উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
---|
•পাকিস্তান • ভাৰত • নেপাল |
ভাষাসমূহ |
ধৰ্ম |
• |
সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী |
মালিক• শ্বেখ |
কছাৰ (ইংৰাজী: The Qassar) দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়; তেওঁৰ পৰম্পৰাগত বৃত্তি হৈছে কাপোৰ ধোৱা। তেওঁলোকক হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মান্তৰিত বুলি গণ্য কৰা হয়। উত্তৰ ভাৰত, পূব ভাৰতৰ লগতে মধ্যপূব ভাৰত আৰু পাকিস্তানতো তেওঁলোকৰ বসতি আছে। এই সম্প্ৰদায়টোক পাকিস্তানত চৰহোৱা আৰু গাজাৰ আৰু ভাৰতত কছাৰ নামেৰেও জনা যায়। উপাধি হিচাপে তেওঁলোকে "হাৱাৰি" ব্যৱহাৰ কৰে।[1]
কছাৰ জাতিক মুছলমান ধুবী বুলি জনা যায়। ভাৰতত তেওঁলোক নিজৰ পৰম্পৰাগত কাপোৰ ধোৱাৰ বৃত্তিৰ ওপৰত নিৰ্ভৰশীল হৈয়েই আছে। সম্প্ৰদায়টোৰ অধিক উদ্যমী লোকসকলে ড্ৰাই ক্লিনিং ব্যৱসায় স্থাপন কৰিছে। বৰ্তমান সময়ত কছাৰ সম্প্ৰদায়ৰ বহু লোক কাপোৰ ধোৱাৰ লগত জড়িত নহয়। তেওঁলোকে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। গ্ৰামাঞ্চলৰ বহুতেই কৃষি শ্ৰমিক। এই সম্প্ৰদায়টো সমগ্ৰ উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতত বিস্তৃত, দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ আৰু বিহাৰত কেন্দ্ৰীভূত। লগতে দক্ষিণ কৰ্ণাটক, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশতো সম্প্ৰদায়টোৰ লোক বাস কৰে। যদিও তেওঁলোক বহুজাতিক আৰু বহুধৰ্মীয় গাঁৱত বাস কৰে, তথাপিও তেওঁলোকে চহৰ আৰু গাঁৱত সুকীয়া ঠাই দখল কৰে। প্ৰায়ে ধোবীঘাট বুলি কোৱা ঠাইসমূহত কছাৰ লোকৰ বসতি। তেওঁলোকৰ বাস কৰা প্ৰতিটো অঞ্চলতে একোখন পৰম্পৰাগত জাতি পৰিষদ থাকে, যিয়ে সম্প্ৰদায়টোৰ ভিতৰৰ বিবাদসমূহ নিষ্পত্তি কৰে আৰু পলায়ন, চুৰি আৰু ব্যভিচাৰৰ দৰে বিষয়সমূহৰ সৈতে মোকাবিলা কৰে। অন্যান্য মুছলমান বৃত্তিজীৱি সম্প্ৰদায়ৰ দৰেই তেওঁলোকেও সম্প্ৰদায়ভিত্তিক সংগঠন স্থাপন কৰিছে। পুৰণি সংগঠনটো হৈছে ১৯৮০ চনতে প্ৰতিষ্ঠা কৰা “অল ইণ্ডিয়া জমিয়াতুল কাছাৰ”; আন এটা সংগঠন “অল ইণ্ডিয়া জমিয়াতুল হাৱাৰিন”- যিয়ে সমাজৰ প্ৰেচাৰ গ্ৰুপ হিচাপে কাম কৰে। তেওঁলোকৰ বহুলাংশে চুন্নী মুছলমান আৰু মোটামুটি গোড়া। হাৰিয়ানাত এটা সৰু সংখ্যালঘু কছাৰ গোট ছিয়া ধৰ্মালম্বী। উত্তৰ ভাৰতৰ কাছাৰ সম্প্ৰদায় উৰ্দু ভাষী; লগতে বিভিন্ন স্থানীয় উপভাষা, যেনে খৰী বলি আৰু অৱধি ভাষাও কয়।[2]
দিল্লীত তেওঁলোকৰ দুটা উপ-ভাগ আছে, শ্বেহৰী আৰু অঘৰীয়া। শ্বেহৰীসকল মূল পুৰণি দিল্লী। আনহাতে অঘৰীয়াসকল মূলতঃ মীৰুট আৰু হাপুৰৰ ওচৰৰ গাঁৱৰ। তেওঁলোকে ফৰাশ খানা, জামা মছজিদ, চিতলী কাবাৰ, লাল দৰৱাজা আৰু ছিছ মহল আদি অঞ্চলত বাস কৰে; এই সকলোবোৰ পুৰণি দিল্লীৰ। দিল্লীৰ কছাৰৰ বৃহৎ সংখ্যক ভাৰত বিভাজনৰ সময়ত পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁলোকৰ পৰম্পৰাগত বৃত্তিৰ ক্ষতি হৈছে। পৰম্পৰাগতভাৱে সকলো কাপোৰ কছাৰসকলৰ দ্বাৰা ধুৱোৱা হৈছিল। এইটো এতিয়া নহয় আৰু যিসকল কছাৰ এতিয়াও তেওঁলোকৰ পৰম্পৰাগত বৃত্তিৰ লগত জড়িত হৈ আছে, তেওঁলোকে হোটেল আৰু চিকিৎসালয়ৰ ধুবলৈ আৰম্ভ কৰিছে।[3]
হাৰিয়ানাত এই সম্প্ৰদায়টো সমগ্ৰ ৰাজ্যতে পোৱা যায়। তেওঁলোকে হাৰিয়ানী ভাষা কয়। সমাজৰ শিক্ষিত সদস্যসকলে উৰ্দু ভাষা কয়। হাৰিয়ানাৰ কছাৰসকল সাম্প্ৰদায়িক ৰেখাৰে বিভক্ত; তেওঁলোকৰ মাজত চুন্নী আৰু ছিয়া দুয়োটাই আছে। তাৰ ভিতৰতো আৰু সৰু সৰু উপভাগ অৰ্থাৎ গোত্ৰ আছে; যেনে ভাট্টী, ঠগ আদি। কছাৰসকল কঠোৰভাৱে অন্তৰ্বিবাহী। গোত্ৰৰ বাহিৰত বৈবাহিক সম্বন্ধ খুব কমেই কৰা দেখা যায়। তেওঁলোকৰ মূল বৃত্তি কাপোৰ ধোৱাটোৱেই যদিও ক্ৰমান্বয়ে বহু কছাৰ এতিয়া কৃষি শ্ৰমিক। হাৰিয়ানাৰ অন্যান্য মুছলমানৰ দৰে ভাৰত বিভাজনৰ সময়ত পাকিস্তানলৈ প্ৰব্ৰজনৰ ফলত এই সম্প্ৰদায়ৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পাইছে।[4]
গুজৰাটত কছাৰসকলে মহাৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজন কৰা বুলি দাবী কৰা হয়। সমগ্ৰ গুজৰাটতে তেওঁলোকৰ বসতি। তেওঁলোকে গুজৰাটী আৰু কচ্চী ভাষা কয় আৰু তেওঁলোক চুন্নী মুছলমান সম্প্ৰদায়ৰ। কছাৰসকল কঠোৰভাৱে নিজৰ গোত্ৰৰ ভিতৰতে বিয়া-বাৰু সীমিত ৰাখে আৰু ঘনিষ্ঠ আত্মীয়ক বিয়া কৰায়। আন আন গুজৰাটী মুছলমান সম্প্ৰদায়ৰ দৰে তেওঁলোকৰো নিজা সম্প্ৰদায়ভিত্তিক সংগঠন বা ধোবী জামাত আছে। কছাৰসকল এটা ভূমিহীন সম্প্ৰদায়। তেওঁলোকৰ পৰম্পৰাগত বৃত্তি কাপোৰ ধোৱা। দুই এজন সফল কছাৰে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছে। এই সম্প্ৰদায়টো প্ৰধানকৈ বৰোদা, আহমেদাবাদ, বানাস্কন্থ আৰু কাইৰা জিলাত পোৱা যায়।[5]