মেৰী স্ক্লডভ্স্কা-কুৰী Marie Skłodowska-Curie | |
---|---|
মেডাম কুৰী (১৯২০) | |
জন্ম | ৭ নৱেম্বৰ, ১৮৬৭ ৱাৰশ্ব', পোলেণ্ড, তেতিয়াৰ ৰাছিয়া[1] |
মৃত্যু | ৪ জুলাই, ১৯৩৪ (৬৬ বছৰ) Passy, Haute-Savoie, ফ্ৰান্স |
নাগৰিকত্ব | ৰাছিয়ান, পাছত ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে |
জাতীয়তা | প'লিছ (Polish) |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | পেৰিছ বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | পেৰিছ বিশ্ববিদ্যালয় ESPCI |
ডক্তৰেল পৰামৰ্শদাতা | হেনৰি বেকুৱেৰেল |
ডক্তৰেল বিদ্যাৰ্থী | André-Louis Debierne Óscar Moreno Marguerite Catherine Perey |
জনা যায় | তেজস্ক্ৰিয়তা, প'ল'নিয়াম, ৰেডিয়াম |
উল্লেখনীয় বঁটা | ন'বেল বঁটা পদাৰ্থ বিজ্ঞান বিভাগত (১৯০৩) ডেভি মেডেল (১৯০৩) মেট্টেউচ্চি মেডেল (১৯০৪) ন'বেল বঁটা ৰসায়ন বিজ্ঞান বিভাগত (১৯১১) |
দাম্পত্যসঙ্গী | পিয়েৰ কুৰী (১৮৫৯–১৯০৬) |
স্বাক্ষৰ | |
টোকা দুটা ভিন্ন বিষয়ত ন'বেল বঁটা লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। |
মেৰী স্ক্লডভ্স্কা-কুৰী (ফৰাচী: Maria Salomea Skłodowska-Curie, চমুকৈ মেৰী কুৰী বা মেডাম কুৰী) পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত। এখেত ন'বেল বঁটা লাভ কৰা প্ৰথম মহিলা, লগতে দুবাৰকৈ ন'বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা, বিজ্ঞানৰ দুটা ভিন্ন বিষয়ত ন'বেল লাভ কৰা এখেতেই একমাত্ৰ ব্যক্তি। পেৰিছ বিশ্ববিদ্যালয়ৰো প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী।[2] নিজস্ব কৰ্মৰ গৰিমাত পেৰিছৰ পেন্থিয়নত সমাধি লাভ কৰাও এখেত প্ৰথম মহিলা।[3]
মেৰী কুৰীক জন্মতে নাম দিয়া হৈছিল মাৰিয়া ছেল'মিয়া স্ক্লডভ্স্কা। তেখেতৰ জন্ম হৈছিল সেই কালৰ 'পোলেণ্ড ৰাজ্য'ৰ ৱাৰশ্ব' চহৰত। পোলেণ্ডৰ ফ্লোটিং বিশববিদ্যালয়ত পঢ়া শেষ কৰি তেওঁ ৱাৰশ্ব'ত বিজ্ঞান পাঠ কৰে। ১৮৯১ চনত, ২৪ বছৰ বয়সত বায়েক ব্ৰনিস্লাভাৰ দৰেই পেৰিছলৈ অধ্যয়নৰ বাবে আহে। পেৰিছতে তেওঁ উচ্চ পৰ্যায়ৰ ডিগ্ৰী লাভ কৰে, আৰু পাছলৈ বিজ্ঞানৰ কৰ্মত ব্ৰতী হয়। ১৯০৩ চনত লাভ কৰা প্ৰথম ন'বেল বঁটা তেখেতে পদাৰ্থবিজ্ঞান শাখাত গিৰিয়েক পিয়েৰ কুৰী আৰু পদাৰ্থবিদ হেন্ৰি বেকুৰেলৰ লগত যুটীয়া ভাৱে লাভ কৰে। ১৯১১ চনত তেখেতে অকলেই ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।
