মেগৱে অঞ্চল

মেগৱে অঞ্চল
မကွေးတိုင်းဒေသကြီး
মেগৱে অঞ্চল আৰু নেইপিডাউ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিসীমা
মেগৱে অঞ্চলৰ পতাকা
মেগৱে অঞ্চলৰ আনুষ্ঠানিক মোহৰ
ম্যানমাৰৰ মেগৱে অঞ্চলৰ অৱস্থান
ম্যানমাৰৰ মেগৱে অঞ্চলৰ অৱস্থান
স্থানাংক: 20°15′N 94°45′E / 20.25°N 94.75°E / 20.25; 94.75স্থানাংক: 20°15′N 94°45′E / 20.25°N 94.75°E / 20.25; 94.75
দেশ  ম্যানমাৰ
অঞ্চল মধ্য
ৰাজধানী মাগৱে
চৰকাৰ
 • মুখ্যমন্ত্ৰী টিণ্ট লৱিন
 • কেবিনেট মেগৱে চৰকাৰ
 • বিধানসভা মেগৱে অঞ্চল হুলুট্টাও
 • ন্যায়পালিকা মেগৱে অঞ্চল উচ্চ ন্যায়ালয়
কালি
 • মুঠ
৪৪,৮২০.৬ km2 (17,305.3 sq mi)
 • স্থান ৪ৰ্থ
সৰ্বোচ্চ উচ্চতা ২,৭০৩ মিটাৰ (৮,৮৬৮ ফুট)
জনসংখ্যা
 • মুঠ
৩৯১৭০৫৫
 • স্থান ৭ম
 • ঘনত্ব 87/km2 (230/sq mi)

মেগৱে অঞ্চল (মান: မကွေးတိုင်းဒေသကြီး; পূৰ্বৰ মেগৱে বিভাগ) হৈছে মধ্য ম্যানমাৰৰ এটা প্ৰশাসনিক বিভাগ। ম্যানমাৰৰ সাতটা বিভাগৰ ভিতৰত ই দ্বিতীয় বৃহত্তম বিভাগ, যাৰ আয়তন ৪৪,৮২০ কিলোমিটাৰ বৰ্গমাইল (১৭,৩০৬ বৰ্গমাইল)। পা ডেল বান্ধ (ပဒဲဆည်) হৈছে মেগৱে বিভাগৰ অংলান টাউনশ্বিপৰ অন্যতম নদীবান্ধ। মেগৱে বিভাগৰ ৰাজধানী আৰু দ্বিতীয় বৃহত্তম চহৰ হৈছে মেগৱে। আটাইতকৈ ডাঙৰ চহৰখন হৈছে পাকোক্কু। মাগৱে সংমণ্ডলৰ প্ৰধান চহৰসমূহ হ’ল মাগৱে, পাকোক্কু, আউংলান, য়েনাংগায়ং, টাউংডৱিঙি, চাউক, মিনবু, থায়েট আৰু গংগাৱ।

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

মেগৱে অঞ্চল উত্তৰ অক্ষাংশ ১৮° ৫০'ৰ পৰা ২২° ৪৭' আৰু পূব দ্ৰাঘিমাংশ ৯৩° ৪৭'ৰ পৰা ৯৫° ৫৫'ৰ মাজত অৱস্থিত। ইয়াৰ উত্তৰে সাগাইং অঞ্চল, পূবে মাণ্ডালেই অঞ্চল, দক্ষিণে বাগো অঞ্চল আৰু পশ্চিমে ৰাখাইন ৰাজ্য আৰু চিন ৰাজ্য

প্ৰশাসনিক বিভাগসমূহ

[সম্পাদনা কৰক]

মেগৱে অঞ্চলৰ জিলাসমূহ হৈছে মাগৱে, মিনবু, থায়েট, পাকোক্কু আৰু গংগাৱ, ইয়াত ২৫খন টাউনশ্বিপ আৰু ১,৬৯৬খন ৱাৰ্ড গাঁৱৰ ট্ৰেক্ট আছে। ইয়াৰ ৰাজধানী চহৰ মাগৱে (আনুমানিক জনসংখ্যা ৮৫,২১৪) আৰু ইয়াৰ সৰ্ববৃহৎ চহৰ পাকোক্কু (আনুমানিক জনসংখ্যা ১,০৭,৮৯০)।

