মুক্তিবাহিনী | |
---|---|
মুক্তি বাংলাদেশৰ স্বাধীনতা যুদ্ধত অংশগ্ৰহণকাৰী | |
![]() মুক্তি বাহিনীৰ অপ্ৰাতিষ্ঠানিক প্ৰতীক আৰু পতাকা | |
সক্ৰিয়তা | মাৰ্চ - ডিচেম্বৰ ১৯৭১ |
মতাদৰ্শ | বাঙালি জাতীয়তাবাদ ১৯৭১ বাংলাদেশৰ গণহত্যা প্ৰতিৰোধ আৰু প্ৰতিহত কৰা[1] |
গোট | বাংলাদেশ সেনাবাহিনী ∟ কে বল ∟ এছ বল ∟ জেড বল বাংলাদেশ নৌবাহিনী বাংলাদেশ বিমান বাহিনী বাংলাদেশ ৰাইফলছ বাংলাদেশ পুলিচ বিশেষ গোৰিলা বাহিনী ∟ মুজিব বাহিনী ∟কাদেৰ বাহিনী ∟ হেমায়েত বাহিনী ∟ আফসাৰ বাহিনী ক্ৰ্যাক প্লেটুন |
নেতা | মহম্মদ আতাউল গণি ওসমানী, প্ৰধান সেনাপতি মোহাম্মদ আবদুৰ ৰব, সেনাপ্ৰধান আবদুল কৰিম খন্দকাৰ, উপ-সেনা প্ৰধান |
অঞ্চল | বাংলাদেশ |
আকাৰ | ১৫০,০০০ |
অংশ হয় | ১৯৭১ চনৰ অস্থায়ী বাংলাদেশ চৰকাৰ[2] |
মিত্ৰশক্তি | ![]() |
প্ৰতিদ্বন্দী | পাকিস্তান |
যুদ্ধসমূহ | গাজীপুৰৰ যুদ্ধ, গোৱালহাটিৰ যুদ্ধ, গৰিবপুৰৰ যুদ্ধ, ধলাইৰ যুদ্ধ, ৰাঙ্গামাটিৰ যুদ্ধ, কুষ্টিয়াৰ যুদ্ধ, দৰুইনেৰ যুদ্ধ, অপাৰেশন বৰিশাল, অপাৰেশন জ্যাকপট |
মুক্তিবাহিনী বা মুক্তিফৌজ(ইংৰাজী: Mukti Bahini or Mukti Fouj) হ’ল ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুঁজত ভাগ লোৱা বঙালী সেনা, ছাত্ৰ আৰু জনতাৰ সমন্বয়ত গঢ়ি উঠা এক সামৰিক বাহিনী। ২৬ মাৰ্চত স্বাধীনতা ঘোষণাৰ পিছত ধীৰে ধীৰে সাধাৰণ বঙালী জনসাধাৰণৰ মাজত এই বাহিনী গঢ়ি উঠে।[3] পৰৱৰ্তী সময়ত এপ্ৰিল মাহৰ মাজভাগত পূব পাকিস্তানৰ সামৰিক বাহিনীৰ প্ৰাক্তন সদস্যসকলে “বাংলাদেশ সামৰিক বাহিনী’’ গঠন কৰে আৰু জেনেৰেল আটাউল গণি ওচমানিয়ে প্ৰধান সেনাপতিৰ পদ গ্ৰহণ কৰে।[4] এই সময়ছোৱাত ভাৰতে বাংলাদেশক প্ৰচুৰ সাহায্য আগবঢ়াইছিল। যুদ্ধকালীন সময়ত সাধাৰণ জনতাই মুক্তি বাহিনীক যথেষ্ট সহায় কৰিছিল। যুদ্ধৰ পিছত পশ্চিম পাকিস্তানৰ বিৰুদ্ধে যুঁজ কৰা এই বাহিনীটোক “মুক্তি বাহিনী’’ হিচাপে সম্বোধন কৰা হয়।[5] মুক্তি বাহিনী বেছিভাগ সময় গেৰিলা যুদ্ধৰ নীতিমতে শত্ৰুপক্ষক ব্যতিব্যস্ত কৰি ৰখা কামত নিয়োজিত আছিল। তেওঁলোকৰ যুদ্ধ কৌশল বহুখিনি চে গুৱেভাৰাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বুলি অনুমান কৰা হয় আৰু ফৰাচী মাকি বাহিনী, ভিয়েট কং আৰু মাৰ্ছেল টিটোৰ গেৰিলা বাহিনীৰ লগতো ৰণকৌশল আৰু কাৰ্যদক্ষতাৰ বাবে তুলনা কৰা হৈছিল।[6]
