মূৰিঘণ্টৰ ভাৰতীয় সংস্কৰণ | |
অন্য নাম | কাৰি কেপালা ইকান (মালয়েচিয়া আৰু ইণ্ডোনেচিয়া) |
---|---|
প্ৰকাৰ | তৰকাৰী |
প্ৰকাৰ | মুখ্য আহাৰ |
উৎপত্তিৰ স্থান | চিংগাপুৰ |
অঞ্চল | ইণ্ডোনেচিয়া, মালয়েচিয়া, চিংগাপুৰ, ভাৰত, বাংলাদেশ |
উদ্ভাৱক | ভাৰতীয় মূল |
পৰিবেশনৰ উষ্ণতা | তপত বা কুহুমীয়া |
মুখ্য উপাদান | মাছৰ মূৰ, পাচলি (ভেন্দি, বেঙেনা, এচপাৰেগাছ বীন), মগু দাইল |
মূৰিঘণ্ট বা মাছৰ মূৰৰ তৰকাৰী ( মালয় আৰু ইণ্ডোনেছিয়ান : কাৰি কেপালা ইকান) ইণ্ডোনেছিয়ান[1] মালয়েছিয়ান আৰু ছিংগাপুৰৰ খাদ্যৰ[2][3] ভাৰতীয় আৰু চীনা মূলৰ মিশ্ৰিত সংস্কৰণ।[4] ইয়াত ৰেড স্নেপাৰ মাছৰ মূৰটো কেৰালা ষ্টাইলৰ তৰকাৰীত ভেন্দি আৰু বেঙেনাৰ দৰে বিভিন্ন শাক-পাচলিৰ সৈতে জোল কৰা হয়। সাধাৰণতে ইয়াক ভাত বা ৰুটিৰ সৈতে, বা ভাগ কৰা খাদ্য হিচাপে পৰিবেশন কৰা হয়। এই ব্যঞ্জনবিধ ভাৰতত মগু দাইল, আলু বা ফুলকবিৰ সৈতে ৰন্ধা হয়। ভাৰতৰ অসম আৰু পশ্চিমবংগত ই এক জনপ্ৰিয় খাদ্য। বাংলাদেশতো মূৰিঘণ্ট প্ৰচলিত।
বিশ্বাস কৰা হয় যে ভাৰতৰ কেৰালাৰ চেফ এম জে গোমেজে ছিংগাপুৰৰ খাৱৰীয়াৰ মাজলৈ দক্ষিণ ভাৰতীয় খাদ্য আনিবলৈ এই খাদ্য নিৰ্বাচন কৰিছিল আৰু তেতিয়াই মাছৰ মূৰৰ তৰকাৰী আৱিষ্কাৰ হৈছিল। যদিও ভাৰতত মাছৰ মূৰটো বহুলভাৱে পৰিবেশন কৰা হোৱা নাছিল, চীনৰ গ্ৰাহকে ইয়াক বিশেষ সুস্বাদু খাদ্য বুলি গণ্য কৰিছিল, গতিকে ইয়াৰ পৰিৱৰ্তে মাছখিনি তৰকাৰীত ৰান্ধি লোৱাৰ ধাৰণাটো এম জেৰ আহিছিল।[5] ১৯৪৯ চনত গোমেজে মুকলি কৰা ৰেষ্টুৰেণ্টখনত প্ৰথমবাৰৰ বাবে এই খাদ্য বিক্ৰী কৰা হৈছিল।[6]
আজি ভাৰতীয়, মালয়, চীনা, আৰু পেৰানাকান ৰেষ্টুৰেণ্টত এই খাদ্যৰ বিভিন্ন সংস্কৰণ পৰিবেশন কৰা হয়। মাছৰ মূৰৰ তৰকাৰী ছিংগাপুৰবাসী আৰু পৰ্যটকৰ মাজত একেদৰেই জনপ্ৰিয় খাদ্য হৈ পৰিছে। ১০ ডলাৰৰ পৰা ২০ ডলাৰৰ ভিতৰত খৰচ হোৱা ইয়াক সাধাৰণতে সস্তা বুলি গণ্য কৰা নহয়। 'এইটো সাধাৰণতে মাটিৰ পাত্ৰত পৰিবেশন কৰা হয়।
তেতেলীৰ ৰস প্ৰায়ে গ্ৰেভিত মিহলাই খাদ্যৰ টেঙা-মিঠা সোৱাদ দিয়া হয়। এই মাছৰ মূৰৰ তৰকাৰীত পাতল, কমলা ৰঙৰ গ্ৰেভিও থাকে।[7]
এই খাদ্যত নাৰিকল গাখীৰো দিব পাৰি।[8]
ভাৰতত প্ৰায়ে শুকানকৈ ভাজি লোৱা মগু দাইল মূৰিঘণ্ট ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়।
অসমত এই ব্যঞ্জনবিধ মূৰিঘণ্ট নামেৰে জনা যায়। সাধাৰণতে ইয়াক ধোৱা মগু অৰ্থাৎ বাকলি গুচোৱা মগু দাইলৰ সৈতে ৰন্ধা হয়।[9] এই প্ৰণালীত মাছৰ মূৰ সোণালী মুগা ৰঙৰ হোৱাকৈ ভাজি নিলগাই ৰখা হয়। মগু দাইলখিনিও কেৰাহীত শুকানকৈ অলপ ভাজি নিলগাই ৰখা হয়
এতিয়া কেৰাহীত আদা, নহৰু, পিয়াজ, মছলা, বিলাহী, নিমখ, হালধি আদি দি ভজা হয়। ইয়াত মগু দাইলখিনিও যোগ কৰা হয়। এতিয়া মিশ্ৰণটোত পানী দি উতলিবলৈ দিয়া হয়। ভালদৰে উতল আহিলে ভাজি থোৱা মাছৰ মূৰখিনি দি নিসিজালৈকে ৰন্ধা হয়। শেষত ইয়াত ধনিয়া দি গাৰ্ণিছ কৰা হয়। এই ব্যঞ্জন অসমত ভাতৰ সৈতে পৰিবেশন কৰা হয়।[9]
বাঙালীসকলে এই ব্যঞ্জনবিধক মুড়ি ঘোঁটো বা মূৰিঘণ্ট বুলি কয়। ইয়াক মাছৰ মূৰৰ সৈতে দাইল, আলু বা ফুলকবি দি ৰন্ধা হয়।[10] মূৰিঘণ্ট বাংলা খাদ্যৰ অন্যতম প্ৰধান ব্যঞ্জন। ইয়াক ভাত আৰু মাছৰ মূৰৰ (বেছিভাগ ক্ষেত্ৰত ৰৌ মাছ/ ৰুই মাছ বা কাটলা মাছ) সৈতে ৰন্ধা হয়। মূৰিৰ অৰ্থ হ’ ল মূৰ। ঘন্ট এবিধ ছাইড-ডিশ্ব। নিৰামিষ বা ভেজ ঘণ্টৰ লগতে আমিষ বা নন-ভেজ ঘণ্ট দুয়োটা জনপ্ৰিয়। প্ৰায়ভাগ ক্ষেত্ৰতে ইয়াক ভাতৰ সৈতে পৰিবেশন কৰা হয়। [11]