মুমতাজ শ্বেইখ (ইংৰাজী: Mumtaz Shaikh; জন্ম-১৮ নৱেম্বৰ ১৯৮১) ভাৰতৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী। মুম্বাইত ৰাজহুৱা শৌচাগাৰৰ সম-সুবিধাৰ বাবে তেওঁ এক সফল অভিযান আৰম্ভ কৰে। ২০১৫ চনত বিবিচিয়ে তেওঁক প্ৰেৰণাদায়ক ১০০ মহিলা অভিযানৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰিছিল।
১৯৮১ চনত মহাৰাষ্ট্ৰৰ আহমেদনগৰত মুমতাজ শ্বেইখে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আবু বাক্কৰ এজন চালক আছিল আৰু তেওঁ মালায়ালম ভাষা কয়। তেওঁৰ মাক মদিনাই হিন্দী ভাষা কয়। জন্মৰ কিছু দিনৰ ভিতৰত ডাঙৰ ভাতৃ ৰফিককে ধৰি পৰিয়ালটো মুম্বাইৰ উপকণ্ঠ অঞ্চল চেম্বুৰৰ বাছি নাকা চুবুৰীলৈ গুচি যায়।.[1] পাৰিবাৰিক হিংসাৰ বাবে শ্বেইখক যেতিয়া খুড়াকৰ লগত থাকিবলৈ পঠিওৱা হৈছিল, তেতিয়া তেওঁ আশ্ৰয়ৰ বিনিময়ত ঘৰুৱা কাম-কাজ কৰি দিছিল৷ কিন্তু তেওঁ প্ৰায়ে ভোকত আছিল।[2] যেতিয়া তেওঁৰ বয়স পাঁচ বছৰ আৰু ভাতৃৰ বয়স আঠ বছৰ আছিল, তেতিয়া তেওঁলোকৰ পিতৃয়ে মুমতাজৰ ককায়েক ৰফিকক কেৰালাত থকা পিতৃ-মাতৃৰ ওচৰলৈ লৈ গৈছিল আৰু পাছত ডুবাইলৈ কাম কৰিবলৈ গৈছিল।[1] অতি দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰা কঠিন শৈশৱৰ পিছত নৱম শ্ৰেণীৰ পিছত শ্বেইখে স্কুল এৰিবলৈ বাধ্য হয় আৰু পোন্ধৰ বছৰ বয়সত খুড়াকে তেওঁৰ বাবে বিয়াৰ ব্যৱস্থা কৰে।[2][3] বিয়াখন অশান্তিপূৰ্ণ হৈ পৰে আৰু ষোল্ল বছৰ বয়সত নিজৰ কন্যা সন্তান জন্ম হোৱাৰ পিছত শ্বেইখে Committee of Resource Organizations (CORO)ৰ সমাজকৰ্মীসকলে পাৰিবাৰিক হিংসাৰ বিষয়ত প্ৰদান কৰা বক্তৃতাসমূহ গোপনে শুনিবলৈ আৰম্ভ কৰে৷ স্বামীৰ আপত্তি নেওচি তেওঁ সংস্থাটোৰ স্বেচ্ছাসেৱী হৈ পৰে, আৰু অতি সোনকালেই বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে৷[2]
২০০০ চনত ক'ৰ'ৰ মূল দলৰ সদস্য হোৱা আৰু ২০০৫ চনত লিডাৰছ কুৱেষ্ট ফেল'শ্বিপৰ বাবে নিৰ্বাচিত হোৱা মুমতাজে তেওঁৰ সম্প্ৰদায়ৰ আন মহিলাসকলক মেণ্টৰিং কৰিবলৈ আৰম্ভ কৰে।[2][3] পৰৱৰ্তী দশকত সংস্থাটোৰ জৰিয়তে উত্থান ঘটাই তেওঁ ক’ৰ’ৰ যুটীয়া সম্পাদিকা হয় আৰু ২০০৬ চনত পুনৰ বিবাহপাশত আবদ্ধ হয়। যেতিয়া ক'ৰ'ই মহিলা মণ্ডল সন্মিলনী গঠন কৰিছিল, তেতিয়া মুমতাজক ইয়াৰ কাৰ্যবাহী সভাপতি নিযুক্তি দিয়া হৈছিল।[4] কোৰ'ছৰ অনাময় কাৰ্যসূচীৰ অংশ হিচাপে মুমতাজে ২০১১ চনত ৰাজহুৱা শৌচাগাৰৰ সমস্যাসমূহ সমাধান কৰিবলৈ আৰম্ভ কৰে আৰু ২০১২ চনত বাথৰুমৰ সুবিধাসমূহৰ সুৰক্ষা আৰু অৱস্থাৰ মূল্যায়নৰ বাবে এক সমীক্ষাৰ নেতৃত্ব দিয়ে।