মিডনাইটছ চিলড্ৰেন | |
---|---|
![]() | |
লেখক | ছলমান ৰুশ্বদী |
প্ৰচ্ছদ শিল্পী | বিল বটেন |
দেশ | যুক্তৰাজ্য |
ভাষা | ইংৰাজী |
প্ৰকাৰ | যাদুকৰী বাস্তৱবাদ, ইতিহাসভিত্তিক কল্পকাহিনী |
প্ৰকাশক | জোনাথন কেপ |
প্ৰকাশ | ১৯৮১ |
মিডিয়া প্ৰকাৰ | ছপা (পকাবন্ধা আৰু কেঁচাবন্ধা) |
পৃষ্ঠা সংখ্যা | ৪৪৬ |
আই.এচ.বি.এন. | 0-224-01823-X |
অ.চি.এল.চি নং | 8234329 |
মিডনাইটছ চিলড্ৰেন (ইংৰাজী: Midnight's Children) হৈছে ১৯৮১ চনত ৰচিত ছলমান ৰুশ্বদীৰ এখন উপন্যাস। উপন্যাসখনত ইংৰাজ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীনতাৰ সময়লৈকে হোৱা ভাৰতৰ ৰূপান্তৰ আৰু ভাৰত বিভাজনৰ কথা তুলি ধৰা হৈছে। ইয়াক উত্তৰ-ঔপনিৱেশিক, উত্তৰ-আধুনিক তথা যাদুকৰী বাস্তৱবাদী ধাৰাৰ সাহিত্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰি। উপন্যাসখনৰ ধাৰাভাষ্যকাৰ ছালিম চিনাই হৈছে প্ৰকৃত ইতিহাসৰ ভিত্তিত ৰচিত কাহিনীটোৰ মুখ্য নায়ক। নায়কে প্ৰথম পুৰুষত কাহিনীভাগ বৰ্ণনা কৰিছে।
মিডনাইটছ চিলড্ৰেনে ১৯৮১ চনত বুকাৰ বঁটা জেমছ টেইট ব্লেক মেমোৰিয়েল প্ৰাইজ লাভ কৰে [1] ১৯৯৩ আৰু ২০০৮ চনত বুকাৰ বঁটাৰ ২৫তম আৰু ৪০তম জয়ন্তী উদযাপনৰ সময়ত উপন্যাসখনে বুকাৰ অফ বুকাৰছ বঁটা আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বঁটা বিজয়ীৰ সন্মান লাভ কৰে।[2][3] ২০০৩ চনত বিবিচিয়ে যুক্তৰাজ্যৰ সৰ্বাধিক-প্ৰিয় উপন্যাসসমূহৰ চলোৱা দ্য বিগ ৰীড নামৰ এক সমীক্ষাৰ তালিকাত উপন্যাসখনে স্থান লাভ কৰে।[4] পেংগুইন বুকছে এই উপন্যাসখনক বিংশ শতিকাৰ মহৎ গ্ৰন্থৰ তালিকাত স্থান দিয়ে।
মিডনাইটছ চিলড্ৰেনৰ কাহিনীভাগ ভাৰতৰ স্বাধীনতা আৰু ভাৰত বিভাজনৰ সময়ছোৱাত সংঘটিত হোৱা এলানি ঘটনাৱলীৰ বিৱৰণ। কাহিনীৰ মূল নায়ক তথা ধাৰাভাষ্যকাৰ ছালিম চিনাই। ভাৰত স্বাধীন হোৱাৰ মুহূৰ্তটোতে তেওঁৰ জন্ম হৈছিল। তেওঁ আছিল মনঃসংযোগ শক্তি বা টেলিপেথীৰ অধিকাৰী আৰু নিৰন্তৰ পানী ওলাই থকা এটা নাকৰ গৰাকী। উপন্যাসখন তিনিটা খণ্ডত ভগোৱা হৈছে।
প্ৰথম খণ্ডটো চিনাই পৰিয়ালৰ কাহিনীৰে আৰম্ভ হৈছে আৰু ইয়াৰ ঘটনাক্ৰম ভাৰতৰ স্বাধীনতা আৰু বিভাজনৰ দিশে আগবাঢ়িছে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ ঠিক মাজৰাতি ছালিমৰ জন্ম হয়। পৰৱৰ্তী সময়ত তেওঁ আৱিষ্কাৰ কৰে যে উক্ত দিনটোত নিশা ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত ভাৰতত জন্মলাভ কৰা সকলোবোৰ শিশুৱেই একোটা বিশেষ শক্তি লাভ কৰে। ছালিমে তেওঁৰ মনঃসংযোগৰ শক্তি ব্যৱহাৰ কৰি এখন বিশাল তথা সাংস্কৃতিক, ভাষিক, ধাৰ্মিক আৰু ৰাজনৈতিক ভিন্নতাৰে ভৰা দেশ হিচাপে ভাৰতে সন্মুখীন হোৱা বিষয়সমূহ প্ৰতিফলিত কৰি 'মিডনাইটছ চিলড্ৰেনছ কনফাৰেঞ্চ' গঠন কৰে। ছালিমে ভৌগোলিকভাৱে সিঁচৰতি হৈ থকা শতাধিক শিশুৰ মাজত নিজৰ শক্তিৰ সহায়েৰে যোগাযোগৰ মাধ্যম হিচাপে কাম কৰে আৰু সিহঁতে নিজৰ নিজৰ শক্তিসমূহৰ অৰ্থোদ্ধাৰ কৰাৰ যত্ন কৰে। যিসমূহ শিশোৱে মধ্যৰাতি অৰ্থাৎ ১২ বজাৰ ওচৰে-পাজৰে জন্মগ্ৰহণ কৰিছিল তেওঁলোকে অন্য শিশুতকৈ অধিক বলৱান একোটা শক্তিৰ অধিকাৰী আছিল। উদাহৰণ স্বৰূপে শিৱ আৰু পাৰ্বতী নামৰ দুটি শিশু উল্লেখযোগ্য শক্তিৰ অধিকাৰী আৰু তেওঁলোকে কাহিনীটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
ইফালে ছালিমৰ পৰিয়ালে একাধিকবাৰ প্ৰব্ৰজন কৰে আৰু দেশখন কোঙা কৰি পেলোৱা কেইবাখনো যুদ্ধৰ মুখামুখি হয়। উক্ত সময়ছোৱাত ছালিমে স্মৃতিশক্তিৰ ক্ষয় ৰোগত ভোগে আৰু সুন্দৰবনত এক আতিভৌতিক নিৰ্বাসনৰ কাল পাৰ কৰে। সেই ঠাইত তেওঁ নিজৰ স্মৃতিশক্তি ঘূৰাই পায় আৰু নিজৰ বাল্যবন্ধুসকলকো পুনৰ লগ পায়। পিছলৈ তেওঁ ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীয়ে কৰা জামা মছজিদৰ উচ্ছেদৰ বিতৰ্কতো জড়িত হৈ পৰে। এছোৱা কাল ছালিমে ৰাজনৈতিক বন্দী হিচাপে পাৰ কৰে। তেওঁ নিজৰ পুত্ৰৰ বাবে তেতিয়াও যুৱাৱস্থাত থকা নিজৰ দেশখনৰ লগতে নিজৰ ব্যক্তিগত ইতিহাস লিপিবদ্ধ কৰে।
উপন্যাসখনে ১৯৮১ চনত বুকাৰ বঁটা আৰু ইংলিছ স্পীকিং ইউনিয়ন লিটাৰেৰি এৱাৰ্ড লাভ কৰে। বুকাৰ বঁটাৰ ২৫তম আৰু ৪০তম জয়ন্তী উপলক্ষে যথাক্ৰমে ১৯৯৩ আৰু ২০০৮ চনত উপন্যাসখনক সৰ্বশ্ৰেষ্ঠ বুকাৰ বঁটা (দ্য বেষ্ট অফ দ্য বুকাৰ) প্ৰদান কৰা হয়।[3]
কেৱল যুক্তৰাজ্যতে উপন্যাসখনৰ ১০ লাখ কপিৰ বিক্ৰী হয়।[5]
১৯৮৪ চনত ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে উপন্যাসখনৰ অষ্টবিংশ অধ্যায়ৰ এটা বাক্যত উল্লেখ থকা এটা বাক্যৰ বাবে ব্ৰিটিছ আদালতত মানহানিৰ গোচৰ তৰে। উক্ত বাক্যটোত ইন্দিৰা গান্ধীৰ পুত্ৰ ফিৰোজ গান্ধীয়ে মাতৃ ইন্দিৰা গান্ধীৰ অৱহেলাই পিতৃ ফিৰোজ গান্ধীৰ মৃত্যুত অৰিহণা যোগোৱা বুলি দোষাৰোপ কৰাৰ কথা আছিল। ৰুশ্বদীয়ে মিডনাইটছ চিলড্ৰেনৰ উক্ত বাক্যশাৰী উঠাই লোৱাৰ বাবে মান্তি হোৱাত গোচৰটোৰ সিমানতে মীমাংসা হয়।[6]