মাহনাজ আফখামী (ইংৰাজী: Mahnaz Afkhami) এগৰাকী ইৰাণী মহিলা অধিকাৰ কৰ্মী যিয়ে ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈকে ইৰাণৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহিলা শিক্ষণ অংশীদাৰিত্ব (WLP)ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী৷ তেওঁ ফাউণ্ডেশ্যন ফৰ ইৰাণী অধ্যয়নৰ কাৰ্যবাহী সঞ্চালিকা আৰু ইৰাণৰ বিপ্লৱৰ পূৰ্বৰ চৰকাৰৰ মহিলা পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী।[1] নিৰ্বাসিত হৈ তেওঁ ১৯৭৯ চনৰ পৰা আমেৰিকাত বসতি কৰি আছে।[2]
আফখামীয়ে ১৯৭০ চনৰ পৰাই মহিলাৰ অধিকাৰৰ পোষকতা কৰি আহিছে।[3] ইৰাণ আৰু পিছলৈ সমগ্ৰ বিশ্বতে মহিলাৰ মৰ্যাদা উন্নত কৰাত মনোনিৱেশ কৰা কেইবাটাও আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা তেওঁ প্ৰতিষ্ঠা আৰু নেতৃত্ব দিছে।[4] আন্তঃৰাষ্ট্ৰীয় নাৰী আন্দোলন, মহিলাৰ মানৱ অধিকাৰ, নেতৃত্বৰ ক্ষেত্ৰত মহিলা, নাৰী আৰু প্ৰযুক্তি, মুছলমান সংখ্যাগৰিষ্ঠ সমাজত মহিলাৰ মৰ্যাদা আৰু নাগৰিক সমাজ নিৰ্মাণ আৰু গণতন্ত্ৰীকৰণত মহিলাৰ অংশগ্ৰহণৰ ওপৰত তেওঁ বক্তৃতা প্ৰদান আৰু লেখা প্ৰকাশ কৰিছে। তেওঁৰ গ্ৰন্থসমূহ একাধিক ভাষালৈ অনুবাদ কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সহজলভ্য হৈ পৰিছে।[5][6]
ইৰাণৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ সাহিত্যৰ অধ্যাপক আৰু ইংৰাজী বিভাগৰ অধ্যক্ষ হিচাপে ইৰাণলৈ উভতি অহাৰ দুবছৰৰ পাছত ১৯৬৯ চনত আফখামীয়ে ইৰাণৰ নাৰী আন্দোলনৰ প্ৰতি আকৰ্ষিত হৈ ইউনিভাৰ্চিটি উইমেন এছ’চিয়েচন প্ৰতিষ্ঠা কৰে। ১৯৭০ চনত তেওঁ ইৰাণৰ মহিলা সংগঠন (WOI)ৰ মহাসচিব হয়।[7]তেওঁ তাত দহ বছৰ আছিল, এই সময়ছোৱাত তেওঁ ইৰাণী মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।[8]
১৯৪১ চনত ইৰাণৰ কেৰমানত জন্মগ্ৰহণ কৰা মাহনাজ আফখামী তিনিটা সন্তানৰ ভিতৰত ডাঙৰ আছিল। ইৰাণৰ কেৰমানত শ্বেইখী শ্বিয়া মুছলমানৰ এটা বৃহৎ বহল পৰিয়াল থকা এটা কমপ্লেক্সত তেওঁ প্ৰাৰম্ভিক শৈশৱ কটায়। ১১ বছৰ বয়সত মাকে দেউতাকক বিবাহ বিচ্ছেদ কৰি দুয়ো আমেৰিকালৈ গুচি যায়। পিছলৈ তেওঁ ছান ফ্ৰান্সিস্কো বিশ্ববিদ্যালয় আৰু বোল্ডাৰৰ ক'লৰাডো বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।[8]১৯৬৭ চনত মাহনাজ ইৰাণৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত সাহিত্যৰ অধ্যাপক হিচাপে ইৰাণলৈ উভতি আহে। ১৯৭৮ চনলৈকে তাত কাম কৰিছিল। তেতিয়াৰ পৰাই তেওঁ আমেৰিকাত বাস কৰিছিল৷ স্বামী গোলাম ৰেজা আফখামীৰ সৈতে তেওঁ মেৰিলেণ্ডত বাস কৰিছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু দুজন নাতি আছে।[8]