এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মুনিবা মাজাৰি | |
---|---|
জন্ম | ৩ মাৰ্চ, ১৯৮৭ (৩৭ বছৰ) ৰহিম য়াৰ খান |
ৰাষ্ট্ৰীয়তা | পাকিস্তান |
পেচা | শিল্পী, মানৱাধিকাৰ কৰ্মী, প্ৰেৰণাদায়ী বক্তা, গায়িকা আৰু মডেল |
সন্তান | ১ জন |
আত্মীয়-স্বজন | ২জন কনিষ্ঠ ভাতৃ |
ৱেবছাইট | |
www |
মুনিবা মাজাৰি (উৰ্দু: منیبہ مزاری; জন্ম ৩ মাৰ্চ ১৯৮৭) এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্পী, টেলিভিচন উপস্থাপক, প্ৰেৰণাদায়ী বক্তা আৰু গায়িকা। ২০০৫ চনত মুনিবা মাজাৰি এজন পাকিস্তানী বিমান বাহিনীৰ কৰ্মকৰ্তাৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। বিয়াৰ দুইবছৰৰ ভিতৰতে মুনিবা এটা পথ দুৰ্ঘটনাৰগ্ৰস্ত হয়। আৰু তাৰ পিছৰ পৰাই তেওঁক হুইলচেয়াৰৰ সহায় লব লগা হয়। তেওঁ নিজৰ সৃষ্টিশীলতা আৰু অনন্য দৃষ্টিভংগীৰ কাৰণে আজি বিশ্বখ্যাত আৰু তেওঁ পাকিস্তানৰ লৌহমানৱী হিচাপত পৰিচিত। তেওঁ এতিয়া পাকিস্তানৰ ইউএন ওমেনৰ শুভেচ্ছাদূত।
মুনিবা মাজাৰি ১৯৮৭ চনৰ ৩ মাৰ্চ তাৰিখত জন্মগ্ৰহণ কৰে। মুনিবা পাকিস্তানী বেলোচিস্তান প্ৰদেশৰ মাজাৰি উপজাতিৰ অধিবাসী। তেওঁৰ জন্ম হয় দক্ষিণ পঞ্জাবৰ ৰহিম য়াৰ খানত। মুনিবা মাজাৰি আৰু দুজন সহোদৰ আছে আৰু তিনিজন সহোদৰৰ মাজত মুনিবা সবাতোকৈ ডাঙৰ। মুনিবা তেওঁৰ প্ৰাথমিক শিক্ষা এখন আৰ্মি পাব্লিক স্কুলৰ পৰা সম্পন্ন কৰি তেওঁৰ আদি চহৰত ৰহিম য়াৰ খানতেই কলেজীয়া শিক্ষা সম্পন্ন কৰে। মাক দেউতাকৰ কথা মানি কেৱল ১৮ বছৰ বয়সতে ২০০৫ চনত পাকিস্তানী বায়ুসেনাবাহিনীৰ কৰ্মী খুৰ্ৰাম শাহজাদৰ লগত বিবাহ বন্ধনত আৱদ্ধ হয়। ২০০৮ চনত মুনিবা আৰু তেওঁৰ স্বামী পথ দুৰ্ঘটনাগ্ৰস্ত হয়। ২০১৫ চনত মুনিবাৰ স্বামীয়ে তেখেত লগত বিবাহবিচ্ছেদ কৰে। ২০১৭ চনত মুনিবা মাজাৰিৰ স্বামী মুনিবাক মানহানিৰ বাবে ন্যায়ালয়ত গোচৰ তৰে।
বিয়াৰ দুবছৰ পাছতেই ২০০৮ চনৰ ২৭ ফেব্ৰুৱাৰীত যেতিয়া তেওঁ আৰু তেওঁৰ স্বামী নিজস্ব গাড়ী লৈ কুয়েত্তাৰ পৰা ৰহিম য়াৰ খানলৈ ফুৰিবলৈ যোৱাৰ সময়ত তেওঁলোক দুৰ্ঘটনাগ্ৰস্ত হয়। গাড়ীখন ডাঙৰ এটা গাতত পৰাৰ আগতেই মুনিবা মাজাৰিৰ স্বামী কোনোমতে গাড়ীৰ পৰা জপিয়াবলৈ সক্ষম হয়। কিন্তু মুনিবা গাড়ীৰ ভিতৰতে আছিল। এই ঘটনাৰ পাছত মুনিবাৰ জীৱন ইমান সহজ নাছিল। দুৰ্ঘটনাৰ পাছত তেওঁৰ ৰাজহাড়, হাত, ভৰিৰ অস্থি ভাঙি যায় আৰু তেওঁ পেৰালাইচিচ হয় লগতে তেওঁৰ হাওঁফাওঁ আৰু যকৃৎও গভীৰ ভাবে ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাৰ পাছতেই তেওঁক দুৰ্ঘটনাস্থলীৰ পৰা ওচৰত এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাৰ পিছত তেওঁক ৰহিম য়াৰ খানত চিকিৎসালয় আৰু তাৰ পিছত কৰাচীৰ আঘা খান চিকিৎসালত ভৰ্তি কৰা হয়। অষ্ট্ৰোপচাৰৰ পাছত মুনিবা দুই বছৰ কেৱল বিছনাত থাকিব লগীয়া হৈছিল।
