মাৰ্লিন ডিট্ৰিস | |
---|---|
![]() ১৯৫১ চনৰ "ইন্ ন' হাইৱে" বোলছবিত ডিট্ৰিস | |
জন্ম | মেৰী মেগ্ডেলেন ডিট্ৰিস ২৭ ডিচেম্বৰ, ১৯০১ স্ক'নবাৰ্গ, জাৰ্মান সাম্ৰাজ্য |
মৃত্যু | ৬ মে', ১৯৯২ (৯০ বছৰ) পেৰিছ, ফ্ৰান্স |
পেচা | অভিনেত্ৰী/গায়িকা |
সক্ৰিয় হৈ থকা সময় | ১৯১৯-৮৪ |
দাম্পত্যসঙ্গী | ৰুডল্ফ চিবাৰ (১৯২৩-) |
সন্তান | মাৰিয়া ৰীভা, জন্ম ১৩ ডিচেম্বৰ, ১৯২৪ (১০০ বছৰ)[1] |
আত্মীয়-স্বজন | জন মাইকেল ৰীভা (নাতি), জন্ম ২৮ জুন, ১৯৪৮ (৭৬ বছৰ) |
ৱেবছাইট | |
http://www.marlene.com/ |
মাৰ্লিন ডিট্ৰিস (Marlene Dietrich, জাৰ্মান উচ্চাৰণ: [maɐˈleːnə ˈdiːtʁɪç]; ২৭ ডিচেম্বৰ ১৯০১ – ৬ মে' ১৯৯২)[2] আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা।
নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল। জ'চেফ ভন ষ্টাৰ্নবাৰ্গ পৰিচালিত "দা ব্লু এঞ্জেল" চলচ্চিত্ৰৰ "ল'লা-ল'লা" চৰিত্ৰই মাৰ্লিনলৈ আন্তৰ্জাতিক খ্যাতি কঢ়িয়াই আনে আৰু তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰামাউণ্ট পিক্চাৰ্ছৰ লগত চুক্তিবদ্ধ হয়। "চাংহাই এক্সপ্ৰেছ" আৰু "ডিজায়াৰ"ৰ দৰে হলিউডৰ চলচ্চিত্ৰত তেওঁৰ সৌন্দৰ্য আৰু গ্লেমাৰক প্ৰাধান্য দিয়া হৈছিল। এইবোৰ ছবিৰ পিছতে মাৰ্লিন সেই যুগৰ এগৰাকী অন্যতম তাৰকা শিল্পী আৰু সৰ্বোচ্চ পাৰিতোষিক পাওঁতাৰূপে পৰিগণিত হয়। ১৯৩৭ চনত ডিট্ৰিসে আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে[3]। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাতো তেওঁৰ জনপ্ৰিয়তা অটুট আছিল। যদিও যুদ্ধোত্তৰ কালত তেওঁ মাজে-সময়ে ছবিত অভিনয় কৰিছিল, ১৯৫০ৰ পৰা ১৯৭০ চনৰ কালছোৱাত বিশ্বজুৰি সফল অনুষ্ঠান পৰিবেশনেৰেহে ডিট্ৰিসে বেছিভাগ সময় কটাইছিল।
১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানে ( American Film Institute) ডিট্ৰিসক "সৰ্বকালৰ শ্ৰেষ্ঠ মহিলা তাৰকা শিল্পী" হিছাপে অভিহিত কৰে।
ডিট্ৰিসৰ জন্ম হৈছিল ১৯০১ চনত জাৰ্মানিৰ বাৰ্লিনত৷[4] এওঁ ১৯০৭-১৯১৭ চনত অগষ্টা-ভিক্টোৰিয়া বালিকা বিদ্যালয় (Auguste-Viktoria girls school)ত শিক্ষাগ্ৰহণ কৰে৷ ইয়াৰ পৰৱৰ্ত্তী বৰ্ষত ডিট্ৰিসে 'Goethe-Gymnasium Berlin-Wilmersdorf' ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷[5] বিদ্যালয়ত পঢ়ি থকা দিনতে ডিট্ৰিস ভায়লিনৰ প্ৰতি আকৰ্ষিত হয় ইয়াৰ লগে লগে তেওঁ নাটকতো অংশগ্ৰহণ কৰিবলৈ লয়৷ বিভিন্ন বোলছবিত প্ৰথমে সমূহীয়া নৃত্য আদিত অংশ লোৱাৰ পিছত ডিট্ৰিসে ১৯২৩ চনত অৱশেষত The Little Napoleon নামৰ বোলছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰে৷[6]৷ ১৯২৯ চনত ডিট্ৰিসে 'The Blue Angel নামৰ বোলছৱিত ল'লা-ল'লা নামৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে আৰু ইয়াৰ যোগেদিয়ে এওঁ অভিনেত্ৰীৰূপে যথেষ্ট খ্যাতি লাভ কৰে৷
উল্লেখযোগ্য চৰিত্ৰ ৰূপায়ণ: