মুকেশ খান্না | |
---|---|
![]() | |
জন্ম | ২৩ জুন, ১৯৫৮ (৬৬ বছৰ)[1] মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান |
পেচা | অভিনয় |
সক্ৰিয় হৈ থকা সময় | ১৯৮০–বৰ্তমান |
দাম্পত্যসঙ্গী | অবিবাহিত |
আত্মীয়-স্বজন | বেদ খান্না (ভাতৃ) |
মুকেশ খান্না (ইংৰাজী: Mukesh Khanna; জন্ম: ২৩ জুন, ১৯৫৮) হৈছে এগৰাকী ভাৰতীয় টেলিভিচন আৰু চলচ্চিত্ৰ অভিনেতা যিয়ে জনপ্ৰিয় দূৰদৰ্শনৰ টেলিভিচন ধাৰাবাহিক শক্তিমানৰ চৰিত্ৰত আৰু বি.আৰ.চোপ্ৰাৰ মহাভাৰতত ভীষ্ম পিতামহৰ চৰিত্ৰৰ বাবে পৰিচিত। তেওঁ চিলড্ৰেনচ্ ফিল্ম চচাইটি ইণ্ডিয়াৰ চেয়াৰমেন আছিল যিয়ে ২০১৮ চনৰ ফেব্ৰুৱাৰীত পদত্যাগ কৰে।[2][3][4][5] তেওঁ এমকে ফিল্মচ্ (MK Films) ৰ পৰিচালক আৰু প্ৰতিষ্ঠাতা।[6]
১৯৫৮ চনৰ ২৩ জুন তাৰিখে[1] মুকেশ খান্নাৰ জন্ম হয় মহাৰাষ্ট্ৰৰ মুম্বাইত। তেওঁৰ ভাতৃ বেদ খান্না আছিল এগৰাকী অভিনেতা আৰু প্ৰযোজক যাৰ ২০১৮ চনত মৃত্যু হয়।
মুকেশ খান্নাই ভাৰতৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত থাকি স্নাতক হৈ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল। তেওঁ সহকৰ্মী ভাৰতীয় অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু শক্তি কাপুৰৰ সৈতে বিদ্যালয়ত যোগ দিছিল।[7] তেওঁ খ্যাতি অৰ্জন তথা বেচি পৰিচিত হৈছে মূলতঃ বি.আৰ. চোপ্ৰাৰ মহাকাব্য টেলিভিচনৰ ধাৰাবাহিক মহাভাৰতত ভীষ্ম পিতামাহৰ অভিনয় কৰি।
১৯৯৭ চনৰ পৰা ২০০৫ চন পৰ্যন্ত খান্নাই তেওঁৰ নিজৰ প্ৰডাকচন হাউচ 'ভীষ্ম ইণ্টাৰনেচনেল' প্ৰযোজিত চুপাৰহিৰ’ ধাৰাবাহিক 'শক্তিমান' ধাৰাবাহিকত নায়ক চৰিত্ৰত অভিনয় কৰিছিল। শ্ব’টো ডেকা- বৃদ্ধ সকলোৰে প্ৰিয় আছিল।[8]
খান্নাই টেলিভিচন ধাৰাবাহিক আৰ্যমানত কাম কৰিছিল- 'ব্ৰহ্মাণ্ড কা যোদ্ধা' একেই নামৰ চৰিত্ৰত। হেৰা ফেৰি ছবিত পুলিশ পৰিদৰ্শক হিচাপে চিত্ৰিত কৰাৰ দৰে খান্নাই বহু টেলিভিচনত প্ৰযোজনা আৰু চলচ্চিত্ৰৰ কাম কৰিছিল। তেওঁ টেলিভিচন ধাৰাবাহিক ৱাক্ত বাতায়েগাতো কাম কৰিছিল। তাহলকা আৰু 'ইণ্টাৰনেচনেল খেলাড়ী'ৰ দৰে ছবিতো তেওঁ অভিনয় কৰিছিল। তেওঁ 'বাৰচাত' চলচ্চিত্ৰত ববি দেউলৰ চৰিত্ৰৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।
এক্তা কাপুৰৰ কাহিনী 'হামাৰে মহাভাৰত কী'ত খান্নাক শান্তনুৰ ভূমিকাত অফাৰ কৰিছিল যদিও তাক তেওঁ প্ৰত্যাখ্যান কৰিছিল। তেওঁ সংবাদ মাধ্যমত জনাইছিল যে, এক্তাৰ মহাভাৰত এখন ফ্লপ হোৱাৰ ব্যাপক নিশ্চিত, কাৰণ তেওঁ বিআৰ চোপ্ৰাৰ মহাভাৰতত অভিনয় কৰিছিল; এওঁৰ মহাভাৰতত “মডেল” আছে।[9] তেওঁ অভিনিত জীৱনত বহুতো টেলিভিচন ধাৰাবাহিকত অভিনয় কৰিছিল যেনে- 'বাহাদুৰ শাহ জাফৰ' (১৯৮৬), 'মহাভাৰত' (১৯৮৮ টিভি চিৰিজ), 'যুগ' (টিভি চিৰিজ), 'চন্দ্ৰকান্ত' (টিভি চিৰিজ), 'মহাযুদ্ধ', 'বিৰাট', 'শক্তিমান' (১৯৯৭), 'আৰ্যমান - ব্ৰহ্মাণ্ড কা যোদ্ধা' (২০০২) আদিৰ লগতে তেওঁ বহুতো বাণিজ্যিকভাৱে সফল ছবিটো অভিনয় কৰিছে যেনে- 'সদাগৰ' (১৯৯১), 'য়ালগাৰ' (১৯৯২), 'সৌগন্ধ, তাহলকা' (১৯৯২), 'শক্তিমান' (১৯৯৩), 'মে খিলাড়ী তু আনাৰী' (১৯৯৪), 'বাৰষাত' (১৯৯৫), 'ৰাজা' (১৯৯৫), 'পুলিচৱালা গুণ্ডা' (১৯৯৫), 'বীৰ' (১৯৯৫), 'হিম্মত' (১৯৯৬), 'মৈদান-ই-জং' (১৯৯৫), 'জাজ মুজৰিম' (১৯৯৭), 'হেৰা ফেৰী' (২০০০) আৰু প্লান (২০০৪)।
২০০৭ চনত, খান্না সৰকাৰ দ্বাৰা অনুদানপ্ৰাপ্ত এটি শিশু বিকাশ প্ৰকল্পত অংশ অংশগ্ৰহণ কৰিছিল, শক্তিমান, যি অপুষ্টি প্ৰতিৰোধ, শিশু-মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস, ছোৱালী সন্তানৰ এনিমিয়া আৰু স্বাস্থ্য সচেতনতাৰ প্ৰতি লক্ষ্য কৰিছিল।[10]
খান্নাই জয়পুৰ, আগ্ৰা আৰু বিহাৰত অভিনয় বিদ্যালয়ৰ পৰিচালনা কৰে,[7] লগতে তেওঁ তেনে বিদ্যালয় আৰু খোলাৰ কথা কয়। তেওঁ তিনি মাহৰ অভিনয় কোৰ্চৰ বাবে তেওঁৰ প্ৰাক্তন অভিনয় স্কুল, ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ সৈতে যুটীয়া কৰে।[11]
মুকেশ খান্নাই তেওঁৰ কোম্পানী ভীষ্ম ইণ্টাৰনেশ্যনেল নামেৰে এটি ইউটিউব চিনেলো পৰিচালনা কৰে।[12]
চন | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
---|---|---|---|---|
১৯৮৬ | বাহাদুৰ শাহ জাফাৰ | ডিডি নেচনেল | ||
১৯৮৮–১৯৯০ | মহাভাৰত | ভীষ্ম | ডিডি নেচনেল | |
১৯৯০ | চুন্নী[13] | কৰমজিৎ সিং | ডিডি নেচনেল | |
১৯৯৪–১৯৯৬ | জানবাজ/মেঘাৱাত | ডিডি নেচনেল | ||
