মেৰিলিন মন্ৰ' | |
---|---|
![]() নায়েগ্ৰাত মেৰীলিন মনৰো (১৯৫৩) | |
জন্ম | নৰ্মা জিন মৰ্টেনছন ১ জুন, ১৯২৬ লছ এঞ্জেলছ, কেলিফ’ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৫ আগষ্ট, ১৯৬২ ব্ৰেণ্টউড, লছ এঞ্জেলছ, কেলিফ’ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
সমাধিস্থল | ৱেষ্টউড পাৰ্ক ভিলেজ মেম’ৰিয়েল চিমেটেৰী, ৱেষ্টউড, লছ এঞ্জেলছ |
অন্য নাম | নৰ্মা জিন বেকাৰ নৰ্মা জিন ড’ঘাৰ্টী নৰ্মা জিন ডিমেজ্জিঅ’ |
পেচা | অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক, গায়িকা |
সক্ৰিয় হৈ থকা সময় | ১৯৪৭-১৯৬২ |
ধৰ্ম | ইহুদী |
দাম্পত্যসঙ্গী | জেমছ ড’ঘাৰ্টী (বি. ১৯৪২–৪৬) জ’ ডিমেজ্জিঅ’ (বি. ১৯৫৪–৫৪) আৰ্থাৰ মিলাৰ (বি. ১৯৫৬–৬১) |
স্বাক্ষৰ | |
![]() |
মেৰীলিন মনৰো (পূৰ্বৰ নাম নৰ্মা জিন মৰ্টেনছন, বাপ্টাইজ কৰাৰ পিছত নৰ্মা জিন বেকাৰ, ১ জুন ১৯২৬-৫ আগষ্ট ১৯৬২[1])) আছিল এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল [2] । শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিছাপে জীৱিকাৰ পাতনি মেলে আৰু ১৯৪৬ চনত চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে । প্ৰথম চলচ্চিত্ৰকেইখনত তেওঁৰ ভূমিকা বিশেষ নাছিল কিন্তু দা এচফাল্ট জাংগল(The Asphalt Jungle) আৰু অল এবাউত ইভ(All About Eve)এ ভাল ব্যৱসায় কৰিছিল । ১৯৫৩ চনৰে পৰা মনৰোৱে মুখ্য ভূমিকাৰ অভিনয়ৰ সুযোগ পায় । তেওঁৰ "ভাঁকৰী সোণালী চুলিৰ তিৰোতা"(dumb blonde)ৰ ব্যক্তিত্ব জেণ্টলমেন প্ৰিফাৰ ব্ল’ণ্ডছ(Gentlemen Prefer Blondes,১৯৫৩), হাউ টু মেৰী এ মিলিয়নাৰ(How to Marry a Millionaire,১৯৫৩) আৰু দা চেভেন য়েৰ ইট্ছ(The Seven Year Itch,১৯৫৫) বোলছবিত সফল হাস্যৰসাত্মক প্ৰয়োগ কৰা হয় । একেধৰণৰ চৰিত্ৰত অভিনয় কৰিব নিবিচাৰি মনৰোৱে অভিনয়ৰ পৰিসীমা বঢ়াবলৈ এক্টৰ্ছ ষ্টুডিঅ’ত প্ৰশিক্ষণ লয় । বাছ ষ্টপ(Bus Stop,১৯৫৬) বোলছবিত তেওঁৰ নাটকীয় পৰিবেশন সমালোচকে আদৰি লয় আৰু তেওঁ এটা গ’ল্ডেন গ্ল’ব বঁটাৰ মনোনয়ন লাভ কৰে । তেওঁৰ প্ৰযোজনা সংস্থা ‘মেৰীলিন মনৰো প্ৰডাকছন’এ ১৯৫৭ চনত দা প্ৰিণ্স এণ্ড দা চ’গাৰ্ল(The Prince and the Showgirl) মুক্তি দিয়ে যাৰ বাবে তেওঁ এটা বাফ্টা বঁটাৰ মনোনয়ন লাভ কৰে আৰু ডেভিদ ডি ড’নেটেল’ বঁটা লাভ কৰে । ১৯৫৯ চনৰ কথাছবি ছাম লাইক ইট হট(Some Like It Hot)ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ’ল্ডেন গ্ল’ব বঁটা লাভ কৰে ।
মনৰোৰ জীৱনৰ শেষ কালছোৱা ৰোগ, ব্যক্তিগত সমস্যা আৰু কামত অবিশ্বাসযোগ্য ভাৱমূৰ্ত্তিৰে জৰ্জৰিত আছিল । বাৰ্বিচুৰেটৰ(barbiturates) অত্যধিক সেৱ্নৰ পৰা হোৱা তেওঁৰ মৃত্যু এতিয়াও ৰহস্যৰ বিষয় হৈ আছে । চৰকাৰীভাৱে "সম্ভৱপৰ আত্মহত্যা" বুলি কোৱা হৈছে যদিও দুৰ্ঘ্টনাবশতঃ হোৱা অত্যধিক সেৱন বা হত্যাও নুই কৰিব নোৱাৰি । ১৯৯৯ চনত আমেৰিকা চলচ্চিত্ৰ প্ৰতিষ্ঠানএ(( American Film Institute) সৰ্বকালৰ এশগৰাকী তাৰকা অভিনেত্ৰীৰ ভিতৰত মনৰোক ষষ্ঠ স্থান দিয়ে । মেৰীলিন মনৰোক প্ৰায়েই আমেৰিকাৰ পপ্ আদৰ্শ, সাংস্কৃতিক আদৰ্শ বা যৌনতাৰ প্ৰতীক বুলি অভিহিত কৰা হয় [3][4][5] ।