মিজোৰাম | |
---|---|
দেশ | ভাৰত |
গঠন | ২০ ফেব্ৰুৱাৰী ১৯৮৭ |
ৰাজধানী | আইজল |
বৃহত্তম চহৰ | আইজল |
জিলা | ৪ খন |
চৰকাৰ | |
• বিধান সভা আসন | এককক্ষীয় (৪০খন আসন) |
• লোকসভা সমষ্টি | ১ |
• উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় আইজল আসন |
কালি | |
• মুঠ |
21,081 km2 (8,139 sq mi) |
• স্থান | 24th |
জনসংখ্যা (2011) | |
• মুঠ |
10,91,014 |
• স্থান | 27th |
• ঘনত্ব | 52/km2 (130/sq mi) |
মিজোৰাম (ইংৰাজী: Mizoram) (ইয়াৰ অৰ্থ হৈছে: মি 'মানুহ', জো 'পাহাৰ', ৰাম 'দেশ', পাহাৰীয়া লোকৰ দেশ/ মিজো লোকৰ") হৈছে উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াক চাৰিওদিশৰপৰা ত্ৰিপুৰা, অসম, মণিপুৰ তথা প্ৰতিৱেশী ৰাষ্ট্ৰ বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে। ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত মিজোৰামক ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। মিজোৰামৰ ৰাজধানী হৈছে আইজল।
মিজোৰাম ৰাজ্যখন পাহাৰ, নদী আৰু হ্ৰদৰে ভৰা। মিজোৰামত বিভিন্ন উচ্চতাৰ প্ৰায় ২১টা মান পাহাৰ আছে। ৰাজ্যখনৰ পশ্চিম দিশে থকা পাহাৰৰ গড় উচ্চতা হৈছে প্ৰায় ১০০০মিটাৰ (৩,৩০০ ফুট)। এইবিলাকৰ উচ্চতা পূব দিশলৈ ১৩০০মিটাৰ (৪,৩০০ ফুট) লৈকে বাঢ়ি গৈছে। অন্যহাতে, কিছুমান অঞ্চলৰ উচ্চতা ২০০০মিটাৰ (৬,৬০০ ফুট) তকৈও বেছি। ৰাজ্যখনৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ২২১০মিটাৰ (৭,২৫০ ফুট) উচ্চতাৰ ফাঙপুই ট্লাঙ (নীলা পৰ্বত নামেৰেও জনা যায়) হৈছে মিজোৰামৰ উচ্চতম শৃংগ।
মিজোৰামৰ আটাইতকৈ দীঘল নদীখন হৈছে ছিমটুইপুই (কালাদান নামেৰেও জনা যায়)। ম্যানমাৰৰ "ছিন ৰাজ্য"ত এই নদীৰ উৎপত্তি হৈ দক্ষিণ মিজোৰামৰ ছাইহা আৰু লঙট্লাই জিলাৰ মাজেদি বৈ গৈছে। ইয়াৰ পিছত পুনৰ ম্যানমাৰত প্ৰৱেশ কৰি বংগোপ সাগৰত পৰিছেগৈ। আন কেইখনমান উল্লেখযোগ্য নদী হৈছে ট্লাং, টুট, টুইৰেল আৰু টুইৱল। এই নদীসমূহ উত্তৰ অঞ্চলেদি বৈ গৈ কাছাৰ জিলাৰ বৰাক নদীত লগ লাগিছেগৈ। দক্ষিণ মিজোৰামৰ উল্লেখযোগ্য নদী হৈছে ম্যানমাৰত উৎপত্তি হোৱা ছিমটুইপুই নদী। এই নদীৰ চাৰিখন উপনদী আছে। স্বাধীনতাৰ পূৰ্বে, উত্তৰ দিশত ছিমটুইপুই নদীয়েদি কাছাৰ হৈ আৰু দক্ষিণ দিশে বাংলাদেশৰ "চিট্টাগঙ" হৈ মিজোৰামলৈ যাব পৰা গৈছিল। ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভক্ত হোৱাৰ পিছত চিট্টাগঙ জলপথটো বন্ধ কৰি দিয়া হ’ল।
