মায়া সভ্যতা (ইংৰাজী: Maya civilization) মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত। মায়া সভ্যতা বৰ্তমানৰ দক্ষিণ-পূব মেক্সিকো, সমগ্ৰ গুৱাটেমালা তথা বেলিজ, হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম প্ৰান্তত বিকশিত হৈছিল। য়ুকাটান উপদ্বীপৰ উত্তৰ নিম্নভূমি আৰু চিয়েৰা মাদ্ৰেৰ উচ্চভূমি, মেক্সিকান ৰাজ্য চিয়াপাচ, দক্ষিণ গুৱাটেমালা, এল চালভাডৰ আৰু প্ৰশান্ত মহাসাগৰীয় উপকূলীয় সমভূমিৰ দক্ষিণ নিম্নভূমিও এই সভ্যতাৰ অন্তৰ্ভুক্ত আছিল। মায়া হৈছে এক আধুনিক শব্দ আৰু এই শব্দটো এই অঞ্চলত বসবাস কৰা বিভিন্ন লোকক সামূহিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সভ্যতাৰ আবাসীসকলে নিজকে "মায়া" বুলি পৰিচয় দিয়া নাছিল আৰু ই তেওঁলোকৰ সাধাৰণ বা ৰাজনৈতিক ঐক্যৰো পৰিচয় নাছিল।[1] বৰ্তমান সময়ত তেওঁলোকৰ উত্তৰ পুৰুষসকলক সামূহিকভাৱে মায়া বুলি জনা যায় আৰু তেওঁলোকৰ সংখ্যা ৬০ লাখতকৈও অধিক। তেওঁলোকে বৰ্তমান বৰ্তি থকা ২৮টাতকৈও অধিক মায়া ভাষা কয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে প্ৰায় একে ঠাইতে বাস কৰে।[2]
২০০০ খ্ৰীষ্টপূৰ্বৰ আগতে আদিম যুগৰ কৃষি আৰু প্ৰাচীনতম গাওঁসমূহৰ প্ৰথম বিকাশ দেখা গৈছিল। প্ৰাক-ধ্ৰুপদী কালত (খ্ৰীষ্টপূৰ্ব ২০০০ ৰ পৰা ২৫০ খ্ৰীষ্টাব্দ) মায়া অঞ্চলত জটিল সমাজসমূহৰ প্ৰথম সূচনা হৈছিল। ইয়াৰ লগতে এই কালছোৱাত মাকৈ, বীন, স্কোৱাছ আৰু জলকীয়া আদি মায়া খাদ্যাভ্যাসৰ মুখ্য শস্যসমূহৰ খেতি কৰা হৈছিল। প্ৰাথমিক মায়া চহৰসমূহ প্ৰায় ৭৫০ খ্ৰীষ্টপূৰ্বৰ আশে-পাশে বিকশিত হৈছিল আৰু ৫০০ খ্ৰীষ্টপূৰ্বলৈ এই চহৰসমূহত বৃহৎ মন্দিৰকে আদি কৰি স্মাৰক স্থাপত্যসমূহৰ স্থাপন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ ভিতৰত মায়া অঞ্চলত চিত্ৰলিপি বা হাইৰোগ্লিফিক লিখনি ব্যৱহাৰ কৰা হৈছিল। প্ৰাক-ধ্ৰুপদী কালৰ শেহৰ সময়ছোৱাত পেটেন অৱবাহিকাত বিকশিত হোৱা কেইবাখনো বৃহৎ চহৰ আৰু গুৱাটেমালাৰ উচ্চভূমিত কামিনালজুয়ু চহৰৰ গুৰুত্ব বৃদ্ধি পাইছিল। প্ৰায় ২৫০ খৃষ্টাব্দৰ পৰা আৰম্ভ হোৱা ধ্ৰুপদী কালত মায়াসকলে দীঘলীয়া তাৰিখৰ সৈতে ভাস্কৰ্য সম্বলিত স্মাৰক নিৰ্মাণ কৰিছিল। এই সময়ছোৱাত মায়া সভ্যতাই বাণিজ্যৰ এক জটিল আন্তঃজালৰ দ্বাৰা সংযুক্ত হৈ থকা বহুতো নগৰ-ৰাজ্য বিকশিত কৰা দেখা গৈছিল। মায়া