মাহচুৰী বিনতি পাণ্ডক মায়া (ইংৰাজী: Mahsuri binti Pandak Mayah) নামেৰে মালয়েছিয়াৰ এগৰাকী যুৱতী আছিল। তেওঁ অষ্টাদশ শতিকাৰ শেষৰ ফালে মালয়েছিয়াৰ উত্তৰ-পশ্চিম কেদাহৰ এটা দ্বীপ পুলাউ লাংকাৱীত বাস কৰিছিল। লোককথা অনুসৰি, তাইৰ ওপৰত ব্যভিচাৰৰ অভিযোগ আছিল আৰু ছুৰিকাঘাতকৰি মৃত্যুদণ্ড দিয়া হৈছিল। মাহচুৰীৰ সমাধি মাকাম মাহচুৰী দ্বীপটোত পৰ্যটকৰ আকৰ্ষণ হৈ পৰিছে।
মাহচুৰী এজন ফুকেট মালয়ৰ জীয়ৰী আছিল যি তেওঁলোকৰ জন্মস্থান ফুকেট প্ৰদেশৰ পৰা ইউৰোপীয়ৰ দ্বাৰা তানজুং চালাং বা জাংকচেলিয়ন নামেৰে ওলোৱা উন্নত জীৱনৰ সন্ধানত লাংকাৱি দ্বীপলৈ স্থানান্তৰিত হৈছিল। তেওঁ লাংকাৱিৰ আটাইতকৈ ধুনীয়া মহিলা আছিল আৰু যোদ্ধা ৱান ডাৰুছক বিয়া কৰাইছিল। যুদ্ধৰ কামত তেওঁৰ স্বামীয়ে থাইলেণ্ডৰ বিৰুদ্ধে কেদাহৰ হৈ যুদ্ধলৈ যাব লগা হৈছিল (কেদাহ-ছিয়াম যুদ্ধ ১৮২১) মাহচুৰীক ঘৰতে অকলশৰীয়া কৰি যুদ্ধলৈ গৈছিল। এই সময়তে মাহচুৰীয়ে ডেৰামং নামৰ এজন যুৱ ভ্ৰমণকাৰীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। গাঁৱৰ মুৰব্বীৰ পত্নী ৱান মাহোৰাই মাহচুৰীৰ সৌন্দৰ্যক লৈ আগৰেপৰাই ঈৰ্ষা কৰিছিল। তাই এটা উৰাবাতৰি বিয়পাইছিল যে মাহচুৰী অবিশ্বাসী আৰু ৱান দাৰুছৰ অনুপস্থিতিত ডেৰামঙৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে। অৱশেষত উৰাবাতৰিবোৰ যথেষ্ট শক্তিশালী হৈ উঠিছিল যে গাওঁবাসীয়ে মুকলিকৈ তাইৰ ওপৰত ব্যভিচাৰৰ অভিযোগ উত্থাপন কৰিছিল। মাহচুৰীয়ে নিজকে নিৰ্দোষী বুলি গাঁৱবাসীৰ আগত অনুৰোধ কৰিছিল। কিন্তু কোনেও তাইক বিশ্বাস কৰা নাছিল।
মাহচুৰীক গছত বান্ধি হত্যা কৰিব ধৰিলে কিন্তু তাইক মৃত্যুদণ্ড দিব নোৱাৰিলে। মৃত্যুদণ্ডৰ প্ৰতিটো প্ৰচেষ্টা বিফল হোৱাৰ পিছত মাহচুৰীয়ে গাঁওবাসীক তাইৰ পৰিয়ালৰ 'কেৰিছ'ৰ দ্বাৰা হত্যা কৰিবলৈ কৈছিল। যেতিয়া তাইক ছুৰিকাঘাত কৰা হৈছিল,সেই আঘাতৰ পৰা বগা তেজ বৈ গৈছিল। এয়াই তাইৰ নিৰ্দোষতাক সূচায়। কিছুমান চৰাই তাইৰ শৰীৰ ঢাকিবলৈ তাইৰ ওপৰেৰে উৰি গৈছিল। তাইৰ মৃত্যুৰ উশাহৰ সৈতে মাহচুৰীয়ে লাংকাৱীক সাত প্ৰজন্মৰ দুৰ্ভাগ্য ৰখাৰ বাবে অভিশাপ দিছিল। [1][2] ৰাজ্যখনত সোনকালেই চিয়ামিজ আৰ্মাডাৰ দ্বাৰা অভিযান চলোৱা হৈছিল। পদাং মাট চিৰাটৰ গাওঁবাসীসকলে তেওঁলোকৰ ধানখেতি বোৰ শ্যামসকলৰ হাতত পৰিবলৈ দিয়াৰ সলনি জ্বলাই দিছিল।
মাহচুৰিৰ পৰিয়াল পিছত শ্যাম তথা বৰ্তমানৰ থাইলেণ্ডলৈ উভতি আহে।
মাহচুৰীৰ মৃত্যুৰ পিছত হোৱা কেইবা দশকৰ বিফল শস্যৰ কথা উল্লেখ কৰি বহুতো লাংকাৱী স্থানীয় লোকে এই কিংবদন্তীক সঁচা বুলি বিশ্বাস কৰে। লাংকাৱীকো থাইলেণ্ডে বহুবাৰ আক্ৰমণ কৰিছিল, যিটো ১৮২১ চনত সংঘটিত হৈছিল। কৃষকসকলে জ্বলাই দিয়া পথাৰখন এতিয়াও বেৰাছ টেৰবাকাৰ বা "পোৰা চাউল" বুলি জনা যায়। বিংশ শতিকাৰ শেষৰ ফালে সাতটা প্ৰজন্ম পাৰ হোৱাৰ পিছতহে লাংকাৱীয়ে পৰ্যটনস্থলী হিচাপে সমৃদ্ধি লাভ কৰিবলৈ আৰম্ভ কৰে। মাহচুৰীৰ বংশধৰসকলে থাইলেণ্ডৰ বুকিটত বাস কৰি আছে আৰু বংশৰ লোকসকলে মাজে মধ্যে তেওঁৰ সমাধি দৰ্শন কৰিবলৈ লাংকাৱীলৈ আহে। [3] তেওঁলোকৰ ভিতৰত আছিল চিৰণ্ট্ৰা য়ায়ে (ศิรินทรา ยายี) প্ৰকৃত মালয় নাম: ৱান আইশ্বাহ ৱান নৱাৱী। তেওঁ ২০২০ চনত কেদাহ ভ্ৰমণৰ সময়ত চৰ্চালৈ আহিছিল।[4]