তেখেতৰ অৱদান সমূহৰ ভিতৰত আছিল: তেজস্ক্ৰিয়তাৰ তত্ত্ব (radioactivity নামটোও তেখেতেই দিছিল),[4][5] তেজস্ক্ৰিয় সমস্থানিকৰ পৃথিকীকৰণ, আৰু দুবিধ মৌল ক্ৰমে প'ল'নিয়াম আৰু ৰেডিয়ামৰ আৱিষ্কাৰ। তেখেতৰ অধীনতে তেজস্ক্ৰিয় সমস্থানিকৰ প্ৰয়োগেৰে কৰ্কট ৰোগ চিকিৎসাৰ প্ৰথম গৱেষণা কৰা হৈছিল। তেখেতে পেৰিছ আৰু ৱাৰশ্ব'ত কুৰী শিক্ষা প্ৰতিষ্ঠানৰ স্থাপনা কৰে, যি কেইখন চিকিৎসা শাস্ত্ৰৰ গৱেষণাৰ বাবে পৃথিৱীৰ ভিতৰতে অগ্ৰনী প্ৰতিষ্ঠান। প্ৰথম বিশ্বযুদ্ধৰ সময়ত তেওঁ সামৰিক ক্ষেত্ৰত তেজস্ক্ৰিয়তা কেন্দ্ৰৰ স্থাপন কৰে। ফ্ৰান্সৰ নাগৰিক হৈ থকা সময়তো মেৰী স্ক্লডভ্স্কা-কুৰীয়ে (দুয়োটা উপাধিকে তেওঁ ব্যৱহাৰ কৰিছিল) নিজৰ প'লিছ পৰিচয় এৰা নাছিল। নিজৰ দুয়োগৰাকী জীয়েককে তেওঁ প'লিছ ভাষাৰ শিক্ষা দিছিল আৰু পোলেণ্ড ভ্ৰমণলৈ লৈ গৈছিল।[6] ১৮৯৮ চনত তেওঁ আৱিষ্কাৰ কৰা প্ৰথম মৌলৰ নাম পোলেণ্ডৰ নামেৰে প'ল'নিয়াম দিছিল। [টোকা 1]
১৯৩৪ চনত মেডাম কুৰীৰ মৃত্যু হয় এপ্লাষ্টিক এনিমিয়া (ইংৰাজী: Aplastic anemia) ৰোগত ভুগি। তেজস্ক্ৰিয় বিকিৰণৰ সংষ্পৰ্শত কাম কৰি থকাৰ বাবেই এই ৰোগে তেখেতৰ গাত বাহ লৈছিল।[8]
মেৰী বা মেৰিয়াৰ জন্ম হয় ১৮৬৭ খ্ৰীষ্টাব্দত বৰ্তমানৰ পোলেণ্ডৰ ৱাৰশ্ব' চহৰত। তেখেতৰ পিতৃ আৰু মাতৃৰ নাম আছিল ক্ৰমে ৱ্লাডিস্ল স্ক্লড'ৱস্কি আৰু ব্ৰনিস্লাৱা।[9] মাৰিয়াতকৈ ডাঙৰ চাৰিগৰাকী সন্তান আছিল ক্ৰমে জ'ফিয়া (জন্ম ১৮৬২), জোচেফ (জন্ম ১৮৬৩), ব্ৰনিস্লাৱা (জন্ম ১৮৬৫) আৰু হেলেনা (জন্ম ১৮৬৬)।[10][11] সেই সময়ত পোলেণ্ড ৰাছিয়াৰ শাসনাধীন আছিল।
পোলেণ্ডৰ ইতিহাস সম্পৰ্কে চৰ্চ্চা অথবা মাতৃভাষাত শিক্ষাদান, এই দুয়োটাই আছিল নিষিদ্ধ। মাৰিয়াৰ পিতৃ-মাতৃয়ে পোলেণ্ডৰ স্বশাসনৰ বাবে যুঁজ কৰি থকা জাতীয়তাবাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত জমাধন আৰু সম্পত্তি হেৰুৱাব লগীয়া হৈছিল। তথাপি কিছুমান শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি সাহসেৰে আৰু সংগোপনে ল'ৰা-ছোৱালীহঁতক মাতৃভূমিৰ ইতিহাস সম্পৰ্কে শিক্ষা দিছিল।
মাৰিয়াৰ পিতৃ গণিত আৰু পদাৰ্থবিদ্যাৰ শিক্ষক আছিল লগতে তেখেত ৱাৰশ্ব'ত থকা দুই শিক্ষাশালাৰ পৰিচালকো আছিল।[12] ৰুছ শাসকে বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা বাতিল কৰাৰ পাছত বিদ্যালয়ৰ পৰীক্ষাগাৰৰ সৰঞ্জামসমূহ মেৰিয়াৰ পিতৃয়ে ঘৰলৈ লৈ আনে, আৰু ঘৰতে ল'ৰা-ছোৱালীক তাৰ ব্যৱহাৰেৰে শিক্ষা দিবলৈ আৰম্ভ কৰে।[10] পোলেণ্ডৰ প্ৰতি থকা অত্যধিক আনুগাত্যৰ ৰুছী চৰকাৰে তেখেতক চাকৰিৰপৰা বৰ্খাস্ত কৰে। এনে অৱস্থাত পৰিয়ালৰ ভৰণ-পোষণৰ বাবে তেওঁলোকে নিজৰ ঘৰতে পেয়িং গেষ্ট ৰখাৰ ব্যৱস্থা কৰি আয় বৃদ্ধি কৰাৰ চেষ্টা কৰে।[12]
মাৰিয়াৰ মাতৃয়ে এখন সন্মানীয় আৱাসিক বিদ্যালয় চলাই আছিল। মাৰিয়াৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়। মাৰিয়াৰ ১২ বছৰ বয়সত যক্ষ্মা ৰোগত ভুগি মাকৰ মৃত্যু হয়। মাকৰ মৃত্যুৰ ২ বছৰ আগতে মাৰিয়াৰ ডাঙৰ বায়েক জ'ফিয়াৰ মৃত্যু হৈছিল। সৰুতেই দেখা এই দুই মৃত্যুৱে ভগৱানৰ প্ৰতি থকা মাৰিয়াৰ বিশ্বাসত বাধা প্ৰদান কৰে আৰু মাৰিয়া অজ্ঞেয়বাদী (agonstic) হৈ পৰে।[13]
দহ বছৰ বয়সত মাৰিয়াই আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে। ১২ জুন ১৮৮৩ চনত সোণৰ পদক লাভেৰে তেওঁ স্কুলীয়া জীৱন শেষ কৰে।[9] ইয়াৰ পাছতে তেওঁ শাৰীৰিক অসুবিধাৰ বাবে (খুৱ সম্ভৱ তেওঁ ডিপ্ৰেছনত ভুগিছিল) এটা বছৰ তেওঁ পিতৃৰ ফালৰ অঙহী-বঙহীৰ লগত গাঁৱত কটায়।[12] গাঁৱৰ পাছৰ এটা বছৰ তেওঁ দেউতাকৰ লগতে থাকি শিক্ষাদানৰ কাম কৰে।[9] স্ত্ৰী হোৱা হেতুকে তেওঁ ইচ্ছা থকা সত্ত্বেও উচ্চ-শিক্ষাৰ বাবে আগবাঢ়িব পৰা নোৱাৰি, মেৰিয়া আৰু বায়েক ব্ৰনিস্লাৱাই 'ফ্লায়িং বিশ্ববিদ্যালয়'ত যোগদান কৰে। এই বিশ্ববিদ্যালয়ে ৰুছিয়ান শাসনৰ বিৰোধিতা কৰি প'লিছ স্বাভিমানৰ বিষয়ে পঢ়ুৱাইছিল, লগতে স্ত্ৰী-শিক্ষাৰ বাবেও যত্ন কৰিছিল।[9][12]
বায়েক ব্ৰনিস্লাৱাৰ ডাক্তৰী পঢ়াৰ হাবিয়াস পূৰণ কৰিবলৈ মেৰিয়াই প্ৰথমে ঘৰুৱা শিক্ষয়িত্ৰীৰ কাম কৰে আৰু এবছৰ পাছত এগৰাকী ধনী আত্মীয়ৰ ঘৰত আয়াৰ কাম কৰে।[9][14] দুই বছৰ পাছত ব্ৰনিস্লাৱায়ো একেদৰে তেখেতৰ পঢ়াৰ বাবে সহায় কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।