মুথৈয়া ভণিতা | |
---|---|
জন্ম | চেন্নাই, ভাৰত |
পেচা | বিজ্ঞানী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৭–বৰ্তমান |
সংস্থা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
মুথৈয়া ভণিতা (ইংৰাজী: Muthayya Vanitha) এগৰাকী ভাৰতীয় ইলেকট্ৰনিক্স চিষ্টেম অভিযন্তা। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এগৰাকী বিজ্ঞানী। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰে অধীনৰ কেইবাটাও কৃত্ৰিম উপগ্ৰহৰ প্ৰকল্পক নেতৃত্ব বহন কৰিছে। তেওঁ চন্দ্ৰযান-১ ৰ[1][2][3] পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান চন্দ্ৰযান-২ৰ প্ৰকল্প সঞ্চালক আছিল।
ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰাজধানী চেন্নাইত মুথৈয়া ভণিতাৰ জন্ম হৈছিল। তেওঁ প্ৰথমতে এগৰাকী ডিজাইন অভিযন্তা হিচাপে প্ৰশিক্ষিত হৈছিল।[4][5] তেওঁ কলেজ অফ ইঞ্জিনিয়াৰিং, গুইণ্ডেৰ পৰা অভিযান্ত্ৰিক বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।[6]
মুথৈয়া ভণিতা তিনি দশক জুৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ লগত জড়িত হৈ আছে।[5] তেওঁ ইছৰোত এগৰাকী কণিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰিছিল আৰু বিভিন্ন হাৰ্ডৱেৰ পৰীক্ষণ আৰু উন্নয়নৰ লগত জড়িত আছিল।[5] তেওঁৰ কৰ্মনিষ্ঠাৰ বলত পিছলৈ ব্যৱস্থাপকৰ পদ লাভ কৰে আৰু ইছৰো কৃত্ৰিম উপগ্ৰহ কেন্দ্ৰৰ টেলিকমাণ্ড ডিভিছন আৰু ডিজিটেল চিষ্টেম গোটক নেতৃত্ব প্ৰদান কৰে। বিভিন্ন কৃত্ৰিম উপগ্ৰহ যেনে - কাৰ্ট'ছেট-১, অচেনছেট-২ আৰু মেঘা ট্ৰপিকছ প্ৰকল্পৰ তেওঁ উপ-সঞ্চালক আছিল। ইয়াত তেওঁ ডেটা অপাৰেচনৰ বাবে দায়িত্বশীল আছিল।[7][8] তেওঁ ২০১৩ চনৰ মংগল গ্ৰহলৈ ভাৰতৰ প্ৰথম অভিযান মংগলযানৰ লগতো জড়িত আছিল।[7]
মুথৈয়া ভণিতায়ে চন্দ্ৰলৈ ভাৰতৰ দ্বিতীয় অভিযান চন্দ্ৰযান-২লৈ সহযোগী সঞ্চালক পদৰ পৰা সঞ্চালক পদলৈ পদোন্নতি লাভ কৰিছিল। তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ আন্তঃগ্ৰহ মিছনৰ নেতৃত্ব দিয়া প্ৰথম গৰাকী ভাৰতীয় বিজ্ঞানী।[4] তদুপৰি তেওঁ ইছৰোৰ প্ৰথম মহিলা প্ৰকল্প সঞ্চালক।[9] চন্দ্ৰযান-১ৰ সঞ্চালক ডঃ মাইলস্বামী আন্নাদুৰাইয়ে তেওঁৰ ডেটা হেণ্ডেলিঙ, টীম মেনেজমেণ্ট আৰু সমস্যা সমাধান কৰিব পৰা দক্ষতাৰ বাবে এই পদবীৰ বাবে উপযুক্ত বুলিছিল আৰু এই পদবী গ্ৰহণ কৰিবলৈ তেওঁক মান্তি কৰাইছিল।[10][11] ২০১৯ চনৰ ২২ জুলাই তাৰিখে সফল ভাবে চন্দ্ৰযান-২ উৎক্ষেপন কৰা হৈছিল।[7]
মুথৈয়া ভণিতায়ে ২০০৬ চনত এষ্ট্ৰ'নমিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ শ্ৰেষ্ঠ মহিলা বিজ্ঞানী বঁটা লাভ কৰিছিল।[4] ২০১৯ চনত তেওঁক নেচাৰ পত্ৰিকায়ে দৃষ্টিগোচৰ কৰিবলগীয়া পাঁচগৰাকী বিজ্ঞানীৰ অন্যতম বুলি অভিহিত কৰিছে।[12]