ছাইহা জিলাত অৱস্থিত "পালক হ্ৰদ" হৈছে মিজোৰামৰ আটাইতকৈ ডাঙৰ হ্ৰদ। ই প্ৰায় ৩০ হেক্টৰ (৭৪ একৰ) জুৰি বিস্তৃত হৈ আছে। বিশ্বাস কৰা হয় যে, কোনো এক ভূমিকম্প অথবা বানপানীৰ ফলত এই হ্ৰদটোৰ সৃষ্টি হৈছিল। অন্য এটা প্ৰাকৃতিক হ্ৰদ হৈছে টামডিল হ্ৰদ। ই আইজলৰ পৰা ৮৫ কিঃমিঃ (৫৩ মাইল) দূৰত অৱস্থিত। কিংবদন্তি মতে, এসময়ত সেই ঠাইত এজোপা ডাঙৰ সৰিয়হ গছ আছিল। যেতিয়া সেই গছজোপা কাটি পেলোৱা হৈছিল, তেতিয়া গছজোপাৰ পৰা ওলোৱা পানীয়ে এটা জলাশয়ৰ সৃষ্টি কৰিছিল। সেয়ে এই হ্ৰদটোৰ নাম "টামডিল হ্ৰদ" (অৰ্থাৎ সৰিয়হ গছৰ হ্ৰদ) ৰখা হ’ল। বৰ্তমান এই হ্ৰদটো পৰ্য্যটকৰ এক কেন্দ্ৰস্থল হৈ পৰিছে। মিজো বুৰঞ্জীৰ আন এটা উল্লেখযোগ্য হ্ৰদ হৈছে "ৰিহ ডিল।" ভাৰত-ম্যানমাৰ সীমান্তৰপৰা কেই কিঃমিঃ দূৰত এই হ্ৰদটো অৱস্থিত (বৰ্তমান এই হ্ৰদটো ম্যানমাৰৰ অন্তৰ্গত)। বিশ্বাস কৰা হয় যে, মৃত্যুৰ পাছত আত্মাবিলাক এই হ্ৰদ পাৰ হৈ "পিয়ালৰাল" বা স্বৰ্গলৈ যায়।
মিজোৰামৰ গড় উষ্ণতা ৭ ডিগ্ৰী ছেলছিয়াছ (৬৮ ডিগ্ৰী ফাৰেনহাইট )ৰপৰা ২১ডিগ্ৰী ছেলছিয়াছ (৮৪ ডিগ্ৰী ফাৰেনহাইট )ৰ ভিতৰত। মৌচুমী বায়ুৰ প্ৰভাৱত ইয়াত মে’ মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ ঘন বৃষ্টিপাত হয় আৰু ঠাণ্ডা কালত কম বৰষুণ হয়। মিজোৰামৰ বাৰ্ষিক গড় হৈছে বৃষ্টিপাত ২৫৪ছেঃমিঃ (১০০ ইঞ্চি)। ইয়াৰ ৰাজধানী আইজলৰ বাৰ্ষিক গড় বৃষ্টিপাত ২০৮ছেঃমিঃ (৮২ ইঞ্চি) আৰু লুংলেৰবাৰ্ষিক গড় বৃষ্টিপাত ৩৫০ছেঃমিঃ (১৩৮ ইঞ্চি)।
মিজোৰামক সাৰ্বভৌমত্ব স্বাধীন কৰাৰ লক্ষ্যৰে ১৯৬১ চনৰ ২২ অক্টোবৰত লালডেঙগাৰ নেতৃত্বত "মিজো নেচনেল ফ্ৰণ্ট" নামৰ এটা ৰাজনৈতিক দল গঠন হৈছিল। ১৯৬৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আইজল, লুংলে, ছৱাংটে, ছিমলুৱাঙ আৰু মিজোৰামৰ বিভিন্ন ঠাইত বিদ্ৰোহ আৰম্ভ হৈছিল। এই আন্দোলন দমন কৰিবৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে বিমান বাহিনী ব্যৱহাৰ কৰা হৈছিল। আইজলৰ ৬২ বছৰীয়া ৰ’থাংপুইয়াৰ ভাষ্য মতে, "১৯৬৬ চনৰ ৪ মাৰ্চৰ পিছবেলা জেট বিমানৰদ্বাৰা আইজল আক্ৰমণ কৰিছিল। পিছদিনাখন কেইবাঘণ্টা ধৰি বোমাবৰ্ষণ কৰাৰ ফলত দ্বাৰপুই আৰু ছিংগা ভেং অঞ্চল বিধ্বস্ত হৈছিল।" [2] ১৯৬৭ চনত মিজো নেচনেল ফ্ৰণ্টক বেআইনী ঘোষণা কৰা হয় আৰু ইয়াৰ ফলত তেওঁলোকৰ মিজোৰাম ৰাজ্যৰ দাবী বাঢ়ি যায়। মিজো জিলা পৰিষদৰ প্ৰতিনিধি দলে সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক লগ কৰে আৰু মিজোৰামক এখন পূৰ্ণ ৰাজ্য হিচাপে দাবী কৰে। ১৯৭১ চনৰ জুলাই মাহত ভাৰত চৰকাৰে "মিজো হিলছ"ক কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিয়ে। মিজো নেতাসকলে এই প্ৰস্তাৱ মানি লয়।
মিজো যুৱক-যুৱতীসকলে পৰম্পৰাগত ৰীতি-নীতি পৰিত্যাগ কৰি পশ্চিমীয়া সংস্কৃতি গ্ৰহণ কৰিছে। এওঁলোকে বৰদিন আটাইতকৈ উলহ-মালহেৰে পালন কৰে। নিকটৱৰ্তী গীৰ্জাসমূহে বৰদিনৰ আয়োজন কৰে। ইয়াত স্থানীয় লোকসকলে মিলি সমজুৱাকৈ ভোজ খায়। পৰম্পৰাগত মিজো উৎসৱসমূহ কৃষি কাৰ্য্যৰ লগত সম্বন্ধ আছে।
২০১১ চনৰ লোকপিয়ল মতে, মিজোৰামে হৈছে একমাত্ৰ ৰাজ্য, য’ত গৃহহীন লোক পোৱা নাযায়। মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯১.৫৮%, কেৰালাৰ পাছতেই দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক।
জনসংখ্যা বৃদ্ধি | |||
---|---|---|---|
লোকপিয়ল | জনসংখ্যা | %± | |
১৯৫১ | 1,96,000 | ||
১৯৬১ | 2,66,000 | 35.7% | |
১৯৭১ | 3,32,000 | 24.8% | |
১৯৮১ | 4,94,000 | 48.8% | |
১৯৯১ | 6,90,000 | 39.7% | |
২০০১ | 8,89,000 | 28.8% | |
২০১১ | 10,91,000 | 22.7% | |
উৎস:ভাৰতীয় লোকপিয়ল[3] |
মিজো হৈছে মিজোৰামৰ চৰকাৰী ভাষা আৰু বহুলভাৱে ব্যৱহৃত ভাষা। কিন্তু শিক্ষা, প্ৰশাসন আৰু আনুষ্ঠানিক কাৰ্য্যত ইংৰাজী ভাষা বহুলভাৱে ব্যৱহৃত কৰা হয়। দুহলিয়ান উপভাষা (লুছাই ভাষাও বোলা হয়) মিজোৰামৰ প্ৰথম ভাষা আছিল আৰু পৰৱৰ্তী কালত ই "মিজো ভাষা" নামেৰে জনা যায়। এই ভাষাটো বিভিন্ন উপভাষা যেনে "হ্মাৰ ভাষা", "মাৰা ভাষা", "লাই ভাষা", "পাইতে ভাষা", "গাঙতে ভাষা" ইত্যাদিৰ লগত মিহলি হৈ যায়। খ্ৰীষ্টীয়ান মিছনাৰীসকলে মিজো পাণ্ডুলিপি প্ৰস্তুত কৰি উলিয়াইছিল। অষ্টম মান শ্ৰেণীলৈকে হিন্দী পঢ়া বাধ্যতামূলক। তথাপি হিন্দী ভাষাৰ প্ৰচলন বহুত কম। ইয়াৰ নেপালী প্ৰব্ৰজন লোকসকলে নেপালী ভাষা ব্যৱহাৰ কৰে।
মিজো লোকসকলৰ ভিতৰত প্ৰায় ৮৭% হৈছে খ্ৰীষ্টান ধৰ্ম লোক।[4] ২০০১ চনৰ লোকপিয়ল মতে, মুঠ জনসংখ্যাৰ ৩.৬% লোক হিন্দু ধৰ্মৰ, ১১% লোক মুছলমান ধৰ্মৰ আৰু প্ৰায় ৮.৩% হৈছে বৌদ্ধ ধৰ্মৰ লোক।[4] ইয়াৰ উপৰিও প্ৰায় ৮,০০০ মান লোকে জুদাইক গোটৰ ব্নেই মেনাছে (Bnei Menashe)ক বিশ্বাস কৰে।
১৮৯৪ চনত খ্ৰীষ্টান মিছনেৰীসকলে প্ৰাথমিক শিক্ষা আৰম্ভ কৰা সময়লৈকে মিজোসকল অশিক্ষিত আছিল। তেওঁলোকৰ কোনো লিখিত লিপি নাছিল। ১৮৯৮ চনত প্ৰথমখন প্ৰাইমেৰী স্কুল স্থাপন কৰা হৈছিল। ১৯০১ চনত মিজোৰামৰ সাক্ষৰতা হাৰ আছিল ০.৯% আৰু ২০০৫ চনৰ লোকপিয়ল মতে মিজোৰামৰ সাক্ষৰতা হাৰ হৈছে ৯৫%। বৰ্তমান মিজোৰামৰ সাক্ষৰতা হাৰ দেশৰ ভিতৰত দ্বিতীয় সৰ্বাধিক। শিক্ষা মন্ত্ৰালয়ৰ অধীনত কেইবাখনো বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হৈছে। মিজোৰাম বিশ্ববিদ্যালয়ৰ অধীনত ২৯খন স্নাতক ডিগ্ৰীৰ মহাবিদ্যালয় আৰু দুখন পেচাদাৰী প্ৰতিষ্ঠান আছে। "নেচনেল ইনষ্টিটিউট অফ টেকন’লজি, মিজোৰাম" আৰু "ইণ্ডিয়ান ইনষ্টিটিউট অফ মাচ কমিউনিকেশ্বন" নামৰ দুখন শৈক্ষিক প্ৰতিষ্ঠান কাৰ্য্যক্ষম হৈ উঠিছে। ব্যৱসায় সম্বন্ধীয় শিক্ষাৰ বাবে "আই চি এফ এ আই, মিজোৰাম" আৰু পশু চিকিৎসা সম্বন্ধীয় শিক্ষাৰ বাবে "কলেজ অফ ভেটেৰিনেৰী চায়েঞ্চেচ এণ্ড এনিমেল হাজবেন্দ্ৰী, আইজল, মিজোৰাম" নামৰ শৈক্ষিক প্ৰতিষ্ঠানখন আইজলত প্ৰতিষ্ঠা কৰা হৈছে।[5]
১৮৯০ দশকত ব্ৰিটিছসকলে মিজোৰাম দখল কৰাৰ পিছত অসমৰ লুছাই হিলছ জিলা হিচাপে শাসন কৰা হৈছিল। ১৯৫৪ চনত অসম ৰাজ্যৰ মিজো হিলছ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল। সেই বছৰতেই "মিজো যুৱক সমিতি" (Young Mizo association) গঠন হৈছিল আৰু বৰ্তমানো এই সমিতিটো কাৰ্য্যক্ষম হৈ আছে। নিজ জাতিৰ পৰিচয় ৰক্ষা আৰু ৰাজনৈতিক মতৰ পাৰ্থক্যৰ ফলত ১৯৬৬ চনত সশস্ত্ৰ মিজো নেচনেল ফ্ৰণ্ট গঠন কৰা হয়। এনেদৰে মিজোৰামত বিদ্ৰোহ আৰম্ভ হয়। এই বিদ্ৰোহৰ ফলতেই ১৯৭২ চনত মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।
১৯৮৬ চনত ভাৰত চৰকাৰ আৰু "মিজো নেচনেল ফ্ৰ’ণ্ট"ৰ মাজত এখন স্মাৰকপত্ৰ নিস্পত্তিকৰণ স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত প্ৰাদেশিক মৰ্য্যাদা আইন (Statehood Act of 1986) মতে, ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ ২৩তম ৰাজ্য হিচাপে এখন পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰে।
ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ দৰেই, মিজোৰামৰ ৰাজ্য চৰকাৰৰ প্ৰধান হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত ৰাজ্যপাল। অন্যহাতে, ৰজ্যখনৰ প্ৰশাসনিক ক্ষমতা থাকে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ উপদেশ মতে ৰাজ্যপালে কেবিনেট মন্ত্ৰীসকলক নিয়োগ কৰে। মিজোৰামৰ বিধান সভা আসনৰ প্ৰকাৰ হৈছে এককক্ষীয় (unicameral legislature)। লাইছ, মাৰাছ আৰু ছাকমাৰ সুকীয়া স্বায়ত্ত্ব শাসিত জিলা পৰিষদ আছে।
মিজোৰামৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা ৪০ খন। মিজোৰমৰ গাঁও পৰিষদসমূহ হৈছে গণতন্ত্ৰ আৰু নেতৃত্বৰ মূল ভেটি।
মিজোৰামৰ জনজাতিসমূহৰ কাৰণে তিনিখন স্বায়ত্ত্ব শাসিত জিলা পৰিষদ আছে।
মিজোৰামত প্ৰায় ২০ বিধমান থলুৱা প্ৰজাতিৰ বাঁহ পোৱা যায়। ৰাজ্যখনৰ প্ৰায় ৩০% অঞ্চল বাঁহ গছৰ হাবিৰে আৱৰি আছে। মিজোৰামে বাৰ্ষিক ভাৰতৰ ৪০% বাঁহ (প্ৰায় ৮ কোটি টন) উৎপাদন কৰে। বাঁহ গছসমূহ ইন্ধন, সাৰ ইত্যাদি হিচাপে ব্যৱহাৰ কৰিবলৈ বিভিন্ন গৱেষণা চলি আছে। লগতে প্ৰচুৰ পৰিমাণে শেগুন গছৰ কাঠ পোৱা যায়। বৰ্তমান মিজোৰামৰ প্ৰায় ভাগ মানুহে শেগুন ব্যৱসায়ৰ লগত জড়িত। মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ তেওঁলোকে শেগুন ৰপ্তানি কৰা দেখা যায়।
মিজোৰামৰ জলবায়ু বিষুৱীয় আৰু নাতিশীতোষ্ণ হোৱাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ শস্যৰ খেতি কৰা যায়। মিজোৰামৰ বছৰত প্ৰায় আঠৰপৰা দহ মাহলৈকে বৰষুণ হয়। বাৰ্ষিক বৃষ্টিপাত ১৯০০ ছেঃমিঃ (৭৫ ইঞ্চি)ৰপৰা ৩০০০মিঃমিঃ (১২০ইঞ্চি)লৈকে হয়। সেয়ে ৭০% শতাংশৰো অধিক লোক কৃষিৰ লগত জড়িত। গাঁও অঞ্চলত প্ৰধানতঃ ঝুম খেতি কৰা হয়। সাম্প্ৰতিক কালত, "গডৰেজ এগ্ৰ’ৱেট লিমিটেড" নামৰ সংস্থানটোৱে মিজো লোকসকলক জীৱ-ইন্ধন (Biofuel) বাবে জেট্ৰ’ফা খেতিৰ প্ৰতি উৎসাহিত কৰা দেখা গৈছে।[6]
সাম্প্ৰতিক কালত মিজোৰামত খাদ্য সংৰক্ষণ কৰাত গুৰুত্ব দিছে। "MIFCO" নামৰ সংস্থানটোৱে স্থানীয় বাঁহৰ খৰিছা সংৰক্ষণ কৰি সফলতা অৰ্জন কৰিছে।