[9][14] আয়াৰ কাম কৰি থাকোঁতেই সেই পৰিয়ালৰ সন্তান 'কাজিমিয়েৰ্জ জ'ৰাৱস্কি'ৰ লগত মাৰিয়াৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। জ'ৰাৱস্কি পাছলৈ এগৰাকী খ্যাতনামা গণিতজ্ঞ হৈছিল।[14] কিন্তু ল'ৰাজনৰ পৰিয়ালে দুখীয়া মাৰিয়াক স্বীকাৰ কৰিবলৈ মান্তি নহ'ল, আৰু কাজিমিয়েৰ্জেও পিতৃ-মাতৃৰ বিৰূদ্ধে যাব পৰা নাছিল।[14] গণিতজ্ঞ হিচাপে পাছলৈ কাজিমিয়েৰ্জ ৱাৰশ্ব' পলিটেক্নিক প্ৰতিষ্ঠানৰ অধ্যাপক নিযুক্ত হৈছিল। বৃদ্ধ বয়সত কাজিমিয়েৰ্জে প্ৰায়েই কুৰী প্ৰতিষ্ঠানৰ প্ৰাংগনত ১৯৩৫ চনত স্থাপিত মাৰিয়াৰ প্ৰস্তৰ মূৰ্তিলৈ দীঘলীয়া সময় ধৰি চাই চাই সময় কটাইছিল।[15][16]
১৮৯০ চনত চনত মাৰিয়াৰ বায়েক ব্ৰনিস্লাৱা বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকে মাৰিয়াক পেৰিছত অধ্যয়ন কৰিবলৈ আমন্ত্ৰণ জনায়। কিন্তু টকাৰ অভাৱৰ বাবে মাৰিয়াই এই আমন্ত্ৰণ নাকচ কৰে।[9] তেনে সময়তে মাৰিয়াৰ দেউতাকে ভাল চাকৰি এটা যোগাৰ কৰিবলৈ সক্ষম হয়, আৰু তেখেতেই মাৰিয়াক সহায় কৰে।[14] এইখিনি সময় মাৰিয়াই নিজাকৈ কিতাপ পত্ৰ পঢ়ি শিক্ষা লৈছিল।[14] ১৮৮৯ চনত তেওঁ উভতি আহি দেউতাকৰ লগতে ৱাৰশ্ব'তে থাকিবলৈ লৈছিল যদিও নিজৰ খৰচ-পাতিৰ বাবে তেওঁ তেতিয়াও আয়াৰ কাম কৰি আছিল।[9][14]
ইয়াৰ পাছত মাৰিয়াই ফ্লাইং বিশ্ববিদ্যালয়ত যোগদান কৰে, আৰু ৱাৰশ্ব'ৰ ওচৰৰে 'ক্ৰাক'স্কি প্ৰেজমিচি'ত অৱস্থিত 'উদ্যোগ আৰু কৃষিৰ যাদুঘৰ'ত ব্যৱহাৰিক বিজ্ঞানৰ শিক্ষা লয়।[9][12][14]
১৮৯১ চনত মাৰিয়া পোলেণ্ডৰপৰা পেৰিছলৈ আহে।[17] ১৮৯১ চনৰ পাছৰ ভাগত তেওঁ পেৰিছ বিশ্ববিদ্যালয়ত (ছ'ৰবন) নাম ভৰ্তি কৰে।[18][19] প্ৰথমে তেওঁ বায়েক-ভিনিহিয়েকৰ লগতে থাকিছিল যদিও সোনকালেই পঢ়া-শুনাৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যলয়ৰ ওচৰতে এটা ঘৰত থাকিবলৈ লয়। টকা-পইচাৰ অসুবিধাৰ বাবে প্ৰায়েই মাৰিয়াই কষ্ট পাইছিল। শীতকালত ঠাণ্ডাৰ বাবে আৰু খোৱাৰ অসুবিধাৰ বাবে মাজে মাজে তেওঁ অজ্ঞান হৈ গৈছিল।[19]
নিজৰ খৰচ উলিয়াবলৈ মাৰিয়াই দিনত পঢ়াৰ কাম কৰি সন্ধিয়ালৈ টিউছন কৰিছিল। ১৮৯৩ চনত তেওঁ পদাৰ্থবিজ্ঞানত ডিগ্ৰী লাভ কৰে আৰু অধ্যাপক গেব্ৰিয়েল লিপমেনৰ প্ৰয়োগশালাত যোগ দিয়ে।[9] এই সময়ত ছ'ৰবনতো পঢ়া-শুনা অটুট ৰাখে আৰু ১৮৯৪ চনত আন এটা ডিগ্ৰী লাভ কৰে।[9][19][b]