১৯৯৪–১৯৯৬ | দ্যা গ্ৰেট মাৰাঠা | ইব্ৰাহিম খান গাৰডী | ডিডি নেচনেল | [14] |
১৯৯৫ | বিশ্বামিত্ৰ | বিশ্বামিত্ৰ | ডিডি নেচনেল | |
১৯৯৫–১৯৯৬ | মাৰচেল | মাৰচেল | ডিডি নেচনেল | |
১৯৯৫–১৯৯৬ | চৰাব | অজয়/বিজয় | ||
১৯৯৬–১৯৯৮ | যুগ | ডিডি নেচনেল | ||
১৯৯৭–১৯৯৮ | বিশ্বাস | |||
১৯৯৭ | মহাযুদ্ধ | বিৰাট | প্ৰযোজকো | |
১৯৯৭–২০০৫ | শক্তিমান | শক্তিমান/পণ্ডিত গংগাধৰ শাস্ত্ৰী/মেজৰ ৰঞ্জিত সিং/শ্ৰী সত্য | ডিডি নেচনেল | প্ৰযোজকো |
২০০২–২০০৩ | আৰ্যমান – ব্ৰহ্মাণ্ড কা যোদ্ধা | আৰ্যমান | ডিডি নেচনেল | প্ৰযোজকো |
২০০৩ | দিৱাৰ | বিক্ৰম সিং | ||
২০০৩ | এহচাচ | দিগ্বজয় সিং ৰাথোৰ | ||
২০০৭ | চাউটেলা | বিক্ৰম আৰ্য্য | প্ৰযোজকো[15] | |
২০০৮ | কল হমাৰা হ্যে | প্ৰফেচৰ বিমলকাল্ত বিষ্ণয়ী | ||
২০০৮ | ৱাক্ত বাতায়েগা কৌন অপনা কৌন পৰায়া | বিশ্বজিত ৰায়চৌধুৰী | ||
২০০৯ | চচচহহহ...ফিৰ কই হ্যে - নিচান[16] | পাণিনি গুৰুজী (খণ্ড ১৯৪ - খণ্ড ২০১) | ষ্টাৰ ৱান | |
২০১২–২০১৩ | প্যাৰ কা দৰ্দ হ্যে মিঠা মিঠা প্যাৰা প্যাৰা[17] | পুৰুষোত্তম দেৱান | ||
২০১২ | হমাৰা হিৰ’ শক্তিমান[18] | শক্তিমান | প্ৰযোজকো টেলিভিচন ফিল্ম | |
২০১৬ | ৱাৰিচ | লালা প্ৰতাপ সিং বাজৱা আকা লালাজী[19] |
চন | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
---|---|---|---|
১৯৮১ | ৰোহি | ||
১৯৮২ | ৱাক্ত কে চাহাদে | ||
১৯৮৩ | দৰ্দ-এ-দিল | গোবিন্দ | |
১৯৮৪ | কেপ্টেইন বেৰী | ||
১৯৮৫ | মুঝে কচম হ্যে | ||
১৯৯১ | সৌগংধ | চৌধুৰী চৰাং | |
১৯৯১ | সৌদাগৰ | গগণ | |
১৯৯২ | তহলকা | মেজৰ কৃষ্ণ ৰাও | |
১৯৯২ | য়লগাৰ | মহেন্দ্ৰ অশ্বিনী কুমাৰ | |
১৯৯৩ | মেৰী আন | কমিচনাৰ আচফক খান | |
১৯৯৩ | কুংদন | চানুৰ ভাই | |
১৯৯৩ | ৰাণী ঔৰ মহাৰাণী | ||
১৯৯৩ | শক্তিমান | দিলাৰ | |
১৯৯৪ | Rakhwale | ||
১৯৯৪ | মোহব্বত কী আৰজু | ৰাজ বাহাদুৰ মহেন্দ্ৰ প্ৰতাপ সিং | |
১৯৯৪ | ইংসানিয়ত | নেৰেট’ৰ | |
১৯৯৪ | বেতাজ বাদশাহ | বলৱান | |
১৯৯৪ | মে খিলাড়ী তূ অনাড়ী | অৰ্জুন জোগলেকাৰ | |
১৯৯৪ | অমানত | আগৰৱাল চেঠ | |
১৯৯৪ | আও প্যাৰ কৰে | শংকৰ | |
১৯৯৫ | পলিচ ল’কআপ | ইন্সপেক্টৰ প্ৰাথ | |
১৯৯৫ | হুকুমনামা | ||
১৯৯৫ | পথৰীলা ৰাস্তা | ইন্সপেক্টৰ অৰ্জুন | |
১৯৯৫ | ৰেশ্মা | ||
১৯৯৫ | জৱাব | ৰাজেশ্বৰ | |
১৯৯৫ | পাণ্ডব | অশ্বিন কুমাৰ | |
১৯৯৫ | মৈদান-এ-জংগ | এছ.পি. অৰুণ | |
১৯৯৫ | পলিচৱালা গুণ্ডা | ইন্সপেক্টৰ চৌহান | |
১৯৯৫ | নজৰ কে সামনে | বাদশাহান খান | |
১৯৯৫ | ৰাজা | ৰানা মহেন্দ্ৰ প্ৰতাপ গাৰৱাল | |
১৯৯৫ | তাকাদ | পলিচ ইন্সপেক্টৰ খুশৱন্ত সিং বেদী | |
১৯৯৫ | গুডু | বিক্ৰম বাহাদুৰ (গুডুৰ পিতৃ) | |
১৯৯৫ | বীৰ | টাইগাৰ | |
১৯৯৫ | বৰসাত | বাবা (বাদলৰ দেউতা) | |
১৯৯৬ | জগন্নাথ | ||
১৯৯৬ | হিম্মত | ইন্সপেক্টৰ ডিচৌজা | |
১৯৯৬ | হিম্মতৱৰ | ইন্সপেক্টৰ ৰাজেশ্বৰ | |
১৯৯৬ | বাল ব্ৰহ্মচাৰী | ঠাকুৰ ৰঘুবীৰ সিং | |
১৯৯৭ | আখ্ৰী সংঘৰ্ষ | শক্তি সিং | |
১৯৯৭ | নজৰ | কমিচনাৰ | |
১৯৯৭ | চলমা পে দিল আ গয়া | ||
১৯৯৭ | জজ মুজৰিম | মংগল সিং | |
১৯৯৮ | মহায়ুদ্ধ | ||
১৯৯৮ | কীমত: দে আৰ বেক | সুৰজ প্ৰতাপ সিং | |
১৯৯৮ | জুল্ম-ওৰ-সিতম | ইন্সপেক্টৰ লিয়াকাত খান | |
১৯৯৯ | Jaalsaaz | এডভ’কেট ডি.কে. খান্না | |
১৯৯৯ | ইণ্টাৰনেচনেল খিলাড়ী | বিচমিল্লা (দেৱৰাজৰ মুৰব্বী) | |
২০০০ | গেং | লালা | |
২০০০ | খাউফ | এছ.পি. জয়দেৱ সিং | |
২০০০ | হেৰা ফেৰী | পলিচ ইন্সপেক্টৰ প্ৰকাশ | |
২০০১ | সেংসৰ | ||
২০০১ | এক ঔৰ জং | ||
২০০১ | হমাৰী বহু | ||
২০০৩ | তাড়া | ||
২০০৪ | প্লান | আলিভাই (মুচ্চাৰ ব’চ) | |
২০০৪ | মিচন মুম্বাই | ইন্সপেক্টৰ ইন্দ্ৰজিত | হিন্দী |
২০০৫ | ধানা ৫১ | তেলেগু চলচলীয়া | |
২০০৫ | হনুমান | হনুমান (কণ্ঠ) | |
২০০৫ | ফিল্ম | ||
২০০৯ | চল চলে | জাষ্টিক ভাৰত কুমাৰ | |
২০১০ | বাৰুদ: (দ্যা ফায়াৰ) - এ লাভ ষ্ট’ৰী | অভয় কুমাৰ | |
২০১২ | অক্কাদ বাক্কাদ বাম বে ব’ | ইন্সপেক্টৰ বিক্ৰম | |
২০১২ | কৃষ্ণ ঔৰ কংস | আক্ৰুৰ (কণ্ঠ) | |
২০১৪ | অৰ্ধ গাংগু অৰ্ধ গন্ধা | মাৰাঠী চলচ্চিত্ৰ | |
২০১৪ | ৰাজাধি ৰাজা[20] | শিখান্দেৰ | মালয়ালম চলচ্চিত্ৰ |
![]() |
ৱিকিমিডিয়া কমন্সত মুকেশ খান্না সম্পৰ্কীয় মিডিয়া ফাইল আছে। |