নিম্নভূমিত দুই প্ৰতিদ্বন্দ্বী নগৰ টিকাল আৰু কালাকমুল শক্তিশালী হৈ উঠিছিল। ধ্ৰুপদী কালত মায়া ৰাজবংশীয় ৰাজনীতিত কেন্দ্ৰীয় মেক্সিকান নগৰ টিওটিহুয়াকানৰ হস্তক্ষেপো দেখা গৈছিল। নৱম শতিকাত কেন্দ্ৰীয় মায়া অঞ্চলত ব্যাপক ৰাজনৈতিক পট পৰিৱৰ্তন ঘটে আৰু ইয়াৰ ফলত অন্তৱৰ্তী যুদ্ধ, নগৰ পৰিত্যাগ আৰু উত্তৰদিশলৈ জনগণৰ প্ৰব্ৰজন হয়। উত্তৰ-ধ্ৰুপদী যুগত চিচেন ইটজাৰ নগৰৰ উত্থান হয় আৰু গুৱাটেমালাৰ উচ্চভূমিত আগ্ৰাসী কিচ্ছে ৰাজ্যৰ সম্প্ৰসাৰণ ঘটে। ষোড়শ শতিকাত স্পেনিছ সাম্ৰাজ্যই মেছো-আমেৰিকান অঞ্চলত উপনিবেশ স্থাপন কৰে আৰু এক দীৰ্ঘকালীন অভিযানৰ ফলত ১৬৯৭ চনত অন্তিমখন মায়া চহৰ নোজপেটেনৰ পতন ঘটে।
ধ্ৰুপদী কালত ঐশ্বৰিক ৰজাৰ ধাৰণাটোক কেন্দ্ৰ কৰি শাসনকাৰ্য চলিছিল। ৰজাক নশ্বৰ জগত আৰু দেৱলোকৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰা বুলি ভবা হৈছিল। ৰজাজন আছিল পিতৃ-বংশানুক্ৰমিক আৰু সাধাৰণতে জ্যেষ্ঠ পুত্ৰকে ক্ষমতা প্ৰদান কৰা হৈছিল। এজন সম্ভাৱ্য ৰজা সফল যুদ্ধ নেতাৰ লগতে এজন শাসক হ'ব বুলি আশা কৰা হৈছিল। মায়াৰ ৰাজনীতিত কেন্দ্ৰীভূত ক্ষমতা প্ৰণালীয়েই আছিল প্ৰভাৱশালী শক্তি। অৱশ্যে ই কেনেকৈ এখন ৰাজ্যৰ ৰাজনৈতিক গঠনক প্ৰভাৱিত কৰিছিল সেয়া ৰাজ্যভেদে ভিন্ন আছিল। ধ্ৰুপদী কালৰ শেষৰ ফালে অভিজাত শ্ৰেণীৰ আকাৰ বৃদ্ধি পাবলৈ লয় আৰু ইয়াৰ ফলত পূৰ্বতে থকা ৰজাৰ একচেটিয়া শক্তি হ্ৰাস পায়। মায়াসকলে কাঠ, জেড (একপ্ৰকাৰ মাৰ্বল), অবচিডিয়ান (আগ্নেয়শিলা), চিৰামিক, মূৰ্তিযুক্ত শিলৰ কীৰ্তিচিহ্ন, ষ্টাকো আৰু সূক্ষ্ম দেৱাল অংকনকে ধৰি পচনশীল আৰু অপচনশীল দুয়োবিধ সামগ্ৰী ব্যৱহাৰ কৰি অত্যাধুনিক কলাৰ ধৰণসমূহ বিকশিত কৰিছিল।
মায়া নগৰসমূহৰ জৈৱিকভাৱে সম্প্ৰসাৰিত হোৱাৰ প্ৰৱণতা আছিল। নগৰকেন্দ্ৰসমূহত আনুষ্ঠানিক আৰু প্ৰশাসনিক ভৱন আছিল। ইয়াৰ চাৰিওফালে অনিয়মীয়া আকৃতিত আৱাসিক জিলাসমূহে বিস্তাৰ লাভ কৰিছিল। এখন চহৰৰ বিভিন্ন অংশ সততে মথাউৰিসদৃশ ওখ পথেৰে সংযুক্ত আছিল। স্থাপত্যৰ দিশৰ পৰা চহৰৰ অট্টালিকাবোৰত প্ৰাসাদ, পিৰামিড-মন্দিৰ, আনুষ্ঠানিক ক্ৰীড়াস্থলী আৰু জ্যোতিৰ্বৈজ্ঞানিক পৰ্যৱেক্ষণৰ বাবে বিশেষভাৱে সংৰেখিত গাঁথনি অন্তৰ্ভুক্ত আছিল। মায়া অভিজাত লোকসকল সাক্ষৰ আছিল আৰু তেওঁলোকে চিত্ৰলিপি বা হাইৰোগ্লিফিক লিখনিৰ এক জটিল প্ৰণালী বিকশিত