১৯৭১ চনত পশ্চিম পাকিস্তানী সেনাবাহিনীৰ দ্বাৰা সংঘটিত গণহত্যাৰ পিছত প্ৰতিৰোধৰ বাবে মুক্তি বাহিনী গঢ়ি তোলা হয়। এয়া আছোল বাংলাদেশৰ মুক্তি সংগ্ৰামৰ চূড়ান্ত পৰ্যায়। ইয়াৰ আগৰ পৰাই মুক্তিকামী সংগ্ৰামৰ বীজ অংকুৰিত হয় ১৯৬৯ চনত হোৱা আয়ুব বিৰোধী আন্দোলনৰ মাধ্যমেৰে। ১৯৭০ চনৰ আদিভাগত বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ছয়দফীয়া আন্দোলনৰ যোগেৰে ই গণ আন্দোলনৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। ১৯৭১ চনৰ মাৰ্চ মাহত তদানীন্তন পূব পাকিস্তানত(পিছলৈ বাংলাদেশ) ক্ৰমবৰ্ধমান ৰাজনৈতিকভাবে অসন্তুষ্ট আৰু সাংস্কৃতিক জাতীয়তাবাদীসকলক তৎকালীনভাবে পশ্চিমাঞ্চলৰ শাসকগোষ্ঠীয়ে কঠোৰ হাতেৰে দমনৰ সিদ্ধান্ত কৰেয়[7][8] আৰু অপাৰেছন চাৰ্চলাইটৰ ব্লু প্ৰিণ্ট তৈয়াৰ কৰে।[9]
পশ্চিম পাকিস্তানি সেনাবাহিনীৰ নৃশংস হত্যাকাণ্ডৰ[10] সম্মুখত অগণিত অসহায় জনগণ ভাৰতৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰত আশ্ৰয়প্ৰাৰ্থী হ’বলৈ ধৰে (আনুমানিক ১ কোটি শৰণাৰ্থী),[11][12] যি পৰৱৰ্তী সময়ত মুক্তিযুদ্ধৰ গতিপ্ৰকৃতিত এক নতুন মাত্ৰা দিয়ে। বাংলাদেশৰ মানুহৰ অসহনীয় অমানৱীয় দুৰ্যোগত ভাৰত চৰকাৰে মুক্তিবাহিনীক সৰ্বোতপ্ৰকাৰে সহযোগিতা কৰা আৰম্ভ কৰে।
আদিতে মুক্তিবাহিনী বা মুক্তিফৌজ নামেৰে পৰিচিত “ফৌজ’’ অংশ মূলতঃ আৰবী[13], ই অসমীয়া “বাহিনী’’ শব্দৰ পৰিপূৰক, যি পিছলৈ বিভিন্ন উপায়ে বাংলা[14] আৰু অসমীয়া শব্দভাণ্ডাৰত সংগৃহীত হৈছে। এইটো আগতে বিভিন্ন চহৰ আৰু গাঁৱত “সংগ্ৰাম পৰিষদ’’ নামে ১৯৭১ চনৰ আৰম্ভণিতে ছাত্ৰ আৰু যুৱকসকলৰ উদ্যোগত গঠিত হৈছিল। এইটো সঠিককৈ ক’ব পৰা নাযায়, ঠিক কেতিয়া ই মুক্তিবাহিনী নামেৰে পৰিচিত হৈ পৰে। যিয়েই নহওক, এই নামে কিন্তু বাংলাদেশৰ মুক্তিকামী মানুহৰ সংগ্ৰামকেই চিহ্নিত কৰে।
১৯৬৯ চনৰ আয়ুব খান বিৰোধী আন্দোলনৰ সময়ৰ পৰা আৰম্ভ কৰি, শেখ মুজিবুৰৰ ছয় দফীয়া আন্দোলনৰ চূড়ান্ত সময়ৰ পৰাই পূব পাকিস্তানৰ বাঙালিসকলৰ ভিতৰত স্বাধীনতাকামী আন্দোলন আৰম্ভ হয়, যাৰ গুৰিত আছিল জাতীয়তাবাদী, প্ৰগতিবাদী আৰু বামপন্থীসকল। ১৯৭০ চনৰ নিৰ্বাচনৰ পৰৱৰ্তীসময়ৰ সংকট এই ধাৰণাক আৰু দৃঢ় কৰে। শ্বেখ মুজিবুৰে নিজেই এই বিষয়ে অন্যান্য প্ৰধান ৰাজনৈতিক দলবোৰৰ চাপত আছিল। বিশেষকৈ কট্টৰ-জাতীয়তাবাদী তৰুণ ছাত্ৰ নেতাসকলে বিচাৰিছিল যে, শ্বেখ মুজিবে যেন অবিলম্বে স্বাধীনতা ঘোষণা কৰে। কেইটিমান বামপন্থী আৰু জাতীয়তাবাদী দলে সশস্ত্ৰ প্ৰস্তুতি লৈছিল, আৰু বাঙালি সেনা অফিচাৰ আৰু সৈন্যসকলে পাকিস্তান সেনাবাহিনী ত্যাগ কৰিবলৈ প্ৰস্তুত আছিল। শ্বেখ মুজিবুৰ ৰহমানৰ আহ্বানত, ৩ মাৰ্চৰ পৰা ৭ মাৰ্চৰ পিছৰ দিনবোৰত, তৎকালীন পূব পাকিস্তানৰ জনগণ এক শান্তিপূৰ্ণ অসহযোগ আন্দোলনত যোগ দিয়ে, যাৰ সময় আছিল ২৫ মাৰ্চ ১৯৭১ৰ মধ্যৰাতি পৰ্যন্ত। সেইদিনাই