ড॰ মৃণাল মিৰি | |
---|---|
জন্ম | ১ আগষ্ট, ১৯৪০[1] অসম, ![]() |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | প্ৰেচিডেন্সি কলেজৰ (স্নাতক) দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজ (স্নাতকোত্তৰ) কেম্বিজ বিশ্ববিদ্যালয় (ডক্টৰেট) |
শিক্ষানুষ্ঠান | কেমব্ৰিজ বিশ্ববিদ্যালয় |
পেচা | শিক্ষাবিদ, দাৰ্শনিক |
দাম্পত্যসঙ্গী | সুজাতা মিৰি |
পিতৃ-মাতৃ | মহীচন্দ্ৰ মিৰি (পিতৃ) ইন্দিৰা মিৰি (মাতৃ) |
সন্তান | বিন্দু আৰু পূজা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ |
ড॰ মৃণাল মিৰি (ইংৰাজী: Mrinal Miri; জন্ম: ১ আগষ্ট, ১৯৪০) এগৰাকী ভাৰতীয় দাৰ্শনিক আৰু শিক্ষাবিদ। তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰি আৰু মাতৃ ইন্দিৰা মিৰি। শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্যসভালৈ মনোনীত কৰিছে।[2]
তেওঁৰ জন্ম হোৱাৰ আগতেই তেওঁৰ পিতৃ মহীচন্দ্ৰ মিৰিৰ কাজিৰঙাত মৃত্যু হৈছিল। সেয়ে তেওঁৰ মাতৃ ইন্দিৰা মিৰিয়ে দুটা সন্তানক লৈ শ্বিলঙত থকা দেউতাকৰ ওচৰলৈ গুচি গৈছিল। তাতে ১৯৪০ চনৰ ১ আগষ্টত মৃণাল মিৰিৰ শ্বিলঙত জন্ম হৈছিল।[1] তেওঁ পাঁচ বছৰ মান বয়স হওঁতে মাক ইন্দিৰা মিৰিয়ে এডিনবাৰ্গ বিশ্ব বিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে এটা স্কলাৰশ্বিপ(Scholarship)পাইছিল। তেতিয়াৰ পৰা তেওঁ মাহীয়েকৰ ঘৰত ডাঙৰ-দীঘল হৈছিল।[1]
সপ্তমমান শ্ৰেণীলৈকে মৃণাল মিৰিয়ে মাহীয়েকৰ লগত থাকিয়েই পঢ়া শুনা কৰিছিল।[1] মহাকৰ সঘনাই চাকৰিৰ স্থান সলনি হৈ থকাৰ বাবে তেওঁ সাতখনমান স্কুল সলাব লগীয়া হৈছিল। তাৰ পিছত তেওঁক মামাকে শ্বিলঙলৈ লৈ যায়। তাতে অষ্টম,নৱম আৰু দশম শ্ৰেণী শ্বিলং গভমেণ্ট হাইস্কুলত পঢ়া-শুনা কৰে। সেই বিদ্যালয়ৰ পৰাই তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা দৰ্শন শাস্ত্ৰক অনাৰ্ছ হিচাপে লৈ বি এ পাছ কৰে। দিল্লীৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ১৯৬৩ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়লৈ যোৱাৰ সুবিধা লাভ কৰে। তাৰ পৰাই তেওঁ ১৯৭০ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[1]
বিদেশত সাত বছৰমান থকাৰ পাছত মৃণাল মিৰি ১৯৭০ চনত ভাৰতলৈ ঘূৰি আহে। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেন্স কলেজত দৰ্শনৰ অধ্যাপক হিচাপে যোগদান কৰে।[1] ১৯৭০ চনৰ পৰা ১৯৭৪ চনলৈ তেওঁ এই বিভাগত কৰ্মৰত আছিল। ১৯৭৪ চনত ষ্টিফেন্স কলেজ এৰি শ্বিলঙত থকা উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয় চমুকৈ নেহুত মিৰিয়ে যোগদান কৰে। ইয়াৰ পিছত ছিমলাত থকা ইয়িান ইন্সিটিউট অব এডভান্স ষ্টাডিজৰ সঞ্চালক পদত তেওঁ যোগদান কৰে। কেন্দ্ৰীয় চৰকাৰে তেওঁক এই পদত নিযুক্তি দিছিল। প্ৰতিষ্ঠানত সঞ্চালক হিচাপে প্ৰায় ছবছৰ কাম কৰাৰ পাছত মৃণাল মিৰিক শ্বিলঙত থকা উত্তৰ -পূব পাৰ্বত্য বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হয়। এই বিশ্ব বিদ্যালয়ৰ পৰাই ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।[1]
শিক্ষাৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বাবে তেওঁক পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল। মনমোহন সিঙৰ ইউ পি এ-১ চৰকাৰৰ দিনত গঠন কৰা ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদত ড॰ মৃণাল মিৰি এগৰাকী সদস্য আছিল। শিক্ষাৰ অধিকাৰ আইনৰ প্ৰৱৰ্ত্তনৰ বাবে গঠন কৰা পৰিষদতো তেওঁ এগৰাকী সদস্য। শেহতীয়াকৈ ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ড॰ মৃণাল মিৰিক ৰাজ্যসভালৈ মনোনীত কৰিছে।[2]
২০১৩ বৰ্ষৰ সন্মানীয় মাধৱদেৱ বঁটা শিক্ষাবিদ মৃণাল মিৰিলৈ আগ বঢ়োৱা হৈছে।[3][4] ২০১৪ চনৰ ১১ ফেব্ৰুৱাৰীৰ দিনা ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰণতি ফুকনে এই কথা ঘোষণা কৰে।
ড॰ মৃণাল মিৰি সুজাতা মিৰিৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। সুজাতা মিৰিও এগৰাকী দাৰ্শনিক। তেওঁলোকৰ দুটি সন্তান : বিন্দু আৰু পূজা। বিন্দুও এগৰাকী যুৱ দাৰ্শনিক আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে।[1]
|