কৰিছিল। প্ৰাক-কলম্বিয়ান আমেৰিকাত আটাইতকৈ উন্নত লিখন প্ৰণালী তেওঁলোকৰেই আছিল। মায়াসকলে তেওঁলোকৰ ইতিহাস আৰু ৰীতি-নীতিৰ জ্ঞান লিপিবদ্ধ কৰিছিল। ইয়াৰে মাত্ৰ তিনিটাহে উদাহৰণ অক্ষত ৰূপত বাকী আছে। বাকীবোৰ স্পেনিছসকলে ধ্বংস কৰে। ইয়াৰ উপৰিও, ষ্টেলি আৰু চিৰামিকত মায়া লেখনিৰ বহুতো উদাহৰণ পোৱা যায়। মায়াই দিনপঞ্জীৰ এক অতি জটিল শৃংখলা বিকশিত কৰিছিল। তেওঁলোকে মানৱ ইতিহাসত শূন্যৰ এক স্পষ্ট আৰু এক প্ৰাচীনতম জ্ঞাত উদাহৰণ অন্তৰ্ভুক্ত থকা গণিত ব্যৱহাৰ কৰিছিল। নৰবলি তেওঁলোকৰ ধৰ্মৰ ভিতৰুৱা প্ৰথা আছিল।
মায়া সভ্যতাই দক্ষিণ-পূব মেক্সিকো আৰু উত্তৰ মধ্য আমেৰিকা সামৰি এক বিস্তৃত অঞ্চল দখল কৰিছিল। এই অঞ্চলটোত সমগ্ৰ য়ুকাটান উপদ্বীপ আৰু বৰ্তমানৰ গুৱাটেমালা আৰু বেলিজৰ আধুনিক দেশসমূহত অন্তৰ্ভুক্ত হোৱা সমগ্ৰ অঞ্চল, লগতে হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম অংশ অন্তৰ্ভুক্ত আছিল।[3] উপদ্বীপৰ অধিকাংশ কিছুসংখ্যক পাহাৰ বা পৰ্বত আৰু সাধাৰণতে নিম্ন উপকূলীয় অঞ্চলৰ সৈতে এক বিশাল সমভূমিৰ দ্বাৰা গঠিত।[4]
পেটেন অঞ্চলটো ঘন অৰণ্যযুক্ত আৰু ভূভাগত সোমাই থকা চূণশিলৰ সমভূমিৰে গঠিত।[5] পেটেনৰ কেন্দ্ৰীয় নিষ্কাশন অৱবাহিকাত চৈধ্যটা হ্ৰদৰ ধাৰা আছে।[6] দক্ষিণে গুৱাটেমালাৰ উচ্চভূমিৰ ফালে সমভূমিৰ উচ্চতা ক্ৰমাৎ বৃদ্ধি পায়। [7] উত্তৰ পেটেন আৰু বেলিজ, কুইণ্টানা ৰুৰ অধিকাংশ, দক্ষিণ কাম্পেচে আৰু য়ুকাটান ৰাজ্যৰ দক্ষিণৰ এটা অংশ ঘন অৰণ্যই আৱৰি আছে। উত্তৰ ফালে ঘন ঘাঁহনিৰে গঠিত নিম্ন অৰণ্য অঞ্চল।[8]
চকনুস্কোৰ উপকূল অঞ্চল চিয়েৰা মাদ্ৰে দে চিয়াপাছৰ দক্ষিণে অৱস্থিত।[9] ইয়াত এক ঠেক উপকূলীয় সমভূমি আৰু চিয়েৰা মাদ্ৰেৰ পাদদেশ অৱস্থিত।[10] মায়া উচ্চভূমি চিয়াপাচৰ পৰা গুৱাটেমালালৈ পূব দিশলৈ বিস্তৃত হৈ চিয়েৰা দে লছ কুচুমাটানেছত সৰ্বোচ্চ স্থানত উপনীত হয়। উচ্চভূমি অঞ্চলৰ প্ৰধান প্ৰাক-কলম্বিয়ান জনসংখ্যা কেন্দ্ৰবোৰ গুৱাটেমালা উপত্যকা আৰু কুৱেটজালটেনাংগো উপত্যকা আদি সৰ্ববৃহৎ উচ্চভূমি উপত্যকাত অৱস্থিত আছিল। দক্ষিণৰ উচ্চভূমিত প্ৰশান্ত মহাসাগৰীয় উপকূলৰ সমান্তৰালভাৱে এলানি আগ্নেয়গিৰি শৃংগ আছে। উচ্চভূমিসমূহ উত্তৰে ভেৰাপাজলৈ বিস্তৃত আৰু ক্ৰমাৎ পূবলৈ নামি অহা।[11]
মায়া সভ্যতাৰ ইতিহাসক তিনিটা প্ৰধান যুগত ভগোৱা হয়। এইকেইটা ক্ৰমে প্ৰাক-ধ্ৰুপদী, ধ্ৰুপদী আৰু উত্তৰ-ধ্ৰুপদী কাল।[12] পৌৰাণিক যুগৰ পিছতেই এই সময়ছোৱাৰ আৰম্বণি ঘটিছিল আৰু এই কালছোৱাত প্ৰাথমিক গাঁওসমূহ স্থাপন হোৱাৰ লগতে কৃষিকাৰ্যৰ উন্মেষ ঘইছিল।[13] আধুনিক কালৰ পণ্ডিতসকলে এই কালবিভাজনসমূহক সাংস্কৃতিক পৰিক্ৰমা বা পতনতকৈও মায়া সময়পঞ্জীৰ অনিয়মীয়া বিভাজন বুলিহে মত প্ৰকাশ কৰে।[14] একোটা কালবিভাজনৰ আৰম্ভণি আৰু শেষৰ তাৰিখৰ ক্ষেত্ৰত লেখকৰ ওপৰত নিৰ্ভৰ কৰি ১০০ বছৰলৈকে তাৰতম্য থাকিব পাৰে।[15]
কাল | বিভাজন | সময়সীমা | |
---|---|---|---|
পৌৰাণিক | খ্ৰীঃপূঃ ৮০০০–২০০০[17] | ||
প্ৰাক-ধ্ৰুপদী | প্ৰাৰম্ভিক প্ৰাক-ধ্ৰুপদী | খ্ৰীঃপূঃ ২০০০–১০০০ | |
মধ্য প্ৰাক-ধ্ৰুপদী | প্ৰাৰম্ভিক মধ্য প্ৰাক-ধ্ৰুপদী | খ্ৰীঃপূঃ ১০০০–৬০০ | |
শেষ মধ্য প্ৰাক ধ্ৰুপদী | খ্ৰীঃপূঃ ৬০০–৩৫০ | ||
শেষ প্ৰাক-ধ্ৰুপদী | প্ৰাৰম্ভিক শেষ প্ৰাক-ধ্ৰুপদী | খ্ৰীঃপূঃ ৩৫০–১ | |
শেষৰ শেষ প্ৰাক-ধ্ৰুপদী | খ্ৰীঃপূঃ ১ – ১৫৯ চন | ||
অন্তৱৰ্তীকালীন প্ৰাক-ধ্ৰুপদী | ১৫০–২৫০ চন | ||
ধ্ৰুপদী | প্ৰাথমিক ধ্ৰুপদী | ২৫০–৫৫০ | |
শেষ ধ্ৰুপদী | ৫৫০–৮৩০ চন | ||
অন্তৱৰ্তীকালীন ধ্ৰুপদী | ৮৩০–৯৫০ চন | ||
উত্তৰ-ধ্ৰুপদী | প্ৰাৰম্ভিক উত্তৰ-ধ্ৰুপদী | ৯৫০–১২০০ চন | |
শেষ উত্তৰ-ধ্ৰুপদী | ১২০০–১৫৩৯ চন | ||
সংযোগৰ কাল | ১৫১১–১৬৯৭ চন[18] |
প্ৰাৰম্ভিক প্ৰাক-ধ্ৰুপদী কালৰ পৰাই মায়া সমাজত অভিজাত আৰু সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত স্পষ্ট বিভাজন আছিল। সময়ৰ লগে লগে যেতিয়া জনসংখ্যা বাঢ়িবলৈ লয় তেতিয়া বিভিন্ন বিভাগসমূহ অধিক পৰিমাণে সুনিৰ্দিষ্ট হৈ পৰে আৰু ৰাজনৈতিক গাঁথনিটো অধিক জটিল হৈ পৰে।[19] ধ্ৰুপদী কালৰ শেষলৈ জনসংখ্যা অত্যধিক বৃদ্ধি পোৱাৰ লগতে শতাধিক নগৰ এক জটিল ৰাজনৈতিক গাঁথনিৰে সংযুক্ত হয় আৰু সমাজৰ চহকী লোকৰ শ্ৰেণীটোৱে বিশাল আকাৰ লাভ কৰে।[20] শিল্পকাৰ (কমাৰ, স্থপতিবিদ, কুমাৰ আদি), নিম্নবৰ্গৰ পুৰোহিত আৰু বিষয়া, বণিক আৰু সৈনিকসকলক লৈ সম্ভৱতঃ এক মধ্যবিত্ত শ্ৰেণীৰো বিকাশ ঘটে। সাধাৰণ শ্ৰেণীৰ লোকৰ ভিতৰত আছিল কৃষক, লগুৱা, বনুৱা আৰু দাসসকল।[21] খিলঞ্জীয়া বুৰঞ্জীবিদসকলৰ মতে সন্মানীয় পৰিয়াল বা বংশ একোটাই ভূমিসমূহ অধিকাৰ কৰিছিল। ভূমিৰ এই অধিকাৰ বংশানুক্ৰমিক আছিল আৰু আবাসিক চৌহদৰ ভিতৰতে মৃতকৰ সমাধি দিয়া কাৰ্যৰ দ্বাৰা এই অধিকাৰ পুনৰাই সাব্যস্ত কৰা হৈছিল।[22]
ধ্ৰুপদী কালৰ মায়া শাসনকাৰ্য ৰাজকীয় পৰম্পৰাৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু ধ্ৰুপদী মায়া শিল্পকলাৰ সকলো ক্ষেত্ৰতে ইয়াৰ চিত্ৰন পৰিস্ফুট হৈছে। ৰজাক অৰ্ধ-দৈৱিক সত্তাহিচাপে গণ্য কৰা হৈছিল। তেওঁ আছিল নশ্বৰ জগত আৰু দৈৱলোকৰ মধ্যস্থতাকাৰীস্বৰূপ। আদিম কালৰে পৰা ৰজাসকলক মায়াসকলৰ গোমধানৰ দেৱতাৰ সৈতে চিহ্নিত কৰা হৈছিল। এই দেৱতাৰ উপহাৰ গোমধান আছিল সমগ্ৰ মেছো-আমেৰিকান সভ্যতাৰ আধাৰ। ৰাজকীয় উত্তৰাধিকাৰ পুৰুষ বংশানুক্ৰমিক হিচাপে হৈছিল। অন্যথা ৰাজ্যৰ পতন হোৱাৰ আশংকা থাকিলেহে ৰাণীৰ হাতত ৰাজকীয় ক্ষমতা অৰ্পণ কৰা হৈছিল। জ্যেষ্ঠ পুত্ৰ ক্ষমতাৰ স্বাভাৱিক উত্তৰাসুৰী আছিল। কমবয়সীয়া ৰাজকোঁৱৰক 'চ'ক' আৰু ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীক 'বাহ চ'ক' বোলা হৈছিল। কমবয়সীয়া কোঁৱৰৰ ল'ৰালিকালটো বিভিন্ন লোকাচাৰৰে চিহ্নিত কৰা হৈছিল। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰীতি আছিল পাঁচ বা ছয় বছৰ বয়সৰ ৰক্তদিয়া অনুষ্ঠান। ৰাজপৰিয়ালৰ হোৱাৰ লগতে ৰজাৰ উত্তৰাধিকাৰীজন এজন সফল সেনানায়ক হোৱাটো প্ৰয়োজনীয় আছিল আৰু যুদ্ধবন্দী কৰায়ত্তকৰণৰ যোগেদি এই কথা সাব্যস্ত কৰা হৈছিল। নতুন ৰজাৰ ৰাজ্যাভিষেক এক বিস্তৃত কাৰ্যসূচী আছিল। জাগুৱাৰ ছালৰ কুচনত ৰাজ আসন গ্ৰহণ কৰা, নৰবলি দিয়া আৰু জেড পাথৰখচিত তথা কেটজেল চৰাইৰ পাখিৰে সজ্জিত শিৰোস্ত্ৰাণ, কাৱিল দেৱতাৰ চিহ্নযুক্ত ৰাজদণ্ড আদি ৰাজকীয় ক্ষমতাৰ চিহ্ন ধাৰণ কৰাটো এই কাৰ্যসূচীসমূহৰ অন্তৰ্গত আছিল।[24]
মায়াসকল আছিল ৰাজতন্ত্ৰৰ দ্বাৰা পৰিচালিত আৰু বিষয়াকেন্দ্ৰিক ব্যৱস্থাৰ আধিপত্য ইয়াত নাছিল। প্ৰশাসন আছিল বহুতৰপীয়া আৰু অভিজাত শ্ৰেণীৰ লোকসকলে বিষয়বাবসমূহৰ পৃষ্ঠপোষকতা কৰিছিল। বিষয়াসকলে নিজৰ জীৱনকালত পদোন্নতি লাভ কৰিছিল। তেওঁলোকক ওপৰত পৃষ্ঠপোষকসকলৰ মালিকীস্বত্ব থকা বুলি কোৱা হৈছিল আৰু এই সম্পৰ্কটো আনকি পৃষ্ঠপোষকগৰাকীৰ মৃত্যুৰ পিছতো অব্যাহত থাকিছিল।[25] মায়া ৰাজসভা এক ভব্য আৰু বহুমুখী ৰাজনৈতিক অনুষ্ঠান আছিল।[26] এই ৰাজসভাৰ কোনো নিৰ্দিষ্ট গঠন নাছিল। প্ৰতিজন শাসকে নিজৰ বিচাৰধাৰাৰে একোখন ৰাজসভা গঠন কৰিছিল।[27] ৰজা বা শাসনকৰ্তাক কোৱা হৈছিল অজাৱ।[28] অতিকৈ সম্ভ্ৰান্ত আৰু প্ৰাচীন ৰাজপৰিয়ালৰ ৰজাসকলক কুহুল অজাৱ বা দৈৱিক শাসক আখ্যা দিয়া হৈছিল।[29] ধ্ৰুপদী কালত আটাইতকৈ শক্তিশালী ৰাজ্যসমূহৰ ৰজাসকলে কেমোমটে (ওপৰৰ ৰজা বা উচ্চস্থানীয় ৰজা) উপাধি ব্যৱহাৰ কৰিছিল।[30] শেষ ধ্ৰুপদী কাললৈ কুহুল অজাৱসকলৰ ক্ষমতা হ্ৰাস পাইছিল আৰু ৰাজনৈতিক ব্যৱস্থাটোত অভিজাত শ্ৰেণীৰ অন্তৰ্ভুক্তি বিস্তাৰিত হৈ পৰিছিল।[31]
মায়াসকলৰ মাজত যুদ্ধ-বিগ্ৰহো হৈছিল। বাণিজ্য পথসমূহ আৰু সা-সম্পত্তি দখল, বন্দী সংগ্ৰহ,বশত্ৰু ৰাজ্য ধ্বংস কৰা আদি বিভিন্ন কাৰণত এই যুদ্ধসমূহ সংঘটিত হৈছিল। মায়া সামৰিক বাহিনী বা প্ৰশিক্ষণৰ বিষয়ে বিশেষ জনা নাযায়। ধ্ৰুপদী কালৰপৰাই মায়া কলাসমূহত যুদ্ধৰ চিত্ৰণ আৰু যুদ্ধজয়ৰ লেখনিসমূহ দেখা যায়।.[32]
বেহা-বেপাৰ আছিল মায়া সমাজ তথা মায়া সভ্যতাৰ বিকাশৰ চাবিকাঁঠী। যিসমূহ নগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ উঠিছিল সেই নগৰসমূহে সাধাৰণতে মুখ্য বণিজ সামগ্ৰী বা বন্দৰ পথসমূহ অধিকাৰ কৰিছিল। গুৱাটেমালা উচ্চভূমিৰ কামিনালজুয়ু আৰু কুমাৰকাজৰ লগতে এল ছালভাডোৰৰ কেলচুআপা আদি নগৰে মায়া ইতিহাসৰ বিভিন্ন সময়ত অবচিডিয়ান পাথৰৰ উৎসসমূহ নিজৰ দখলত ৰাখিছিল।[33] মায়াসকল কপাহৰ অন্যতম মুখ্য উৎপাদক আছিল আৰু এই কপাহ সমগ্ৰ মেছোআমেৰিকাতে বেহাবৰ বাবে প্ৰস্তুত কৰা কাপোৰ ববলৈ ব্যৱহাৰ কৰা হৈছিল।[34] উত্তৰ য়ুকাটান উপদ্বীপৰ সবাতোকৈ গুৰুত্বপূৰ্ণ নগৰসমূহে নিমখৰ উৎসসমূহৰ প্ৰৱেশপথ নিজৰ অধিকাৰত ৰাখিছিল।[33] উত্তৰ ধ্ৰুপদী যুগত বিস্তৃত মেছোআমেৰিকাৰ সৈতে মায়াসকলে দাস কিনা-বেচাতো লিপ্ত হৈছিল।[35]
মায়াসকলে নিজৰ এলেকাতে বেপাৰ-বাণিজ্য সীমাবদ্ধ নাৰাখি ইয়াক বৃহত্তৰ মেছোআমেৰিকা আৰু ইয়াৰ বাহিৰৰ ঠাইলৈয়ো সম্প্ৰসাৰিত কৰিছিল। আনকি মধ্য মেক্সিকোতো প্ৰাক ধ্ৰুপদী কালৰ মায়া বণিজ নিবাসৰ সূত্ৰ পোৱা গৈছে।[36] মায়া এলেকাৰ বাহিৰত থকা মেছোআমেৰিকাৰ ভিতৰুৱা অঞ্চলৰ বাণিজ্য পথসমূহ বিশেষকৈ মধ্য মেক্সিকো আৰু উপসাগৰীয় উপকূল অঞ্চলত কেন্দ্ৰীভূত আছিল। প্ৰাক ধ্ৰুপদী কালত চিনচেন ইট্জা আছিল এক গুৰুত্বপূৰ্ণ বাণিজ্য আন্তঃজালৰ প্ৰাণকেন্দ্ৰ। ইয়ালৈ কলম্বিয়া আৰু পানামাৰ পৰা সোণৰ পাট আৰু নিউ মেক্সিকোৰ পৰা নীলকান্তমণি (ইংৰাজী: turquoise) আমদানি কৰা হৈছিল। বিলাসী আৰু অত্যাৱশ্যকীয় দুয়োধৰণৰ সামগ্ৰীৰেই অধিক দূৰত্বৰ বণিজ সম্বৱতঃ ৰাজপৰিয়ালে নিয়ন্ত্ৰণ কৰিছিল। বেপাৰৰ জৰিয়তে আহৰণ কৰা মৰ্যাদাপূৰ্ণ সামগ্ৰীসমূহ নগৰপালিকাই ব্যৱহাৰ কৰাৰ লগতে সামন্ত অথবা মিত্ৰপক্ষক মিত্ৰতা তথা আনুগত্যৰ চিনস্বৰূপে উপহাৰ হিচাপে দিয়া হৈছিল।[33]
বাণিজ্য পথসমূহেৰে কেৱল সামগ্ৰীৰেই আহ-যাহ হোৱা নাছিল। ই আছিল মেছোআমেৰিকাজুৰি জনগণ আৰু চিন্তা-ধাৰণাৰ আদান-প্ৰদানৰ পথ [37] গুৰুত্বপূৰ্ণ নগৰসমূহৰ উত্থান আৰু পতনৰ সৈতে বাণিজ্য পথসমূহ সলনি হৈছিল।[33] স্পেনিছসমলৰ দিগ্বিজয়েও কাকাৱ, এনাটো, বেনিলা আদি ফল-শস্যৰ বেহা-বেপাৰ বন্ধ কৰিব পৰা নাছিল।[33][38]
মায়া কলা মূলতঃ ৰাজসভাৰ কলা। ই প্ৰায় একচেটিয়াভাৱে মায়া অভিজাত শ্ৰেণী আৰু তেওঁলোকৰ জগতখনৰ সৈতে জড়িত। মায়া কলা পচনশীল আৰু দীৰ্ধস্থায়ী দুয়োবিধ সামগ্ৰীৰ পৰাই তৈয়াৰ কৰা হৈছিল আৰু এইবিলাকে মায়াসকলক তেওঁলোকৰ পূৰ্বপুৰুষৰ সৈতে সংযোগ কৰিছিল। বৰ্তমানেও বৰ্ত্তি থকা মায়া কলাসমূহে মায়াই সৃষ্টি কৰা কলাৰ কেৱল এক ক্ষুদ্ৰ অংশকহে প্ৰতিনিধিত্ব কৰে যদিও ই আমেৰিকাৰ আন যিকোনো পৰম্পৰাৰ কলাসমূহৰ তুলনাত বিভিন্ন বিষয়ক প্ৰতিনিধিত্ব কৰে। [41] মায়া কলাৰ বহুতো আঞ্চলিক শৈলী আছে আৰু বৰ্ণনামূলক পাঠ বহন কৰাত প্ৰাচীন আমেৰিকাৰ ভিতৰত ই অনন্য।[42] বৰ্তমানেও বিদ্যমান মায়া কলাৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন শেষ ধ্ৰুপদী কালৰ।[43]
মায়াসকলে এক বিস্তৃত স্থাপত্যৰ নিদৰ্শন দাঙি ধৰিছিল। মায়া স্থাপত্যত বিভিন্ন কলাৰ লগতে চিত্ৰলৈখিক বা হাইৰোগ্লিফিক লেখাও অন্তৰ্ভুক্ত কৰা হৈছে। মায়াসকলৰ দ্বাৰা নিৰ্মিত স্থাপত্যসমূহে মায়া সমাজৰ কাৰুশিল্পৰ পাৰদৰ্শিতা, কেন্দ্ৰীভূত সংগঠন আৰু বৃহৎ কৰ্মশক্তি সংগ্ৰহ কৰাৰ ৰাজনৈতিক উপায়ৰ প্ৰমাণ দিয়ে। এটা ডাঙৰ অভিজাত বাসগৃহ নিৰ্মাণ কৰিবলৈ আনুমানিক ১০,৬৮৬ দিনৰ আৰু সাধাৰণ লোকৰ কুটিৰৰ বাবে ৬৭ দিনৰ প্ৰয়োজন হৈছিল বুলি অনুমান কৰা হৈছে।[44] লগতে এই কথা অনুমান কৰা হৈছে যে এক বৃহৎ বাসস্থান নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শ্ৰম বা বনুৱাৰ ৬৫% নিৰ্মাণকাৰ্যত ব্যৱহৃত শিলৰ খনন, পৰিবহণ আৰু চিকুণোৱা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল। চূণশিল আধাৰিত প্লাষ্টাৰৰ নিৰ্মাণ আৰু প্ৰয়োগৰ বাবে ২৪% বনুৱাৰ প্ৰয়োজন হৈছিল। মুঠৰ ওপৰত এজন সম্ভ্ৰান্ত লোকৰ বাবে বাসস্থান নিৰ্মাণ কৰিবলৈ ৮০ ৰ পৰা ১৩০জন পূৰ্ণকালীম শ্ৰমিক ব্যৱহাৰ কৰি আনুমানিক দুইৰ পৰা তিনি মাহৰ প্ৰয়োজন হৈছিল। ধ্ৰুপদী কালৰ এখন চহৰ টিকাল ২০ বৰ্গ কিলোমিটাৰ (৭.