মিল এণ্ডছ পাৰ্ক | |
---|---|
২০১৮ চনৰ পাৰ্কখন | |
ধৰণ | নগৰীয়া পাৰ্ক |
স্থান | পৰ্টলেণ্ড, অৰেগন |
স্থানাংকসমূহ | 45°30′58″N 122°40′24″W / 45.516213°N 122.673254°Wস্থানাংক: 45°30′58″N 122°40′24″W / 45.516213°N 122.673254°W |
Area | 452 sq in (সাঁচ:Convert/) |
Created | ১৯৪৮ |
Operated by | পৰ্টলেণ্ড পাৰ্কছ এণ্ড ৰিক্ৰিয়েছন |
মিল এণ্ডছ পাৰ্ক (ইংৰাজী: Mill Ends Park)[1] হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাউনটাউনৰ এচডব্লিউ টেইলৰ ষ্ট্ৰীটৰ ওচৰৰ উইলামেট নদীৰ কাষৰ টম মেককল ৱাটাৰফ্ৰণ্ট পাৰ্কৰ কাষত এচডব্লিউ নেইট' পাৰ্কৱেৰ মধ্যৱৰ্তী ষ্ট্ৰিপত অৱস্থিত পৰ্টলেণ্ড, অৰেগনৰ এখন সৰু নগৰীয়া উদ্যান। এই উদ্যানখন এজোপা গছৰে গঠিত। উদ্যানখনৰ দৈৰ্ঘ্য ২ ফুট (০.৬১ মিটাৰ) এটা সৰু বৃত্তৰ এই পাৰ্কখনৰ মুঠ আয়তন ৪৫২ বৰ্গ ইঞ্চি (০.২৯২ মিটাৰ)। ১৯৭১ চনত প্ৰথমবাৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰা গিনিজ বুক অৱ ৰেকৰ্ডছৰ মতে ই বিশ্বৰ আটাইতকৈ সৰু উদ্যান যদিও ২০২২ চনত এই অভিলেখৰ কৃতিত্ব অৰেগনৰ টেলেণ্টৰ ৭৮ বৰ্গ ইঞ্চি (৫০০ চে.মি )ৰ আন এখন উদ্যানক দিয়া হয়।[2][3]
১৯৪৮ চনত মিল এণ্ডছ পাৰ্কৰ নাম আছিল দক্ষিণ-পশ্চিম ফ্ৰণ্ট এভিনিউ। ঠাইকনত এটা পোহৰৰ খুঁটাৰ বাবে গাত খন্দা হৈছিল। অৱশ্যে উক্ত স্থানত খুঁটাটো নোপোতাত গাতটোত অপতৃণ গজি উঠিল, এইকথা অৰেগন জাৰ্নেলৰ স্তম্ভলেখক ডিক ফেগানে মন কৰিছিল। তেওঁ গাঁতটোত এজোপা ফুল ৰোপণ কৰি তেওঁৰ কাকতত লিখা নিৰ্দিষ্ট লেখাৰ শিৰোনাম "মিল এণ্ডছ"ৰে উক্ত স্থানৰ নামকৰণ কৰিলে, (এটা বাকী থকা অনিয়মিত টুকুৰাৰ উল্লেখ কাঠৰ মিলত কাঠ)।[4] তেওঁ এইস্থানক পৃথিৱীৰ একেবাৰে সৰু উদ্যান বুলি প্ৰচাৰো চলাইছিল।
ডিক ফাগান আইৰিচ বংশোদ্ভূত আছিল। তেওঁ ভাষ্য অনুসৰি এই উদ্যান আছিল আয়াৰলেণ্ডৰ পশ্চিমে একমাত্ৰ লেপ্ৰিকন কলনি। ১৯৭৬ চনত উদ্যানখন আইৰিচ সাধু পেট্ৰিকৰ স্মৰণত উদযাপিত 'সাধু পেট্ৰিক দিৱস' উপলক্ষে উৎসৰ্গা কৰা হৈছিল।[5]