মেৰীৰ বৈজ্ঞানিক কৰ্মজীৱন আৰম্ভ হয় 'ছ'চাইটি ফৰ দ্য এনকাৰেজমেণ্ট অৱ নেচনেল ইণ্ডাষ্ট্ৰি'ৰ দ্বাৰা কমিছন ভুক্ত কাম বিভিন্ন তীখাৰ চুম্বকীয় ধৰ্মৰ গৱেষণাৰ দ্বাৰা।[19] সেই বছৰেই তেওঁ পিয়েৰ কুৰীৰ সান্নিধ্যলৈ আহে। একে বিজ্ঞানৰ প্ৰতি থকা দুয়োজনৰ আসক্তিয়ে দুয়োকো ওচৰ চপাই আনে। মেৰিয়াই সেই সময়ত কামৰ সুবিধাৰ বাবে ডাঙৰ পৰীক্ষাগাৰ বিচাৰি আছিল আৰু পিয়েৰ কুৰীয়ে 'স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী'ত কৰ্মৰত আছিল।[9] মাৰিয়াৰ কামত সুবিধা হ'ব বুলি প্ৰফেছৰ জোছেফ উইৰুজ-কোৱালস্কিয়ে দুয়োকে লগ কৰাই দিছিল।[9][19] পিয়েৰৰ নিজাকৈ ডাঙৰ পৰীক্ষাগাৰ নাছিল যদিও তেওঁ মেৰীক জেগা উলিয়াই দিবলৈ সক্ষম হৈছিল। তাতেই মেৰীয়ে কামৰ শুভাৰম্ভ কৰিছিল।[19]
বিজ্ঞানৰ প্ৰতি থকা দুয়োৰে ধাউতিয়ে পিয়েৰ আৰু মেৰীক ওচৰ চপাই আনে। অৱশেষত পিয়েৰে মেৰীক বিয়াৰ প্ৰস্তাৱ দিয়ে। প্ৰথমে মেৰীয়ে বিয়াৰ প্ৰস্তাৱ মানি লোৱা নাছিল, কাৰণ তেওঁ পোলেণ্ডলৈ উভতি গৈ তাতে কাম কৰাৰ কথা ভাবিছিল। অৱশ্যে পিয়েৰে প্ৰয়োজন হ'লে মেৰীৰ লগত পোলেণ্ডলৈ যাবলৈকো সাজু আছিল। ১৮৯৪ চনত মেৰী পোলেণ্ডৰ ৱাৰশ্ব'লৈ উভতি আহি পৰিয়ালৰ লগত সময় কটায়।[19] কিন্তু মেৰীয়ে পোলেণ্ডত নিজৰ পছন্দৰ কাম বিচাৰি নাপালে। নাৰী হোৱা হেতুকেই পোলেণ্ডৰ ক্ৰাকাৱ বিশ্ববিদ্যালয়ত তেখেতৰ আবেদন মঞ্জুৰ কৰা নহ'ল।[15] পিয়েৰৰ পৰা চিঠি পাই তেওঁ আকৌ পেৰিছলৈ উভতি যায়। মেৰীৰ অনুৰোধে পিয়েৰে চুম্বকত্বৰ ওপৰত গৱেষণা পত্ৰ লিখি ডক্টৰেট উপাধি লাভ কৰে।[19] ইয়াৰ লগতে তেওঁ অধ্যাপকৰ পদলৈ পদোন্নতিও লাভ কৰে।[19] সেই সময়ত প্ৰচলিত এষাৰ কথাত কোৱা হৈছিল যে পিয়েৰ কুৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ আছিল মেৰী। ১৮৯৫ চনত দুয়ো আইনমত বিবাহ সম্পন্ন কৰে। ধৰ্মীয় ৰীতিৰ বিবাহত দুয়োজনৰেই সন্মতি নাছিল।[9][19] বিয়াৰ সময়ত মেৰীয়ে পিন্ধা নীলা পোছাকযোৰেই পাছত পৰীক্ষাগাৰৰ কাম কৰোঁতেও ব্যৱহাৰ হৈছিল।[19] দুয়োৰে অৱসৰ বিনোদন আছিল চাইকেলেৰে দীঘলীয়া ভ্ৰমণ বা বিদেশলৈ ভ্ৰমণ। এনে ভ্ৰমণৰ সময়তে দুয়ো দুজনৰ বেছি ওচৰ চাপি গৈছিল।[15] পিয়েৰৰ মাজত মেৰীয়ে নিজৰ প্ৰেমিক, বন্ধু আৰু বিশ্বাসী সহকৰ্মী তিনিওটাকে লাভ কৰিছিল।[15]
