মুকাদাছা আহমদজাই ইংৰাজী: Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।
২০১৭ চনত আহমদজাইৰ বয়স আছিল ২৪ বছৰ।[1] আফগানিস্তানৰ নাংগাৰহৰৰ তেওঁ এগৰাকী সমাজ কৰ্মী আৰু কবি।[2][3] প্ৰথম অৱস্থাত তেওঁৰ পৰিয়ালে তেওঁৰ সক্ৰিয়তাৰ বিৰোধিতা কৰিছিল৷ তেওঁ শাৰীৰিক শাস্তিও সহ্য কৰিছিল।[1] কিশোৰী অৱস্থাত তেওঁ এখন কবিতাৰ কিতাপ প্ৰকাশ কৰিছিল আৰু ইয়াৰ প্ৰতি খুড়াকৰ প্ৰশংসাই তেওঁৰ কৰ্মৰ প্ৰতি পৰিয়ালৰ মতামত সলনি কৰিছিল।[1]
তেওঁ আফগান যুৱ সংসদৰ এগৰাকী প্ৰাক্তন সদস্য আৰু উপাধ্যক্ষ৷[3][4] ক'ভিড-১৯ মহামাৰীৰ সময়ত তেওঁ মহিলা আৰু সম্প্ৰদায়সমূহক ভুল তথ্যৰ বিৰুদ্ধে সহায় কৰিবলৈ কাম কৰিছিল।[2] আফগানিস্তানৰ ৰাষ্ট্ৰীয় যুৱ পৰিষদৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।[3] আফগানিস্তান আৰু পাকিস্তান শান্তি আলোচনাৰ অংশ হিচাপে তেওঁ আফগান মহিলাসকলৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছিল।[3] আন মহিলাসকলৰ সৈতে তেওঁ জালালাবাদত মহিলাৰ অধিকাৰৰ বাৰ্তাৰে মিউৰেল পেইণ্টিঙৰ অভিযান আৰম্ভ কৰে।[1] ইয়াৰ উপৰিও তেওঁ ৪০০ গৰাকী মহিলাৰ নেটৱৰ্ক স্থাপন কৰিছিল যিয়ে সেই সময়ত তালিবানৰ নিয়ন্ত্ৰণত থকা অঞ্চলসমূহকে ধৰি ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকললৈ দেশ ভ্ৰমণ কৰিছিল।[1] আফগানিস্তানত মহিলাৰ অধিকাৰৰ প্ৰতি সজাগতা বৃদ্ধিৰ লক্ষ্যৰে মূল সংস্থাৰ তেওঁ প্ৰতিষ্ঠাপক আৰু সঞ্চালিকাৰ দায়িত্ব পালন কৰিছিল।[3]
২০১৮ চনত তেওঁ আফগান সংসদলৈ নিৰ্বাচনৰ জৰিয়তে অৱতীৰ্ণ হয়।[5]
আহমদজাইক ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ দ্বাৰা এন-পিচ বঁটা প্ৰদান কৰা হয়।[6] ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত তেওঁ স্থান লাভ কৰে৷[2]