মীনাক্ষী জৈন | |
---|---|
জন্ম | দিল্লী, ভাৰত। |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় (পিএইচডি) |
পেচা | ইতিহাসবিদ, লেখিকা, ৰাজনীতি বিজ্ঞানী |
জনা যায় | সতী: ইভানজেলিকেল, বেপ্টিষ্ট মিছনেৰী, আৰু পৰিৱৰ্তিত ঔপনিৱেশিক বক্তৃতা |
আত্মীয়-স্বজন | সুনিল জৈন (ভাই) সন্ধ্যা জৈন (ভগ্নী) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী (২০২০) |
মীনাক্ষী জৈন এগৰাকী ভাৰতীয় ৰাজনীতি বিজ্ঞানী আৰু ইতিহাসবিদ যিয়ে দিল্লীৰ গাৰ্গী কলেজত ইতিহাসৰ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।[1] ২০২০ চনত তেওঁ সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত কৰা কামৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটা লাভ কৰে।[2]
জৈনে ঔপনিৱেশিক ভাৰতত সতী প্ৰথাৰ ওপৰত সতী: ইভানজেলিকেলছ, বেপ্টিষ্ট মিছনেৰীজ, এণ্ড দ্য চেঞ্জিং কলনিয়েল ডিচকোৰ্চ লিখিছিল আৰু এনচিইআৰটিৰ বাবে স্কুল ইতিহাসৰ পাঠ্যপুথি মেডিভেল ইণ্ডিয়াও লিখিছিল, যিয়ে ৰোমিলা থাপাৰ, সতীশ চন্দ্ৰ আৰু অন্যান্যৰ সহ-লেখক পূৰ্বৰ পাঠ্যপুথিৰ ঠাই লয়।[3]
মীনাক্ষী জৈন হৈছে দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰাক্তন সম্পাদক সাংবাদিক গিৰিলাল জৈনৰ কন্যা।[4] পি এইচ ডি লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।[5] সামাজিক ভিত্তি আৰু জাতি আৰু ৰাজনীতিৰ মাজৰ সম্পৰ্কৰ ওপৰত তেওঁৰ থিছিছ ১৯৯১ চনত প্ৰকাশ পায়।[5]
জৈন দিল্লী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত গাৰ্গী কলেজৰ ইতিহাসৰ সহযোগী অধ্যাপক।[6] ২০১৪ চনৰ ডিচেম্বৰ মাহত ভাৰত চৰকাৰে তেওঁক ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।[1]