মেৰী মেলন (Mary Mallon) | |
---|---|
পৃথককৈ ৰখা অৱস্থাত মেৰী | |
জন্ম | ২৩ ছেপ্টেম্বৰ, ১৮৬৯ কুক্ছটাউন], কাউণ্টি টাইৰন, আয়াৰলেণ্ড |
মৃত্যু | ১১ নৱেম্বৰ, ১৯৩৮ (৬৯ বছৰ) নৰ্থ এণ্ড চাউথ ব্ৰাদাৰ আইলেণ্ডছ, নিউ য়ৰ্ক, আমেৰিক যুক্তৰাষ্ট্ৰ |
মৃত্যুৰ কাৰণ | নিম'নিয়া |
সমাধিস্থল | ছেইণ্ট ৰে'মণ্ডৰ সমাধিস্থল |
বাসগৃহ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
ৰাষ্ট্ৰীয়তা | জন্মসূত্ৰে আইৰিছ; অভিবাসন কৰাৰ পাছত আমেৰিকান নাগৰিক |
অন্য নাম | মেৰী ব্ৰাউন |
বংশদ্ভূত | আইৰিছ |
পেচা | ৰান্ধনী |
জনা যায় | টাইফইড জ্বৰৰ অলাক্ষণিক বাহক (Asymptomatic carrier) |
মেৰী মেলন (২৩ ছেপ্টেম্বৰ ১৮৬৯ – ১১ নৱেম্বৰ ১৯৩৮), বা টাইফইড মেৰী, আমেৰিকা যুক্তৰাষ্ট্ৰত টাইফইড জ্বৰৰ জীৱাণুৰ অলাক্ষণিক বাহক হিচাপে চিনাক্ত হোৱা প্ৰথম ব্যক্তি। ৰান্ধনীৰূপে কাম কৰা প্ৰথম সময়ছোৱাত তেওঁ ২২ গৰাকী অন্য লোকক সংক্ৰমিত কৰিছিল বুলি ধাৰণা কৰা হয় যাৰ ভিতৰত তিনিজনৰ মৃত্যু ঘটে।[1] তেওঁক স্বাস্থ্য কৰ্তৃপক্ষই দুবাৰ জোৰ কৰি পৃথককৈ ৰাখিছিল। প্ৰায় তিনি দশক তেনেকৈ থকাৰ পাছত তেওঁৰ মৃত্যু ঘটে।[2][3]
১৮৬৯ চনত কুক্ছটাউন, কাউণ্টি টাইৰন (এতিয়াৰ উত্তৰ আয়াৰলেণ্ড)ত মেৰী মেলনৰ জন্ম হৈছিল। ১৮৮৩ চনত ১৫ বছৰ বয়সত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অভিবাসন কৰে।[4] কিছুকাল সম্পৰ্কীয় লোকৰ লগত থকাৰ পাছত ধনী মানুহ এঘৰত তেওঁ ৰান্ধনীৰ কাম পায়।[5]
১৯০০ চনৰ পৰা ১৯০৭ চনলৈকে মেলনে নিউ য়ৰ্ক মহানগৰ অঞ্চলত সাতটা পৰিয়ালৰ বাবে ৰান্ধনীৰ কাম কৰিছিল।[6] ১৯০০ চনত তেওঁ নিউ য়ৰ্কৰ মামাৰ'নেকত কাম কৰিছিল য'ত কামত সুমুৱাৰ দুসপ্তাহৰ ভিতৰতে বাসিন্দাসকল টাইফইডত ভোগে। ১৯০১ চনত তেওঁ মানহাটানলৈ যায়। তাত তেওঁ কাম কৰা পৰিয়ালৰ লোকসকল জ্বৰ আৰু হাগনিত ভোগে আৰু ধোবীগৰাকীৰ মৃত্যু হয়। তাৰ পাছত মেলনে উকীল এজনৰ ঘৰত কাম কৰে। সেই পৰিয়ালৰ সাত নে আঠজন লোক অসুস্থ হোৱাৰ পাছত তেওঁ সেই ঠাই পৰিত্যাগ কৰে।[7]
১৯০৬ চনত তেওঁ লং আইলেণ্ডৰ অয়ষ্টাৰ বে'ত কাম কৰিবলৈ লয়। দুসপ্তাহৰ ভিতৰতে পৰিয়ালৰ ১১ গৰাকী সদস্যৰ ১০ জনেই টাইফইডত পৰি চিকিৎসালয়ত ভৰ্তি হয়। তেওঁ আকৌ ঠাই সলায় আৰু পুনৰ তিনিটা পৰিয়ালত একে ঘটনা ঘটে।[7] এনেদৰে আন কেইটামান পৰিয়ালতো টাইফইড ৰোগ সোঁচৰে।[7]
১৯০৬ চনৰ শেষৰফালে এটা পৰিয়ালে জৰ্জ ছপাৰ নামৰ এজন টাইফইড গৱেষকক বিচাৰ-খোচাৰৰ বাবে নিয়োগ কৰে। ১৯০৭ চনৰ ১৫ জুনত ছপাৰে Journal of the American Medical Association তেওঁৰ ফলাফল প্ৰকাশ কৰে। তেওঁ বিশ্বাস কৰিছিল যে এই প্ৰাদুৰ্ভাৱৰ উৎস খুব সম্ভৱ মেলন।[8] তেওঁ লিখিছিল::
"It was found that the family changed cooks on August 4. This was about three weeks before the typhoid epidemic broke out. She remained in the family only a short time, leaving about three weeks after the outbreak occurred. The cook was described as an Irish woman about 40 years of age, tall, heavy, single. She seemed to be in perfect health."