[3] ২০১৩ চনত মুম্বাইত শৌচাগাৰৰ সুবিধাৰ অসমান সুবিধাৰ বিষয়টোক লক্ষ্য কৰি এক অভিযান আৰম্ভ কৰিছিল। চীনৰ পৰা অহা অক্যুপাই মেন’ছ টয়লেট নামৰ একেধৰণৰ অভিযানৰ ভিত্তিত ৩২টা বেচৰকাৰী সংস্থাই একত্ৰিত হৈ মহিলাসকলৰ বাবে শৌচাগাৰৰ বিনামূলীয়া সুবিধা বৃদ্ধিৰ প্ৰচেষ্টা আৰম্ভ কৰিবলৈ দিনজোৰা আলোচনা চক্ৰৰ পৃষ্ঠপোষকতা কৰে।[5] মুমতাজ প্ৰস্ৰাৱ কৰাৰ অধিকাৰ অভিযানৰ মুখপাত্ৰ হৈ পৰিছিল, যিয়ে এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যে যদিও চহৰ অঞ্চলত মহিলাসকলে প্ৰায় ৫০ শতাংশ শ্ৰমিক শক্তিক প্ৰতিনিধিত্ব কৰে, তথাপিও তেওঁলোকৰ শৌচাগাৰৰ সুবিধা কম, যদিহে তেওঁলোকে ধন দিব নোৱাৰে। ২০১২ চনত মুম্বাইত চৰকাৰে পুৰুষৰ বাবে ৫,৯৯৩টা ৰাজহুৱা শৌচাগাৰ আৰু ২,৪৬৬টা প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰিছিল যদিও মহিলাৰ বাবে মাত্ৰ ৩,৫৩৬টা সুবিধা প্ৰদান কৰিছিল।[6] ৰেল ষ্টেচনৰ অৱস্থা বেয়া আছিল, চেণ্ট্ৰেল আৰু হাৰ্বাৰ ৰেল লাইনত অৱস্থিত ৬৯টা ষ্টেচনৰ বাবে ১০০টাতকৈও কম প্ৰস্ৰাৱ আৰু শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছিল।[4] পুৰুষে প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিবলৈ একো ধন নিদিলে, কিন্তু মহিলাসকলে শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ ধন দিব লগা হৈছিল। প্ৰস্ৰাৱ কৰাৰ সংখ্যা সীমিত কৰিবলৈ মহিলাসকলে সঘনাই অপৰ্যাপ্ত পৰিমাণৰ পানী খাইছিল, যাৰ ফলত স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি হৈছিল।[6]
এই পদক্ষেপক বহুলভাৱে স্বীকৃতি দিয়া হৈছিল, যাৰ ফলত চৰকাৰে সমগ্ৰ মুম্বাইত প্ৰতি ২০ কিলোমিটাৰৰ মূৰে মূৰে মহিলাৰ বাবে এটা ব্লক শৌচাগাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল।[2] এবছৰৰ ভিতৰতে মহিলা সংগঠনৰ হেঁচাত এমচিজিএমৰ দ্বাৰা মুম্বাইত ৯৬টা নতুন শৌচাগাৰ নিৰ্মাণৰ কথা ঘোষণা কৰা হৈছিল।[7]মুমতাজক পুনেৰ নাৰী সমতা মঞ্চৰ দ্বাৰা "মহাৰাষ্ট্ৰৰ কন্যা" উপাধি প্ৰদান কৰা হয় [2] আৰু ২০১৫ চনত বিবিচিৰ ১০০ মহিলা ছিৰিজৰ দ্বাৰা তেওঁ সন্মানিত হয়৷[7] তেওঁ বিভিন্ন স্থানৰ স্থানীয় প্ৰয়োজনীয়তা অধ্যয়ন কৰি সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্যত এই কাৰ্যসূচী সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ কৰে।[8]