মেৰীয়া মণ্টেছৰী | |
---|---|
জন্ম | ৩১ আগষ্ট, ১৮৭০ Chiaravalle (Ancona), Italy |
মৃত্যু | ৬ মে', ১৯৫২ (৮১ বছৰ) Noordwijk, Netherlands |
সমাধিস্থল | Noordwijk, Netherlands |
ৰাষ্ট্ৰীয়তা | ইটালিয়ান |
শিক্ষা | University of Rome La Sapienza Medical School |
পেচা | শিক্ষক |
জনা যায় | মণ্টেশ্বৰী শিক্ষা পদ্ধতিৰ প্ৰতিষ্ঠাপক |
ধৰ্ম | কেথলিক |
সন্তান | মেৰিঅ মণ্টেশ্বৰী চিনিয়ৰ |
মেৰীয়া মণ্টেছৰী ইংৰাজী: Maria Montessori (আগষ্ট ৩১, ১৮৭০ – মে' ৬, ১৯৫২) এগৰাকী ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ, আৰু প্ৰখ্যাত মানৱতাবাদী আছিল। তেখেত তেখেতৰ মণ্টেছৰী শিক্ষা প্ৰণালী বুলি আজিকালি পৃথিৱীৰ সকলোতে ব্যৱহৃত প্ৰাথমিক শিক্ষা প্ৰণালীৰ বাবে প্ৰসিদ্ধ। এই প্ৰণালী ভাৰততো পাঠশালা বিদ্যালয়সমূহত ব্যৱহাৰ হয়।
মেডাম মেৰীয়া মণ্টেছৰীৰ জন্ম হৈছিল ১৮৭০ চনত, ইটালীৰ মাৰ্চে'ৰ চিৰাভীল-অত, আলেছ্ন্দ্ৰ মণ্টেছৰী আৰু ৰেণাইল্ডে ষ্টপাইনী (এণ্টনীয় ষ্টপাইনীৰ ভাগিনীয়েক)-অৰ ঘৰত[1]। তেৰবছৰ বয়ষত তেখেতে এখন কেৱল ছাত্ৰৰ বাবেহে থকা বিদ্যালয়ত ইঞ্জিনীয়াৰ হোৱাৰ হাবিয়াসেৰে[2] পঢ়া-শুনা আৰম্ভ কৰে। তেখেত শিক্ষক হ'বলৈ ইচ্ছা নাছিল কাৰণ সেইসময়ত নাৰীক শিক্ষকতা আদি কেইটামান পেচাতহে ভাগ ল'বলৈ উদগোৱা হৈছিল।
মণ্টেছৰী ৰোমৰ ৰোম লা চেপিয়েঞ্জা বিশ্ববিদ্যালয়ৰ পৰা চিকিৎসাবিজ্ঞান পাচ কৰা ইটালিৰ প্ৰথম মহিলা চিকিৎসক আছিল। তেখেত বিশ্ববিদ্যালয়ৰ মানসিক চিকিৎসা ক্লিনিকৰৰ সদস্যা আছিল আৰু বিশেষ মনযোগৰ প্ৰয়োজনীয়তা (special needs) বা "মানসিক দুঃখী" (unhappy little ones)[2] আৰু "শিক্ষা অসমৰ্থ" (ineducable) সকলৰ সমস্যাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হয়।
১৮৯৬ চনত তেখেতে ট্যুৰিণৰ শিক্ষা সংসদত অসমৰ্থসকলৰ প্ৰশিক্ষণৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। ইটালিয়ান শিক্ষামন্ত্ৰী তাত উপস্থিত আছিল আৰু তেখেতৰ যুক্তিপূৰ্ণ বক্তৃতাত প্ৰভাৱাণ্বিত হৈ একে বছৰতে তেখেতক "স্কুলা অৰ্ক্ট'ফ্ৰেণিকা" (Scuola Ortofrenica), মানসিকভাবে প্ৰয়োজনীয়সকলৰ দেখাশুনা আৰু শিক্ষাৰ বাবে নিয়োজিত প্ৰতিষ্ঠান -অৰ সঞ্চালক হিচাবে নিযুক্তি দিয়ে।
মণ্টেছৰীয়ে তেখেতৰ প্ৰস্তাৱসমূহ সত্যাপনৰ উদ্দেশ্যে এই পদ গ্ৰহণ কৰে। তেখেতৰ প্ৰথম উল্লেথযোগ্য সফলতা তেখেতৰ কেইবাজনো ৮ বছৰীয়া ছাত্ৰ-ছাত্ৰীয়ে পঢ়া আৰু লিখাৰ ৰাষ্ট্ৰীয় পৰিক্ষাৰ বাবে আবেদন কৰাটো। উক্ত "অসমৰ্থ" (defective) শিশুসকলে পাচ কৰাৰ উপৰিও সামান্যতকৈ উচ্চ নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়, যাক "প্ৰথম মণ্টেছৰী যাদু" (the first Montessori miracle)[3] বোলা হয়। মণ্টেছৰীৰ প্ৰত্যুত্তৰ আছিল "যদি মানসিকভাৱে অসমৰ্থ শিশুক সাধাৰণ পৰ্যায়ৰ শিশুৰ পৰ্যায়লৈ লৈ আহিব পৰা যায় তেন্তে (তেখেতে) 'সাধাৰণ পৰ্য্যায়'ৰ শিশুৰ প্ৰতিশ্ৰুতি (potential) অধ্যয়ন কৰিবলৈ ইচ্ছুক"[2]।
"বৈজ্ঞানিক পৰ্য্যবেক্ষণে প্ৰদৰ্শিত কৰে যে শিক্ষকে দিয়া ব্যৱস্থাই শিক্ষা নহয়; শিক্ষা ব্যক্তিয়ে স্বাভাৱিকভাৱে আহৰণ কৰা এক প্ৰাকৃতিক প্ৰক্ৰিয়া, চৌপাশৰ পৰা আহৃত, কাৰো আদেশ শুনি নহয়। শিক্ষকৰ দায়িত্ব হৈছে এক বিশেষভাৱে সৃষ্ট পৰিবেশত এনে সাংস্কৃতিক কাৰ্য্যকলাপৰ বাবে এলানী ইচ্ছাশক্তি জগাই তোলা কাৰ্য্যক্ৰম লোৱা আৰু বাধা হোৱাৰপৰা দূৰত থকা। মানৱ শিক্ষকে গোলামে মালিকক সহায় কৰাৰ দৰে সহায় কৰিহে এই কাৰ্য্য কৰিব পাৰে। তেনে কৰিলেহে তেওঁলোকে এক নৱমানৱ আৰু মানৱাত্মাৰ উড্ডয়ন দেখা পাব যি পৰিঘটনাৰ দাস নহৈ পৰিদৃশ্যতাৰ পৰিস্কৃততাৰে মানৱ সমাজৰ আকৃতি আৰু ভৱিষ্যত নিৰ্ণয় কৰিব।[4]
ৱিকিমিডিয়া কমন্সত Maria Montessori সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
Wikisource has the text of a 1921 Collier's Encyclopedia article about মাৰিয়া মণ্টেছৰী. |