কেইগৰাকীমান মেচ লোক, অবিভক্ত গোৱালপাৰা জিলা, ১৯১১ | |||||||||
মুঠ জনসংখ্যা | |||||||||
---|---|---|---|---|---|---|---|---|---|
৫৫,৯৯২ (২০১১ চনৰ লোকপিয়ল মতে) | |||||||||
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ | |||||||||
| |||||||||
ধৰ্ম | |||||||||
মেচ জনগোষ্ঠী দক্ষিণ এছিয়াৰ বড়ো-কছাৰী ঠালৰ জনগোষ্ঠী। ভাৰতৰ অসম আৰু পশ্চিম বংগৰ লগতে নেপালত মেচ সকলৰ বসতি আছে। মেচ সকলৰ প্ৰথম উল্লেখ ত্ৰয়োদশ শতিকাত পোৱা গৈছে। তাত তেওঁলোকক কোচ ৰয় থাৰু সকলৰ লগত উল্লেখ কৰা হৈছিল।[4][5] মেচ সকল ভাৰতৰ অনুসূচীত জনজাতিৰ মৰ্যাদা লাভ কৰিছে।[1][2] বৰ্তমান তেওঁলোকৰ মাজত অসমীয়া ভাষা আৰু বড়ো ভাষা কোৱা লোকৰ সংখ্যাই অধিক।
সংস্কৃত ভাষাৰ "ম্লেছ" শব্দৰ অপভ্ৰংশ ঘটি মেচ হৈছে বুলি ধাৰণা কৰা হয়।[6] বৰ্তমান কামৰূপ জিলাৰ পশ্চিমত বাস কৰা বড়োসকলে তেওঁলোকৰৰ চুবুৰীয়াক "মেচ" বুলিছিল। তেওঁলোকে ব্যৱহাৰ কৰা এই শব্দ সম্ভৱত সংস্কৃতৰ ম্লেছৰ পৰা আহিছে। বুৰঞ্জীবিদ ষ্টোৰাট নেভাৰথেলেছে লক্ষ্য কৰিছিল যে কিছুমান মানুহে নিজকে মেচ বুলি সম্বোধন কৰে।[7] সেয়ে তেওঁ "মেচ" শব্দটো তিব্বত-বৰ্মী শব্দৰ মূল "মি" অৰ্থাৎ মানুহৰ পৰা আহিছে বুলি উল্লেখ কৰিছে।[8] আন পণ্ডিতে মত পোষণ কৰে যে "মেচ" শব্দটো "মেচি নদী"ৰ পৰা আহিছে। নেপালৰ মেচি নদীৰ পাৰত বড়ো-কছাৰী সকলে বসবাস কৰিছিল। তাৰে কিছুসংখ্যকয়ে সেই ঠাই এৰি অসমলৈ আহিছিল। সেয়ে তেওঁলোকক মেচ বোলা হয়।[9][10] মেচ অঞ্চল বদ দেশৰ অংশ আছিল। নেপালৰ ঐতিহাসিক চৰিত্ৰ মেচেল এই অঞ্চলৰ আছিল।[11]
মেচ জনগোষ্ঠী বৃহত্তৰ বড়ো-কছাৰী জনগোষ্ঠীৰ এটা ঠাল। মেচ সকলৰ সময়ে সময়ে প্ৰব্ৰজন ঘটি বৰ্তমান ঘাইকৈ পশ্চিম বংগৰ উত্তৰ আৰু পূব বংগ অঞ্চল, অসমৰ পশ্চিম আৰু নেপালৰ কিছু অঞ্চলত বিস্তৃত হৈ আছে। তেওঁলোকে ভাৰতৰ ভিন ভিন দিশলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোকৰ এটা গোটে ব্ৰহ্মপুত্ৰ নদসৈতে উজাই অসমৰ বিশেষকৈ গোৱালপাৰা জিলাত বসতি স্থাপন কৰিছিল। কিছুসংখ্যকে পশ্চিমবংগৰ জলপাইগুৰি আৰু কোচ বিহাৰ জিলাত বসবাস কৰিবলৈ লৈছিল। তেওঁলোকক 'বৰ' বা 'বড়ো' নামেৰে জনা গৈছিল। আনটো গোটে পশ্চিমলৈ গৈ হিমালয় পৰ্বতৰ পাদদেশৰ ভাৰত-নেপাল সীমান্তৰ 'মেচি নদী' বা মেচিয়াৰ পাৰত বসতি স্থাপন কৰে। পিছলৈ তেওঁলোক দাৰ্জিলিঙৰ তৰাই অঞ্চল, জলপাইগুৰিৰ বৈকুণ্ঠপুৰ আৰু পূবলৈ দোৱাৰ অঞ্চলত সিঁচৰিত হৈ পৰে। পিছলৈ মেচ সকলৰ আৰু এটা গোটে আকৌ পূবলৈ সোণকোষ নদীপাৰ হৈ অসমৰ গোৱালপাৰা অঞ্চললৈ আহে। দোৱাৰ অঞ্চলত সঘনে হোৱা তিস্তা নদীৰ বানপানীৰ বাবে তেওঁলোক অসমলৈ আহিছিল।[12]
আদিতে মেচ সকলৰ নিজা ধৰ্ম আছিল যদিও বৰ্তমান তেওঁলোকে ভিন ভিন ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। তন্ত্ৰ ব্ৰাহ্মণ সাহিত্য মতে মেচ ৰজা সকলে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোকক কোচ বোলা হৈছিল।[13] কিছুমান মেচ ৰজা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। ১২০৫ খ্ৰীষ্টাব্দত প্ৰথম অসমীয়া ব্যক্তি আলী মেচে প্ৰথম ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি জনা যায়। পিছলৈ খ্ৰীষ্টান মিছনেৰী সকলৰ প্ৰচেষ্টাত কিছুমানে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। বিংশ শতিকাৰ সমাজ সংস্কাৰক কালিচৰণ ব্ৰহ্ময়ে ব্ৰহ্ম ধৰ্ম গ্ৰহণ কৰাৰ পিছত বহুতো মেচ সম্প্ৰদায়ৰ লোকে এই ধৰ্ম গ্ৰহণ কৰে।
বৰ্তমান মেচ সকলৰ দুটা পৃথক ঠালত বিভক্ত। তেওঁলোকৰ এটা ভাগে নিজকে বড়ো হিচাপে আৰু আনটো ভাগে মেচ কছাৰী বুলি চিনাক্ত কৰে। মেচ কছাৰী সকলে তেওঁলোকৰ ভাষা, সংস্কৃতিৰ সংৰক্ষণৰ লগতে অৰ্থনৈতিক উন্নয়নৰ বাবে মেচ কছাৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ বাবে সময়ে সময়ে দাবী উত্থাপন কৰি আহিছে।[14]