১৮৯৫ চনত উইলিয়াম ৰণ্টজেনে ৰঞ্জন ৰশ্মি আৱিষ্কাৰ কৰে। অৱশ্যে ইয়াৰ অন্তৰালৰ কাৰণ তেওঁ বুজিবলৈ সক্ষম হোৱা নাছিল।[20] ১৮৯৬ চনত হেনৰি বেকুৰেল-এ আৱিষ্কাৰ কৰে যে ইউৰেনিয়াম মৌলৰপৰাও এক প্ৰকাৰৰ ৰশ্মি নিৰ্গত হয়, যাৰ ভেদ ক্ষমতা ৰঞ্জন ৰশ্মিৰ দৰেই।[20] তেওঁ দেখুৱাইছিল যে এই ৰশ্মি অনুপ্ৰভাৰ (phosphorence) দৰে নহয়, কাৰণ ইয়াৰ বাবে বাহ্যিক কোনো শক্তিৰ প্ৰয়োজন নহয়। বৰং এই ৰশ্মি ইউৰেনিয়ামৰপৰা নিজে নিজেই নিৰ্গত হয়।[9] মেৰীয়ে গৱেষণা পত্ৰ বাবে ইউৰেনিয়ামৰপৰা ওলোৱা এই ৰশ্মিৰ ওপৰতে কাম কৰিবলৈ মনস্থ কৰে।[9] গৱেষণাৰ বাবে মেৰীয়ে এক অভিনৱ পন্থা প্ৰয়োগ কৰে। পোন্ধৰ বছৰ আগতেই পিয়েৰ আৰু ভায়েকে বৈদ্যুতিক প্ৰৱাহ ধৰা পেলোৱাৰ বাবে এক অতি সংবেদী ইলেক্ট্ৰ'মিটাৰৰ এটা সংস্কৰণ সাজিছিল। মেৰীয়ে সেই যন্ত্ৰ ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰে যে ইউৰেনিয়ামৰ নিৰ্গত ৰশ্মিয়ে কাষৰ বতাহক বৈদ্যুতিক প্ৰৱাহ বহন কৰিব পৰা কৰি তোলে। এই পদ্ধতি মেৰীয়ে জানিবলৈ পায় যে ইউৰেনিয়ামৰ এই বিশেষ ধৰ্ম অকল ইউৰেনিয়ামৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰে। মেৰীয়ে ইয়াৰপৰা এই প্ৰাকল্পিক সিদ্ধান্তত উপনীত হয় যে এই ৰশ্মি কোনো আণৱিক আন্তঃক্ৰিয়াৰ ফলশ্ৰুতি নহয়, বৰং এই ৰশ্মিৰ নিৰ্গমন পৰমাণুৰ পৰাহে হৈছে। তেতিয়ালৈ মানি চলা হৈছিল যে পৰমাণুক বিভাজন কৰা সম্ভৱ নহয়। মেৰীৰ আৱিষ্কাৰে এই তত্ত্বক নুই কৰে।[20][21]
১৮৯৭ চনত কুৰী দম্পতীৰ প্ৰথম সন্তান আইৰিন জলিয়ট কুৰীৰ জন্ম হয়। বৰ্ধিত পৰিয়ালৰ চাহিদা পূৰাবলৈ মেৰীয়ে এইবাৰ শিক্ষয়িত্ৰী হিচাপে 'ইক'ল নৰ্মান ছুপেৰিউৰ'ত শিক্ষয়িত্ৰী হিচাপে যোগ দিয়ে। কুৰী দম্পতীয়ে নিজাকৈ এতিয়ালৈ এটা প্ৰয়োগশালা পোৱা নাছিল। সেয়ে দুয়োয়ে 'স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী'ৰ কাষৰীয়া চালি এখনতে নিজৰ প্ৰয়োগশালা আজি লৈছিল।[17] চালিখন আগতে চিকিৎসা শিক্ষাৰ বাবে মৃতদেহ ব্যৱচ্ছেদ কক্ষ হিচাপে ব্যৱহৃত হৈছিল। তাত বতাহ অহা-যোৱাৰ ভাল সুবিধা নাছিল, তদুপৰি তাৰ ছালখনো উৰুখিছিল।