আন আন প্ৰধান চহৰসমূহ হ’ল:

  • আউংলান
  • য়েনাংগায়ং
  • টাউংডৱিংয়
  • চাউক
  • মিনবু

জনগাঁথনি

[সম্পাদনা কৰক]

জনসংখ্যা

[সম্পাদনা কৰক]
ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
1973 26,34,757
1983 32,43,166 +23.1%
2014 39,17,055 +20.8%

২০১৪ চনত মেগৱে অঞ্চলৰ জনসংখ্যা আছিল প্ৰায় ৩৯,১২,৭১১ জন। ৯৫% তকৈ অধিক লোক বামাৰ, চিন, ৰাখাইন, কেৰেন, শ্বান, আৰু এংলো-বাৰ্মিজ জনগোষ্ঠীয় আছিল, তাৰে অতি কম সংখ্যক হে সংখ্যালঘু। ঔপনিৱেশিক কালত, ম্যানমাৰৰ এই অংশত পশ্চিমীয়া শ্ৰমিক আৰু তেওঁলোকৰ বাৰ্মিজ অংশীদাৰৰ বংশধৰ এংলো-বাৰ্মিজ লোকসকলৰ জনসংখ্যা সৰ্বাধিক আছিল।



মেগৱে অঞ্চলত ধৰ্ম (২০১৪)[3]

  ইছলাম (0.3%)
  আদিবাসী ধৰ্ম (0.1%)

২০১৪ চনৰ ম্যানমাৰৰ লোকপিয়ল অনুসৰি মেগৱে অঞ্চলৰ জনসংখ্যাৰ ৯৮.৮% বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে তাত আটাইতকৈ ডাঙৰ ধৰ্মীয় সম্প্ৰদায় গঠন কৰে। সংখ্যালঘু ধৰ্মীয় সম্প্ৰদায়সমূহৰ ভিতৰত খ্ৰীষ্টান (০.৭%), মুছলমান (০.৩%), হিন্দু (০.১%), আৰু জীৱবাদী (০.১%) আছে যিয়ে সামূহিকভাৱে মেগৱে অঞ্চলৰ বাকী জনসংখ্যাক সামৰি লৈছে।

ৰাজ্যিক সংঘ মহা নায়কা সমিতিৰ ২০১৬ চনৰ পৰিসংখ্যা অনুসৰি মাগৱে অঞ্চলত ৩১,৩৪৯জন বৌদ্ধ সন্ন্যাসী পঞ্জীয়ন কৰা হৈছিল, যিয়ে ম্যানমাৰৰ মুঠ সংঘৰ সদস্যৰ ৫.৯% অংশ গ্ৰহণ কৰিছিল, য'ত নবীন সমনেৰা আৰু সম্পূৰ্ণৰূপে নিযুক্ত ভিক্ষু দুয়োটাকে অন্তৰ্ভুক্ত কৰা হৈছে। সন্ন্যাসীৰ অধিকাংশই থুধাম্মা নিকায়াৰ (৯৭%), তাৰ পিছত শ্বেগীন নিকায়া (২.৪%) আৰু বাকী সন্ন্যাসীসকল অন্যান্য সৰু মঠৰ গোটৰ অন্তৰ্গত। ২,৪৭৩টা থিলাশ্বিন মেগৱে অঞ্চলত পঞ্জীয়ন কৰা হৈছিল, যিয়ে ম্যানমাৰৰ মুঠ থিলাশ্বিন সম্প্ৰদায়ৰ ৪.১% অংশ গ্ৰহণ কৰিছিল।

যাতায়াত

[সম্পাদনা কৰক]

