মৃণালিনী সাৰাভাই | |
---|---|
![]() মৃণালিনী সাৰাভাই | |
জন্ম | ১১ মে', ১৯১৮ কেৰালা, ভাৰত |
মৃত্যু | ২১ জানুৱাৰী, ২০১৬ (৯৭ বছৰ) আহমেদাবাদ, গুজৰাট, ভাৰত |
বাসগৃহ | আহমেদাবাদ, গুজৰাট, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | নৃত্যবিশাৰদ, নৃত্য পৰিচালক Darpana Academy of Performing Arts-ৰ প্ৰতিষ্ঠাপক |
দাম্পত্যসঙ্গী | বিক্ৰম সাৰাভাই |
সন্তান | মল্লিকা সাৰাভাই (জী) কাৰ্তিকেয় সাৰাভাই (পুত্ৰ) |
মৃণালিনী বিক্ৰম সাৰাভাই (১১ মে', ১৯১৮ – ২১ জানুৱাৰী, ২০১৬) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক। তেখেত আহমেদাবাদত অৱস্থিত নৃত্য, নাট, সংগীত আৰু পুতলা নাচৰ প্ৰতিষ্ঠান Darpana Academy of Performing Arts-ৰ প্ৰতিষ্ঠাপক আছিল।[1] নৃত্যৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বাবে তেখেতে ১৯৬৫ চনত ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু ১৯৯২ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল।[2] তেখেতে ১৮,০০০ৰতকৈও অধিক ছাত্ৰ-ছাত্ৰীক ভাৰতনাট্যম আৰু কথাকলিৰ প্ৰশিক্ষণ দিছিল।[3]
মৃণালিনী সাৰাভাইৰ পিতৃ-মাতৃ আছিল মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ অধিবক্তা এছ. স্বামীনাথন আৰু সমাজকৰ্মী আম্মু স্বামীনাথন।[4] সৰুকাল চুইজাৰলেণ্ডত কটোৱা সাৰাভায়ে পাছত ৰবীন্দ্ৰনাথ ঠাকুৰৰ অধীনত শান্তিনিকেতনত শিক্ষা লাভ কৰে। তেখেতে মিনাক্ষী সুন্দৰম পিল্লাইৰ পৰা ভাৰতনাট্যম আৰু গুৰু থাকাঝিৰ পৰা কথাকলিৰ প্ৰশিক্ষণ লয়।
১৯৪২ চনত তেখেতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ লগত বিবাহপাশত আবদ্ধ হয়। ১৯৪৮ চনত তেখেতে আহমেদাবাদৰ দৰ্পণা নামৰ প্ৰতিষ্ঠানৰ আৰম্ভণি কৰে। তিনিশতকৈও অধিক নৃত্য-নাটিকা পৰিচালনা কৰাৰ উপৰিও তেখেতে শিশুৰ বাবে কেইবাখনো উপন্যাস, নাটক আৰু গল্প লিখিছিল।
তেখেত French association Archives Internationales de la Danse-ৰ মেডেল আৰু ডিপ্ল'মা লাভ কৰা প্ৰথম ভাৰতীয় আছিল। ১৯৯০ চনত তেখেত পেৰিছৰ International Dance Council-ৰ কাৰ্যকৰী সমিতিৰ বাবে নিৰ্বাচিত হৈছিল।[1] ২০১৩ চনত তেখেতে কেৰালা চৰকাৰৰ প্ৰথম বৰ্ষৰ নিশাগন্ধি পুৰস্কাৰম বঁটা লাভ কৰে।[5] ২০১৬ চনৰ ২১ জানুৱাৰীত ৯৭ বছৰ বয়সত তেখেতে মৃত্যুবৰণ কৰে।[6]