[22] দুয়োজনেই নকৈ আৱিষ্কৃত তেজস্ক্ৰিয় ৰশ্মিৰ কুপ্ৰভাৱ সম্পৰ্কেও তেতিয়ালৈ জানিব পৰা নাছিল। তেজস্ক্ৰিয়তাৰ লগত গৱেষণা কৰি থকা এই দম্পতীয়ে জানিব পৰা নাছিল ভৱিষ্যতে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনে বিপত্তি আহিব পাৰে।[15] তেওঁলোকৰ গৱেষণাৰ বাবে স্কুলৰপৰা কোনো ভাত্তা দিয়া হোৱা নাছিল। কিন্তু মেৰীয়ে নিজৰ গৱেষণাৰ বাবে ধাতুবিদ্যা আৰু খনিৰ কোম্পানী, অন্যান্য সংস্থা আৰু চৰকাৰৰ পৰা কিছু অনুদান যোগাৰ কৰিছিল।[17][22][23]
মেৰীয়ে গৱেষণাৰ বাবে ইউৰেনিয়ামৰ দুবিধ খনিজ ব্যৱহাৰ কৰিছিল, ক্ৰমে 'পিট্চব্লেণ্ড' আৰু 'টাৰ্ব'নাইট' ('কেলক'লাইট' নামেও জনা যায়)।[22] তেওঁ দেখিছিল যে পিট্চব্লেণ্ড ইউৰেনিয়ামতকৈ চাৰিগুণ বেছি সক্ৰিয় আৰু টাৰ্ব'নাইট দুগুণ বেছি সক্ৰিয়। তেওঁ বুজিছিল যে এই জোখ-মাখ শুদ্ধ হ'বলৈ হ'লে পিট্চব্লেণ্ড আৰু টাৰ্ব'নাইটত ইউৰেনিয়ামৰ বাহিৰেও ইউৰেনিয়ামতকৈ সক্ৰিয় আন কোনো মৌল থাকিব লাগিব।[22][24] ইউৰেনিয়ামৰ বাহিৰে 'তেজস্ক্ৰিয় ৰশ্মি' বিকিৰণ কৰা অন্যান্য মৌল বিচাৰি কুৰীয়ে ১৮৯৮ চনত প্ৰথমে থ'ৰিয়াম আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।[20]
পিয়েৰে মেৰীৰ কামৰ প্ৰতি লাহে লাহে আগ্ৰহান্বিত হ'বলৈ ধৰে আৰু ১৮৯৮ চনৰ মধ্য-ভগাত নিজে কৰি থকা স্ফটিকৰ গৱেষণাৰপৰা আঁতৰি মেৰীৰ লগত তেজস্ক্ৰিয় মৌলৰ গৱেষণাত যোগ দিয়ে।[17][22]
কুৰী দম্পতীয়ে চাৰিবছৰ কাল একেৰাহে গৱেষণা চলাই আৰু ৰেডিয়াম যুক্ত শ শ টন পিচব্লেণ্ডি গলাই পুৰি এক অসাধ্য সাধনত ব্ৰতী হ'ল। তেওঁলোকৰ গৱেষণাৰ খৰচ যোগাবলৈ কুৰীয়ে পুনৰ এখন স্কুলত শিক্ষকতাৰ কামত সোমাল আৰু দিনটোৰ বাকীখিনি সময় ৰেডিয়ামৰ সন্ধানত কটাবলৈ ধৰিলে।
অৱশেষত ১৯০২ চনৰ এটি সন্ধিয়া তেওঁলোকৰ অবিৰাম সাধনাই সাৰ্থকতা লাভ কৰিলে। তেওঁলোকৰ গৱেষণা কুঠৰী ৰেডিয়ামৰ দ্যুতিয়ে উদ্ভাসিত কৰি তুলিলে। বিশুদ্ধ ৰেডিয়ামৰ খবৰ শুনি বহু সম্পত্তিবান লোকে অপৰ্যাপ্ত ধন-বিত দি এই মহামূল্যবান ধাতু ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু ইমান বছৰৰ অধ্যাৱসায়ৰ ফলত যিকণ ৰেডিয়াম সংগৃহীত হ'ল সেইয়া মাথোন চাহ চামোচেৰে এচামোচমানহে।
১৯০৩ চনত মেৰীয়ে 'ডক্টৰ অব চায়েন্স' সন্মান লাভ কৰিলে। সেই বছৰৰে ডিচেম্বৰত হেনৰি বেকুৱেৰেল নামৰ আন এগৰাকী বিজ্ঞানীৰ সৈতে ভগাভগি কৰি মেৰীয়ে ন'বেল পুৰস্কাৰ অৰ্জন কৰিলে। পুৰস্কাৰ লাভৰ পিছত স্বামী পিয়েৰ কুৰীৰ লগত তেওঁ নিৰালস্য গৱেষণাত ব্ৰতী হয়। ১৯০৪ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়। ১৯০৬ চনত তেওঁলোকে এক নিৰিবিলি পৰিবেশত এটা কটেজ ভাৰা কৰি ইষ্টাৰৰ ছুটি উপভোগ কৰিবলৈ গ'ল। কিন্তু ছুটিৰ পৰা উভতি অহাৰ কিছুদিনৰ পিছতেই এদিন সন্ধিয়া এক অঘটন ঘটে। বজাৰ সমাৰ কৰি ঘৰলৈ ঘূৰি আহি মেৰীয়ে শুনিলে যে গৱেষণাগাৰত এক ভয়ঙ্কৰ দুৰ্ঘটনাত পিয়েৰ কুৰী মৃত্যু মুখত পৰিছে। এক অপ্ৰত্যাশিত অসহায়তাত মেৰী একেবাৰে ভাগি পৰিল। কণ কণ ল'ৰা-ছোৱালী হালৰ সৈতে মেৰীক সান্ত্বনা দিবলৈকো কাৰো ভাষা নাছিল।
অৱশেষত মেৰীয়ে নিজেই সান্ত্বনাৰ ভাষা বিচাৰি পালে। পিয়েৰে মৃত্যুৰ কিছুদিনৰ আগতে মেৰীক কৈছিল- "বুজিছা মেৰী, আমাৰ এজন থাকিলেও যাতে গৱেষণাৰ কাম স্থবিৰ হৈ নপৰে। " পিয়েৰৰ উপদেশকে সৰোগত কৰি চৰবেন বিশ্ববিদ্যালয়ত তেওঁ পুনৰ গৱেষণা কাৰ্য্যত লিপ্ত হ'ল। চৰবেনত পিয়েৰৰ কামটো মেৰীক দিয়া হ'ল। পিয়েৰে যিখিনিত গৱেষণা আধৰুৱা কৰি ৰাখি গৈছিল, মেৰীয়ে তাৰ পৰাই গৱেষণা আৰম্ভ কৰিলে। ১৯১১ চনত তেওঁ এককভাৱে পুনৰায় ন'বেল পুৰস্কাৰ লাভ কৰিলে।
পেৰিছত নিৰ্মিত এটা নতুন পৰীক্ষাগাৰত তেতিয়া মন-প্ৰাণ সঁপি দিছে মেৰীয়ে। সেই পৰীক্ষাগাৰৰ সমুখৰ পথটোৰ নামকৰণ হৈছে পিয়েৰ কুৰীৰ নামেৰে। সেই পৰীক্ষাগাৰৰ নামকৰণ হৈছে 'ইনষ্টিটিউট অৱ ৰেডিয়াম'। ১৯২১ চনত মেৰীয়ে তেওঁৰ কন্যাসন্তান দুটিৰে সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যায়। হোৱাইট হাউচত আমেৰিকাৰ ৰাষ্ট্ৰপতি হাৰ্ডিঞ্জে মেৰীক কিছু পৰিমাণৰ ৰেডিয়াম উপহাৰ দিয়ে। মেৰীৰ বৰ জীয়েক আইৰিনে বিয়া কৰায় তৰুণ বিজ্ঞানী ফ্ৰেডৰিক জোলিয়টক। কুৰী দম্পতীৰ গৱেষণাৰ কাম-কাজ তেওঁলোকে আৰু এঢাপ আগবঢ়াই নিয়ে। ১৯৩৫ চনত তেওঁলোকেও ন'বেল পুৰস্কাৰ লাভ কৰে।
আজীৱন ৰেডিয়াম লৈ অহৰহ কাম কৰি যোৱা মেৰীয়ে অৱশেষত নিজেই তেজষ্ক্ৰিয়তাৰ চিকাৰ হ'ল আৰু ১৯৩৮ চনত মৃত্যু হয়।[25][26]
তেওঁৰ বিজ্ঞানচৰ্চ্চাৰ মহান কীৰ্তিস্তম্ভ স্বৰূপ গ্ৰন্থ-ৰেডিঅ একটিভিটি বা তেজষ্ক্ৰিয়তা সম্পৰ্কীয় অতুলনীয় গ্ৰন্থখন প্ৰকাশ পায় মেৰীৰ মৃত্যুৰ এবছৰৰ পিছত।[27]
ৱিকিমিডিয়া কমন্সত মেডাম কুৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |