এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
মালিতা (ইংৰাজী: Ballad) পদ্যৰ এটা প্ৰকাৰ, প্ৰায়ে সাংগীতিক লয়যুক্ত একোটা আখ্যান। বেলাড মধ্যযুগীয় ফৰাচী chanson balladée বা ballade ৰ পৰা উদ্ভৱ হৈছে, যি মূলতঃ "নৃত্য গীত" বুজাইছিল। মধ্যযুগৰ শেষৰ ফালৰ পৰা ১৯ শতিকালৈকে ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ জনপ্ৰিয় কবিতা আৰু গীতৰ বিশেষ বৈশিষ্ট্য আছিল বেলাড। সমগ্ৰ ইউৰোপতে, আৰু পিছলৈ অষ্ট্ৰেলিয়া, উত্তৰ আফ্ৰিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাত ইয়াৰ বহুল ব্যৱহাৰ হৈছিল।
মালিতাৰ কোনো নিৰ্দিষ্ট গঠন নাথাকে আৰু ইয়াৰ শাৰী আৰু স্তৱকৰ সংখ্যা ভিন্ন হ'ব পাৰে। বহুতো বেলাডত কখগখ বা কখকখ ছন্দসজ্জাৰ সৈতে দ্বিতীয় আৰু চতুৰ্থ শাৰীৰ ছন্দৱদ্ধতাই হ’ল মূল কথা। জনপ্ৰিয় ধাৰণা এটাৰ বিপৰীতে বেলাডত হুবহু ১৩টা শাৰীৰ বেলাড থকাটো বিৰল। তদুপৰি বেলাড বা মালিতাত দুশাৰীৰ স্তৱক খুব কমেইহে দেখা যায়, যদিও “ভূঁইকঁপৰ গীত’’, “কপাহৰ জুনা’’ আদি অসমীয়া মালিতাত চৌধ্য অক্ষৰবিশিষ্ট দুই শাৰীৰ স্তৱক দেখা যায়৷[1]
এসময়ত বহুতো বেলাড লিখি এক পৃষ্ঠাৰ প্ৰহসন হিচাপে বিক্ৰী কৰা হৈছিল। ১৮ শতিকাৰ পৰা কবি আৰু সুৰকাৰসকলে প্ৰায়ে এই ৰূপটো ব্যৱহাৰ কৰি সাংগীতিক বেলাড প্ৰস্তুত কৰিছিল। ১৯ শতিকাৰ শেষৰ ফালে এই শব্দটোৱে জনপ্ৰিয় প্ৰেম-গীতৰ লেহেমীয়া ৰূপ গ্ৰহণ কৰে আৰু প্ৰায়ে যিকোনো প্ৰেম-গীতৰ বাবে ব্যৱহাৰ কৰিবলৈ লয়, বিশেষকৈ পপ বা ৰক সংগীতত আৱেগিক বেলেডক গ্ৰহণ কৰা হয়। বেলাড শব্দটো শৈলীগত কাহিনী গীত বা কবিতাৰ ধাৰণাটোৰ সৈতেও জড়িত, বিশেষকৈ যেতিয়া ছবিৰ দৰে অন্য মাধ্যমৰ বাবে শিৰোনাম হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।
মালিতা বা বেলেড হৈছে পদ্যৰ এটা প্ৰকাৰ, আৰু প্ৰায়ে সাংগীতিক লয়ৰ ওপৰত নিৰ্মিত আখ্যান। বেলাড মধ্যযুগীয় ফৰাচী chanson balladée বা ballade ৰ পৰা উদ্ভৱ হয়, যিবোৰ মূলতঃ "নৃত্য গীত" আছিল, যদিও ইংলেণ্ডত ইয়াক গ্ৰহণ কৰাৰ আগতে "একক গীতৰ পৰিৱেশন শৈলীৰ ৰূপ"ত পৰিণত হয়।[2] আখ্যানমূলক গীত হিচাপে ইহঁতৰ বিষয়বস্তু আৰু কাৰ্য স্ক্যাণ্ডিনেভিয়ান আৰু জাৰ্মাণিক গল্প কোৱা পৰম্পৰাৰ পৰা উদ্ভৱ হ'ব পাৰে, যিবোৰ বিউলফ(Beowulf)ৰ দৰে কবিতাত দেখা যায়।[3] সংগীতৰ ক্ষেত্ৰত তেওঁলোক মিনেছাং পৰম্পৰাৰ মিনেলিডাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[4] ইংলেণ্ডত বেলাডৰ ৰূপত চিনাকি আটাইতকৈ প্ৰাচীন উদাহৰণ হৈছে, ত্ৰয়োদশ শতিকাৰ এখন পাণ্ডুলিপিত পোৱা "জুডাছ"(Judas)।[5] বিশ্বৰ প্ৰায়বোৰ ভাষাত থকাৰ দৰে অসমীয়া ভাষাতো বেলাড বা মালিতাৰ উদ্ভৱ পুৰণি কালতে হৈছিল। এই বিষয়ে “অসমীয়া সাহিত্যত মালিতা’’ ত আছে।
বেলাড প্ৰথমে নৃত্যৰ লগত সংগত কৰাৰ উদ্দেশ্যে লিখা হৈছিল আৰু সেয়েহে প্ৰতি সুশাৰীত অন্তৰা প্ৰয়োগ কৰি স্তৱকত ৰচনা কৰা হৈছিল। এই অন্তৰাবোৰ নৃত্যৰ সময়ত নৃত্যশিল্পীসকলে গাইছিল।[6] উত্তৰ আৰু পশ্চিম ইউৰোপৰ বেছিভাগ বেলাড বেলাড স্তৱক বা চতুৰ্ভুজ (চাৰি শাৰীৰ স্তৱক)ত লিখা হয়। টেট্ৰামিটাৰ (আঠটা চিলেবল) আৰু ইয়াম্বিক ট্ৰাইমিটাৰ (ছটা চিলেবল), যিবোৰক বেলেড মিটাৰ বুলি জনা যায়। সাধাৰণতে চতুৰ্থাংশৰ দ্বিতীয় আৰু চতুৰ্থ শাৰীটোহে ছন্দযুক্ত হয় (ক, খ, গ, খ সজ্জাত), যাৰ পৰা অনুমান কৰা হৈছে যে, মূলতঃ বেলাডবোৰ ছন্দযুক্ত পদ্যৰ দ্বৈত শাৰীৰে গঠিত আছিল, প্ৰত্যেকৰে ১৪টা চিলেবল।[7]
বেলাডৰ আৰ্হিৰ দৈৰ্ঘ্য, শাৰীৰ সংখ্যা আৰু ছন্দৰ আঁচনিকে ধৰি প্ৰায় সকলো দিশতে যথেষ্ট তাৰতম্য থকাৰ বাবে বেলাডৰ সংজ্ঞা নিৰ্ধাৰণ অত্যন্ত কঠিন হৈ পৰিছে। দক্ষিণ আৰু পূব ইউৰোপত আৰু ইয়াৰ পৰা পৰম্পৰা আহৰণ কৰা দেশসমূহত বেলাডৰ গঠন যথেষ্ট পৃথক, যেনে স্পেনিছ ৰোমানচেৰছ, যিবোৰ অষ্টবৰ্ণযুক্ত আৰু ছন্দৰ পৰিৱৰ্তে ব্যঞ্জন বৰ্ণ ব্যৱহাৰ কৰা হয়।[8] বেলাডবোৰ সাধাৰণতে যিবোৰ অঞ্চলত উৎপত্তি হয়, তাৰ জনসাধাৰণৰ সাধাৰণ উপভাষা ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ প্ৰচণ্ড প্ৰভাৱ পৰে।[9] বেলাডবোৰৰ কোনো জনাশুনা নিৰ্দিষ্ট লেখক বা শুদ্ধ সংস্কৰণ নাই; বৰঞ্চ মধ্যযুগৰ পৰাই মূলতঃ মৌখিক পৰম্পৰাৰ দ্বাৰা প্ৰচলিত হোৱাৰ বাবে প্ৰত্যেক বেলাডতে বহুতো ভিন্নতা আছে। ১৮ শতিকাত লোকগীতৰ প্ৰতি বৃদ্ধি পোৱা আগ্ৰহে বিচপ থমাছ পাৰ্চি (১৭২৯–১৮১১)ৰ দৰে সংগ্ৰাহকসকলে জনপ্ৰিয় বেলাডৰ খণ্ড প্ৰকাশ নকৰালৈকে বেলাডসমূহ মৌখিক পৰম্পৰা হৈয়েই আছিল।[6] সকলো পৰম্পৰাতে বেছিভাগ বেলাড আখ্যানমূলক প্ৰকৃতিৰ, স্বয়ংসম্পূৰ্ণ কাহিনীৰ সৈতে আৰু প্ৰায়ে সংক্ষিপ্ত আৰু বৰ্ণনাৰ পৰিৱৰ্তে চিত্ৰকল্পৰ ওপৰত নিৰ্ভৰশীল, যিটো কৰুণ, ঐতিহাসিক, ৰোমান্টিক বা হাস্যৰসাত্মক হ'ব পাৰে।[7] গ্ৰাম্য শ্ৰমজীৱী মানুহ আৰু তেওঁলোকৰ যৌনতা সম্পৰ্কীয় বিষয়বস্তু বেলাডৰ সাধাৰণ বিষয় আৰু ৰবিন হুডৰ কিংবদন্তিৰ ওপৰত ভিত্তি কৰি বহুতো বেলাড আছে।[10] অসমীয়া ভাষাৰ মালিতাতো ঐতিহাসিক, পৌৰাণিক আদি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি অলেখ বেলাড ৰচিত হৈছে৷[1] বেলাডৰ আন এটা সাধাৰণ বৈশিষ্ট্য হ'ল পুনৰাবৃত্তি; কেতিয়াবা পৰৱৰ্তী স্তৱকত চতুৰ্থ শাৰীত অন্তৰা হিচাপে, কেতিয়াবা এটা স্তৱকৰ তৃতীয় আৰু চতুৰ্থ শাৰীৰ আৰু কেতিয়াবা সম্পূৰ্ণ স্তৱকৰ পুনৰাবৃত্তি কৰা হয়৷।[3]