সামগ্ৰীৰ পৰিমাণ আৰু সেৱা আগবঢ়োৱা জনসংখ্যা দুয়োটা দিশতে ইৰাৱাডী নদী হৈছে মেগৱে অঞ্চলৰ প্ৰধান পৰিবহণ ব্যৱস্থা। এই অঞ্চলৰ বেছিভাগ প্ৰধান চহৰ ইৰাৱাডীৰ নদীৰ বন্দৰ; ইয়াৰ ভিতৰত আছে মেগৱে, পাকোক্কু, মিনবু, য়েনাংগিয়াং, চৌক, এলানম্যো, আৰু থায়েটম্যো। পাকোকুৰ নদী বন্দৰটো মেগৱে অঞ্চলৰ এটা প্ৰধান বন্দৰ আৰু ইয়াংগন বন্দৰ আৰু মাণ্ডেলে বন্দৰৰ পিছত ম্যানমাৰৰ তৃতীয় গুৰুত্বপূৰ্ণ নদী বন্দৰ।

অ-ইৰাৱাডী অঞ্চলৰ বাবে পৰিবহণৰ প্ৰধান ৰূপ হৈছে পথ। নদীখনৰ পশ্চিম দিশত পথ ব্যৱস্থা কম উন্নত। দুলেনযুক্ত পথেৰে সংযুক্ত হৈ আছে নগৰসমূহ। বেছিভাগ চহৰতে ৰেংগুন (ইয়াংগন) আৰু মাণ্ডেলেলৈ নিয়মীয়া বাছ পৰিবহণ ব্যৱস্থা আছে। পাকোক্কু দলং ভাৰত–ম্যানমাৰ–থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথৰ অংশ আৰু ম্যানমাৰৰ আটাইতকৈ দীঘল দলং।

প্যায়ৰ পৰা ন্যাউং-উ, পাকোক্কু আৰু ম্যুংগিয়ান ৰেলপথ পূব মেগৱেৰ মাজেৰে গৈ ৰাজধানী নেইপিডাউ, ৰেংগুন আৰু মাণ্ডেলেৰ সৈতে সংযোগ স্থাপন কৰে। সেই লাইনত মেগৱেৰ প্ৰধান ষ্টপেজ হ’ল টাউংডৱিংগি আৰু নাটমাউক। ইয়াৰ উপৰিও কিয়াংগিনৰ ইৰাৱাডী বন্দৰৰ পৰা উত্তৰ দিশলৈ দুটা ৰেলপথ আছে, এটা ছাগাইং অঞ্চলৰ চাউং-উলৈ আৰু আনটো ম্যাইং আৰু কিয়াউৰ কাষেৰে ম্যিথা নদীৰ উপত্যকালৈ।

ৰাজধানী মেগৱেত এটা সৰু অবাণিজ্যিক বিমানবন্দৰ আছে য'ত মেগৱে চহৰৰ বাবে বিমান পৰিবহণ বেছিভাগেই ইৰাৱাডীৰ কাষেৰে উত্তৰ দিশত প্ৰায় ১১৩ কিলোমিটাৰ দূৰত থকা ন্যাউং ইউত বাগান বিমানবন্দৰৰ জৰিয়তে আহিছিল। গংগাৱ, কিয়াউক্টু, পাকোক্কু আৰু পাউকত বাণিজ্যিক বিমানবন্দৰ আছে। ২০১৮ চনলৈকে অৱশ্যে তেওঁলোকৰ কোনো এখনৰ নিয়মীয়াকৈ বিমান সেৱাৰ সময় নিৰ্ধাৰণ কৰা হোৱা নাই। পাকোক্কু বিমানবন্দৰে অৱশ্যে অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীত কৰাৰ পৰিকল্পনা কৰিছে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Census Report. The 2014 Myanmar Population and Housing Census. 2. প্ৰকাশক Naypyitaw: Ministry of Immigration and Population. May 2015. পৃষ্ঠা. 17. https://drive.google.com/file/d/0B067GBtstE5TeUlIVjRjSjVzWlk/view. 
  2. "Sub-national HDI - Area Database - Global Data Lab" (en ভাষাত). hdi.globaldatalab.org. https://hdi.globaldatalab.org/areadata/shdi/। আহৰণ কৰা হৈছে: 2018-09-13. 
  3. Department of Population Ministry of Labour, Immigration and Population MYANMAR (July 2016). The 2014 Myanmar Population and Housing Census Census Report Volume 2-C. Department of Population Ministry of Labour, Immigration and Population MYANMAR. পৃষ্ঠা. 12–15. https://drive.google.com/open?id=0B067GBtstE5TSl9FNElRRGtvMUk.