অসুস্থ অৱস্থাৰ পৰা অলপ সুস্থ হৈ মুনিবা হুইলচেয়াৰ ব্যৱহাৰ আৰম্ভ কৰে আৰু পিছত ৰাৱালপিণ্ডি নামৰ ঠাই এখনত বসবাস আৰম্ভ কৰে।
মুনিবা মাজাৰি বিভিন্ন কৰ্মবৃত্তিত জড়িত হৈ দক্ষতাৰ পৰিচয় দিয়ে আৰু বহুত খ্যাতিও লাভ কৰে। তেওঁ প্ৰেৰণাদায়ী বক্তা, চিত্ৰশিল্পী হোৱাৰ লগতে এজনী সফল টেলিভিচন উপস্থাপক আৰু মডেল। প্ৰথম অৱস্থাত তেওঁ আৰিব আযাৰৰ ফেইচবুক পেজৰ বাবে পেইণ্টিং আৰম্ভ কৰে আৰু মাহেকীয়া হিচাপত পাৰিশ্ৰমক লাভ কৰে। তেওঁ তেওঁৰ সন্তানৰ স্কুলত 'ধীৰে বোলো' নামৰ এটা প্ৰজেক্টও আৰম্ভ কৰিছিলে যিটো এতিয়া পাকিস্তানৰ বিভিন্ন বিদ্যালয়ত চলি আছে। পাকিস্তান টেলিভিচনৰ পৰিচালক অধিকৰ্তা মহম্মদ মালিকে মুনিবাক পাকিস্তান টেলিভিচনত কাম কৰাৰ প্ৰস্তাৱ দিয়ে।
আয়ৰ উপৰিও মুনিবা 'পণ্ডচ্ মিৰাকেল ওমেন' হিচাপে পণ্ডচ্ কোম্পানীতো কাম কৰিছে। আন্তৰাষ্ট্ৰীয় হেয়াৰড্ৰচিং চেলন, টনি এণ্ড গাই-এ মুনিবা মাজাৰিক এছিয়াৰ প্ৰথম হুইলচেয়াৰ ব্যৱহাৰ কৰা মহিলা হিচাপত উপস্থাপন কৰে। মুনিবা মাজাৰিৰ ইয়াৰ বাবে কৰা প্ৰথম অভিযান আছিলে 'ওমেন অব চাবষ্টেন্স'।
মুনিবা মাজাৰি 'দিল চে পাকিস্তান' নামক অভিযান আৰম্ভ কৰিছিল যিটোৰ মুখ্য উদ্দেশ্য আছিল পাকিস্তানী মানুহৰ ভিতৰত স্বদেশপ্ৰীতি মনোভাৱ জগোৱা আৰু পাকিস্তানৰ জনগণক ঐক্যবদ্ধ কৰা। এই অভিযানৰ অন্তৰ্গত মুনিবা মাজাৰিয়ে এটা গান গাইছিল যিটো ২০১৭ চনৰ আগষ্ট মাহত ইউটিউবত মুক্তি দিয়া হয়। ২০১৯ চনত পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰান খানে মুনিবা মাজাৰিক পাকিস্তানৰ জাতীয় যুৱ পৰিষদ (National Youth Council)-ৰ সদস্য হিচাপত নিযুক্ত দিয়ে।
মুনিবা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাৰ পৰাই ছবি অঁকা আৰম্ভ কৰে। মুনিবা তেওঁৰ নিজা আৰ্ট ব্ৰেণ্ড 'মুনিবাৰ কেনভাছ'। তেওঁৰ প্ৰথম চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল লাহোৰত, ১৯ এপ্ৰিল ২০১৬-ৰ পৰা ২৪ এপ্ৰিল ২০১৬ লৈকে। আৰু তেওঁৰ প্ৰথম আন্তৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল ডুবাইত যাৰ শিৰোনাম আছিল 'And I choose to live'। ইয়াৰোপৰি পৃথিৱীৰ বিভিন্ন দেশত তেওঁৰ চিত্ৰপ্ৰদৰ্শনী অনুষ্ঠিত হৈছে। কিছুমান তলত উল্লেখ কৰা হল: