মীনা আলেকজেণ্ডাৰ | |
---|---|
২০১৬ চনৰ হায়দৰাবাদ সাহিত্য উৎসৱত আলেকজেণ্ডাৰ | |
জন্ম | ১৭ ফেব্ৰুৱাৰী, ১৯৫১ এলাহাবাদ, ভাৰত |
মৃত্যু | ২১ নৱেম্বৰ, ২০১৮ (৬৭ বছৰ) নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | লেখক, কবি, অনুবাদক |
ভাষা | ইংৰাজী |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | ইংৰাজী সাহিত্যত ডক্টৰেট |
মাতৃশিক্ষায়তন | নটিংহাম বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | ইলিটাৰেট হাৰ্ট, ৰ' চিল্ক |
উল্লেখযোগ্য বঁটা | 'ইমবগি য়েচইজ্বুই ইণ্টাৰনেচনেল পয়েট্ৰি এৱাৰ্ড' (দক্ষিণ আফ্ৰিকা), 'পেন অপেন বুক প্ৰাইজ' |
ৱেবছাইট | meenaalexander |
মীনা আলেকজেণ্ডাৰ (ইংৰাজী: Meena Alexander; ১৭ ফেব্ৰুৱাৰী, ১৯৫১–২১ নৱেম্বৰ, ২০১৮)[1] হ'ল এগৰাকী ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক।[2] ভাৰতৰ এলাহাবাদত তেওঁৰ জন্ম হয় আৰু ভাৰত আৰু চুডানত তেওঁ ডাঙৰ-দীঘল হয়। আলেকজেণ্ডাৰে নিউয়ৰ্কত বাস কৰিছিল আৰু নিউয়ৰ্কৰ হাণ্টাৰ কলেজ আৰু 'কানি গ্ৰেজুৱেট চেণ্টাৰ'ৰ পি এইচ ডি পাঠ্যক্ৰমৰ তেওঁ সন্মানীয় অধ্যাপক আছিল।[3][4]
দক্ষিণ ভাৰতৰ কেৰালাৰ এটা চিৰিয়ান খ্ৰীষ্টান পৰিয়ালত মীনা আলেকজেণ্ডাৰৰ জন্ম হৈছিল। 'দ্য ষ্টেটচ্ম্যেন' কাকতে তেওঁক সমসাময়িক সময়ৰ উৎকৃষ্ট কবি আখ্যা দিছে।[5][6][7] মীনাৰ দেউতাক ভাৰত চৰকাৰৰ এগৰাকী বিজ্ঞানী আছিল আৰু দেউতাকৰ চাকৰিসূত্ৰে মীনা পাঁচ বছৰ বয়সলৈকে এলাহাবাদ আৰু কেৰালাত আছিল। তাৰপিছত পৰিয়ালটো নতুনকৈ স্বাধীন হোৱা চুডানৰ খাৰটোমত থাকিবলৈ লয়।[4] তাতে তেওঁ ইউনিটি হাই স্কুলত ভৰ্তি হয় আৰু ১৯৬৪ চনত স্কুলীয়া শিক্ষা সাং কৰি[8] খাৰটোম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। তাত তেওঁ ইংৰাজী আৰু ফৰাছী সাহিত্য পঢ়িছিল। খাৰটোম বিশ্ববিদ্যালয়ৰপৰা ১৯৬৯ চনত স্নাতক ডিগ্ৰী লৈ তেওঁ ইংলেণ্ডলৈ যায় আৰু নটিংহাম বিশ্ববিদ্যালয়ত পি এইচ ডিৰ বাবে গৱেষণা আৰম্ভ কৰে। ১৯৭৩ চনত, ২২ বছৰ বয়সত তেওঁ 'ৰোমাণ্টিক সাহিত্য' বিষয়ত ইংৰাজীত ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিছত গৱেষণা পত্ৰখন তেওঁ সংশোধন আৰু সংবৰ্ধন কৰি 'দ্য পয়েটিক চেল্ফ' নাম দি প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত ভাৰতলৈ ঘূৰি আহি দিল্লী বিশ্ববিদ্যালয় আৰু হাইদৰাবাদ বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে।[9]
ভাৰতত থকা পাঁচ বছৰ সময়ত তেওঁৰ তিনিখন কবিতাৰ কিতাপ প্ৰকাশ হৈছিল; সেইকেইখন হ'ল- 'দ্য বাৰ্ডচ্ ব্ৰাইট ৰিং' (১৯৭৬), 'আই ৰুট মাই নেইম' (১৯৭৭), আৰু 'ৱিডাউট প্লেচ' (১৯৭৮)। ১৯৭৯ চনত তেওঁ পেৰিছ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক আছিল। তাৰ পিছৰ বছৰ তেওঁ নিউয়ৰ্কলৈ যায় আৰু ১৯৮৭ চনলৈকে ফ'ৰধাম বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাম কৰে। ১৯৮৭ চনত তেওঁ নিউয়ৰ্কৰ হাণ্টাৰ বিশ্ববিদ্যালয়ত ইংৰাজীৰ অধ্যাপক ৰূপে যোগদান কৰে।[4]দুবছৰৰ পাছত তেওঁ 'কানি গ্ৰেজুৱেট চেণ্টাৰ'ৰ, ইংৰাজী বিভাগৰ পি এইচ ডি পাঠ্যক্ৰমৰ স্নাতক শাখাত যোগদান কৰে। তেওঁক ১৯৯৯ চনত ইংৰাজীৰ বিশিষ্ট অধ্যাপক নিযুক্ত কৰা হৈছিল আৰু কানি গ্ৰেজুৱেট চেণ্টাৰৰ পিএইচডি পাঠ্যক্ৰম আৰু হাণ্টাৰ কলেজৰ এমএফএ পাঠ্যক্ৰমত তেওঁ শিক্ষাদান অব্যাহত ৰাখিছিল। বহু বছৰ ধৰি তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ 'স্কুল অফ দি আৰ্টচ্'ৰ লিখন শাখাত কবিতা শিকাইছিল।[9]
আলেকজেণ্ডাৰ তেওঁৰ গীতি-কবিতাসমূহৰ বাবে সুখ্যাত। এই কবিতাসমূহ প্ৰব্ৰজন বিষয়ক আৰু হিংসাত্মক ঘটনাৰ সৈতে সম্পৰ্কিত যি কেতিয়াবা মানুহক সীমা অতিক্ৰম কৰিবলৈ বাধ্য কৰে আৰু লেখকৰ ব্যক্তিনিষ্ঠাত প্ৰভাৱ পেলায়।[10] যদিও এনে জটিল আৰু কঠিন বিষয় লৈ তেওঁ লিখিছিল, তেওঁৰ কবিতাসমূহ আছিল যৌনগন্ধী, বহুভাষিক আৰু উদাৰ নৈতিক।[3]
তেওঁৰ বহুলভাৱে সমাদৃত সাহিত্য কৰ্মৰ ভিতৰত 'ইলিটাৰেট হাৰ্ট' (২০০২) আৰু 'ৰ' চিল্ক' (২০০৪) উল্লেখযোগ্য কাব্য-সংকলন।[10] 'এটমচফেৰিক এম্ব্ৰইডাৰী' (২০১৫) হ'ল তেওঁৰ শেহতীয়া সংকলন।[11] তেওঁ ২০০৫ চনত 'এভ্ৰিমেন চিৰিজ', ভাৰতীয় প্ৰেমৰ কবিতাৰ এটি সংকলন সম্পাদনা কৰিছিল আৰু ২০০৬ চনত 'দ্য চ'ক অৱ এৰাইভেল : ৰিফ্লেকচনচ্ অন পষ্টক'ল'নিয়েল এক্সপ্ৰেছন' নাম দি প্ৰব্ৰজন বিষয়ক এটা ৰচনা আৰু কবিতাৰ সংকলন প্ৰকাশ কৰিছিল। ১৯৯৩ চনত আলেকজেণ্ডাৰে তেওঁৰ আত্মজীৱনীমূলক স্মৃতিকথা 'ফ'ল্ট লাইনচ্' প্ৰকাশ কৰে।[12] তেওঁ 'নামপালী ৰোড' (১৯৯১) আৰু 'মানহাটান মিউজিক' (১৯৯৭) নামৰ দুখন উপন্যাস আৰু দুখন শৈক্ষিক অধ্যয়ন বিষয়ক কিতাপ 'দ্য পয়েটিক চেল্ফ' (১৯৭৯) আৰু 'ৱমেন ইন ৰোমাণ্টিচিজম' (১৯৮৯) লিখিছিল। 'ফল্ট লাইনচ্'ক 'পাব্লিচাৰ্চ্ ৱিকলি'য়ে ১৯৯৩ চনত বছৰটোৰ সৰ্ব শ্ৰেষ্ঠ কিতাপ হিচাপে বাছনি কৰিছিল। 'ইলিটাৰেট হাৰ্টে' ২০০২ চনত 'পেন অ'পেন বুক এৱাৰ্ড' লাভ কৰে।[10]
২০১৮ চনৰ ২১ নৱেম্বৰ তাৰিখে নিউয়ৰ্কত তেওঁৰ মৃত্যু হয়।[13][1] আলেকজেণ্ডাৰৰ স্বামীৰ মতে তেওঁ কৰ্কট ৰোগত মৃত্যুবৰণ কৰিছিল।[14]