ছপাৰে আৱিষ্কাৰ কৰে যে তেওঁক দিয়া দৈহিক বিৱৰণৰ সৈতে মিলা এগৰাকী মহিলা আইৰিছ ৰান্ধনী এই সকলোবোৰ প্ৰাদুৰ্ভাৱৰ লগত যুক্ত। প্ৰাদুৰ্ভাৱ হোৱাৰ পাছতে আন ঠিকনা নিদিয়াকৈ মেলনে ঠাই এৰাৰ বাবে তেওঁক বিচাৰি পোৱাটো টান আছিল। পাৰ্ক এভিনিউৰ এটা ঘৰত সক্ৰিয় প্ৰাদুৰ্ভাৱ ঘটাৰ কথা জানিব পাৰি ছপাৰে আৱিষ্কাৰ কৰে যে মেলনেই ইয়াত ৰান্ধনীৰ কাম কৰে। এই ঘৰৰ দুজন লগুৱা চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে ঘৰৰ জীয়ৰীগৰকীৰ টাইফইডত মৃত্যু ঘটিছিল।[7]
ছপাৰে মেলনক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ প্ৰস্ৰাৱ আৰু মলৰ নমুনা দিবলৈ অস্বীকাৰ কৰে।[9] ছপাৰে তেতিয়া মেলনৰ কামৰ শেষ পাঁচ বছৰৰ তথ্য গোটায়। ছপাৰে দেখে যে মেলনে ৰান্ধনী হিচাপে কাম কৰা আঠ ঘৰ মানুহৰ সাত ঘৰৰ লোকেই টাইফইডত ভুগিছিল।[10] পাছৰবাৰ আহোঁতে ছপাৰে লগত এজন চিকিৎসকও আনে কিন্তু এইবাৰো বিমুখ হ'বলগীয়া হয়।[11]
নিউ য়ৰ্ক মহানগৰ স্বাস্থ্য বিভাগে অৱশেষত ছাৰা জে'চেফিন বেকাৰ নামৰ এগৰাকী চিকিৎসকক মেলনৰ ওচৰলৈ পঠিয়ায়। ইতিমধ্যে মেলন পতিয়ন গৈছিল যে একো দোষ নকৰা সত্ত্বেও আইনে তেওঁক নগুৰ-নাকতি কৰিবলৈ বিচাৰিছে। কেইদিনমান পাছত কেইজনমান আৰক্ষীৰ লগত বেকাৰে মেলনৰ কৰ্মস্থলীলৈ গৈ তেওঁক আটক কৰে। [উদ্ধৃতিৰ প্ৰয়োজন]
মিডিয়াৰ কেন্দ্ৰবিন্দু হৈ পৰা মেলনক Journal of the American Medical Association ৰ ১৯০৮ চনৰ এটা সংখ্যাত "টাইফইড মেৰী" আখ্যা দিয়া হৈছিল। টাইফইড ৰোগৰ সংজ্ঞা দিয়া এখন পাঠ্যপুথিতো তেওঁক "টাইফইড মেৰী" বোলা হৈছিল।[12]
মেলনে অৱশ্যে স্বাস্থ্যবিধি মানি নচলাৰ কথা স্বীকাৰ কৰে। মেলনে কয় যে তেওঁৰ পৰা কোনো আশংকা নথকা বাবে তেওঁ হাত ধোৱাৰ উদ্দেশ্য বুজি নাপায়। কাৰাগাৰত তেওঁৰ পৰা জোৰকৈ মল আৰু প্ৰস্ৰাৱৰ নমুনা লোৱা হৈছিল। চিকিৎসকে তেওঁৰ পিত্তাশয়ত টাইফইড বেক্টেৰিয়া ধৰা পেলায়। কৰ্তৃপক্ষই তেওঁক শল্য চিকিৎসাৰে পিত্তাশয় আঁতৰোৱাৰ পৰমৰ্শ দিয়াত মেলনে অস্বীকাৰ কৰে। ৰান্ধনী হিচাপে কাম নকৰিবলৈও তেওঁ অনিচ্ছুক আছিল।[7]
নিউ য়ৰ্ক মহানগৰ স্বাস্থ্য পৰিদৰ্শকে তেওঁক বাহক হিচাপে ঠাৱৰ কৰে। নৰ্থ ব্ৰাদাৰ আইলেণ্ডৰ এক ক্লিনিকত তেওঁক তিনি বছৰৰ বাবে সংগৰোধ কৰি ৰখা হয়।[7]
পাছত নিউ য়ৰ্ক মহানগৰ স্বাস্থ্য আয়ুক্তই সিদ্ধান্ত দিয়ে যে ৰোগৰ বাহকে পৃথককৈ থকাৰ প্ৰয়োজন নাই। ৰান্ধনী হিচাপে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিলে আৰু আনলৈ ৰোগ নোসোঁচৰিবৰ বাবে উপযুক্ত পদক্ষেপ ল'লে মেলনক মুক্তি দিব পৰি। এই কথা মানি লোৱাত ১৯১০ চনৰ ১৯ ফেব্ৰুৱাৰীত মেলনক মুক্তি দিয়া হয়।[13]
মুক্তি লাভ কৰাৰ পাছত মেলনক কাপোৰ ধোৱাৰ কাম দিয় হয় য'ত ৰান্ধনীৰ কামতকৈ দৰ্মহা কম আছিল। কেইবছৰমানৰ পাছত তেওঁ নাম সলাই মেৰী ব্ৰাউন কৰে আৰু পুনৰ ৰান্ধনীৰ কামত নিয়োগ হয়। পৰৱৰ্তী পাঁচ বছৰত তেওঁ কাম কৰা প্ৰতি ঠাইতে টাইফইডৰ প্ৰাদুৰ্ভাৱ ঘটে। ঘনাই ঠাই সলোৱাৰ বাবে জৰ্জ ছপাৰেও মেলনক বিচাৰিবলৈ অসমৰ্থ হয়।[7]
১৯১৫ চনত মেলনে নিউ য়ৰ্ক মহানগৰৰ Sloane Hospital for Women in-ত গুৰুতৰ প্ৰাদুৰ্ভাৱৰ সূত্ৰপাত ঘটায়। ২৫ গৰাকী লোকৰ সংক্ৰমণ হৈ দুগৰাকীৰ মৃত্যু ঘটে। সেই ঠাই এৰাৰ পাছত আৰক্ষীয়ে তেওঁক বিচাৰি পায়।[7][13] আটক কৰাৰ পাছত ১৯১৫ চনৰ ২৭ মাৰ্চত মেলনক নৰ্থ ব্ৰাদাৰ আইলেণ্ডত পৃথককৈ ৰখা হয়। তেতিয়াও মেলনে পিত্তাশয় আঁতৰাবলৈ অস্বীকাৰ কৰে।[13] মৃত্যু পৰ্যন্ত মেলন তাতেই থাকিবলৈ বাধ্য হয়। ইতিমধ্যে তেওঁ সৰু-সুৰা চেলিব্ৰিটী হৈ পৰিছিল আৰু মিডিয়াই মাজে-সময়ে সাক্ষাৎকাৰ লৈছিল।[7] পাছলৈ আইলেণ্ডৰ গৱেষণাগাৰত তেওঁক বটল ধোৱাৰ কামত নিযুক্ত কৰা হৈছিল।[8]
মেলনে জীৱনৰ পৰৱৰ্তী কাম ৰিভাৰচাইড চিকিৎসালয়ত পৃথককৈ কটায়। মৃত্যুৰ ছবছৰ আগতে ষ্ট্ৰ'কৰ ফলত তেওঁৰ পক্ষাঘাট হয়। ১৯৩৮ চনৰ ১১ নৱেম্বৰত ৬৯ বছৰ বয়সত নিম'নিয়াত ভুগি তেওঁৰ মৃত্যু হয়।[1] শৱদেশ পৰীক্ষাত তেওঁৰ পিত্তাশয়ত জীৱন্ত টৈফইড বেক্টেৰিয়া ধৰা পৰে।[7]
মেৰী মেলনে সংক্ৰমণ কৰা লোকৰ ভিতৰত অন্ততঃ তিনিজনৰ মৃত্যুৰ তেওঁ বুলি ঠাৱৰ কৰা হয়। কিন্তু ছদ্মনামৰ ব্যৱহাৰ আৰু অনুসন্ধানত সহযোগ নকৰাৰ বাবে সঠিক সংখ্যা জনা নাযায়। কোনো কোনোৱে কয় যে প্ৰায় ৫০ গৰাকী লোকৰ মৃত্যু তেওঁৰ বাবে হৈছিল।[7]
চিকিৎসা বিজ্ঞানে অলাক্ষণিক বাহক হিচাপে চিনাক্ত কৰা মেৰীয়েই প্ৰথম ব্যক্তি। এনে ব্যক্তিৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট নীতি তেতিয়ালৈকে নাছিল। মেৰীয়ে তেওঁৰ ৰান্ধনি কাম আৰু টাইফইড ৰোগৰ মাজত কোনো সংযোগ অস্বীকাৰ কৰা বাবে সমস্যাৰ সৃষ্টি হৈছিল। শেষত কৰ্তৃপক্ষই সিদ্ধান্ত লৈছিল যে তেওঁক অকলশৰীয়া কৰি ৰখাই উত্তম পন্থা।
পাছলৈ বিংশ শতিকাৰ প্ৰথম ভাগত চিনাক্ত হোৱা আন স্বাস্থ্যবান টাইফইড বাহকৰ ভিতৰত আছিল প্ৰায় ১০০ গৰাকী লোকক আক্ৰান্ত কৰা বুলি ধাৰণা কৰা (পাঁচগৰাকীৰ মৃত্যু) ইটালীয় অভিবাসী টনী লেবেলা; প্ৰায় ৩৬ গৰাকীক সংক্ৰমিত কৰা (দুগৰাকীৰ মৃত্যু) "টাইফাইড জন" বুলি নাম দিয়া এজন পৰ্বতৰ পথপ্ৰদৰ্শক; আৰু ৰেস্তোৰাঁ গৰাকী আলফন্স কটিল্ছ।[14]
আজিকালি যিজন মানুহে জনা বা নজনাকৈ আন মানুহলৈ ৰোগ বা অন্য নিবিচৰা বস্তু বিয়পায় তেওঁক "টাইফইড মেৰী" বোলা হয়।[15]
২০১৩ চনৰ আগষ্টত Stanford University School of Medicine-ৰ এদল গৱেষকে ঘোষণা কৰে যে তেওঁলোকে মেলনৰ দৰে অলাক্ষণিক বাহকৰ কাৰণ বিচাৰি পাইছে। টাইফইডৰ বেক্টেৰিয়া দেহৰ প্ৰতিৰোধী কোষ মেক্ৰ'ফেজত সোমাই থাকিব পাৰে।[16][17]
মানৱ বাহকে দূষিত কৰা পানী বা খাদ্য গ্ৰহণ কৰিলে আন লোকৰ টাইফইড হ'ব পাৰে। এই মানৱ বাহকজনৰ অতীতত টাইফইড হৈছিল কিন্তু তেওঁ এতিয়াও টাইফইডৰ বেক্টেৰিয়া শৌচ আৰু প্ৰস্ৰাৱত বাহিৰ কৰি থাকে। খাদ্য চোৱা বা ৰন্ধাৰ আগতে চাবোনেৰে হাত ধুলে, চাবোন-পানীৰে বাচন-বৰ্তন ধুলে আৰু কেঁচাৰ সলনি কেৱল ৰন্ধা খাদ্য খালে টাইফইডৰ সংশয় কমাব পাৰি।[18]
ৱিকিমিডিয়া কমন্সত মেৰী মেলন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |