![]() ২০১২ চনত মালেত আন্তৰ্জাতিক নাৰী দিৱসত অংশ লোৱা মালদ্বীপৰ নাৰী | |
সাধাৰণ পৰিসংখ্যা | |
---|---|
জননীৰ মৃত্যুৰ হাৰ (প্ৰতি ১ লাখত) | ৬০ (২০১০) |
সদনত নাৰী | ৬.৫% (২০১২) |
দ্বিতীয় পৰ্যায়ৰ শিক্ষাৰ সৈতে ২৫ বছৰৰ উৰ্দ্ধৰ নাৰী | ২০.৭% (২০১০) |
কৰ্মক্ষেত্ৰত নাৰী | ৫৫.৭% (২০১১) |
লিংগ অসমতাৰ সূচক[1] | |
মান | ০.৩৪৮ (২০২১) |
স্থান | ১৯১ ৰ ভিতৰত ৮৩ |
গোলকীয় লিংগ বৈষম্যৰ সূচক[2] | |
মান | ০.৬৪৮ (২০২২) |
স্থান | ১৪৬ৰ ভিতৰত ১১৭ |
মালদ্বীপত নাৰীৰ মৰ্যাদা পৰম্পৰাগতভাৱে মোটামুটি উচ্চ আছিল, যাৰ আংশিক প্ৰমাণ চাৰিখন চুলতানাৰ অস্তিত্বই দিয়ে।[3]
আজিকালি মালদ্বীপৰ সৰহসংখ্যক মহিলাই ওৰণি লয়,[4] আৰু এইটো যোৱা দুটা দশক ধৰি কৰা পৰ্যবেক্ষণৰ পৰা অনুভৱ হয়, সম্ভৱতঃ ধৰ্মীয় ৰক্ষণশীলতা বৃদ্ধিৰ প্ৰতিক্ৰিয়া হিচাপে এইটো ঘটিছে।[5] মালদ্বীপৰ সংবিধানত মহিলাসকলে মূৰ ঢাকি থাকিব লাগিব বুলি কোনো চৰকাৰী আইন নাই যদিও একবিংশ শতিকাৰ আৰম্ভণিৰ পৰাই মালদ্বীপৰ মহিলাসকলে সাধাৰণতে ৰাজহুৱা স্থানত হিজাব আৰু নিকাব পিন্ধি আহিছে।
দ্বাদশ শতিকাত মালদ্বীপ মুছলমান দেশ হয় যদিও মহিলাসকলে তেতিয়া ওৰণি লোৱা নাছিল; ১৩৩৭ চনত মুছলমান ভ্ৰমণকাৰী ইবন বটুতাই মালদ্বীপৰ মুছলমান মহিলাসকলে ওৰণি লোৱা নাছিল বুলি নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল[6] আৰু কেৱল তেওঁলোকে শৰীৰৰ তলৰ অৰ্ধেক অংশৰ উন্মুক্ত ৰাখি তাৰ ওপৰত স্কাৰ্ট (যাক ফেইলি বুলি কোৱা হয়) পিন্ধিছিল আৰু তেওঁলোকক গা ঢাকিবলৈ নিৰ্দেশ দিয়াতো তেওঁ কোনো সফলতা লাভ কৰা নাছিল।[7] ১৭ শতিকাত মহিলাসকলক জোৰকৈ ওৰণি ল’বলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাৰ বাহিৰেও ২০ শতিকালৈকে মালদ্বীপত ওৰণি লোৱাটো সচৰাচৰ নোহোৱা এক ঘটনা হৈয়েই আছিল।[8]
১৯৮০ চনৰ পৰা মালদ্বীপত ইছলামিক ৰক্ষণশীলতা বৃদ্ধিৰ বাবে মহিলাসকলে ওৰণি লোৱাটো অতি সাধাৰণ কথা হ’বলৈ আৰম্ভ কৰে আৰু একবিংশ শতিকাৰ আৰম্ভণিতে মহিলা আৰু ছোৱালীক সামাজিকভাবে ওৰণি লোৱাৰ বাবে ক্ৰমাৎ হেঁচা দিবলৈ লোৱা হয়, যাৰ ফলত ২০০৬ চনৰ ভিতৰত হিজাব আৰু ক’লা চোলা নাৰীৰ সাধাৰণ ৰাজহুৱা পৰিধানত পৰিণত হয়৷[9]
২০০৭ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা প্ৰতিবেদনত এটা ঘটনাৰ কথা উল্লেখ কৰা হৈছিল, য'ত এগৰাকী মহিলা ছাত্ৰীক মূৰটো কাপোৰেৰে আবৃত কৰাৰ বাবে স্কুলত পঢ়িবলৈ বাধা দিয়া হৈছিল; যি স্থানত চৰকাৰী কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰত ইয়াক নিৰ্বিচাৰে পিন্ধিছিল;[10][11] ইয়াৰ বিপৰীতে মহিলাসকলক ঘনিষ্ঠ আত্মীয়ই নিজকে ঢাকি ৰাখিবলৈ হেঁচা দিয়াৰ খবৰ পোৱা গৈছে;[12] আৰু মূৰ নিৰাভৰণ কৰি ৰখা মহিলাসকলক হাৰাশাস্তি কৰাৰ লগতে স্কুলীয়া ছোৱালীক তেওঁলোকৰ শিক্ষকে ওৰণি ল’বলৈ হেঁচা দিয়াৰ ঘটনাৰ খবৰ আছে।[13]
মহিলাসকলক কঠোৰভাৱে বাধা-নিষেধৰ দ্বাৰা আছুতীয়াকৈ ৰখা নহয় যদিও ৰাজহুৱা স্থানৰ কিছুমান অনুষ্ঠানত মহিলাসকলৰ বাবে বিশেষ শিতান সংৰক্ষিত কৰা হয়৷[3] কিন্তু যিসকল মহিলাই ওৰণি বা হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰে বা আঁতৰোৱাৰ সিদ্ধান্ত লয়, তেওঁলোক পৰিয়াল আৰু জনসাধাৰণৰ উভয় সদস্যৰ দ্বাৰা[14] সামাজিক অপবাদৰ সম্মুখীন হ’বলগীয়া হয়।[4]
মালদ্বীপত বহুবিবাহ বৈধ, কিন্তু অতি বিৰল। মালদ্বীপত দেহ ব্যৱসায় বা বেশ্যাবৃত্তি আৰু সমকামিতা অবৈধ। মহিলাসকলে বিয়াৰ পিছত স্বামীৰ নাম গ্ৰহণ নকৰে কিন্তু কুমাৰীকালৰ নাম বজাই ৰাখে।[3] সম্পত্তিৰ উত্তৰাধিকাৰ পুৰুষ আৰু মহিলা উভয়ে পায়।[3]
বিশ্বৰ ভিতৰতে বিবাহ বিচ্ছেদৰ হাৰ সৰ্বাধিক হোৱাৰ বাবে সাধাৰণতে মহিলাসকলে ঐতিহাসিকভাবে বিবাহ আৰু বিবাহ-বিচ্ছেদৰ অধিকাৰ লাভ কৰি আহিছে। বিবাহ-বিচ্ছেদ হোৱা পুৰুষ আৰু মহিলা উভয়েই কোনো অপবাদৰ সম্মুখীন নহয় আৰু ঐতিহাসিকভাৱে মহিলাসকলৰো বিবাহ-বিচ্ছেদ কাৰ্য আৰম্ভ কৰাৰ অধিকাৰ আছে৷
মালদ্বীপত মালদ্বীপ আৰু বিদেশী মহিলাৰ বাবে একেদৰেই মৌখিক আৰু শাৰীৰিক যৌন নিৰ্যাতন এক ডাঙৰ সমস্যা। মালদ্বীপৰ মুঠ ৯৬% মহিলাই জীৱনৰ কোনো এটা সময়ত ৰাজপথত হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি স্বীকাৰ কৰে, ৬০% মহিলাই ১৬ বছৰ বয়স হোৱাৰ আগতে হাৰাশাস্তিৰ সম্মুখীন হোৱা বুলি কয় আৰু ৪০% মহিলাই ১০ বছৰ বয়স হোৱাৰ আগতেই যৌন নিৰ্যাতনৰ সম্মুখীন হোৱা বুলি কয়।[15] বিশেষকৈ মালে' চহৰত সকলো বয়সৰ পুৰুষে কাটকলিং সাধাৰণ গ্ৰহণযোগ্য বুলি বিবেচনা কৰে। মহিলাক হাৰাশাস্তি কৰা লোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় আৰু যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ সংখ্যা ক্ৰমে বৃদ্ধি পাইছে।[16]
২০১৩ চনত ধৰ্ষণৰ বলি হোৱা ১৫ বছৰীয়া এগৰাকী কিশোৰীয়ে সেই “ব্যভিচাৰ’’ৰ বাবে ১০০টা বেত্ৰাঘাতৰ শাস্তি লাভ কৰিছিল। পিছত মালদ্বীপ উচ্চ ন্যায়ালয়ে আৱাজৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় অভিযানৰ আবেদনৰ ভিত্তিত এই শাস্তি বাতিল কৰে।[17] পুৰুষৰ তুলনাত অসমতাপূৰ্ণ সংখ্যক মহিলাই বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কৰ বাবে ৰাজহুৱাভাৱে বেত্ৰাঘাতৰ সম্মুখীন হয়; বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কৰ অভিযোগত অভিযুক্ত সৰহসংখ্যক পুৰুষক দোষমুক্ত কৰা হয়।[18]
মাধ্যমিক বিদ্যালয় পৰ্যন্ত মানদণ্ডৰ সৈতে নামভৰ্তি আৰু শিক্ষা সম্পূৰ্ণ কৰাটো পুৰুষৰ অনুপাতৰ সমান হৈয়েই আছে, শেহতীয়া বছৰবোৰত মহিলা শিক্ষাৰ্থীয়ে শৈক্ষিকভাৱে পুৰুষ শিক্ষাৰ্থীৰ ফলাফল অতিক্ৰম কৰিছে। কিন্তু গড়ে তেওঁলোকে কৰ্মক্ষেত্ৰত পুৰুষৰ দৰমহাৰ আধাতকৈও কম উপাৰ্জন কৰে,[19] সম্ভৱতঃ কেইটামান দশকৰ আগলৈ পুৰুষৰ উচ্চ শিক্ষাৰ ফলৰ পৰিণতি হিচাপে। কিন্তু উচ্চ শিক্ষা গ্ৰহণ কৰা মহিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে, যিয়ে পুৰুষক অতিক্ৰম কৰিবলৈ সাজু হৈছে, অদূৰ ভৱিষ্যতে ইয়াৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তন জন্মৰ হাৰতো ইতিবাচকভাৱে দেখা যায়, যিটোৱে বৰ্তমান মালদ্বীপত জন্মৰ হাৰ কম হোৱা দেখা গৈছে, কাৰণ হয়তো দীৰ্ঘদিনীয়া শিক্ষা আৰু সামাজিক নীতি-নিয়মৰ পৰিৱৰ্তন।
আজিৰ সমাজত কিছুমান মহিলাই চৰকাৰী আৰু ব্যৱসায়ৰ পদত অধিষ্ঠিত যদিও তেওঁলোকৰ প্ৰতিনিধিত্ব যথেষ্ট কম। ২০১৬ চনলৈকে ১৪ জন চৰকাৰী মন্ত্ৰীৰ ভিতৰত মাত্ৰ তিনিজন, ৮৫ জন সাংসদৰ ভিতৰত পাঁচজন আৰু ১৮০ জনতকৈ অধিক ন্যায়াধীশৰ ভিতৰত ছয়জনহে মহিলাৰ সংখ্যা আছিল। [20]অৱশ্যে অসামৰিক কৰ্মচাৰীৰ বিপুল সংখ্যক মহিলা কৰ্মচাৰী।