ অধিষ্ঠিত কৰা পদসমূহৰ মাজত অৰুণাচল প্ৰদেশ লিটাৰেৰি চচাইটিৰ সাধাৰণ সম্পাদক, উত্তৰ-পূব লেখক ফোৰামৰ সদস্য আৰু সাহিত্য আৰু সংগীত নাটক অকাডেমিৰ সাধাৰণ পৰিষদৰ সদস্য পদ উল্লেখযোগ্য।[4]
২০১১ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে।[2][7] অৰুণাচল প্ৰদেশ চৰকাৰে ২০১৩ চনত অৰুণাচল প্ৰদেশ: দ্যা হিডেন লেণ্ড গ্ৰন্থৰ বাবে তেওঁক বাৰ্ষিক ভেৰিয়াৰ এলৱিন বঁটা প্ৰদান কৰে। তেওঁ ২০১৭ চনত দ্যা ব্লেক হিল উপন্যাসখনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[8][9]