৭ বৰ্গ মাইল) জুৰি বিস্তৃত আছিল। ইয়াৰ নগৰ কেন্দ্ৰৰ পৰিসৰ আছিল ৬ বৰ্গ কিলোমিটাৰ (২.৩ বৰ্গ মাইল)। এনে এখন চহৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় শ্ৰম আছিল অপৰিসীম। মায়াসকলে নিৰ্মাণ কৰা আটাইতকৈ ডাঙৰ গাঁথনিবোৰ আছিল প্ৰাক-ধ্ৰুপদী কালৰ।[45]
২০০০ খ্ৰীষ্টপূৰ্বৰ আগলৈকে মায়াসকলৰ মাজত কেৱল এটাই ভাষা প্ৰচলিত আছিল। ভাষাতত্ত্ববিদসকলে ইয়াক প্ৰ'ট'-মায়া ভাষা নামেৰে নামকৰণ কৰিছে।[46] প্ৰ'ট'-মায়া শব্দ সম্ভাৰৰ বিশ্লেষণ কৰি এই কথাৰ সূত্ৰ পোৱা যায় যে প্ৰ'ট' মায়া আদিস্থান গুৱাটেমালাৰ উচ্চভূমি। অৱশ্যে এই কথাৰ নিৰ্ণায়ক প্ৰমাণ পোৱা হোৱা নাই।[47] প্ৰাক-ধ্ৰুপদী কালত প্ৰ'ট'-মায়াৰ বিস্তাৰ ঘটি হুৱাষ্টেকান, গ্ৰেটাৰ কিচিয়ান, গ্ৰেটাৰ কাঞ্জোবালান, মেমিয়ান, জেল্টালান-কোলান আৰু য়ুকাটেকানকে ধৰি এক ভাষাগোষ্ঠী গঠন কৰে।[3] প্ৰাক-কলম্বিয়ান কালত এই ভাষাগোষ্ঠীৰ অধিক প্ৰসাৰ ঘটি ৩০টাতকৈও অধিক ভাষাৰ সৃষ্টি হয় আৰু আধুনিক কাললৈকে এইসমূহ বৰ্তি থাকে।[48] ধ্ৰুপদী যুগৰ মায়া পাঠসমূহক ধ্ৰুপদী মায়া ভাষা কোলান বুলি চিহ্নিত কৰা হৈছে।[49] কামিনালজুয়ুত পোৱা প্ৰাক ধ্ৰুপদী কালৰ পাঠ্যৰ নমুনাসমূহৰো কোলানৰ সৈতে সম্পৰ্ক থকা যেন বোধ হয়।[50]
মায়া লেখনশৈলীক আমেৰিকান অঞ্চলৰ প্ৰাক-কলম্বিয়ান অধিবাসীসকলৰ অন্যতম মাইলৰ খুটি হিচাপে গণ্য কৰা হয়।[51] মেছোআমেৰিকাত বিকাশ লাভ কৰা এক ডজনতকৈও অধিক লেখনশৈলীৰ ভিতৰত ইয়েই আটাইতকৈ উন্নত আছিল।[52] ৩০০-২০০ খ্ৰীষ্টপূৰ্বতেই পেটেন অৱবাহিকাত মায়া লিপিৰ উপস্থিতিৰ প্ৰাচীনতম চিহ্ন পোৱা যায়।[53] অৱশ্যে এই লেখনশৈলীৰ পূৰ্বতে এপি-অলমেক বা জেপোটেকৰ দৰে ভিন্ন মেছোআমেৰিকান লেখনশৈলীৰো প্ৰচলন আছিল। গুৱাটেমালাৰ উপকূলীয় অঞ্চলত খ্ৰীষ্টিয় প্ৰথম শতিকাৰ শেষৰভাগলৈ বা দ্বিতীয় শতিকাৰ আৰম্ভণিতে মায়া লিপিৰ আৱিৰ্ভাব ঘটে।[54] ইথমিয়ান আৰু আদি মায়া লিপিৰ সাদৃশ্যলৈ লক্ষ্য কৰিলে উমান পাব পাৰি যে দুয়োবিধ লিপিয়ে সমসাময়িকভাৱে বিকাশ লাভ কৰিছিল।[55] ২৫০ চনলৈকে মায়া লিপিয়ে অধিক মান্য আৰু স্থৱিৰ ৰূপ পায়।[56]
![]() |
ৱিকিমিডিয়া কমন্সত মায়া সভ্যতা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |