মুকাম্বিকা দেৱী | |
---|---|
দেৱীৰ এখন পোষ্টাৰ | |
সম্পৰ্ক | সৰস্বতী, লক্ষ্মী, পাৰ্বতী |
উৎসৱ | নৱৰাত্ৰি |
মুকাম্বিকা (সংস্কৃত: मूकाम्बिका, কানাড়া: ಮೂಕಾಂಬಿಕಾ, মালায়ালম: മൂകാംബിക ) এগৰাকী হিন্দু দেৱী। তেওঁ আদি পৰাশক্তিৰ এটা দিশ।[1][2] হিন্দু ধৰ্মৰ পৰম দেৱী। সৃষ্টিশীলতা আৰু কৌশলক প্ৰতিনিধিত্ব কৰা শক্তি, ঐশ্বৰিক নাৰী শক্তিৰ ৰূপ বুলি গণ্য কৰা হয়।[3] যিহেতু তেওঁ আদি পৰাশক্তিৰ ৰূপ, সেয়েহে তেওঁৰ অনুগামীসকলে দেৱীক সৰস্বতী, লক্ষ্মী, লগতে পাৰ্বতীৰ এক ৰূপ বুলি গণ্য কৰে। কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যত তেওঁক বহুলভাৱে পূজা কৰা হয়। উপকূলীয় কৰ্ণাটকৰ উডুপি জিলাৰ কল্লুৰ গাঁৱত অৱস্থিত মূকাম্বিকা মন্দিৰটো তেওঁৰ বাবে উৎসৰ্গিত বিশেষ গুৰুত্বপূৰ্ণ মন্দিৰ বুলি বিশ্বাস কৰা হয়।
এবাৰ কামাসুৰ নামৰ অসুৰে তপস্যাৰ জৰিয়তে শিৱ দেৱতাক সন্তুষ্ট কৰি অজেয় হ’বলৈ চেষ্টা কৰিছিল। পূৰ্বে তেওঁ কেৱল এগৰাকী মহিলাই হত্যা কৰাৰ বৰ লাভ কৰিছিল যদিও মহিষাসুৰৰ মৃত্যুৰ বাবে কামাসুৰ আতংকিত হৈ পৰিছিল। ইয়াক ৰোধ কৰিবলৈ দেৱী সৰস্বতীয়ে দেৱতাৰ অনুৰোধত তেওঁৰ বাক্য বিফল কৰি শিৱৰ পৰা বৰ অনুৰোধ কৰিবলৈ অক্ষম হৈ পৰিল। ইয়াৰ ফলত কামাসুৰ (বৰ্তমান নাম মুকাসুৰ, মুকা অৰ্থাৎ বোবা) ক্ৰোধত ক'ব নোৱাৰা হৈ পৰিছিল। তেওঁ ইন্দ্ৰক পৰাজিত কৰি স্বৰ্গ ৰাজ্য দখল কৰিলে, আৰু ত্ৰিলোকক বিশৃংখল কৰি তুলিলে। মহাজাগতিক ভাৰসাম্য পুনৰুদ্ধাৰ কৰিবলৈ ত্ৰিমূৰ্তি (ব্ৰহ্ম, বিষ্ণু, আৰু শিৱ) সকলে তেওঁলোকৰ পত্নী ত্ৰিদেৱী (সৰস্বতী, লক্ষ্মী, আৰু পাৰ্বতী)ক অসুৰক পৰাস্ত কৰিব পৰাকৈ এটা ৰূপ সৃষ্টি কৰিবলৈ আহ্বান জনাইছিল। তেওঁলোকৰ সংযুক্ত শক্তিৰ শিখৰত উপনীত হৈ এগৰাকী দেৱীয়ে সিংহত উঠি মুকাসুৰক বধ কৰি মুকাম্বিকা নাম লাভ কৰে।
জনপ্ৰিয় পৰম্পৰা অনুসৰি মুকাম্বিকাই কামাসুৰক বধ কৰা সময়ছোৱাত কলুৰৰ এজন ঋষিয়ে ত্ৰিমূৰ্তি আৰু ত্ৰিদেৱী উভয়কে তপস্যা কৰিছিল আৰু তেওঁ তপস্যা কৰা ঠাইতে এই সকলো দেৱতাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ অনুৰোধ কৰিছিল। তেওঁলোকে এই ইচ্ছা পূৰণ কৰি, মাজত ফাটি যোৱা সোণৰ ৰেখা থকা লিংগ হৈ পৰিল, যাতে এটা পক্ষই ত্ৰিমূৰ্তি আৰু আনটো পক্ষ ত্ৰিদেৱীক প্ৰতিনিধিত্ব কৰে। সময়ৰ লগে লগে আদি শংকৰে মুকাম্বিকাৰ প্ৰতিলিপি কৰা বিগ্ৰহ বা মূৰ্তি এটা পাই লিংগৰ আঁৰত প্ৰতিষ্ঠা কৰি কৰ্ণাটকৰ কলুৰত মুকাম্বিকা মন্দিৰৰ অভয়াৰণ্য গঠন কৰা বুলি মতবাদ প্ৰচলিত হৈ আছে। এই মন্দিৰত ৰাতিপুৱা সৰস্বতী, দুপৰীয়া লক্ষ্মী আৰু সন্ধিয়া পাৰ্বতী দেৱীৰ পূজা কৰা হয়।[4]
মুকাম্বিকা আৰু আদিশংকৰৰ লগত জড়িত আন এক জনপ্ৰিয় কিংবদন্তিত উল্লেখ আছে যে আদি শংকৰে কেৰেলাত দেৱী সৰস্বতীৰ বাবে মন্দিৰ নিৰ্মাণ কৰিব বিচাৰিছিল আৰু এইদৰেই দেৱতাক সন্তুষ্ট কৰিবলৈ তপস্যা কৰিছিল। আদিশংকৰৰ অনুৰোধত সৰস্বতী মান্তি হয়, লগতে চৰ্ত ৰাখে যে তেওঁ দেৱীলৈ ঘূৰি নোচোৱাকৈ কেৰালালৈ তেওঁক লৈ যাব লাগিব। এই চৰ্তত শংকৰ মান্তি হয়, কিন্তু কিছুদুৰ যোৱাৰ পিছত তেওঁ মনকৰিলে যে যে দেৱীৰ ভৰিৰ নূপুৰৰ শব্দ হোৱা নাই সেয়েহে, কৌতূহলে তেওঁক আগুৰি ধৰাত পিছলৈ ঘূৰি চালে ফলত তেওঁ চৰ্ত ভংগ কৰা স্থানতে সৰস্বতী থাকি যায়। কিন্তু আদি শংকৰে দেৱীক অনুৰোধ কৰা বাবে দেৱীয়ে সন্মতি দিলে যে তেওঁ কেৰালাৰ চোত্তানিকৰা মন্দিৰৰ লগতে মুকাম্বিকা মন্দিৰৰো অংশ হ’ব। এইদৰে মুকাম্বিকা মন্দিৰৰ দুৱাৰৰ ঠিক পিছতেই চোত্তানিকৰা মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়।