মিজো মহিলাই বস্ত্ৰ আৰু বয়ন শিল্পৰ বাবে তাঁতশালৰ ব্যৱহাৰ কৰে। স্থানীয় উৎপাদিত বস্তুসমূ্হ আন আন বস্তুৰ লগত মিহলি কৰি চৌখিন তথা উৎকৃষ্ট মানৰ সামগ্ৰী উৎপাদন কৰা হয়। মিজোসকলে পিন্ধিবলৈ পোৱান ছে (puan chei) আৰু কাৱৰ ছেই (Kawr chei) ব্যৱহাৰ কৰে। ভিন্নৰঙী পৰাম্পৰাগত মোনাক খিয়াঙ কাৱি (Khiang kawi) বোলা হয়। মিজোৰামৰ বৈশিষ্ট্যস্বৰূপ ব্লেংকেটক প’নপুই (Pawnpui)বোলা হয়।
পাচি প্ৰস্তুত কৰাও মিজোসকলৰ মাজত দেখা যায়। পাচিবিলাকক এম (Em) আৰু ধান চাফা কৰিবলৈ ব্যৱহাৰ কৰা থালবোৰক থ্লাংগ্ৰা (Thlangra) বোলা হয়। এইবোৰ সঁজুলি বাঁহৰপৰা প্ৰস্তুত কৰা হয়। মিজোৰামৰ ঘৰসমূহৰ বৈশিষ্ট্য হৈছে যে, ইয়াক বাঁহ, শুকান খেৰ, মাটি আৰু কাঠ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। কিন্তু সাম্প্ৰতিক কালত ঘৰসমূহ ইটা, কংক্ৰিট আৰু টিনপাত ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়। আইজলৰপৰা কেই কিঃমিঃমান নিলগৰ "ৰেইক"ত এখন মিজো আদৰ্শ গাঁও পুনৰ নিৰ্মাণ কৰা হৈছে।
মিজোৰামৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আৰু জলবায়ু কাৰণে ৰাজ্যখনক পৰ্য্যটন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰি ইয়াৰপৰা কৰ সংগ্ৰহ কৰি ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰাৰ বহুতো থল আছে। সেয়ে পৰ্য্যটন বিভাগত কেইবাটাও প্ৰকল্প আৰম্ভ কৰা হৈছে। ৰাজ্যখনত বিভিন্ন প্ৰজাতিৰ পক্ষী পোৱা যায় আৰু ইয়াক পৰ্য্যটকৰ গন্তব্যস্থললৈ উন্নীত কৰাৰো থল আছে।[7] মিজোৰামত বনৰীয়া ম’হ (Wild Water Buffalo)[8] আৰু "লুছাই হিল"ত সুমাত্ৰান গঁড় পোৱা যায়।[9] গেঙপুই (Ngengpui) আৰু ডাম্পা অভয়াৰণ্যত কিছু সংখ্যক বনৰীয়া হাতীও পোৱা যায়।[10] যিসকল পৰ্য্যটকৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আগ্ৰহ বেছি, তেওঁলোকৰ বাবে মিজোৰামৰ পূব অঞ্চল বেছি আকৰ্ষণীয়। কেইটামান উল্লেখযোগ্য আকৰ্ষণীয় কেন্দ্ৰ হৈছে: মিজো কবিসকলৰ মুকলিক্ষেত্ৰ, (মিজো ভাষাত মিজো হ্লকুংপুই মুৱাল () নামেৰে জনাজাত), প্ৰাগৈতিহাসিক যুগৰ বৃহৎ আকাৰৰ শিলাখণ্ড (স্থানীয় ভাষাত কাৱ্তছুআহ ৰ’পুই (Kawtchhuah Ropui) নামেৰে জনাজাত) লামছিয়াল গুহা আৰু ৱানট্ৱাং জলপ্ৰপাত।
মিজোৰামৰ গাঁৱৰ লোকসকলে স্থানীয় বনৌষধি বনাঞ্চলৰপৰা সংগ্ৰহ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বনৌষধিৰ চাহিদা বাঢ়ি যোৱাৰ লগে লগে বহুতো স্থানীয় প্ৰজাতি বিৰল হৈ পৰিছে।
মিজোৰামত পৰ্য্যাপ্ত পৰিমাণৰ শক্তিৰ অভাৱ। তথাপি জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা শক্তি আহৰণ কৰি ইয়াৰ চাহিদা পূৰণ কৰিব পৰা যাব। কিছুমান অঞ্চলত বিজুলীবাতিৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা হয়। মিজোৰামত ২২ টাকৈ ডিজেল চালিত পাৱাৰ ষ্টেছন (২৬.১৪ মেগাৱাট) আৰু ৯টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প (৮.২৫ মেগাৱাট) আছে। ৬৪ মেগাৱাট ক্ষমতা সম্পন্ন টুইৰিয়াল বান্ধৰ নিৰ্মাণ কাৰ্য্য চলি আছে আৰু ২০১৩ চনলৈ ই কাৰ্য্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।
মিজোৰামৰ পথৰ মুঠ দৈৰ্ঘ্য হৈছে প্ৰায় ৪০০০কিঃমিঃ (২৫০০ মাইল)। ৰাজ্যখন ভাৰতবৰ্ষৰ লগত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা সংযোগ আছে। আনটো ৰাষ্ট্ৰীয় ঘাইপথ ১৫০নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে মিজোৰামৰ ছেলিঙক মণিপুৰৰ ইম্ফালক আৰু ৪০এ নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে ত্ৰিপুৰাৰ লগত সংযোগ কৰিছে।
মিজোৰামৰ একমাত্ৰ বিমানবন্দৰ হৈছে আইজলৰ ওচৰত অৱস্থিত লেংপুই বিমানবন্দৰ। কলকাতাৰ বিমানবন্দৰৰ পৰা ইয়ালৈ পৰা প্ৰায় ৪০ মিনিট সময় লাগে। মিজোৰামৰ নিকটৱৰ্তী অন্যটো বিমানবন্দৰ হৈছে অসমত অৱস্থিত শিলচৰ বিমানবন্দৰ। আইজলৰপৰা শিলচৰলৈ প্ৰায় ২০০ কিঃমিঃ (১২০ মাইল) দূৰত্ব।
মিজোৰামৰ একমাত্ৰ ৰেল ষ্টেচন হৈছে "বৈৰবী ৰেল ষ্টেচন।" এই ৰেল ষ্টেচন মুখ্যতঃ বয়-বস্তু পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়। আনটো নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে অসমৰ "শিলচৰ ৰেল ষ্টেচন", আইজলৰ পৰা প্ৰায় ৬ ঘণ্টাৰ যাত্ৰা। আইজলৰপৰা বৈৰবী ৰেল ষ্টেচনলৈ দূৰত্ব হৈছে ১১০ কিঃমিঃ (৬৮ মাইল) আৰু শিলচৰ ৰেল ষ্টেচনলৈ দূৰত্ব হৈছে ১৮০ কিঃমিঃ (১১০ মাইল)। বৰ্তমান চৰকাৰে ব্ৰড গজ লাইনৰ "বৈৰবী ছাইৰাঙ ৰেলৱে" নিৰ্মাণ কৰাৰ যো-জা চলাৰ আছে।
ৱিকিমিডিয়া কমন্সত মিজোৰাম সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
অসম | মণিপুৰ | |||
ত্ৰিপুৰা | ম্যানমাৰ | |||
মিজোৰাম | ||||
বাংলাদেশ |
|
|