মীৰাবাঈ | |
---|---|
মীৰাবাঈৰ এখন চিত্ৰ | |
জন্ম | ১৪৯৮ খ্ৰীষ্টাব্দ [1] কুড়কী, পল্লী জিলা, ৰাজস্থান, ভাৰত |
মৃত্যু | ১৫৪৬ খ্ৰীষ্টাব্দ দ্বাৰকা, গুজৰাট[1] |
প্ৰকৃত নাম | মীৰা |
গুৰু | সন্ত ৰবিদাস |
দৰ্শন | ভক্তি আন্দোলন |
সাহিত্যিক কৰ্ম | ভগৱান কৃষ্ণৰ ওপৰত কাব্য ৰচনা |
মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ অন্যতম। ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।
মীৰাবাঈ আছিল এগৰাকী ৰাজপুত ৰাজকুমাৰী। ১৪৯৮ খ্ৰীষ্টাব্দত ৰাজস্থানৰ পল্লী জিলাৰ কুড়কী নামে ঠাইত ৰাঠোড় ৰাজবংশত মীৰাবাঈৰ জন্ম হৈছিল। মীৰাবাঈৰ পিতৃৰ নাম আছিল ৰতনসিং ৰাঠোড়। মীৰাবাঈ-এ নিজৰ মাতৃক বাল্যকালতেই হেৰুৱাইছিল।[1] সেয়েহে তেঁওৰ লালন-পালন ককাদেউতাকৰ তত্বাৱধানতেই হৈছিল। ১৫১৬ খ্ৰীষ্টাব্দত মেৱাৰৰ কোঁৱৰ ভোজৰাজৰ লগত মীৰাবাঈৰ বিবাহ সম্পন্ন হৈছিল।[2][3]কিন্তু দুৰ্ভাগ্যবশতঃ বিয়াৰ সাত বছৰ পাছতেই তেখেতৰ স্বামীৰ মৃত্যু হয়। ৰাজপুতসকলৰ প্ৰচলিত পৰম্পৰা অনুসৰি স্বামীৰ মৃত্যুৰ পাছত মীৰাবাঈ সতী যাব লাগিছিল যদিও তেখেতে সেই প্ৰথা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে তেখেতে নিজ গৃহ ত্যাগ কৰি আৰাধ্য দেৱতা শ্ৰীকৃষ্ণৰ সন্ধানত ওলাই গৈ দ্বাৰকাত বসতি স্থাপন কৰে আৰু সাধু-সন্তসকলৰ সৈতে শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰিবলৈ আৰম্ভ কৰে। ১৫৪৬ খ্ৰীষ্টাব্দত দ্বাৰকাৰ এটি মন্দিৰত শ্ৰীকৃষ্ণৰ ভজন-কীৰ্তন কৰি কৰিয়েই মীৰাবাঈ ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিত চিৰদিনলৈ বিলীন হৈ গৈছিল।
মীৰাবাঈয়ে চাৰিখন গ্ৰন্থৰ ৰচনা কৰিছিল -
তদুপৰি মীৰাবাঈৰ গীতৰ সংকলন “মীৰাবাঈ কী পদাবলী” নামে গ্ৰন্থত প্ৰকাশিত হৈছে।মীৰাবাঈৰ কাব্যৰ মুখ্য ভাষা ৰাজস্থানী যদিও তেঁওৰ কাব্যত খড়ীবোলী, ব্ৰজ, পঞ্জাবী আৰু গুজৰাটী ভাষাৰ শব্দও পৰিলক্ষিত হয়।