মেনেহুনে (ইংৰাজী: Menehune) হাৱাই পৰম্পৰা অনুসৰি বাওনা মানুহৰ এটা পৌৰাণিক জাতি৷ এই জাতিটো হাৱাই দ্বীপপুঞ্জৰ গভীৰ অৰণ্য আৰু আভ্যন্তৰীণ উপত্যকাত মানুহৰ বসতিৰ পৰা বহু দূৰত লুকাই বাস কৰে বুলি কোৱা হয়।
মেনেহুনেসকলক চমৎকাৰ শিল্পী বুলি বৰ্ণনা কৰা হৈছে। তেওঁলোকে মন্দিৰ (heiau), মাছৰ পুখুৰী, ৰাস্তা, নাও, ঘৰ সাজিছিল। হাৱাই লোককথাত মেনেহুনেৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা এনে কিছুমান স্মৃতিচিহ্ন এতিয়াও আছে। বহু শতিকাৰ আগতে পলিনেছিয়াৰ পৰা বসতিপ্ৰধান লোক অহাৰ আগতেই তেওঁলোক হাৱাইত বাস কৰিছিল বুলি কোৱা হয়। তেওঁলোকৰ প্ৰিয় খাদ্য হ’ল কল (maiʻa), আৰু তেওঁলোকে মাছো ভাল পায়। কিংবদন্তি অনুসৰি মেনেহুনে কেৱল ৰাতিৰ সময়তহে স্থপতিবোৰ নিৰ্মাণ কৰিবলৈ ওলাই আহে। কিন্তু ৰাতিৰ ভিতৰত যদি তেওঁলোকে নিজৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেন্তে তেনেকৈয়ে এৰি থৈ যায়। তেওঁলোকৰ সন্তান আৰু তেওঁলোকৰ সৈতে জড়িত মানুহৰ বাহিৰে আন কোনোৱে মেনেহুনেক দেখা নাপায়।[1]
মাৰ্থা ৱাৰেন বেকৱিথৰ গ্ৰন্থ হাৱাইয়ান এ কে এ আইলেনেছ মিথ′ল′জিত (Hawaiian AKA Ilenes Mythology) বনাঞ্চলত বাস কৰা কেইবাটাও জাতিৰ কথা উল্লেখ আছে: ইলিন আইৰেনছ, যিসকল বৃহৎ আকাৰৰ বন্য চিকাৰী আছিল, তেওঁলোক লুয়া-নুউ, মু মানুহ আৰু ৱা মানুহৰ বংশধৰ আছিল।[2]
অন্য কিছুমান তথ্যমতে হাৱাইত প্ৰথমে মাৰ্কেছাছ দ্বীপপুঞ্জৰ পৰা অহা লোকসকলে আৰু দ্বিতীয়তে টাহিটিৰ পৰা অহা লোকসকলে হাৱাইত বসতি স্থাপন কৰিছিল। টাহিটিয়ান লোকসকলে "সাধাৰণ" লোকসকলক অত্যাচাৰ কৰিছিল৷ তেওঁলোক পাহাৰলৈ পলাই গৈছিল আৰু টাহিটিয়ান ভাষাত তেওঁলোকক মানাহুনে বুলি কোৱা হৈছিল। এই ধাৰণাটোৰ সমৰ্থকসকলে ১৮২০ চনত দ্বীপটোত কৰা লোকপিয়লৰ কথা আঙুলিয়াই দিয়ে, য'ত ৬৫ জন লোকক মেনেহুনে বুলি তালিকাভুক্ত কৰা হৈছিল।[3]