মুম্বাই বিশ্ববিদ্যালয় University of Mumbai | |
---|---|
মুম্বাই বিশ্ববিদ্যালয়ৰ সন্মুখৰ দৃশ্য | |
লেটিন: ইউনিভাৰ্চিটাছ মুম্বাই | |
মূলমন্ত্ৰ | Śīlaṣṭataphalā Vidyā (সংস্কৃত) |
ইংৰাজীত মূলমন্ত্ৰ | শিক্ষণৰ ফল হৈছে চৰিত্ৰ আৰু সৎ আচৰণ |
স্থাপিত | ১৮ জুলাই ১৮৫৭ |
ধৰণ | ৰাজহুৱা বিশ্ববিদ্যালয় |
আচাৰ্য | মহাৰাষ্ট্ৰৰ ৰাজ্যপাল |
উপাচাৰ্য | সুহাস পেডনেকাৰ[1] |
শিক্ষাৰ্থী | ৭,৫৭৯[2] |
স্নাতক শিক্ষাৰ্থী | ১,৪৫৯[2] |
স্নাতকোত্তৰ শিক্ষাৰ্থী | ৫,৬৩৮[2] |
স্থান | মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত 18°58′30″N 72°49′33″E / 18.975°N 72.82583°Eস্থানাংক: 18°58′30″N 72°49′33″E / 18.975°N 72.82583°E |
চৌহদ | নগৰ সকলো কেম্পাছ: ২৫০ একৰ (10,00,000 বৰ্গ মিটাৰ)[3] |
ৰং | Saffron[4] |
ভুক্তি | UGC, NAAC, AIU |
ৱেবছাইট | mu |
অনানুষ্ঠানিকভাৱে মুম্বাই বিশ্ববিদ্যালয় (MU) নামে জনাজাত মুম্বাই বিশ্ববিদ্যালয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা আৰু চৰকাৰী বিশ্ববিদ্যালয়। ব্ৰিটিছশাসিত বোম্বে যুগতে যাত্ৰাৰম্ভ কৰা বিশ্ববিদ্যালয়খন ভাৰতৰ পুৰণি শিক্ষানুষ্ঠানৰ ভিতৰত অন্যতম৷
মুম্বাই বিশ্ববিদ্যালয় বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়। [5] 2013 অনুসৰি[update]২০১৩ চনলৈকে বিশ্ববিদ্যালয়খনত ৭১১ খন সংযুক্ত মহাবিদ্যালয় আছিল।[6] বিশ্ববিদ্যালয়খনৰ উপদেষ্টা পৰিষদৰ নিযুক্তিপ্ৰাপ্ত মুৰব্বী হৈছে ৰতন টাটা। [7]
১৮৫৪ চনত ছাৰ চাৰ্লছ উডে খচৰা প্ৰস্তুত কৰা "Wood's despatch" অনুসৰি ১৮৫৭ চনত বোম্বে এছ'চিয়েচনৰ ফালৰ পৰা ভাৰতৰ ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ ওচৰত এখন আবেদন দাখিল কৰাৰ পিছত দ্য ইউনিভাৰ্চিটি অৱ বম্বে স্থাপন কৰা হয়।[8] মুম্বাই বিশ্ববিদ্যালয়খন যুক্তৰাজ্যৰ একেধৰণৰ বিশ্ববিদ্যালয়সমূহৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল, বিশেষকৈ লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত৷[8]:188
বিশ্ববিদ্যালয়ৰ অধীনত পোনপ্ৰথমে প্ৰতিষ্ঠা লাভ কৰা বিভাগ দুটা হৈছে:১৮৩৫ চনত এলফিনষ্টন কলেজত 'ফেকাল্টি অৱ আৰ্টছ' আৰু ১৮৪৫ চনত গ্ৰাণ্ট মেডিকেল কলেজত 'ফেকাল্টি অৱ মেডিচিন'।[8] বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ আগতেই এই দুয়োখন মহাবিদ্যালয়ৰ অস্তিত্ব আছিল আৰু তেওঁলোকে নিজৰ ডিগ্ৰী প্ৰদানৰ বিশেষাধিকাৰ বিশ্ববিদ্যালয়খনক দিছিল। ১৮৬২ চনত প্ৰদান কৰা প্ৰথম ডিগ্ৰীসমূহ আছিল 'কলা শাখাত স্নাতক' আৰু 'চিকিৎসা বিজ্ঞানত অনুজ্ঞাপত্ৰ'।[8] হায়দৰাবাদত থকা সিন্ধ মেডিকেল স্কুলৰ দৰে চিকিৎসা বিদ্যালয়সমূহো বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত হৈছিল।
পিছলৈ ছমাৰভিল কলেজত আইন অধ্যয়ন কৰি অক্সফৰ্ডৰ প্ৰথম মহিলা আইন ছাত্ৰী আৰু ভাৰতৰ প্ৰথম মহিলা অধিবক্তা হিচাপে পৰিগণিত হোৱা কৰ্ণেলিয়া ছ'ৰাবজী ১৮৮৮ চনত বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী মহিলা স্নাতক আছিল।[9][10]
১৯০৪ চনলৈকে বিশ্ববিদ্যালয়খনে কেৱল পৰীক্ষা অনুষ্ঠিত কৰিছিল, মহাবিদ্যালয়সমূহক অনুমোদন প্ৰদান কৰিছিল, পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰা মহাবিদ্যালয়সমূহৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰিছিল।[8]১৯০৪ চনৰ পৰাহে শিক্ষকতা বিভাগ, গৱেষণা শাখা, স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়, আৰু কেইবাটাও অতিৰিক্ত বিভাগ স্থাপন কৰা হয়। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৩ চনৰ বম্বে বিশ্ববিদ্যালয় আইন অনুসৰি বিশ্ববিদ্যালয়খনৰ কাৰ্য আৰু ক্ষমতাসমূহ পুনৰ্সংগঠিত কৰা হয়।[11] ১৯৯৬ চনত বিশ্ববিদ্যালয়খনৰ নাম বম্বে বিশ্ববিদ্যালয়ৰ পৰা মুম্বাই বিশ্ববিদ্যালয়লৈ সলনি কৰা হয়।[12]
১৯৪৯ চনত ৮০ খন সংযুক্ত মহাবিদ্যালয়ৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আছিল ৪২,২৭২ গৰাকী। ১৯৭৫ চনত এই সংখ্যা হৈছিলগৈ যথাক্ৰমে ১,৫৬,১৯০ আৰু ১১৪।[8]