পাকিস্তানী সেনাবাহিনী প্ৰশাসনৰ নিয়ন্ত্ৰণত নীৰস্ত্ৰ জনতাৰ ওপৰত আক্ৰমণ চলায়। ২৫ মাৰ্চ ১৯৭১ৰ নিশা পাকিস্তানী সেনাবাহিনীৰ এই আক্ৰমণত, কিছুমান দুৰ্বল ক্ষমতাৰ প্ৰতিৰোধ প্ৰচেষ্টাৰ খবৰ পোৱা যায়, বিশেষকৈ ঢাকা বিশ্ববিদ্যালয়ৰ ইকবাল হল আৰু ৰাজাৰবাগ পুলিশ হেডকোৱাৰ্টাৰত(ইয়াত প্ৰতিৰোধৰ মাত্ৰা আছিল তীব্ৰ)। ৰাজনৈতিক ঘটনাপ্ৰবাহ ক্ষীপ্ৰ হৈ উঠাৰ লগতে তাল মিলাই, মুক্তিকামী বাঙালি আৰু পাকিস্তানী আক্ৰমণকাৰী বাহিনীৰ মাজত যুদ্ধেৰ পৰিৱেশ গঢ়ি উঠিল। সেনাবাহিনীৰ বাঙালী সদস্যসকলেও পাকিস্তানৰ পক্ষ এৰি দেশৰ বিভিন্ন ঠাইত সমবেত হ’বলৈ ধৰিলে৷
মুক্তি বাহিনী আৰু ভাৰতীয় সেনাবাহিনীক যৌথভাবে মিত্ৰবাহিনী বোলা হয়। ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাকিস্তান সেনাবাহিনীৰ অধিনায়ক জেনেৰেল নিয়াজি ঢাকাৰ ৰেচকোৰ্স ময়দানত মিত্ৰবাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে।
যদিও অপাৰেশন চাৰ্চলাইট[15]ৰ পাকিস্তানী পৰিকল্পনাকাৰীসকলে বাঙালীসকলৰ প্ৰতিৰোধ দীৰ্ঘ হব বুলি আশা কৰা নাছিল, পাকিস্তানী সেনাবাহিনীয়ে জনসাধাৰণৰ ওপৰত আক্ৰমণ কৰাৰ সময়ৰ পৰাই মুক্তিবাহিনী বাৰে বাৰে দৃশ্যপটলৈ আহি থাকিল। প্ৰথাগত গেৰিলা ৰূপ ধাৰণ কৰাৰ আগতে পাকিস্তানী সেনাবাহিনীৰ এজন অৱসৰপ্ৰাপ্ত অফিচাৰ, কৰ্নেল(পৰৱৰ্তীকালত জেনেৰেল) আটাউল গণি ওচমানীৰ নেতৃত্বত এই বাহিনী গঢ়ি তোলা হয়, মুজিবুৰৰ আন্দোলনৰ সাহায্যকাৰী আৰু নিৰাপত্তা বাহিনী হিচাপে। স্বাধীনতাৰ ঘোষণাৰ পিছত, পাকিস্তানী সেনাবাহিনী এইসকলক দমন কৰিবলৈ চেষ্টা কৰিলেও কিন্তু গোপনে বাঢ়ি উঠা এই "বাংলাদেশ সেনাবাহিনী"ত বিদ্ৰোহী বাঙালি সৈন্যৰ সংখ্যা বাঢ়িয়েই আছিল। এই বাঙালি সৈন্যৰ দলবোৰ ধীৰে ধীৰে মুক্তিবাহিনীৰ সৈতে যুক্ত হয় আৰু তেওঁলোকৰ অস্ত্ৰভাণ্ডাৰ আধিক মজবুত হয়।
১৯৭১ চনৰ ১২ এপ্ৰিল কৰ্ণেল আটাউল গণি ওচমানীয়ে তেলিয়াপাৰা(সিলেট) হেডকোৱাৰ্টাৰত সশস্ত্ৰ বাহিনীৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭১ চনৰ ১২এপ্ৰিল ওচমানীক সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক নিয়োগ কৰা হয়। ১১-১২ জুলাইৰ মাজত বাংলাদেশ মুক্তি বাহিনীক সংগঠিত কৰিবলৈ গুৰুতৰ পদক্ষেপ হাতত লোৱা হয়। কলিকাতাত চেক্টৰ কমাণ্ডাৰসকলৰ এক সভাত যুদ্ধৰ কৌশল, বিদ্যমান সমস্যা আৰু ভৱিষ্যৎ প্ৰতিৰোধ পৰিকল্পনাৰ ওপৰত আলোকপাত কৰি চাৰিটি সিদ্ধান্ত লোৱা হয়। সেইবোৰ আছিল:
যোদ্ধাসকলৰ গঠন আৰু কৌশল হ’ব এনেধৰণৰ :
সামৰিক অভিযানকালত তলত উল্লেখ কৰা কৌশলবোৰ গ্ৰহণ কৰা হ’ব :
|title=
specified when using {{Cite web}}".