মাৰ্চেল প্ৰুষ্ট | |
---|---|
১৯০০ চনত প্ৰুষ্ট | |
জন্ম | ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট (Valentin Louis Georges Eugène Marcel Proust) ১০ জুলাই, ১৮৭১ উটেই, ফ্ৰান্স |
মৃত্যু | ১৮ নৱেম্বৰ, ১৯২২ (৫১ বছৰ) পেৰিছ, ফ্ৰান্স |
পেচা | ঔপন্যাসিক, ৰচনাবিদ, সমালোচক |
পিতৃ-মাতৃ | একিলি এড্ৰিয়েন প্ৰুষ্ট (Achille Adrien Proust) জিন্ ক্লেমেঞ্চ ৱেইল (Jeanne Clémence Weil) |
স্বাক্ষৰ | |
ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট (ইংৰাজী: Marcel Proust; ১০ জুলাই ১৮৭১ – ১৮ নৱেম্বৰ ১৯২২) এজন ফৰাচী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ। সুবৃহৎ উপন্যাস 'ইন্ ছাৰ্চ অৱ লষ্ট টাইম্' (À la recherche du temps perdu) ('In Search of Lost Time'; পূৰ্বে 'Remembrance of Things Past' নামৰে অনূদিত)-ৰ বাবে তেওঁ বিখ্যাত। উপন্যাসখন ১৯১৩ আৰু ১৯২৭ চনৰ ভিতৰত চোৱা চোৱাকৈ প্ৰকাশ পাইছিল।
ফ্ৰেঙ্কফুৰ্টৰ সন্ধি (১৮৭১)ৰ জৰিয়েতে ফ্ৰাঙ্ক'-প্ৰুচিয়ান যুদ্ধৰ সামৰণি পৰাৰ ঠিক দুমাহৰ পিছতে উটেইত (পেৰিছৰ দক্ষিণ-পশ্চিম অংশত) বৰদেউতাকৰ ঘৰত প্ৰুষ্টৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ কালছোৱা আছিল হিংসাত্মক ঘটনাৱলীৰে আৱৰা যি ফ্ৰান্সৰ ৰাইজক অৱদমিত কৰি ৰাখিছিল। তেওঁ শৈশৱৰ কালছোৱাত ফ্ৰেঞ্চ তৃতীয় গণতন্ত্ৰই খোপনি পোতা দেখিবলৈ পাইছিল। "ইন্ ছাৰ্চ অৱ লষ্ট টাইম্"ৰ বহু অংশই এই বৃহৎ পৰিৱৰ্তন- বিশেষকৈ তৃতীয় গণতন্ত্ৰৰ সময়ত ৰাজতন্ত্ৰৰ ধীৰ পতন আৰু মধ্যবিত্ত জনতাৰ উত্থানৰ দৃশ্য ধৰি ৰাখিছে।
প্ৰুষ্টৰ দেউতাক একিলি এড্ৰিয়েন প্ৰুষ্ট এজন নামকৰা ৰোগতত্ত্ববিদ আৰু এপিডেমিঅ'ল'জিষ্ট আছিল। ইউৰোপ আৰু এছিয়াত বিয়পি পৰা কলেৰা ৰোগৰ বিষয়ে অধ্যয়ন কৰি তেওঁ নিৰাময়ৰ চেষ্টা চলাইছিল। তেওঁ চিকিৎসা বিজ্ঞান আৰু অনাময় সম্পৰ্কীয় কেইবাখনো কিতাপো লিখিছিল। প্ৰুষ্টৰ মাক জিন ক্লেমেঞ্চ ৱেইল আল্ছাচৰ এক আধ্যৱন্ত আৰু সংস্কৃতিবান ইহুদী পৰিয়ালৰ জীয়ৰী আছিল।[1] তেৱোঁ ভালদৰে শিক্ষিতা আছিল আৰু তেওঁ লিখা চিঠি-পত্ৰবোৰত হাস্যৰসৰ উমান পোৱা যায়। ইংৰাজী ভাষাত থকা দখলৰ বাবে তেওঁ পুতেকক জন ৰাস্কিনৰ লেখা অনুবাদ কৰাতো সহায় কৰিছিল।[2] দেউতাকৰ কেথলিক বিশ্বাসৰ মাজেৰে প্ৰুষ্টক ডাঙৰ-দীঘল কৰা হৈছিল।[3] ১৮৭১ চনৰ ৫ আগষ্টত তেওঁক বাপ্টাইজ কৰি পিছলৈ কেথলিক বুলি নিশ্চিত কৰা হৈছিল যদিও তেওঁ নিজে কেতিয়াও আনুষ্ঠানিকভাৱে ই ৰীতি-নীতিবোৰ পালন কৰা নাছিল।
নবছৰ বয়সত প্ৰুষ্টৰ এজ্মা অসুখ আৰম্ভ হয় আৰু তেতিয়াৰে পৰা তেওঁক ৰুগীয়া শিশু বুলি প্ৰতিপালন কৰা হৈছিল। প্ৰুষ্টে ইলিয়াৰ্ছৰ গাঁৱত দীঘলীয়া সময় পাৰ কৰিছিল। এই গাঁওখন আৰু উটেইৰ বৰদেউতাকৰ ঘৰখনৰ স্মৃতিৰ ভিত্তিত তেওঁ "ইন্ ছাৰ্চ অৱ লষ্ট টাইম্"ৰ কাল্পনিক নগৰ কম্ৰে গঢ়ি তুলিছিল। (১৯৭১ চনত প্ৰুষ্টৰ জন্ম শতবাৰ্ষিকীত ইলিয়াৰ্ছক ইলিয়াৰ্ছ-কম্ৰে নামকৰণ কৰা হয়।)
১৮৮২ চনত এঘাৰ বছৰ বয়সত প্ৰুষ্টে লীচ কণ্ডৰচে'টত শিক্ষা আৰম্ভ কৰে। কিন্তু অসুখৰ বাবে তেওঁৰ শিক্ষাত সঘনাই বিঘিনি ঘটিছিল। ইয়াৰ পিছতো তেওঁ চূড়ান্ত বৰ্ষত সাহিত্যত ব্যুৎপত্তিৰ বাবে এটা বঁটা লাভ কৰে। সহাপাঠীসকলৰ সহায়ত তেওঁ উচ্চ মধ্যবিত্তসকলৰ (bourgeoisie) ভোজলৈ যাবলৈ সুযোগ পাইছিল যাৰ অভিজ্ঞতা তেওঁ "ইন্ ছাৰ্চ অৱ লষ্ট টাইম্" উপন্যাসত অন্তৰ্ভুক্ত কৰিছিল।[4]
অসুখীয়া দেহা সত্ত্বেও প্ৰুষ্টে এবছৰ কাল (১৮৮৯-৯০) ফৰাচী সামৰিক বাহিনীত কাম কৰে। তেতিয়া অৰ্লেন্সৰ ক'লিনি বেৰেকৰ অভিজ্ঞতা তেওঁ 'The Guermantes' Way' নামৰ তৃতীয় খণ্ডটোত লিখিছিল। সমাজত উচ্চ স্থানৰ হাবিয়াস থকা প্ৰুষ্টৰ লেখক হোৱাৰ বাসনাত তেওঁৰ শংখলাহীনতাই বাধা দিছিল। ১৯১৩ চনত তেওঁৰ উপন্যাসৰ প্ৰথম খণ্ড "Swann's Way" প্ৰকাশ হওঁতেও সামাজিক উচ্চাকাংক্ষা আৰু অপেছাদাৰী হিচাপে থকা তেওঁৰ দুৰ্নামে অলপ বাধা নিদিয়া নহয়।
১৮৯২ চনত 'Le Banquet'ত প্ৰকাশিত "L'Irréligion d'État" নামৰ প্ৰবন্ধটোত আৰু পুনৰ ১৯০৪ চনত 'Le Figaro'ত প্ৰকাশিত প্ৰবন্ধত প্ৰুষ্টে গীৰ্জা আৰু ৰাজ্যৰ পৃথকতাৰ বিৰোধিতা কৰিছিল। তেওঁ কৈছিল যে গীৰ্জাতকৈ সমাজবাদহে সমাজৰ বাবে অধিক ক্ষতিকাৰক; সাংস্কৃতিক আৰু শৈক্ষিক পৰম্পৰা ৰক্ষা কৰাত গীৰ্জাৰ গুৰুত্ব অপৰিসীম।[5]
মাকৰ সৈতে প্ৰুষ্টৰ নিবিৰ সম্পৰ্ক আছিল। দেউতাকক সন্তুষ্ট কৰিবলৈ প্ৰুষ্টে কেৰিয়াৰ হিচাপে Bibliothèque Mazarineত স্বেচ্ছাসেৱীৰ কাম এটা লৈছিল। পিছে বেমাৰৰ অজুহাতত ছুটী লৈ কেইবাবছৰ হোৱাৰ পিছতহে তেওঁক সেই কামৰ পৰা আঁতৰোৱা হৈছিল। তেওঁ কৰ্মক্ষেত্ৰত কাহিনীও আগ্ৰহ দেখুওৱা নাছিল। মাক-দেউতাকৰ মৃত্যু পৰ্যন্ত তেওঁ পৈতৃক ঘৰতে বাস কৰিছিল।[6]
প্ৰুষ্ট গোপনে এজন সমকামী আছিল।[7] সমকামিতাক সাহিত্যৰ মাজেৰে প্ৰকাশ কৰা প্ৰথম ইউৰোপীয় লেখকসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। লুচিয়েন ডুডে আৰু ৰে'নাল্ড' হানক তেওঁৰ প্ৰেমিক বুলি ভবা হৈছিল।
১৯০০ আৰু ১৯০৫ চনৰ ভিতৰত তেওঁৰ জীৱন আৰু পৰিয়াললৈ ব্যাপক পৰিৱৰ্তন আহে। ১৯০৩ চনৰ ফেব্ৰুৱাৰীত প্ৰুষ্টৰ ভাতৃ ৰবাৰ্টে বিয়া কৰাই পৰিয়ালৰ ঘৰ ত্যাগ কৰে। একে বছৰৰে নৱেম্বৰত তেওঁৰ দেউতাকৰ মৃত্যু হয়।[8] ১৯০৫ চনৰ ছেপ্টেম্বৰত তেওঁৰ মাকেও মৃত্যুবৰণ কৰে। মাকে প্ৰুষ্টলৈ যথেষ্ট সম্পত্তি এৰি গৈছিল। এই গোটেই সময়ছোৱাত প্ৰুষ্টৰ স্বাস্থ্য লাহে লাহে বেয়া হৈ আহে।
প্ৰুষ্টে জীৱনৰ শেষ তিনিটা বছৰ দিনত শুই আৰু ৰাতি কাম কৰি তেওঁ উপন্যাসখন শেষ কৰে।[9] ১৯২২ চনত নিউম'নিয়া আৰু হাওঁফাওঁৰ ফোঁহা হৈ তেওম্ৰ মৃত্যু ঘটে। পেৰিছৰ Père Lachaise Cemetery-ত তেওঁক সমাধি দিয়া হয়।
ৱিকিমিডিয়া কমন্সত মাৰ্চেল প্ৰুষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |