মৃণাল সেন | |
---|---|
![]() | |
জন্ম | ১৪ মে', ১৯২৩ ফৰিদপুৰ, বেংগল প্ৰেছিডেঞ্চি, ব্ৰিটিছ ভাৰত (এতিয়া বাংলাদেশত) |
মৃত্যু | ৩০ ডিচেম্বৰ, ২০১৮ (৯৫ বছৰ)[1] কলকাতা, পশ্চিম বংগ, ভাৰত |
শিক্ষানুষ্ঠান | কলিকতা বিশ্ববিদ্যালয় |
পেচা | চলচ্চিত্ৰ পৰিচালক |
সক্ৰিয় হৈ থকা সময় | ১৯৫৫–২০০০ |
দাম্পত্যসঙ্গী | গীতা সেন (বি. ১৯৫২; her death ২০১৭) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (১৯৮৩) Ordre des Arts et des Lettres (1985) অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (২০০০) দাদা চাহেব ফাল্কে বঁটা (২০০৩) |
ৰাজ্যসভা (মনোনীত) | |
কাৰ্যকাল ২৭ আগষ্ট ১৯৯৭ – ২৬ আগষ্ট ২০০৩ |
মৃণাল সেন (ইংৰাজী: Mrinal Sen) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সত্যজিত ৰায়ৰ লগতে মৃণাল সেনকো সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।[1] সেনে মূলতঃ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছিল। সমসাময়িক ঋত্বিক ঘটক, তপন সিনহা আৰু সত্যজিৎ ৰায়ৰ সৈতে তেওঁ ভাৰতত নিউ ৱেভ চিনেমাৰ পথ প্ৰদৰ্শক আছিল। তেওঁ ১৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক বঁটা লাভ কৰিছে। ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰিছে। ফ্ৰান্স চৰকাৰে তেওঁক Ordre des Arts et des Lettres প্ৰদান কৰাৰ বিপৰীতে ৰাছিয়া চৰকাৰে তেওঁক অৰ্ডাৰ অৱ ফ্ৰেণ্ডশ্বিপ প্ৰদান কৰিছে। সেনক দাদা চাহেব ফাল্কে বঁটাও প্ৰদান কৰা হয়। সত্যজিৎ ৰায়ৰ সৈতে তেওঁ একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আছিল, যাৰ ছবিসমূহ তিনিটা প্ৰভাৱশালী চলচ্চিত্ৰ মহোৎসৱ যেনে কান চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰিছে। সেনে নিজকে "ব্যক্তিগত মাৰ্ক্সবাদী" বুলি কৈছিল।[2][3][4]
পাঁচখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ পিছত তেওঁ ভাৰত চৰকাৰে প্ৰদান কৰা অতি কম বাজেটেৰে এখন চিনেমা নিৰ্মাণ কৰে। ভুৱন সোম (১৯৬৯) নামৰ এই ছবিখনে অৱশেষত তেওঁক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে চিনাকি কৰি দিলে। ভুৱন সোমে ভাৰততো "নতুন চিনেমা" চলচ্চিত্ৰ আন্দোলনৰ সূচনা কৰিছিল। [5]
ইয়াৰ পিছত তেওঁ নিৰ্মাণ কৰা ছবিসমূহ মূলতঃ ৰাজনৈতিক আছিল, আৰু ইয়ে তেওঁক মাৰ্ক্সবাদী শিল্পী হিচাপে জনাজাত কৰাই দিছিল। সমগ্ৰ ভাৰততে বৃহৎ পৰিসৰৰ ৰাজনৈতিক অশান্তিৰ সময়ো আছিল সেয়া। বিশেষকৈ কলিকতা আৰু ইয়াৰ আশে-পাশে এই সময়ছোৱাক বৰ্তমান নক্সালবাদী আন্দোলন বুলি জনা যায়। এই পৰ্যায়ৰ লগে লগে তেওঁ ধাৰাবাহিকভাৱে এখনৰ পাছত এখন ছবিৰ সৃষ্টি কৰে, য’ত তেওঁ নিজৰ মনোযোগ সলনি কৰে আৰু বাহিৰত শত্ৰু বিচৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ মধ্যবিত্ত সমাজৰ ভিতৰৰ শত্ৰুক বিচাৰিছিল। তৰ্কসাপেক্ষভাৱে এইটোৱেই আছিল তেওঁৰ আটাইতকৈ সৃষ্টিশীল পৰ্যায়।[6]
পুনশঃৰ (১৯৬১) পৰা মহাপৃথিৱীলৈকে (১৯৯১) সেনৰ বহুতো চিনেমাত কলকাতাৰ বিশেষ স্থান আছে। তেওঁ কলকাতাক চৰিত্ৰ হিচাপে, আৰু প্ৰেৰণা হিচাপে দেখুৱাইছে। তেওঁ জনসাধাৰণ, মূল্যবোধ ব্যৱস্থা, শ্ৰেণী পাৰ্থক্য আৰু কলকাতা চহৰৰ পথবোৰক চিনেমাত সুন্দৰকৈ প্ৰতিফলিত কৰিছে।
সেন ১৯৮২ চনত ৩২ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ সদস্য আছিল। ১৯৮৩ চনত তেওঁ ত্ৰয়োদশ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য আছিল। ১৯৯৭ চনত সেন ২০ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সদস্য হয়। ২০১২ চনৰ ২৪ জুলাইত পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ পৰা চলচ্চিত্ৰ ব্যক্তিত্বক সম্বৰ্ধনা জনোৱাৰ বাবে আয়োজন কৰা অনুষ্ঠানলৈ সেনক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। খবৰ অনুসৰি তেওঁৰ ৰাজনৈতিক মতামতেই তেওঁক অনুষ্ঠানৰ পৰা বাদ দিয়াৰ কাৰণ বুলি ধৰা হয়। [7]
সেন বহু বছৰ ধৰি বয়সৰ লগত জড়িত ৰোগত আক্ৰান্ত হৈ আছিল। ২০১৮ চনৰ ৩০ ডিচেম্বৰত ৯৫ বছৰ বয়সত কলকাতাৰ ভৱা নীপুৰৰ নিজ গৃহত তেওঁৰ মৃত্যু হয়। [8][9][10]
|