মিহিৰ কান্তি চৌধুৰী | |
---|---|
জন্ম | ২১ জুলাই, ১৯৪৭ অসম, ভাৰত |
বাসস্থান | গুৱাহাটী, অসম, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
জনা যায় | ডাই হাইড্ৰজেন আৰু ফ্লৰিনৰ যৌগ সমূহৰ অধ্যয়ন |
উল্লেখনীয় বঁটা | শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ১৯৮৯ পি. নটৰাজন এণ্ডমেণ্ট বঁটা, ১৯৯৮ কেমিটো বঁটা, ২০০২ ভাৰতীয় ৰসায়ন সমাজৰ এছ. এছ সাধু বঁটা, ২০০৫ |
মিহিৰ কান্তি চৌধুৰী (জন্ম: ১৯৪৭) এজন ভাৰতীয় অজৈৱ ৰসায়নবিদ তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য।[1]তেওঁ ডাই হাইড্ৰজেনৰ যৌগ সংশ্লেষণ আৰু ধাতু আৰু অধাতুৰ ফ্লৰিন যৌগৰ অধ্যয়নৰ বাবে জনাজাত।[2] তেওঁ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ নিৰ্বাচিত ফেল'।[3][4] ভাৰত চৰকাৰে তেওঁক ৰসায়ন বিজ্ঞানৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ১৯৮৯ চনত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰে। এই বঁটা ভাৰতৰ সৰ্বোচ্চ বৈজ্ঞানিক বঁটা।[5]