মাৰ্গাৰেট আলভা | |
---|---|
![]() মাৰ্গাৰেট আলভা, ২০০৬ | |
ব্যক্তিগত তথ্য | |
জন্ম | মাৰ্গাৰেট নাজাৰেথ ১৪ এপ্ৰিল, ১৯৪২ (৮২ বছৰ) মাংগালোৰ, মাদ্ৰাছ প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত (বৰ্তমান মাংগালুৰু, কৰ্ণাটক) |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | নিৰঞ্জন আলভা (বি. ১৯৬৪; মৃ. ২০১৮)[1] |
সমন্ধ | ভায়োলেট আলভা (শাহু), জোৱাচিম আলভা (শহুৰ) |
সন্তান | তিনিজন পুত্ৰ, এজনী কন্যা |
বাসস্থান | নতুন দিল্লী |
শিক্ষানুষ্ঠান | মাউন্ট কাৰ্মেল কলেজ (স্নাতক), আইন বিশ্ববিদ্যালয়, বাংগালোৰ (এল.এল.বি) |
জীৱিকা | আইনজীৱি |
মাৰ্গাৰেট নাজাৰেথ আলভা (ইংৰাজী: Margaret Nazareth Alva ; জন্ম: ১৪ এপ্ৰিল ১৯৪২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। আলভাই গোৱাৰ সপ্তদশ ৰাজ্যপাল, গুজৰাটৰ ত্ৰয়োবিংশ ৰাজ্যপাল, ৰাজস্থানৰ বিংশ ৰাজ্যপাল আৰু উত্তৰাখণ্ডৰ চতুৰ্থ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ৰাজস্থানৰ অতিৰিক্ত দায়িত্বত থকা পাঞ্জাবৰ ৰাজ্যপাল শিৱৰাজ পাতিলৰ পৰা ৰাজস্থানৰ দায়িত্বভাৰ চমজি লৈছিল। ৰাজ্যপাল হিচাপে নিযুক্তি পোৱাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ সদস্য আছিল আৰু সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদিকাও আছিল। তেওঁৰ শাহুৱেক ভায়োলেট আলভা ১৯৬০-ৰ দশকত ৰাজ্যসভাৰ দ্বিতীয় উপাধ্যক্ষ আছিল।
২০২২ চনৰ ১৭ জুলাইত সংযুক্ত প্ৰগতিশীল মৰ্চা আৰু আন কেইটামান বিৰোধী দলে তেওঁক ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰে যদিও প্ৰতিদ্বন্দ্বী জগদীপ ধনখৰৰ হাতত ৩৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত হয়।[2]
১৯৬৯ চনত আলভাৰ ৰাজনীতিত প্ৰৱেশৰ সিদ্ধান্তত তেওঁৰ শহুৰেক-শাহুৱেক জোৱাচিম আলভা আৰু ভায়োলেট আলভাৰ প্ৰভাৱ পৰিছিল। তেওঁৰ শহুৰেক-শাহুৱেক দুয়োজনে ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শহুৰেক-শাহুৱেকে দিয়া উৎসাহ সংক্ৰান্তত তেওঁ কয় যে “মোৰ ৰাজনৈতিক কাৰ্যকলাপত মই কেতিয়াও কোনো পাৰিবাৰিক বাধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল।” আৰু লগতে কয় যে ১৯৬৯ চনত ভায়োলেটৰ মৃত্যু হোৱাত তেওঁৰ ৰাজনীতিত প্ৰবেশৰ পথ ত্বৰান্বিত হৈছিল। ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ (ইন্দিৰা) ফৈদৰ সৈতে তেওঁ মিত্ৰতা কৰে আৰু কৰ্ণাটকত ইয়াৰ ৰাজ্যিক গোটৰ বাবে কাম কৰে।[3][4] ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদিকা আৰু ১৯৭৮ চনৰ পৰা ১৯৮০ চনলৈ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[5]
১৯৭৪ চনৰ এপ্ৰিল মাহত আলভা কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে ৰাজ্যসভালৈ নিৰ্বাচিত হয়। ছবছৰীয়া কাৰ্যকাল নিৰ্বাহ কৰাৰ পিছত, ১৯৮০, ১৯৮৬, ১৯৯২ চনত আৰু তিনিটা ছবছৰীয়া কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হয়। ৰাজ্যসভাত থকা সময়ছোৱাত তেওঁ ইয়াৰ উপাধ্যক্ষৰ (১৯৮৩–৮৫) পদবীত থকাৰ উপৰিও সংসদীয় পৰিক্ৰমা (১৯৮৪-৮৫) আৰু লগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ‘যুৱ আৰু ক্ৰীড়া’ আৰু ‘মহিলা আৰু শিশু উন্নয়ন’ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিভিন্ন সদন সমিতিতো কাৰ্যনিৰ্বাহ কৰিছিল।[6]
আলভা ১৯৯৯ চনত উত্তৰ কানাড়া সমষ্টিৰ পৰা ত্ৰয়োদশ লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।[7] ২০০৪ চনত তেওঁ পুনৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও পৰাস্ত হয়।[8] ২০০৪ চনৰ পৰা ২০০৯ চনলৈ তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদিকা তথা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নৱনিৰ্বাচিত সংসদীয় প্ৰতিনিধিৰ বাবে কাম কৰা চৰকাৰী সংস্থা ব্যুৰো অফ পাৰ্লিয়ামেণ্টৰী ষ্টাডিজ এণ্ড ট্ৰেইনিঙৰ উপদেষ্টা আছিল।[6]