মাৰ্গামকালি (মালয়ালম:മാർഗ്ഗംകളി ) হৈছে কেৰালা ৰাজ্যকে ধৰি চেণ্ট থমাছ খ্ৰীষ্টান সম্প্ৰদায়ৰ এটা প্ৰাচীন ভাৰতীয় ঘূৰণীয়া নৃত্য, মূলতঃ ক্নানায়া বা দক্ষিণবাদী খ্ৰীষ্টান নামেৰে জনাজাত এণ্ডোগেমছ উপ-পন্থাই অনুশীলন কৰে।[1][2][3] এই নৃত্যই থমাছ দ্য এপষ্টলৰ জীৱন আৰু মিছনেৰী কামৰ বিৱৰণ দিয়ে, যিটো তৃতীয় শতিকাৰ থমাছৰ এপ'ক্ৰিফাল এক্টৰ ওপৰত আধাৰিত।[2][4]
মাৰ্গামকালিৰ সম্ভাৱ্য উৎপত্তি সম্পৰ্কে কেইবাটাও মতামত আছে। সেইবোৰ হৈছে:
“মাৰ্গম’’ৰ অৰ্থ হৈছে মালয়ালম ভাষাত পথ বা সমাধান; কিন্তু ধৰ্মীয় প্ৰেক্ষাপটত ইয়াক পৰিত্ৰাণ লাভৰ পথ হিচাপে জনা যায়। খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ প্ৰক্ৰিয়াটো শেহতীয়াকৈ কেৰালাত "মাৰ্গম কুদাল" নামেৰে জনাজাত আছিল। এই লোকশিল্পৰ বহুখিনি চেণ্ট থমাছ, এপষ্টলৰ মিছনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে। মূল মাৰ্গাম কালিত মালাবাৰলৈ চেন্ট থমাছৰ আগমন, তেওঁ কৰা অলৌকিকতা, বন্ধুত্বৰ লগতে তেওঁ কাম কৰা লোকসকলৰ শত্ৰুতা, তেওঁ ভোগা অত্যাচাৰ, বিভিন্ন ঠাইত স্থাপন কৰা গীৰ্জা আৰু ক্ৰূচ ইত্যাদি এই সবিশেষ কথা মাৰ্গামকালি গীতৰ বিভিন্ন স্তৱকত সন্নিৱিষ্ট কৰা হৈছে। কেৰালাৰ মাৰ্গাম কালি মালাবাৰ উপকূলৰ ছিৰিয়ান খ্ৰীষ্টানসকলৰ মাজত চেণ্ট থমাছৰ যুগ যুগ ধৰি চলি অহা আৰু পৱিত্ৰ পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ উপাদান।[12]
মাৰ্গামকালিৰ বৰ্তমান ৰূপৰ অৱস্থা আৰু প্ৰাৰম্ভিক দিনৰ বৈষম্যই মাৰ্গমকালিৰ ইতিহাসৰ তিনিটা গুৰুত্বপূৰ্ণ পৰ্যায়ৰ কথা অনুমান কৰিবলৈ বাধ্য কৰে। প্ৰথম পৰ্যায়টো আছিল উপনিৱেশিকৰণৰ পূৰ্বৰ, য’ত এই অৰ্ধ-নাট্য ৰূপটো চেণ্ট থমাছ খ্ৰীষ্টানসকলে বিশেষ অনুষ্ঠানত প্ৰদৰ্শন কৰিছিল। পাৰিচামুতুকালি(তৰোৱাল আৰু ঢাল নৃত্য)ও ইয়াৰ এটা অংশ আছিল। পিছলৈ ডায়েম্পাৰৰ চিন’ডে এই থলুৱা ৰূপটোক নিয়ন্ত্ৰণ কৰি গ্ৰাস কৰে। সোতৰ শতিকাৰ সময়ছোৱাত এজন ক্নানায়া পুৰোহিত ইট্টি থমমান কাথানাৰৰ প্ৰচেষ্টাত এই ৰূপৰ পাঠ্য অংশই নিৰ্দিষ্ট উত্থান আৰু ৰক্ষণাবেক্ষণ লাভ কৰে৷ এই সময়ছোৱাত হয়তো মাৰ্গামকালী সম্পাদনা কৰি বৰ্তমানৰ চৈধ্যটা স্তৱকৰ গাঁথনিলৈ পুনৰ নিৰ্মাণ কৰা হ’লহেঁতেন। কিন্তু ঊনবিংশ শতিকাৰ শেষলৈকে কোনো কোনো ঠাইত এই শিল্পৰ অস্তিত্ব থাকিলেও সাধাৰণ লোকৰ ব্যৱহাৰত ই নাছিল। কিন্তু ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে এই ৰূপটো আকৌ এবাৰ জনপ্ৰিয় হৈ উঠিল আৰু তেতিয়া কিছু গাঁথনিগত পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তন আৰু আগ্ৰহ কালাৰিকল উন্নী আশান, ইন্দুমুট্টিল কোচেপ্পু আশান, আৰু ইন্দুমুট্টিল কুট্টো আশান আদি কেইজনমান পণ্ডিতৰ প্ৰচেষ্টাত হৈছিল। এই সময়লৈকে ক্নানায়া পণ্ডিত পুত্তনপুৰিকল উথুপ্পু লুকোছে ১৯১০ চনত মাৰ্গামকালি পট্টুকাল সংকলন কৰি প্ৰকাশ কৰে। ১৯২৪ চনত ইউৰোপীয় পুৰোহিত আৰু পণ্ডিত ফ্ৰা. হোষ্টেন এছ.জে. কোট্টায়মৰ ক্নানায়াৰ দ্বাৰা নৃত্য কৰা মাৰ্গম কালিৰ প্ৰত্যক্ষ কৰিছিল আৰু প্ৰাচীন শিল্পৰূপটোৰ প্ৰতি আকৃষ্ট হৈছিল। ইয়াৰ পিছত ১৯২৫ চনত ভেটিকানত অনুষ্ঠিত হোৱা মিছন প্ৰদৰ্শনীত এই নৃত্যশিল্পীসকলক ৰোমলৈ নি হোষ্টেনে এই নৃত্যটো উপস্থাপন কৰাৰ প্ৰয়াস কৰে যদিও এই উদ্যোগক উত্তৰবাদী চেণ্ট থমাছ খ্ৰীষ্টানসকলৰ গণ ক্ষোভ আৰু অসন্মতিৰ সন্মুখীন হয় আৰু তেওঁলোকে এই শিল্পৰূপটোক "অসন্মানজনক" বুলি ভাবে আৰু কয় যে, যদি ইয়াক পৰিৱেশন কৰা হয় তেন্তে ই "সকলো চেণ্ট থমাছ খ্ৰীষ্টানক ধ্বংস কৰিব পাৰে"।[13]
১৯৬০ চনৰ সময়ছোৱাত চেণ্ট থমাছ খ্ৰীষ্টান পণ্ডিত লোক সংস্কৃতিৰ গৱেষক ড° চুম্মাৰ চুণ্ডলে মাৰ্গাম কালিৰ সমাজবিজ্ঞানসন্মত জৰীপৰ নেতৃত্ব দিছিল আৰু লক্ষ্য কৰিছিল যে এই প্ৰথা কেৱল ক্নানায়া সম্প্ৰদায়ৰ।[13] তদুপৰি চুণ্ডলে সেই সময়ৰ সকলো মাৰ্গাম শিক্ষক আৰু গোটক সম্পূৰ্ণৰূপে ক্নানায়া বুলি গম পাইছিল।[13] বিশ্লেষক ড° চুম্মাৰ চূণ্ডলে শিল্প-ৰূপটোৰ তলত দিয়াধৰণে উল্লেখ কৰিছে।
“ক্নানায়া খ্ৰীষ্টানসকলৰ আটাইতকৈ প্ৰাচীন আৰু বৈচিত্ৰময় শিল্পৰূপ আছে। মাৰ্গামকালি তেওঁলোকৰ নৃত্যৰ এটা ৰূপ। সাধাৰণতে, ছিৰিয়াৰ খ্ৰীষ্টানসকলৰ মাজত মাৰ্গামকালিৰ প্ৰচলন আছিল বুলি কোৱা হয় যদিও নিবিড় আৰু সমালোচনাত্মক পৰ্যবেক্ষণ কৰিলে দেখা যায় যে, মাৰ্গামকালিৰ প্ৰথা আৰু প্ৰসাৰ ক্নানাইটসকলৰ মাজত আছিল। ১৯৬০ চনত মোৰ গৱেষণাৰ সময়ত ছিৰিয়ানসকলৰ ঘন জনবসতি থকা ট্ৰিছুৰ আৰু পালাৰ দৰে অঞ্চলত এই শিল্পকলাৰ অনুশীলন পোৱা নাছিলো। এইদৰে মাৰ্গামকালিৰ পৰম্পৰা বিশ্লেষণ কৰিব পাৰি: ক্নানায়া কেথলিকসকলৰ মাজত ৭০% আৰু ক্নানায়া জেকবইটৰ মাজত ২৫%।”[13]
১৯০০ চনৰ শেষৰ ফালে ছেইণ্ট থমাছ খ্ৰীষ্টান সম্প্ৰদায়ৰ মাজত এই শিল্প প্ৰকাৰৰ যথেষ্ট অৱনতি ঘটিছিল যদিও ক্নানায়া সম্প্ৰদায়ে এই শিল্পকলাৰ প্ৰচাৰ আৰু অধিক সম্প্ৰসাৰণৰ উদ্যোগ গ্ৰহণ কৰে। ১৯৭০ আৰু ১৯৮০ চনত ক্নানায়াৰ পুৰোহিত ফ্ৰা. জৰ্জ কাৰুকাপাৰম্বিল আৰু জেকব ভেলিয়ানৰ লগতে লোকসংস্কৃতিৰ গৱেষক ড° চুম্মাৰ চুণ্ডলে প্ৰাচীন শিল্পৰূপটোক পুনৰ সজীৱ কৰি তুলিবলৈ মাৰ্গামকালিৰ ৩৩ জন ক্নানায়া আশান বা শিক্ষকৰ সহায়ত দীঘলীয়া গৱেষণা আৰু অধ্যয়ন হাতত লৈছিল। সমালোচনাত্মক ঐতিহাসিক, সংগীতবিজ্ঞান, আৰু নৃতাত্ত্বিক মূল্যায়নৰ জৰিয়তে এই গৱেষকৰ দলটোৱে মাৰ্গামকালিক ব্যাকৰণসন্মত কৰি তুলিছিল আৰু যুৱ উৎসৱত প্ৰতিযোগিতাৰ বস্তু হিচাপে বিদ্যালয় আৰু সাংস্কৃতিক সংগঠনৰ মাজত প্ৰচাৰ কৰিছিল আৰু শেষত দলটোৱে কেৰেলাৰ শিক্ষামন্ত্ৰীক এই কলাৰ পৰিচয়সূচক ১৪ মিনিটৰ তথ্যচিত্ৰৰ উপহাৰ দিছিল৷
মাৰ্গাম কালি কলাৰ দিশত বা সংশ্লিষ্ট খৃষ্টান শিল্পৰূপক এটা মাইলৰ খুঁটিৰূপে নিশ্চিত কৰিবলৈ দলটোৱে ইয়াক আগুৱাই নিয়াৰ বাবে এটা আনুষ্ঠানিক কেন্দ্ৰ বিচাৰিছিল৷ ১৯৯৫ চনত কোট্টাইমৰ ক্নানায়া ডাইচৰ বিচপ মাৰ কুৰিয়াকোছে কুনাচেৰীয়ে দলটোৰ সহায় কৰিবলৈ আগবাঢ়ি আহি হাডুছা (ৰং মহল) স্থাপন কৰে, যিটো অল ইণ্ডিয়া ইনষ্টিটিউট অৱ খ্ৰীষ্টান পাৰফৰ্মিং আৰ্টছ হিচাপে আংশিকভাৱে হ’লেও চিৰদিনৰ বাবে মাৰ্গামকালিৰ অস্তিত্ব বৰ্তাই ৰখাত সহায় কৰি আহিছে। হাডুছাই "মাৰ্গামকালি আত্তপ্ৰকাৰম" শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰিছে, যি এই শিল্পৰূপৰ বাবে প্ৰামাণিক প্ৰসংগ গ্ৰন্থ হিচাপে বিবেচিত হৈছে।[3]
সাধাৰণতে এক ডজন নৃত্যশিল্পীয়ে পৰম্পৰাগত "চত্তায়ুম মুণ্ডুম" পিন্ধি নীলাভিলাক্কুৰ চাৰিওফালে হাত চাপৰি বজাই গান গায় আৰু নাচে। প্ৰদীপটোৱে খ্ৰীষ্ট আৰু তেওঁৰ শিষ্যসকলক প্ৰতিনিধিত্ব কৰে। সাধাৰণতে দুটা ভাগ("পধাম")ত এই অনুষ্ঠান কৰা হয়, আৰম্ভণিতে গীত আৰু নৃত্যৰে চেন্ট থমাছ পাঁচনিৰ জীৱনৰ বৰ্ণনা কৰা। তাৰ পিছত কৃত্ৰিম তৰোৱাল আৰু ঢালৰ যুদ্ধ খেলৰ সৈতে ই এক আকৰ্ষণীয় মোৰ লয়। মাৰ্গামকালিত গীত গোৱা একেজন ব্যক্তিয়ে বজোৱা দুখন সৰু তালৰ বাহিৰে আন কোনো বাদ্য ব্যৱহাৰ নকৰে। প্ৰথমে ইয়াক পুৰুষে আৰু তাৰ পিছত ল'ৰাই বজাইছিল যদিও আজিকালি মহিলাসকলেও এই নৃত্য পৰিৱেশন কৰে।[14]